অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি পকে কিয়?

বয়সৰ লগে লগে চুলি পকাটো স্বাভাৱিক কথা। এনে বয়সত চুলি পকাটো কোনো ধৰণৰ ৰোগ বুলিব নোৱাৰি। কিন্তু কম বয়সত চুলি পকিলে বংশগত বা ‘পানোচিয়াছ’ ৰোগত ভুগিলে কম বয়সত পকিব পাৰে। এনে সমস্যাত লগে লগে চিকিৎসকৰ ওচৰ চাপিব লাগে। চুলি পকাৰ কোনো সঠিক তথ্য বৰ্তমানলৈকে পোৱা হোৱা নাই। এই বিষয়ে পৰ্যবেক্ষণ কৰি কিছু লোকে মত পোষণ কৰিছে যে পোহৰৰ প্ৰতিফলনৰ প্ৰভেদৰ বাবেই এনে হয়। কিছু লোকৰ মতে চুলিৰ ভিতৰত বায়ুৰ কণিকা জমা হয়। আমাৰ চুলিত পিগমেন্ট মেলানিন নামৰ এবিধ দ্ৰব্য থাকে। এই পদাৰ্থবিধ কমি গ’লেই চুলি বগা হয়। চুলি পকাটোৰ বয়সৰ লগত কোনো সম্পৰ্ক নাই। এই পিগমেন্ট মেলানিন আকৌ কাৰ্বন, হাইড্ৰ’জেন, অক্সিজেন আৰু ছালফাৰেৰে গঠিত হয়। যেতিয়াই এই পিগমেন্ট মেলানিনৰ উৎপাদন বন্ধ হয়, তেতিয়াই চুলি বগা হ’বলৈ ধৰে। কেতিয়াবা দেখা যায় যে কিছুমানৰ চুলি হেনা বা অন্য ৰং ব্যৱহাৰ নকৰাৰ ফলতো ৰঙচুৱা হয়। বায়ুমণ্ডলৰ আৰ্দ্ৰতা কমি গ’লে শুকান হয়। চুলি হৈছে ছালৰেই অংশ। চুলি শুকান আৰু ৰুক্ষ হ’লেও চুলিৰ স্বাভাৱিক ক’লা ৰং হ্ৰাস হয়। যাৰ বাবে ৰঙচুৱা হৈ পৰে। বেছিকৈ ৰ’দত কাম কৰা লোকৰ চুলিৰ বাহ্যিক আৱৰণ বা ‘কিউটিকোল’ নষ্ট হৈ যায়। অপুষ্টিকৰ খাদ্যৰ বাবেও কেতিয়াবা চুলি ৰঙচুৱা হ’ব পাৰে। কোৱাছিঅ’ৰকৰ নামৰ এবিধ ৰোগ আছে, যিটো বিশেষকৈ প্ৰ’টিনৰ অভাৱত হয়। ইয়াৰ বাবেও চুলি ৰঙচুৱা হয়। বিশেষকৈ চহৰ অঞ্চলসমূহত জীৱাণুমুক্ত কৰিবলৈ পানীত ক্ল’ৰিন ব্যৱহাৰ কৰে। ক্ল’ৰিনৰ মাত্ৰা বেছি হ’লেও সেই পানী চুলিত ব্যৱহাৰ কৰাৰ ফলতো চুলি ৰঙচুৱা হয়। বহুতে আকৌ চুলি শুকুৱাবৰ বাবে বা চুলি ছেটিং কৰিবলৈ বাৰে বাৰে ড্ৰায়াৰ ব্যৱহাৰ কৰে। তাৰ বাবেও হয়। চুলিৰ ড্ৰায়াৰ কেতিয়াও একেটা ঠাইতে মাৰি থাকিব নালাগে। ড্ৰায়াৰটো চুলিত দূৰৰ পৰা ঘূৰাই চুলি শুকুৱাব লাগে। বেছিকৈ ড্ৰায়াৰ ব্যৱহাৰ কৰিলেও চুলি পকে।

চুলি পকা ৰোধ কৰিবলৈ কেইটামান ব্যৱস্থা

  • ১০ খিলামান নিমপাত এক গিলাছ পানীত নিশা তিয়াই সেই পানী পুৱা খালী পেটত একমাহ খাব।
  • ৰঙা জবা ফুলৰ পাতৰ ৰস আমলখি ৰসৰ লগত মিহলাই চুলিত ১৫ মিনিট সানিব।
  • বীট, কফিৰ গুড়ি, জেতুকা আৰু চাহ পাতৰ ৰস চুলিৰ গুড়িত একেলগে মিহলাই সানিলে চুলি ক’লা হয়।
  • কেঁচা শিলিখাৰ ৰস, কেঁচা আমলখি ৰস, কেহেৰাজৰ ৰস একেলগে মিহলাই সপ্তাহত তিনি দিন সানিব। চুলি ক’লা হ’ব।
  • আকৌ আজিকালি দেখা যায় যে যুৱতীসকলৰ মাজত চুলি সোণালী বৰণ কৰাটো ফেশ্বন হৈ পৰিছে। তাৰ বাবে কোনো কালাৰ ব্যৱহাৰ নকৰি ঘৰুৱাভাৱে সোণালী বৰণ কৰিব পাৰে।
  • ৫০ গ্ৰাম আকাশীলতা ১ লিটাৰ পানীত উতলাই ঠাণ্ডা হ’লে সেই পানীৰে মূৰ ধূলে চুলি সোণালী বৰণ হ’ব।
  • পাৰিলে চুলিৰ আগবোৰ মাহে এবাৰ ট্ৰিমিং কৰিব।

লেখিকা: বৰ্ণালী ভট্টাচাৰ্য, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate