শীতৰ এক আবেলি সন্মুখেদি এহাল ৰঙচুৱা চৰাই ঢপঢপাই উৰি গুচি গ’ল।এক মূহুৰ্ত্তৰ কাৰণে মই সকলো পাহৰি চৰাইহাল উৰি যোৱাৰফালে ৰ লাগি চাই ৰ’লো। সেয়াই যি আৰম্ভণী। পক্ষীৰ পিচে পিচে ঘূৰি ফুৰি, সিহঁতৰ মাজতে নিজকে হেৰুৱাই হিয়া উজাৰি সিহঁতৰ সৌন্দৰ্য্য উপভোগ কৰাৰ আনন্দ সুকীয়া। সেই উৰি যোৱা চৰাইহালৰ নাম “চাকৈ-চকোৱা”,এবাৰ যোৰাপাতি লোৱা চৰাইহালে জীৱনত কেতিয়াও যোৰা নাভাঙে। এই পক্ষীৰ পিছ লৈ এদিন ওলাইছিলোগৈ ‘পানীদিহিং পক্ষী অভয়াৰণ্য।
শীতৰ আগমনৰ লগে লগে নানান পৰিভ্রমী চৰাইৰ জাক আহি পাইহি অসমৰ চুকে-কোণে সিচঁৰিত হৈ থকা বিল,জলাশয় সমূহলৈ।পানীদিহিং পক্ষী অভয়াৰণ্যটো এই পৰিভ্রমী চৰাইবোৰ শীতৰ লগে লগে আহি পায়হি।শীতৰ আগমনত সমগ্র অভয়াৰণ্যখন জাতিস্কাৰ হৈ উঠে। শিৱসাগৰৰপৰা বাইশ কিলোমিটাৰ নিলগত, ডিব্রুগড়লৈ যোৱাৰ বাটত অৱস্হিত চৌত্রিশ বৰ্গ কিলোমিটাৰৰ অভয়াৰণ্যখনৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশে ব্রহ্মপুত্র আৰু দিচাং নদীয়ে আগুৰি আছে। ১৯৯৯ চনৰ আগষ্ট্ মাহত অসম চৰকাৰৰদ্বাৰা এই সংৰক্ষিত অঞ্চলটো পক্ষী অভয়ৰাণ্য হিচাবে স্বীকৃত হয়। পানীদিহিং বহুতো সৰু-বৰ খাল-বিল, জলাশয়ৰে পৰিপূৰ্ণ। তাৰে কিছুমান বছৰৰ বাৰমাহেই পানীৰে পৰিপূৰ্ণ হৈ থাকে। নানাধৰণৰ সৰু-বৰপ্রজাতিৰ মাছৰ বসতিস্হল পানীদিহিং সেয়ে পৰিভ্রমী আৰু চিকাৰী পক্ষীৰে মুখৰিত হৈ থাকে।
কিন্তু অতিকে দুখৰ বিষয় যে এই পক্ষী অভয়াৰণ্যখন লাহে লাহে আমাৰ মাজৰপৰা হেৰাই যোৱাৰ উপক্রম হৈছে। জীৱশ্রেষ্ঠ মানুহৰ অবাধ বেদখল,পোহনীয়া গৰু-ম’হৰ চৰণীয়া পথাৰ, অভয়াৰণ্যৰ লগতে থকা বনাঞ্চলৰপৰা ওলাই অহা হাতীৰ সৈতে মানুহৰ সংঘাত, চোৰাং চিকাৰী আৰু মাছৰ চোৰাং চিকাৰে অভয়াৰণ্যখনৰ মৃত্যু চমু চপাই আনিব ধৰিছে। তদুপৰি বনৰীয়া কলমৌ জাতীয় এবিধ অপকাৰী বৃক্ষইয়ো সমগ্র অভয়াৰণ্যখন চানি ধৰিছে।বিগত দুবছৰৰপৰা এই অভয়াৰণ্য খনত বছৰটোৰ বেছিভাগ সময়ে খাল-বিল শুকাই যোৱাত ইয়ালৈ পক্ষীৰ আগমন সাংঘাটিকভাৱে হ্রাস পোৱা পৰিলক্ষিত হৈছে। এই খালবোৰৰ পানী খান্দি ব্রহ্মপুত্রত বোৱাই দিয়াৰ কাৰণেই ইয়াৰ জলাশয়সমূহ বছৰৰ বেছিভাগ সময় শকান হৈ পৰে। চৰকাৰৰ সহযোগিতাত এই অভয়াৰণ্যখনক এক সুস্হ পৰিকল্পনাৰে , যেনে খাল-বলসমূহ ন কৈ খন্দোৱাই, ব্রহ্মপুত্রলৈ ওলাই যোৱা পানী বন্ধ কৰি, চোৰাং চিকাৰী ৰোধ কৰিবলৈ ঠায়ে-ঠায়ে নিৰীক্ষণ চকী বহোৱাই পূৰ্বৰ পৰিবেশ ঘূৰাই আনিব পাৰো, তেনেহ’লে আমি নিজকে জীৱশ্রেষ্ঠ বুলি কোৱাৰ অধিকাৰ লাভ কৰিব পাৰিম। অভয়াৰণ্যখনলৈ বহু দূৰ-দূৰণিৰপৰা পক্ষী বিশেষজ্ঞ, আলোকচিত্রশিল্পী, পৰ্য্যটক আদি শিৱসাগৰ পায়হি।পৰ্য্যটনৰ প্রচুৰ সম্ভাৱনা থকা এই পক্ষী অভয়াৰণ্যখনত ঠায়ে ঠায়ে পক্ষী নিৰীক্ষণ কেন্দ্র স্হাপন কৰিলে শিৱসাগৰখন পৰ্য্যটনৰ ক্ষেত্রত আৰু এঢাপ আগুৱাই যাব।সময় থাকোতেই যদি এই অভয়াৰণ্যখনৰৰ পৰা এই সমস্যাবোৰ দূৰ কৰা নহয়, তেনেহ’লে অদূৰ ভৱিষ্যতে পানী দিহিং অভয়াৰণ্যৰ নাম বুৰঞ্জীৰ পাতত বিচাৰিব লাগিব।
লিখক: ৰিকু গগৈ
শেহতীয়া উন্নীতকৰণ: : 6/16/2020
সংখ্যাৰ সৌন্দৰ্য-এক
দুঃসাহসিকতা আৰু স্বদেশপ্ৰেমৰ অন্য এক নাম “ৰাষ্ট্ৰ...
হোম-অগ্নিহোত্ৰ জৈৱিক কৃষি : এক নতুন অপবৈজ্ঞানিক প্...
উজনি আৰু পশ্চিম অসমৰ বিয়ানাম: এক আলোকপাত