অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুসকলক আজৰি সময় কিদৰে কটাব দিব?

আমাৰ প্ৰায় প্রতিটো পৰিয়ালৰে মাজত এষাৰ কথা সঘনাই শুনা যায়। সেয়া হ’ল– সৰু ল’ৰা-ছোৱালীকেইটাই বৰ উৎপাত কৰি থাকে। বিশেষকৈ স্কুল বন্ধ থাকিলে। এতিয়া স্কুলৰ গৰমৰ বন্ধ। এই বন্ধৰ দিনকেইটাত বহু পিতৃ-মাতৃৰে এটাই মাত্র কথা কেনেকৈনো ল’ৰা-ছোৱালীকেইটাক ব্যস্ত ৰাখিব পৰা যায়। সেয়ে বিষয়টো লৈ দু-আষাৰ আলোচনা কৰিব খুজিছে।

প্রতিঘৰ মানুহে ঘৰত একোখন ফুলনি বাগিচা তৈয়াৰ কৰিবই লাগিব৷ ফুলনি বাগিচাত কেবাধৰণৰ বিভিন্ন ফুল-ফুলনি বাগিচাত বিভিন্ন ৰঙৰ ফুল আনি ৰোবাৰ অভ্যাস কৰিলে শিশুসকলৰ মনবোৰ আনন্দৰে ভৰি পৰিব।

বাগিচাত কি কি ফুল ৰোৱা হয় ফুলৰ নাম, কোন সময়ত কি কি ফুল ৰোৱা হয় সেই নামবোৰ বহীত বা ডায়েৰীত লিখিবলৈ শিকাব লাগে। সেই ফুলবোৰৰ নামবোৰ লিখি ৰাখিলে বা ফুল ৰুলে দুটা ভাগ কৰিব লাগে।

গোন্ধ থকা ফুলৰ নাম

গুটিমালি, খৰিকাজাই, তগৰ, শেৱালি, নার্জী, গোলাপ, কেতেকী, হাচনাহান, চম্পা, নাগেশ্বৰ, বকুল, পাৰিজাত কামিনী কাঞ্চন ইত্যাদি।

গোন্ধ নথকা ফুল

কৰবী ফুল অশোক বাগান বিলাস জয়ন্তী কাঠাণ্ডা অপৰাজিতা, কপৌ চাকি সূর্যমুখী বটল ব্ৰাচ জবা ফুল কুঞ্জলতা ডালিয়া এজাৰ ফুল বেলিফুল নয়নতৰা ফুল ইত্যাদি।

ফুলনি বাগিচা প্রস্তুতি

বাগিচা মাটি প্রস্তুতি তাত কি কি সাৰ দিব লাগে ইত্যাদি কথাবোৰ জ্ঞান দিব লাগে। সেইদৰে আজৰি সময়ত আমাৰ শিশুসকলে কি কি কৰিব তাৰো আভাস দিয়া হৈছে।

  • আজৰি সময় কটোৱাৰ অভ্যাস।
  • বিদ্যালয়ৰ পৰা আহি হাত-মুখ ধুই ভাত বা জলপান।
  • লগৰীয়া সমনীয়াৰ লগত খেলাধূলা কৰিব লাগে। খেলা-ধূলাই শিশুৰ মনত আনন্দ দিয়ে।
  • ফুলনি বাগিচাত বিভিন্ন ফুল ৰোবা ফুলত পানী দিয়া ফুলৰ গুৰিৰ বন-বাত চিকুণাই দিয়া কৰিলে মনটো আনন্দৰে ভৰি পৰিব। শিশুসকলৰ শৰীৰ-মন - সজীৱ হৈ উঠিব। মানসিক ফুর্তি অটুট থকাৰ লগতে সৰু সৰু কৰ্মৰ প্রতি আগ্রহ বাঢ়িব।
  • আজৰি সময়ত ভাল গান শুনা, বাদ্যযন্ত্ৰ বজোৱাৰ অভ্যাস কৰাব লাগে।
  • গাঁৱৰ শিশুসকলক আজৰি পৰত খেতিপথাৰত চাহ জলপান দিয়া গৰু-ছাগলী এৰাল দিয়া কামবোৰ কৰিলে প্ৰকৃতিৰ লগত পৰিচয় হ’ব। পথাৰ খেতি আদি দেখিলে মনলৈ সুখ আৰু আনন্দ আহিব।
  • ঘৰত জীৱ-জন্তুৰ প্রতি প্রেম অর্থাৎ জন্তুৰ প্রতি মৰম আৰু খোৱা বস্তু দিয়া কার্য কৰিবলৈ দিব লাগে।
  • ওচৰৰ পৰ্বত-পাহাৰ নদীৰ পাৰ জান-জুৰিৰ কাষলৈ নিব লাগে। নদীৰ কুলু কুলু সুৰে বৈ যোৱা নদীৰ সোঁত নদীৰ পাৰৰ কঁহুৱা বনবোৰ দেখিলে লগত চিনাকি হ’ব আৰু প্রকৃতিক ভাল পাবলৈ শিকিব।
  • প্রকৃতিৰ সৈতে শিশুক যিমানে একাত্ম হ’বলৈ শিকায় সিমানে শিশুৱে প্রকৃতিক ভাল পাব।
  • শিশুসকলক আজৰি পৰত সৎগ্রন্থ বিশেষকৈ মহাপুৰুষৰ জীৱন চানেকিমূলক সৰু সৰু কিতাপ অধ্যয়ন কৰাৰ অভাস কৰাব লাগে। তেতিয়া শিশুসকলে সেই মহৎ লোকৰ জীৱনগাঁথা কর্মপদ্ধতি আদি বিষয়ে জ্ঞান লাভ কৰিব পাৰিব। শিশু মন তেতিয়া আশাবাদী হ'ব। আশই মানুহক নিজৰ কৰ্মত আগবাঢ়ি যোৱাত সহায় কৰিব। এনেবোৰ সৎগ্রন্থ অধ্যয়নৰ ফলত শিশুৰ শাৰীৰিক মানসিক উন্নতি হব। দৈনন্দিন জীবনযাপনৰ বাবে মনত ইতিবাচক চিন্তাই মন নিজৰা ভৰাই তুলিব।
  • আজৰি সময়ত ঘণ্টাই ঘন্টাই ম’বাহল টিপি থকা, টিভি  চোৱা আদিৰ পৰা বিৰত ৰাখিব লাগে।
  • কম্পিউটাৰত আজৰি সময়ত বহি সময় কটোৱাতকৈ আমাৰ এই শিশুসকলক চিত্রাংকন কৰিবলৈ অভ্যাস কৰোৱা উচিত।  চিত্ৰাংকনৰ দ্বাৰা আমাৰ শিশুসকলৰ ধৈর্য গুণ বৃদ্ধি হ’ব। পৰিষ্কাৰ-পৰিচ্ছন্ন হ’বলৈ শিকিব। প্রাকৃতিক পৰিবেশ অর্থাৎ আকাশ, মেঘ, তৰা, নদ-নদীৰ, পথাৰ আদিৰ ছবি আঁকাৰ ফলত শিশুৰ মনত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব।
  • শিশুসকলক দৈনন্দিন জীৱনত নিয়ম-শৃংখলা অধ্যৱসায় আদি অটুট ৰাখিবলৈ শিক্ষা দিব লাগে। তেতিয়াহে আজিৰ শিশুসকল কাইলৈ ভৱিষ্যতৰ একোগৰাকী দেশৰ সুনাগৰিক হিচাপে সমাজ তথা দেশৰ গৌৰৱ বৃদ্ধি কৰিব পাৰিব।

সেয়েহে আমাৰ শিশুসকলৰ আজৰি সময়বোৰ অবাবত নষ্ট নকৰি বৌদ্ধিক আৰু নৈতিকভাৱে পালন কৰাৰ বিষয়ে শিকাবলৈ যত্ন কৰো কাৰণ আজিৰ শিশুৱে কাইলৈৰ নাগৰিক হ’ব। ভাল নাগৰিক হ’লেহে আমাৰ দেশ তথা সমাজৰ উন্নতি হ’ব আৰু সমাজত সুখ-শান্তি আৰু সমৃদ্ধি বিৰাজ কৰিব।

লিখক: ধনেশ্বৰ হুজুৰী।

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate