অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খোজকাঢ়ো আহক

খোজকাঢ়ো আহক

বৰ্তমান সময়ত চহৰত বাস কৰা লোকৰ শাৰিৰীক পৰিশ্ৰমৰ অভাৱ এটা নিতান্ত সাধাৰণ ঘটনা। আধুনিক প্ৰযুক্তিয়ে সুখ-স্বাচ্ছন্দ্য কঢ়িয়াই আনিছে। পৰিশ্ৰমৰ অভাৱত শৰীৰত ওজনৰ আধিক্য ঘটিছে। ওজনৰ ফলত শৰীৰটো এটা বোজাৰ দৰে হৈ পৰাৰ লগে লগে নানাবিধ ৰোগৰ আক্ৰমণ সুচলহৈ পৰিছে।

সেয়ে, আজিকালি এক্সাৰচাইজ বা ব্যায়ামৰ গুৰুত্ব সকলোৱে কম বেছি পৰিমাণে উপলব্ধি কৰিবলৈ লৈছে। শৰীৰৰ প্ৰয়োজন অনুসৰি আসন বা ব্যায়াম নিৰ্বাচন কৰিব পাৰিলে সকলো অংগ প্ৰত্যংগ সচল আৰু সতেজ হৈ থাকে।এই প্ৰয়োজনতে ঠায়ে ঠায়ে যোগাসন কেন্দ্ৰ বা ব্যায়ামাগাৰ গঢ়ি উঠিছে যদিও সকলো লোকেই সময় সুবিধা আদিৰ অভাৱত ইয়াৰ সদব্যৱহাৰ কৰিব নোৱাৰে। সেয়ে শৰীৰৰ অংগ-প্ৰত্যংগ সচল কৰি ৰখাৰ একমাত্ৰ বিকল্প হ’ল খোজকঢ়া। ইয়াৰ ফলত দেহৰ পেশী সতেজ হয়। সকলোতকৈ বেছি উপকাৰ হয় হৃদযন্ত্ৰৰ। তাৰোপৰি যিসকলৰ শ্বাসকষ্ট, উচ্চ ৰক্তচাপ, ব্লাড চুগাৰ বা মেদ বৃদ্ধিৰ সমস্যা আছে তেনেলোকে নিয়মিত খোজকঢ়া ভাল। গ্ৰামাঞ্চলৰ লোকৰ নিয়মিত যথেষ্ট খোজকঢ়া হয় বাবে তেওঁলোকৰ শৰীৰৰ এনে সমস্যাও কম হয়। খোজকঢ়া এটা ভাল ব্যায়াম-ইয়াক নিয়মিতভাৱে আৰু নিদিৰ্ষ্ট সময় ধৰি অভ্যাস কৰিলেহে ভাল ফল পোৱা যায়।

লেখিকা: ৰেবা বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন,

শেহতীয়া উন্নীতকৰণ: : 7/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate