চুলিত ৰং কৰাৰ পূৰ্বে আপুনি নিশ্চিত হৈ লওক যে আপোনাৰ চুলিৰ ৰং পেছাদাৰী চেলুনতহে কৰিব। কাৰণ পেছাদাৰী চুলি বিশেষজ্ঞ বা ষ্টাইলিষ্টেহে ক’ব পাৰিব যে কেনেধৰণৰ সামগ্ৰী আপোনাৰ চুলিৰ বাবে উপযুক্ত হ’ব। ইফালে দেখা যায় বহুতেই ঘৰতে চুলিত ৰং কৰে। এয়াও অত্যন্ত ভুল। কাৰণ পেছাদাৰী বিশেষজ্ঞই যি পদ্ধতিত চুলিৰ ৰং কৰিব, তেনে পদ্ধতি আপুনি হয়তো নাজানে। আনহাতে এই বিষয়ত মন কৰিবলগীয়া আন এক গুৰুত্বপূৰ্ণ বিষয় হ’ল চুলিৰ এনে ষ্টাইল কৰাৰ পূৰ্বে চুলিৰ ধৰণ পৰীক্ষা কৰি ল’ব। চুলিৰ ধৰণ অনুসৰি চুলিৰ যতনৰ পিচতহে ৰং কৰা অংশখিনি লক্ষ্য কৰক। উল্লেখ্য যে ৰং কৰা চুলিত নিয়মিত কণ্ডিচনিং কৰাতো অতি জৰুৰী। তদুপৰি সপ্তাহত বা পোন্ধৰ দিনৰ মূৰে মূৰে এবাৰকৈ ডীপ কণ্ডিচনিং কৰাতো দৰকাৰী। ইফালে নিয়মিত চুলি কাটি থাকিলেও চুলি সোনকালে বৃদ্ধি পায় আৰু লাভ কৰিব একোছা সুন্দৰ চুলি। ৰুক্ষ, শুকান, ফটা চুলি দীঘল নকৰাই শ্ৰেয়। এনে চুলি মাজে মাজে কাটি থাকিব। সূৰ্য্যৰ ৰশ্মি তথা প্ৰদূষিত বায়ুৰ পৰা চুলিকোছাক সদায় সুৰক্ষা দিব। ৰং কৰা সুন্দৰ চুলিত নিয়মিত তেল ব্যৱহাৰৰ লগত পৰিষ্কাৰকৈ সদায় ধুব। যদিহে আপোনাৰ ৰং কৰা চুলিকোছা ক্ষতি হয়, তেন্তে অভিজ্ঞ বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব আৰু ঘৰুৱা উপায়েৰে চুলিৰ যতন ল’ব।
লিখক: জাৱেদ হাবিব, সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 12/31/2018
“ৰং” বিজ্ঞান-২
“ৰং” বিজ্ঞান (প্ৰথম খণ্ড)
অসমৰ খেল-ধেমালি
“ৰং” বিজ্ঞান-৩