অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এয়া টাইফয়েডৰ সময় সাৱধান

এয়া টাইফয়েডৰ সময় সাৱধান

টাইফয়েড হৈছে এবিধ সংক্ৰামক ৰোগ। ছাবমেৰোলাটাইফি বা পেৰাটাইফি নামৰ এবিধ বেক্টেৰিয়া পানী বা খাদ্যৰ যোগেদি শৰীৰত প্ৰৱেশ কৰে। এই বেক্টেৰিয়াই আমাৰ শৰীৰত প্ৰৱেশ কৰি ক্ষুদ্ৰান্তত সংক্ৰমণ আৰম্ভ কৰে। ফলত অন্তত: আলচাৰ হয়। বহু সময়ত এই আলচাৰৰ পৰা চিকিৎসাৰ অৱহেলাৰ ফলত ৰক্তস্ৰাৱ হয় আৰু অন্ত্ৰত বিন্ধা হৈ যায়। যাৰ ফলত নানা ধৰণৰ জটিলতাৰ সৃষ্টি হয়।

সাধাৰণতে যেতিয়া তিনিদিনৰ পৰা সাত দিনৰ ভিতৰত জ্বৰ বঢ়া কমা নহয় তেতিয়া জানিব লাগিব সেয়া টাইফয়েড জ্বৰ। প্ৰাথমিক অৱস্থাত জ্বৰ লাহে লাহে ১ডিগ্ৰী/২ডিগ্ৰী কৈ বাঢ়ি যায়। অলপ অলপ মূৰৰ বিষ, ভৰিৰ বিষ, বমি বমি ভাব, কোষ্ঠকাঠিন্য আদি হয়।

সাধাৰণতে যিসকলে স্বাস্থ্যবিধি মানি নচলে, যিকোনো ঠাইৰ পানী খাই, বাহিৰৰ বা হোটেলৰ খাদ্য খায়, পুখুৰিৰ পানীত কাপোৰ-বাচোন আদি ধোঁৱে, সেইসকলৰেই টাইফয়েড হয়। এই অসুখত শিশুসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।

লক্ষণ

  • প্ৰথম সপ্তাহত লাহে লাহে জ্বৰ বাঢ়ি যায়।
  • সপ্তাহৰ শেষৰ ফালে ১০৩ ডিগ্ৰী-১০৪ ডিগ্ৰী জ্বৰ হৈ অসহ্য মূৰৰ বিষ, বমি ভাব আৰু পেটত অস্বস্তি ভাব হয়।
  • পালছ বেছিকৈ বৃদ্ধি নহয়। এক ডিগ্ৰী টেম্পাৰেচাৰত মিনিটত দল পালছ ৰেটেই থাকে।
  • সাত দিনৰ পাছত প্লীহা বৃদ্ধি পাবলৈ লয়।

এই লক্ষণসমূহ দেখা পালেই ভাইডাল টেষ্ট কৰা প্ৰয়োজন।

জটিলতা

আজিকালি এন্টিবায়টিক আৱিষ্কাৰ হোৱাত এই ৰোগৰ জটিলতা বহুখিনি হ্ৰাস পাইছে। অৱশ্যে অৱহেলা কৰিলে অথবা ঔষধে ৰোগৰ বীজাণু ধ্বংস কৰিব নোৱাৰিলে জটিল সমস্যাই দেখা দিব পাৰে। অৱহেলাৰ বাবে ডায়েৰীয়াও আৰম্ভ হয়। এই সময়ত ঠিক মতে চিকিৎসা নকৰিলে শৰীৰত আন ৰোগেও দেখা দিয়ে। যেনে-

  • মায়োকাৰ্ডাইটিছ।
  • হেপাটাইটিছ।
  • অষ্টিঅ’ মাইলাইটিছ।

ইয়াৰ বাবে বহু সময়ত ৰোগী অচেতন হৈ থাকি মৃত্যুমুখীও হ’ব পাৰে।

চিকিৎসা

টাইফয়েড জ্বৰ হৈছে বুলি জানিব পৰাৰ লগে লগেই চিকিৎসকৰ ওচৰলৈ যাব লাগে। ডাক্তৰৰ পৰামৰ্শ অনুযায়ী ব্লাড কালচাৰ ভাইডাল টেষ্ট আদি কৰোৱা উচিত। ইয়াৰ বাহিৰেও চিকিৎসকৰ পৰামৰ্শ অনুযায়ী Chloramphenicol, Ciprofloxacin, Amoxicillin এন্টিবায়োটিক আদি খাব পাৰে। এই এন্টিবায়োটিকৰ পৰা টাইফয়েড জ্বৰ ভাল নহ’লে উচ্চ ক্ষমতাসম্পন্ন এন্টিপায়েটিকৰ প্ৰয়োজন হয়। ডাক্তৰৰ পৰামৰ্শ অনুযায়ীহে ৰোগীক চিকিৎসা কৰা প্ৰয়োজন।

প্ৰতিৰোধ

প্ৰথমেই পানী বা খাদ্যৰ যোগেদি শৰীৰত বেক্টেৰিয়াৰ প্ৰৱেশ কৰা বন্ধ কৰিবলৈ হ’লে তলৰ নীতিসমূহ মানি চলা একান্তই প্ৰয়োজন-

  • গৰমকালি পানী উতলাই বা ফিল্টাৰ কৰি খাব লাগে। হাত চাবোনেৰে পৰিষ্কাৰকৈ ধুই তাৰ পাছতহে খাদ্য খাব লাগে।
  • খাদ্যত যাতে মাখি নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু খাদ্যবস্তু ঢাকি ৰাখিব লাগে।
  • সকলো সময়তে ঘৰৰ পৰা খোৱা পানী লৈহে বাহিৰলৈ যাব লাগে।
  • টাইফয়েডৰ ভেকচিন সকলোতেই পোৱা যায়, এই ভেকচিন অৱশ্যেই ল’ব লাগে।

বহু সময়ত একৰ পৰা পাঁচ শতাংশ ৰোগীৰ ক্ষেত্ৰত শেষ হোৱাৰ পাছতো শৰীৰৰ পিত্তস্থলীৰ মাজত বেক্টেৰিয়া থাকি যায়। তেনে লোকক টাইফয়েড কেৰিয়াৰ বোলে। তেনে অৱস্থা হ’লে যিকোনো সময়তেই জ্বৰ পুনৰ ঘূৰি আহিব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate