অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উফিৰ সমস্যা

উফিৰ সমস্যা

উফিৰ সমস্যা এটা ডাঙৰ সমস্যা। কিছু লোকক এই সমস্যাই বাৰুকৈয়ে জুৰুলা কৰে। এনে কিছুমান লোকক লগ পোৱা বা দেখা যায় যে মূৰত উফি হোৱাৰ বাহিৰেও মুখত, ডিঙি, পিঠি হাতত এনেবোৰ ঠাইলৈকো উফি বিয়পি পৰে। কিছু লোকৰ পইচা খৰচ কৰি ভাল পোৱাটো দূৰৰ কথা, বেছি সমস্যাৰহে সন্মুখীন হয়। উফি হৈছে চুলিৰ এটা অন্যতম সমস্যা। ই এক অত্যন্ত অস্বস্তিকাৰক। এই উফিৰ সমস্যাৰ পৰা হাত সাৰিবলৈ বিশেষ দৰৱ ব্যৱহাৰ কৰিব নালাগে। কিছুমান হাৰ্বেল পদ্ধতিৰ দ্বাৰা ইয়াক নিৰ্মূল কৰিব পাৰি। বিশেষকৈ দেখা যায় যে কিছুমানৰ তেলেতীয়া ছটা ছটাকৈ মূৰৰ পৰা বগা বৰণীয়া কোষ মূৰৰ পৰা সৰিবলৈ ধৰে আৰু তীব্ৰতৰ অৱস্থাত মূৰৰ খজুৱতি হয় আৰু গোটেই মূৰটোতে সৰু সৰু ৰঙা ৰঙা জোলাৰ সৃষ্টি হ’ব পাৰে। আকৌ কিছুমানৰ শুকান বগা চুলিৰ ওপৰত ওলাই থাকিলে দেখিবলৈ বেয়া লাগে। দৰাচলতে পৰ্য্যাপ্ত পৰিমাণৰ পৰিচ্ছন্নতাৰ অভাৱৰ বাবে তৈলাক্ত গ্ৰন্থি বা ‘ছেবেছিয়াছ’ গ্ৰন্থিৰ অত্যাধিক নি:সৰণৰ ফলত আৰু বেছি তেল ব্যৱহাৰৰ ফলতি ময়লা জমা হোৱা হেতুকে যথাযথ পৰিষ্কাৰ হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। আমাৰ শৰীৰৰ কোষবোৰৰ অহৰহ পৰিবৰ্তন হৈ আছে আৰু জীৱন্ত কোষবোৰ পূৰ্ণতা প্ৰাপ্তিৰ পিচত মৃত কোষলৈ ৰূপান্তৰিত হ’ব পাৰে। এই স্বাভাৱিক প্ৰক্ৰিয়াটোৰ বিঘিনি ঘটিলেই কোষবোৰে পৰিপূৰ্ণতা লাভ কৰাৰ পূৰ্বেই ত্বকৰ বাহিৰৰ আৱৰণ ‘এপিডাৰ্মিছ’ৰ দ্ৰুততৰ বৃদ্ধিৰ ক্ষেত্ৰত পৰিপূৰ্ণতা লাভ কৰাৰ বাবে পৰ্য্যাপ্ত সময় নাপায়। ফলত এই অপৰিপক্ক কোষবোৰৰ বৃদ্ধি অতি দ্ৰুত হৈ যোৱাৰ ফলত উদ্ভৱ হয় উফি। কিছু লোকৰ মতে ধাৰণা কৰে যে যদি চুলি বা মূৰৰ ছাল বেছি শুকান হয়, তেতিয়া উফি হয়। যাৰ ফলত চুলিত বেছি পৰিমাণে তেল ব্যৱহাৰ কৰে।

Image result for hair dandruff

ইয়াৰ ফলত ভাল হোৱাতকৈ বেছি বেয়াহে হয়। কিয়নো বেছিকৈ তেল ব্যৱহাৰ কৰাৰ ফলত উফিসমূহ মূৰ ছালত লাগি ধৰে। যাৰ ফলত যিসকলে সঠিকভাৱে শ্বেম্পু কৰিব নোৱাৰে তেওঁলোকৰ উফিৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে। শ্বেম্পু ব্যৱহাৰৰ একমাত্ৰ উদ্দেশ্য আৰু কাম হৈছে মূৰৰ তালু আৰু মূৰৰ তালুত জমা হোৱা বেক্টেৰিয়া, মলি আৰু তালুৰ লগত লাগি থকা বগা মৃত কোষবোৰ পৰিষ্কাৰ কৰা। ইফালে মূৰৰ তালুত অত্যাধিক পৰিমাণৰ তেল জমা হ’লে পৰিষ্কাৰ কৰিবলৈ বেছিকৈ শ্বেম্পু দৰকাৰ হ’ব। যদিহে তালুত জমা মিহলি মলি, বেক্টেৰিয়া ইত্যাদি একেই মাত্ৰাত থাকি যায়, তেনেহ’লে বেছিকৈ উফি হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে তেনে সমস্যাত অত্যাধিক তেল ব্যৱহাৰ কৰিব নালাগে। সমস্যা সন্মুখীন হোৱাৰ লগে লগে ইয়াক হাৰ্বেল ট্ৰিটমেন্ট কৰাই দূৰ কৰিব লাগে।

লেখিকা: বৰ্ণালী ভট্টাচাৰ্য, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 1/16/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate