অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নখ

নখ

দেখাত সাধাৰণ যেন লাগিলেও আমাৰ শৰীৰত হাতৰ কিম্বা ভৰিৰ আঙুলিৰ নখবোৰৰ গুৰুত্ব অসীম। আঙুলিবোৰক সুৰক্ষা প্ৰদান কৰাৰ উপৰি শৰীৰৰ কোনো ঠাইত খজুওৱাৰ পৰা আঙুলিৰে বস্তু বাহানি ধৰা চিলোৱা, আঁচোৰা আদি বিভিন্ন কৰ্মত নখবোৰৰ ভূমিকা স্বীকাৰ কৰিবই লাগিব। নখৰ গঠন হয় কেলচিয়াম আৰু কেৰেটিন নামৰ প্ৰ’টিনৰদ্বাৰা। শৰীৰত পুষ্টিৰ অভাৱ ঘটিলে অথবা কোনো ৰোগৰ দ্বাৰা শৰীৰ আক্ৰান্ত হ’লে কেৰেটিনৰ স্তৰসমূহ প্ৰভাৱিত হয় আৰু ফলস্বৰূপে নখৰ ৰং আৰু আকৃতিৰ পৰিৱৰ্তন ঘটিবলৈ ধৰে। সেয়ে নখৰ এই পৰিৱৰ্তিত ঘটিবলৈ ধৰে। সেয়ে নখৰ এই পৰিৱৰ্তিত ৰং আৰু আকাৰৰ পৰা শৰীৰৰ অন্তৰ্ভাগত হ’ব পৰা বিভিন্ন ৰোগৰ উপস্থিতিৰ ইংগিত পাব পৰা যায়। সচৰাচৰ পাতল গুলপীয়া ৰঙৰ নখে শাৰীৰিক সুস্থতাৰ নিৰ্দেশনা দিয়ে যদিও নখৰ ৰং যেতিয়া পাতল হালধীয়া বৰণৰ হ’বলৈ ধৰে আৰু দুৰ্বল হয় তেতিয়া ই শৰীৰত এনিমিয়া, হৃদৰোগ অথবা যকৃত সম্বন্ধীয় কোনো ৰোগৰ উপস্থিতিৰ সম্ভেদ দিয়ে। থাইৰয়ড, ডায়েবেটিছৰ ফলতো এনে হ’ব পাৰে। তেনেদৰে হৃদযন্ত্ৰ, অন্ত্ৰ অথবা যকৃতজনিত কোনো ৰোগৰদ্বাৰা শৰীৰ আক্ৰান্ত হ’লে নখৰ ৰং সম্পূৰ্ণৰূপে বগা ৰঙৰ হৈ পৰে। শীতকালত অতিমাত্ৰা ঠাণ্ডাৰ বাবে আঙুলিৰ ৰক্ত বাহিকা নলীবোৰ কোঁচ খাই যোৱাৰ ফলত সেইবোৰলৈ অক্সিজেনৰ প্ৰৱাহ ভালদৰে নহয়। এনে অৱস্থাত নখবোৰ নীলা বৰণৰ হৈ পৰে। নিমোনিয়া অথবা হাওঁফাওঁৰ সংক্ৰমণৰ বাবেও নখৰ ৰং নীলা হ’ব পাৰে। সেইদৰে চিৰোচিচ বা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমিলে বা চুলি সৰিলেও নখবোৰ মোটা, খহতা বা শুকান হৈ পৰিব পাৰে। শৰীৰত ভিটামিন চি, ফলিক এচিড অথবা প্ৰ’টিনৰ অভাৱ ঘটিলে নখবোৰ ফাটি যাব পাৰে। নখৰ আশে-পাশে থকা ছালৰ পৰাও শৰীৰৰ সুস্থতাৰ বিষয়ে জানিব পৰা যায়। আইৰণ, ভিটামিন বি১২ ৰ অভাৱত নখবোৰ ফটাৰ লগতে ইয়াৰ কাষৰীয়া ছালবোৰ এৰাই যাব ধৰে। নখৰ পৰিৱৰ্তিত ৰঙে অৱশ্যে সকলো ব্যক্তিৰ যে একে ধৰণৰ বেমাৰৰ ইংগিত দিব সেইটো নহয়। তথাপি নখৰ এনেবোৰ সমস্যাই দেখা দিলে সাধাৰণভাৱে ন’লৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয়। কেলচিয়াম আৰু জিংক সমৃদ্ধ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ গাখীৰৰ পৰা তৈয়াৰী খাদ্য গ্ৰহণত গুৰুত্ব দিব লাগে। তেনেদৰে ভিটামিন চি সমৃদ্ধ খাদ্যই নখৰ কাষৰীয়া ছালসমূহ ছিগি যোৱা, ফাটি যোৱাত বাধা দিব পাৰে। সেয়ে খাদ্য তালিকাত নেমু, কমলা আদি টেঙাজাতীয় ফল অন্তৰ্ভুক্ত কৰা দৰকাৰ।

লেখিকা: জ্যোৎস্না গোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate