অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টোপনি আৰু স্বাস্থ্য

টোপনি আৰু স্বাস্থ্য

প্ৰকৃতিৰ সৈতে মানুহৰ সম্বন্ধ নিবিড়। মানুহৰ কল্যানৰ বাবে প্ৰকৃতিয়ে হিয়া উজাৰি সকলো দিছে। আমি সুযোগ বুজি গ্ৰহণহে কৰিব লাগে। স্বাস্থ্যৰক্ষাৰ আটাইতকৈ উত্তম উপায়টো হৈছে সোনকালে উঠি প্ৰাকৃতিক নিয়মৰ সৈতে সমন্বয় ৰক্ষা কৰি চলাটো। কিন্তু মানুহে আজিকালি প্ৰকৃতিৰ পৰা বহু দূৰত অৱস্থান কৰিছে। চহৰৰ বেছিভাগ লোকেই নিশা বহুপৰলৈ ব্যস্ত থাকি পুৱা ৮-৯ বজালৈ শুই থকাটো অভ্যাসত পৰিণত হৈছে। ফলস্বৰুপে প্ৰকৃতিৰ অনবদ্য, মোহনীয় ৰূপ, নিৰ্মল বায়ু সেৱন আদিৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

মহাপুৰুষসকলেও স্বাস্থ্য ৰক্ষাৰ উত্তম উপায় হিচাপে পুৱা সোনকালে উঠাৰ বিধান দি গৈছে। পুৱাৰ এই সময়ৰ নাম ব্ৰাহ্মমুহুৰ্ত। ৰাতিৰ অন্তিম প্ৰহৰ অৰ্থাৎ সূৰ্য উদয় হোৱাৰ ডেৰ ঘন্টাৰ আগৰ সময়ছোৱাক ব্ৰাহ্মমুহুৰ্ত বুলি কোৱা হয়। ব্ৰাহ্মমুহুৰ্তত শুই উঠি কিছু সময় খোজ কাঢ়িলে শৰীৰ আৰু মন সুস্থ থাকে। দিনটোৰ ব্যস্ততাৰ জোখাৰে শৰীৰ সতেজ হৈ থাকে। তদুপৰি ওজন বৃদ্ধি, ডায়েবেটিছ, বায়ুৰোগ, হতাশগ্ৰস্ততা, ছালৰ ৰোগ আদি বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰি। যিসকলে লোকে নিশা পলমকৈ শুই পুৱা পলমকৈ উঠে সেইসকলৰ পাচনক্ৰিয়া সঠিক নহয়, বায়ুৰোগ বৃদ্ধি পায়, শকত হয়, মন আৰু স্বাস্থ্য দুৰ্বল হয়। পুৱা সোনকালে উঠি এইবোৰ ৰোগৰ পৰা হাত সাৰিব পাৰি।

সোনকালে উঠাৰ অৰ্থ এইটো নহয় যে আপুনি টোপনি ক্ষতি কৰিব। পুৱা সোনকালে শুই উঠাটো যেনেদৰে দৰকাৰ তেনেদৰে টোপনিও দৰকাৰ। অতিৰিক্ত টোপনি, কম টোপনি, অসময়ত টোপনি আদি স্বাস্থ্যৰ বাবে হানিকাৰক। বিশেষজ্ঞৰ মতে, এজন সাধাৰণ মানুহে দিনে ৮ ঘন্টাকৈ শুব লাগে। অৱশ্যে শিশু, ৰুগীয়া আৰু বৃদ্ধ লোকৰ বাবে এই পৰিমাণ বেলেগ হয়। টোপনি নহা সমস্যাৰ বাবে বহু লোকৰ নানা আহুকাল হয়।

টোপনিৰ সমস্যাত ভুগিলে কেতবোৰ নিয়ম মানি চলিব লাগে। শোৱা কোঠা আৰু বিচনা পৰিপাটি হ’ব লাগে। শোৱা কোঠা আন্ধাৰ কৰি ল’ব লাগে। শোৱাৰ আগত চিগাৰেট, কফি খাব নালাগে। সদায় নিৰ্দিষ্ট সময়ত শোৱা আৰু উঠাৰ অভ্যাস কৰক। শোৱাৰ কমেও এঘন্টাৰ আগত আহাৰ খাওক। শোৱাৰ আগত স্নান কৰিব পাৰিলে ভাল। খুব কম ভলিউমত গান শুনক, সোনকালে টোপনি আহিব। শোৱাৰ আগেয়ে কোনো ধৰণৰ দু:চিন্তা মনলৈ নানিব। পুৱা-গধূলি মুকলি ঠাইত কিছু সময় খোজ কাঢ়ক। নিশা পাতলীয়া আহাৰ গ্ৰহণ কৰক।

লিখক: ৰাম হাজৰিকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate