অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলিকোচাৰ যতন কেনেকৈ ল'ব?

নাৰীৰ সৌন্দৰ্যৰ সৈতে চুলিৰ ওতঃপ্ৰোত সম্বন্ধৰ কথা অতি পৌৰাণিক কালৰ পৰাই কবি আৰু সাহিত্যিকসকলৰ চৰ্চাৰ বিষয়-বস্তু হৈ আহিছে। ঘন কেশ বা দীঘল চুলিক কলীয়া মেঘৰ সৈতে উপমা দিয়াৰ কথা, মূৰৰ চুলিৰ সমান আয়ুস হ’বলৈ আশীৰ্বাদ দিয়াৰ কথা, ঈৰ্ষান্বিত দুই নাৰীৰ পৰস্পৰ চুলিয়াচুলিৰ কথা, কেশগুচ্ছ প্ৰতিজ্ঞা-পূৰণ নোহোৱালৈ নবন্ধাকৈ ৰখাৰ কথা আমি ন-পূৰণি আখ্যানসমূহত পাই আহিছোঁ। নাৰীৰ সৌন্দৰ্য-চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। চুলি বেচিকৈ সৰা দেখিলে, সময়তকৈ আগতীয়াকৈ পকিবলৈ ধৰিলে কি মহিলা কি পুৰুষ উভয়েই সমানে চিন্তাগ্ৰস্ত হৈ পৰে। আজিৰ আলোচনাৰ মাধ্যমেৰে চুলি পাতল হোৱা আৰু সৰাৰ কিছু সহজ নিদান উৎসুক পাঠকসকলক অৱগত কৰাৰ প্ৰয়াস কৰিম।

মানুহৰ মূৰত সচৰাচৰ একৰ পৰা ডেৰ লাখডাল চুলি থাকে। এডাল চুলিৰ আয়ুস ২ৰ পৰা ৩ বছৰ। যিকোনো সময়তেই আমাৰ মূৰৰ ৯০ শতাংশ চুলি বাঢ়ি থকা অৱস্থাত থাকে আৰু ১০ শতাংশ চুলি বিশ্ৰাম লোৱা অৱস্থাত থাকে। প্ৰতি ২-৩ মাহৰ অন্তৰালত এই বিশ্ৰাম লোৱা অৱস্থাত থকা চুলি সৰি পৰে। দৈনিক এনেদৰে ৫০ৰ পৰা ১০০ ডাল চুলি সৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। চুলি সৰিলেও তাৰ বিপৰীতে গজাৰ প্ৰক্ৰিয়াটো সমান্তৰালভাবেই চলি থাকে। বেচিকৈ চুলি সৰা তেতিয়া ধৰা পৰে, যেতিয়া গা ধোৱাৰ পিছত বাথৰুমত নাইবা মূৰ ফণিয়াওতে অধিক সংখ্যক চুলি ব্যক্তিজনে প্ৰত্যক্ষ কৰে। এটা অংশৰ চুলি সৰাক ডাক্তৰী ভাষাক ‘এলপেচিয়া এৰিয়েটা’ আৰু গোটেই মূৰৰ চুলি সৰাক ‘এলপেচিয়া টোটেলিচ’ আখ্যা দিয়া হয়। আকৌ গোটেই গাৰ চুলি-নোম সমুদায় সৰিলে এই অৱস্থাক ‘এলপেচিয়া ইউনিভাৰচেলিচ’ বোলা হয়। চুলি সৰি তপা হোৱা অৱস্থাক চিকিৎসকসকলে আকৌ দুই শ্ৰেণীত বিভক্ত কৰিছে। থুলমুলকৈ ক’বলৈ হ’লে ঘাইকৈ মূৰৰ মধ্য ভাগৰ পৰা ঘূৰণীয়াকৈ চুলি সৰাক ‘পুৰুষ পেটাৰ্ণৰ তপামূৰীয়া’ আৰু সোঁমাজৰ সেওঁতাৰ চুলি পাতলিব ধৰিলে ‘মহিলা পেটাৰ্ণৰ তপামূৰীয়া’ আখ্যা দিছে।

কি কি কাৰণত অস্বাভাবিক ধৰণে চুলি সৰিব পাৰে?

  • শৰীৰৰ হৰমোনৰ তাৰতম্য: বিশেষকৈ থাইৰয়েড (হাইপো-থাইৰইডিজম আৰু হাইপাৰ-থাইৰইডিজম), অইষ্ট্ৰজেন আৰু টেষ্ট’ষ্টেৰন হৰমোনৰ তাৰতম্য ঘটিলে।
  • ভিটামিন, লৌহ পদাৰ্থ, জিংকৰ অভাৱ।
  • ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত : বিশেষকৈ ৰক্তচাপ, ডায়েবেটিজ, ডিচলিপিডেমিয়া (মেদবহুলতা), কৰ্কট ৰোগ, এনাবলিক ষ্টেৰইড, জন্মনিৰোধক পিল, হৰমোন থেৰাপি, এন্টিফাংগেল দৰব, মহিলাৰ প্ৰজনন ক্ষমতা বঢ়োৱা দৰব ক্লমিফেন ইত্যাদি।
  • কেমথেৰাপি, ৰেডিয়েচন থিৰাপিৰ পাৰ্শ্বক্ৰিয়া।
  • পইজনিং।
  • আঘাত: যেনে চুলিৰ ষ্টাইল সলনি কৰিবলৈ যন্ত্ৰৰ সহায়ত টনা বা ট্ৰেকচন দিয়া। বিদ্যুত বা গৰম পানীৰ উত্তাপ দিয়া। জধেমধে ভুলকৈ মূৰৰ মালিচ কৰা, চুলিত কাঢ়া ৰঙ বা আন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা।
  • নানাধৰণৰ সংক্ৰমণ : যেনে ফলিকুলাইটিচ, চেলুলাইটিচ, চেবৰিক ডাৰ্মেটাইটিচ, ফাংগেল টিনিয়া কেপিটিচ, চেকেণ্ডেৰি চিফিলিচ, ডিমভেক্স ফলিকুলৰাম সংক্ৰমণ।
  • নানা ধৰণৰ ৰোগৰ ফলত যেনে: লুপাচ এৰিথ্ৰমেটাচ, ছালৰ কৰ্কট, টিউমাৰ, বিভিন্ন চিষ্ট।
  • বায়ুমণ্ডল আৰু জলপ্ৰদূষণ, কৰ্মস্থলীত হোৱা প্ৰদূষণ, প্ৰচুৰ ৰ’দৰ উত্তাপ।
  • চুলিৰ গুৰিৰ ছিদ্ৰ যি কোনো ময়লা, ঘাম বা চিবামজাতীয় ৰসেৰে বন্ধ হোৱাৰ ফলৰ চুলি ভংগুৰ হৈ সৰিব পাৰে।
  • উফি, ওকনি আদি।
  • ওপৰৰ সকলো সম্ভাব্য কাৰণৰ উপৰি শাৰীৰিক, মানসিক ষ্ট্ৰেচ হ’ল চুলি সৰাৰ অন্যতম কাৰণ।

সন্তানে চুলিৰ ৰঙ, গঠন আদি বহু পৰিমাণে পিতৃ-মাতৃৰ পৰা আয়ত্ত কৰে। বিজ্ঞানীসকলে ঠাৱৰ কৰিছে জেনেটিক্সৰ চুলি সৰাত প্ৰভাৱ হয়তো থাকিব পাৰে। নিজৰ শৰীৰৰ অংশ বিশেষকক পৰ বুলি চিনাক্ত কৰাক অটো-ইমিউন-ডিচঅৰ্ডাৰ বোলে। চুলি বেচিকৈ সৰাৰ বা তপা হোৱাৰ কাৰণ অটো-ইমিউনিটিও হ’ব পাৰে। সাধাৰণতে দেখা যায় ২৫ শতাংশ লোকৰ চুলি ৩০ বছৰ বয়সৰ আশে পাশে সৰিবলৈ ধৰে আৰু ৭৫ শতাংশৰ চুলি ৫০ বছৰৰ ওপৰ হ’লে সৰিবলৈ ধৰে। গৰ্ভাৱস্থা আৰু মেনুপ’জৰ সময়ত শৰীৰৰ হৰমোনৰ তাৰতম্যৰ ফলত চুলি সৰে। দৰাচলতে গৰ্ভাৱস্থাত তেজত অইষ্ট্ৰজেন হৰমোনৰ পৰিমাণ বঢ়াত চুলি ডাঠ বা ঘন হ’বলৈ ধৰে আৰু প্ৰসৱৰ পিছৰ পৰা সেই হৰমোন কমি যোৱাত অতিৰিক্ত চুলিখিনি সৰি গৰ্ভৰ পূৰ্ব অৱস্থালৈ ঘূৰি যায়।

আগতে উল্লেখ কৰা একেখিনি কাৰণতে চেলাউৰিৰ নোমো সৰিব পাৰে। বহুতো হাইপোথাইৰইড ৰোগীৰ চকুৰ চেলাউৰীৰ বাহিৰৰ ফালৰ এক তৃতীয়াংশ নোম সৰা দেখা যায়। মানুহৰ উপৰি অন্যান্য জীৱ-জন্তুৰো শৰীৰৰ নোম সৰি তপা হোৱা দেখা যায়। পশুৰ তেনে হ’লে সাধাৰণতে ই গুৰতৰ ব্যাধি হোৱা সূচায়।

এতিয়া চুলিৰ স্বাস্থ্যৰক্ষাৰ বাবে লাগতিয়াল খাদ্যসমূহৰ সৈতে পৰিচিত হওঁ আহক:

লৌহ পদাৰ্থযুক্ত খাদ্য

লৌহকণিকা হ’ল তেজত অক্সিজেনৰ বাহক। গতিকে লৌহ পদাৰ্থৰ অভাৱত চুলিৰ স্বাস্থ্যত বিঘিনি ঘটিলে চুলি সৰাটো নিশ্চিত। মাংস, লিভাৰ, কণী, ডাঠ সেউজীয়া পালেং, কবিজাতীয় শাক, ড্ৰাই ফ্ৰুটচ, বীন, দাইল, বুটমাহ, চয়াবীন আদি খাদ্যত বেচি পৰিমাণৰ লৌহ পদাৰ্থ থাকে।

ভিটামিন-চি যুক্ত খাদ্য

খাদ্যত থকা ভিটামিন-চি লৌহ পদাৰ্থ শৰীৰে গ্ৰহণ কৰাত সহায়ক হয়। অমিতা, আনাৰস, কমলা, নেমু, আমলখি, ষ্ট্ৰবেৰী, ৰঙ-বিৰঙী কেপচিকাম, ব্ৰুকলি, বন্ধাকবি, নাৰিকল আদিত ভিটামিন-চি থাকে।

ভিটামিন-এ যুক্ত খাদ্য

চুলিৰ গুৰিক মজবুত কৰি ৰখা ‘চিবাম’ নামৰ তেলীয়া পদাৰ্থৰ সৃষ্টিৰ বাবে ভিটামিন-এ ৰ আৱশ্যক হয়। কিন্তু অতিমাত্ৰা ভিটামিন-এ ল’লে সৰহ পৰিমাণৰ চিবামে চুলিৰ গুৰিৰ ছিদ্ৰ বন্ধ কৰি চুলি ভংগুৰ কৰি সৰাবহে পাৰে। সেয়ে ভিটামিন-এ নিয়মীয়া পৰিমাণত গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ভিটামিন-এ যুক্ত খাদ্যসমূহৰ কিছুমান হ’ল – গাজৰ, মিঠা আলু, পালেং, চালাড পাত, পূৰৈশাক, ৰঙালাউ, সৰিয়হ শাক।

জিংকযুক্ত খাদ্য

চুলিৰ সুস্বাস্থ্যৰ বাবে জিংক অতি লাগতিয়াল। জিংকে ডি এন এ নিৰ্মাণ কৰে। প্ৰটিন আৰু হৰমোনৰ (যেনে টেষ্ট’ষ্টৰেন) নিয়ন্ত্ৰণৰ সৈতে জিংক জড়িত। জিংকযুক্ত খাদ্য কিছুমান হ’ল – মূৰ্গী, গাহৰি আৰু গোমাংস, ঘেঁহু, সাগৰীয় অ’ষ্টাৰ আৰু কেকোঁৰা, বাদাম, আখৰুট, ৰঙালাউ, পালেং শাক।

প্ৰটিনযুক্ত খাদ্য

চুলি ঘাইকৈ প্ৰটিনৰে গঠিত। গতিকে খাদ্যত প্ৰটিনৰ অভাৱ ঘটিলে চুলি সৰিব আৰু সোনকালে পকিব। প্ৰটিনযুক্ত খাদ্য কিছুমান হ’ল – মাংস, কণী, গাখীৰ, পনীৰ, দৈ, সাগৰীয় মাছ, চয়াবীন, দাইল আৰু মাহজাতীয় শস্য।

অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য

চুলি আৰু ছালৰ সুৰক্ষাৰ বাবে অমেগা-৩ ফেটি এচিড লাগতিয়াল। ই চুলিৰ গুৰি মজবুত কৰে। চুলিৰ ইলাষ্টিচিটি বঢ়ায় আৰু চুলিৰ বিকাশত সহায় কৰে। অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য কিছুমান হ’ল – চলমান আৰু টুনা মাছ, অলিভ অইল, আখৰুট, ৰঙালাউ-সূৰ্যমূখীৰ গুটি।

ভিটামিন-বি কমপ্লেস্কযুক্ত খাদ্য

বিভিন্ন শাক-পাচলি, ফলমূল, মাছ, গাখীৰ কণীত থকা ভিটামিন-বি কমপ্লেস্কে মেলানিন সৃষ্টি কৰাত সহায় কৰে। চুলি আৰু ছালৰ ৰঙৰ বাবে মেলানিন হ’ল অপৰিহাৰ্য।

ভিটামিন-ই যুক্ত খাদ্য

অলিভ তেল, চানফ্লাৱাৰ তেল, এলমণ্ড, গাজৰ, মিঠা আলু, বুট মাহ আদিত ভিটামিন-ই থাকে। শৰীৰৰ তেজ চলাচলৰ বাবে ভিটামিন-ই অতি লাগতিয়াল। সেয়ে ভিটামিন-ই-য়ে চুলিৰ বিকাশ ঘটায়।

এতিয়া চুলি সৰাৰ প্ৰতিকাৰৰ বিষয়ে কিছু কথা জানো আহক:

কেইবিধমান ঘৰুৱা প্ৰতিবিধান

পিঁয়াজ, নহৰু, আমলখি, তিল, এলভেৰা, কেষ্টৰ অইল, মেঠি, নেমু নাৰিকল, জেতুকা, জবাফুল, কণী আদিৰ সদ্যৱহাৰে কেনেকৈ চুলি সৰাৰ চিকিৎসাত উপকাৰী হ’ব পাৰে।

পিঁয়াজ আৰু নহৰু হ’ল চাল্ফাৰযুক্ত পদাৰ্থ। চাল্ফাৰ হ’ল ক’লাজেন বৃদ্ধিত সহায়ক যাৰ দ্বাৰা চুলিৰ শ্ৰীবৃদ্ধি হয়। প্ৰাচীন কালৰ পৰাই ভাৰতীয়সকলে এই দুবিধৰ প্ৰয়োগ চুলিৰ বিকাশৰ বাবে কৰি আহিছে। পিঁয়াজ পিঁহা লৈ ১৫-২০ মিনিট সময়লৈ মূৰত ঘঁহিব আৰু পাচত পাতল হাৰবেল শ্বেম্পুৰে চুলিখিনি ধুই পেলাব। সপ্তাহত ২-৩ বাৰ এনে কৰিব। কেইফুটামান নহৰু থেঁতালি নাৰিকল তেলৰ লগত মিহলাই উতলাব। পিছত চেঁচা হ’বলৈ দিব। সামান্য কুহুমীয়া গৰম হৈ থাকোতে মূৰত ঘঁহি ভালদৰে মালিচ কৰিব। এইদৰে সপ্তাহত ২-৩ বাৰ মালিচ কৰিলে উপকৃত হ’ব।

নাৰিকলত প্ৰটিন থাকে। মিনাৰেল (লৌহকণিকা, পটেচিয়াম) আৰু লাগতিয়াল তেল যাৰ ফলত চুলি বিকশিত হয় আৰু ভংগুৰ নোহোৱাকৈ থাকে। নাৰিকলৰ পিঁহা মূৰত ঘঁহি নিশাটো ৰাখি পুৱা পানীৰে মূৰটো ধুই পেলাব। এইদৰে সপ্তাহত ৩-৪ দিন মাহচেৰেক লগালে ফলাফল দৃষ্টিগোচৰ হ’ব।

ভাৰতবৰ্ষৰ প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসা প্ৰণালীত এলোভেৰাৰ মহত্ব অনেক। প্ৰাচীনকালত ইজিপ্তত চুলি আৰু মূখমণ্ডলৰ প্ৰসাধনত এলোভেৰা ব্যৱহাৰ কৰিছিল বুলি জনা যায়। এলোভেৰাৰ ৰসত থকা এনজাইমে চুলিৰ গুৰিত ময়লা বা ক্লট জমা হ’বলৈ নিদিয়াকৈ ৰাখে। চুলি বাঢ়িবলৈ আৰু গজিবলৈ অনুকূল খাৰুৱা পি এইচ এলোভেৰাই নিয়ন্ত্ৰণ কৰে। এলোভেৰাৰ আধা কাপ ৰসৰ সৈতে দুচামুচ কেষ্টৰ অইল আৰু দুচামুচ মেঠিৰ পাউদাৰ মিহলোৱা মিশ্ৰণ চুলিৰ বাবে লাভজনক দেখা গৈছে।

কেইবছৰমানৰ আগতে জনপ্ৰিয় আলোচনী ‘প্ৰান্তিক’ৰ পাতত এজনে লিখিছিল – তেওঁ মূৰৰ বিষৰ বাবে পিঁহা তিলৰ প্ৰলেপ কেইবা দিনো ঘঁহোতে লক্ষ্য কৰিলে যে তেওঁৰ চুলি নথকা তালুত চুলি গজিবলৈ ধৰিছে। আয়ুৰ্বেদিক চিকিৎসকৰ মতে চুলি গজোৱাত তিল এবিধ প্ৰমাণী ঔষধ। ব্যক্তিগতভাবেও মই তিলৰ ব্যৱহাৰ কৰি উপকৃত হোৱা কেইজনমান লোকক লগ পাইছোঁ। একে কাৰণতে ভাৰতবৰ্ষত নাৰিকল তেলৰ সমানেই জনপ্ৰিয় হ’ল তিল তেল।

জবাফুল পিঁহা মূৰত লেপ দিলে চুলি সৰা ৰোধ হয় আৰু চুলি গজাত সহায়ক হয় বুলি আগৰ দিনৰ লোকসকলে কয় আৰু ভাৰতবৰ্ষৰ গাঁৱে-ভূঞে ই এক প্ৰচলিত চিকিৎসা পদ্ধতি। জেতুকা পাতেও চুলি মজবুত কৰে বুলি কয়। পিঁহা জেতুকাৰ সৈতে মিঠাতেল মিহলালে আৰু ভাল ফল পোৱা যায় বুলি কিছুমানে দাবী কৰে। আমলখিত থকা ভিটামিন-চি আৰু এন্টিঅস্কিডেন্ট চুলিৰ বাবে উপকাৰী। আমলখিৰ ৰসৰ সৈতে নেমু ৰস আৰু পানী মিহলাই বহুতে মূৰ-গা ধোৱে আৰু ইয়াক চুলি আৰু ছালৰ বাবে উপকাৰী বুলি কয়।

কণীৰ বগা অংশৰ সৈতে অলিভ অইল মিহলাই চুলিত কুৰি মিনিট ঘঁহি পাছত পাতল হাৰ্বেল চেম্পুৰে মূৰ ধোৱাটোও আন এক ঘৰুৱা প্ৰাকৃতিক চিকিৎসা পদ্ধতি। কণীত চাল্ফাৰ, প্ৰটিন, লৌহপদাৰ্থ, আয়ডিন, জিংক, ফচফ’ৰাচ আদি চুলিৰ বাবে অনেক লাগতিয়াল তন্তু থাকে।

এলোপেথিক চিকিৎসাত চুলি গজোৱা, তিনিবিধ লগোৱা দৰব বজাৰত উপলব্ধ। সেইকেইটা হ’ল মিনস্কিডিল, ফিনাষ্টেৰাইড আৰু ডুটাষ্টেৰাইড। অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈহে পাঠকে এইবিলাক প্ৰয়োগ কৰে যেন। বজাৰত বিভিন্ন ব্ৰেণ্ডৰ মিনাস্কিডিল লোচন আৰু স্প্ৰে পোৱা যায়। চুলি সৰা ঠাইত দৈনিক প্ৰয়োগ কৰিলে ৬ সপ্তাহমানত পুৰুষ মহিলা উভয়ৰে চুলি গজিবলৈ ধৰে। কিন্তু ইয়াক অনিৰ্দিষ্ট কাললৈ এৰা-ধৰাকৈ হ’লেও ব্যৱহাৰ কৰি থাকিব লাগিব – তেহে গজা চুলিখিনি ধৰি ৰাখিব পৰা যাব। পাৰ্শ্বক্ৰিয়া হিচাবে এলাৰ্জিক ডাৰ্মেটাইটিচ হ’ব পাৰে। পুৰুষৰ চুলি গজাৰ বাবে ফিনাষ্টেৰাইড আৰু ডুটাষ্টেৰাইড পিলৰ ৰূপত পোৱা যায়। মহিলা বিশেষকৈ গৰ্ভৱতীৰ বাবে এই দুবিধ দৰব নহয়। ৬ মাহৰ ভিতৰত ভাল ফল পোৱা যায়। সম্ভাব্য পাৰ্শ্বক্ৰিয়া হ’ল যৌন দুৰ্বলতা, গাইনেকোমেষ্টিয়া, মাংশপেশীৰ বিষ।

ইয়াৰ উপৰি হেয়াৰ গ্ৰাফ্টিং চাৰ্জাৰী কৰিও চিকিৎসা দিয়া যায়। লোকেল এনাস্থেচিয়াৰ সহায়ত ‘হেয়াৰ ট্ৰান্সপ্লান্ট’ কৰা হয়। ছালৰ সৈতে চুলি মূৰৰ তপা অংশত লগোৱা হয়। অপাৰেচনৰ পিছত লগোৱা চুলিখিনি সৰি পৰিলেও পুনৰ নতুনকৈ পোখা মেলে। কেইবাবাৰো এনে অপাৰেচনৰ প্ৰয়োজন হ’ব পাৰে। চাৰ্জাৰী হ’ল ব্যয়বহুল আৰু সময় লোৱা এক চিকিৎসা প্ৰণালী। কোনো কোনো চিকিৎসকে চুলি নথকা অংশত ষ্টেৰইড বেজীৰ প্ৰয়োগ কৰিও এলপেচিয়া এৰিয়েটাৰ চিকিৎসা কৰে। এইবিলাক চিকিৎসা পদ্ধতিৰ উপৰি বহুতো তপা পুৰুষে গোটেই মূৰৰ চুলি নিয়মীয়াকৈ খুৰাই নিজকে লোকচক্ষুত আপচু নেদেখাকৈ ৰাখে। ইয়াৰ উপৰি আজিকালি বজাৰত পুৰুষ-মহিলা উভয়ৰে বাবে দেখনিয়াৰ ৱিগ পোৱা যায়, যাক পৰিধান কৰিলে নিজে নক’লে আনে নকল চুলি বুলি চিনাক্ত কৰা প্ৰায় অসম্ভৱ।

চুলি সৰাৰ কাৰণসমূহ অনুসন্ধান কৰি তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰাটো একান্ত আৱশ্যকীয়। সাধাৰণ ল’বলগীয়া চুলিৰ যতন কেইটিমান হ’ল – উপযুক্ত তেল যেনে – অলিভ অইল, তিল তেল, নাৰিকল তেল বা মিঠাতেলেৰে সপ্তাহত ৩ দিন মূৰৰ চুলিৰ মালিচ কৰাটো উপকাৰী। তিতি থকা চুলি পৰাপক্ষত কমকৈ ফণিওৱাটো বাঞ্চনীয়। শুকান চুলি মহৰ শিঙৰ ফণীৰে ফণীয়াব পাৰিলে ভাল। চুলিত বেচিকৈ টানি ফিটা বা ইলাষ্টিক বেণ্ড আদি ব্যৱহাৰ কৰিব নালাগে। ফেচন ডিজাইন বা ষ্টাইলৰ নামত চুলিৰ ওপৰত অত্যাচাৰ নচলোৱাই মংগলজনক। চুলি আৰু চৰ্মৰ উপযোগী ‘জিংকো বায়লোভা’ নামৰ বনৌষধি ঔষধ চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে। পাতলকৈ হাৰ্বেল শ্বেম্পু সপ্তাহত দুদিন ব্যৱহাৰ কৰিব। উফি, ওকনি, ফাংগেল ডাৰ্মাটাইটিচ আদি হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ নিৰাময়ৰ ব্যৱস্থা কৰিব।

কেইটিমান লাগতিয়াল কথা

  • মানসিক দুঃশ্চিন্তা আঁতৰোৱাটো চুলিৰ স্বাস্থ্যৰ বাবে অতি জৰুৰী।
  • ইয়াৰ বাবে ধ্যান, ব্যায়াম, প্ৰণায়াম, সংসৰ্গ, সু-গ্ৰন্থ অধ্যয়ন আদিৰ সহায় ল’ব।
  • জীৱনত এক নিয়মীয়া ৰুটিন মানি চলক।
  • বিশৃঙ্খল জীৱন-যাপন নকৰিব।
  • ধূমপান এৰিব।
  • জাংক ফুডৰ লোভ পৰিত্যাগ কৰক। সজ চিন্তাৰে সু-খাদ্য খাওক।
লিখক: ডা০ ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate