অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনভোজ আৰু স্বাস্থ্য সম্পৰ্কীয় খুঁটি-নাটি

বনভোজ আৰু স্বাস্থ্য সম্পৰ্কীয় খুঁটি-নাটি

এতিয়া বনভোজৰ সময়। যন্ত্ৰিকতা সৰ্বস্ব তথাকথিত সভ্যতাৰ অগ্ৰগতিৰ লগে লগে এনেকুৱা বনভোজৰ প্ৰাসংগিকতাও হয়তো বাঢ়ি গৈ আছে। বনভোজে অনা মানসিক প্ৰশান্তিয়ে মানসিক স্বাস্থ্যৰ উপৰি শাৰীৰিক স্বাস্থ্যৰ ওপৰতো যথেষ্ট সু-প্ৰভাৱ পেলায়।

মানসিক প্ৰশান্তি আৰু সুস্বাস্থ্যৰ বাবে খোৱা বনভোজ পিছে সময়ত অশান্তি আৰু অস্বাস্থ্যৰ কাৰণেহে হ’ব পাৰে- যদিহে শুদ্ধভাবে ইয়াক পৰিকল্পনা আৰু উপভোগ কৰা নহয়। স্বাস্থ্যৰ ওপৰত বনভোজৰ ঋণাত্মক প্ৰভাৱ দুই প্ৰকাৰে হ’ব পাৰে- দুৰ্ঘটনা জনিত আৰু খাদ্য জনিত। সম্ভাব্য দুৰ্ঘটনাৰ পৰা আঁতৰি থাকিবলৈ বনভোজৰ অৰিকল্পনা কৰাৰ সময়তে কেইটা মান দিশৰ প্ৰতি আগতীয়া মনোযোগ দিয়া প্ৰয়োজন। বনভোজ জড়িত দুৰ্ঘটনা সমূহৰ সৰহ ভাগৰে কাৰণ মদ্যপান। গতিকে বনভোজত সুৰা বা অইন যিকোনো মাদক দ্ৰব্যৰ পৰা আঁতৰি থকা নিতান্তই অপৰিহাৰ্য। ধুমপানো নিষেধ হোৱা উচিত, বিশেষকৈ যাত্ৰাৰ সময়ত এনে ধূমপানে ধূমপানত পূৰ্বৰে পৰা অভ্যষ্ট নোহোৱা সকলৰ উপৰি শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগি থকা সকলৰ বাবে যথেষ্ট আহুকালৰ সৃষ্টি কৰে। পিক্‌নিকলৈ গৈ নৈ বা জলাশয়ত নামি গা ধোৱা বা সাঁতোৰা আদি নকৰাই মংগল। অচিনাকি এনেবোৰ জলাশয় বা নদীৰ গভীৰতা বা সোঁত সম্পৰ্কে বনভোজ যাত্ৰী সকল যিহেতু জ্ঞাত নহয়, যিকোনো সম্ভাৱ্য দুৰ্ঘটনাই পলকতে গুৰুতৰ ৰুপ ল’ব পাৰে। বননি বা বালিচৰত খোজ কাঢ়োতে পৰাপক্ষত সুদা ভৰিৰে খোজ নকঢ়াই ভাল। বনভোজ দলৰ শিশু আৰু বয়োজ্যেষ্ঠ সদস্য সকলৰ ক্ষেত্ৰত অন্যসকলে সদা সতৰ্ক দৃষ্টি ৰাখিব লাগে।

প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ উপৰি এসাঁজ লগে ভাগে আনন্দেৰে খোৱা বনভোজৰ অবিচ্ছেদ্য অংগ। উপযুক্ত সাৱধানতা গ্ৰহণ নকৰিলে পিছে এই আনন্দৰ এসাঁজে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি নিৰানন্দৰ জন্ম দিয়াৰহে সম্ভাৱনা। যিকোনো খাদ্য জনিত অসুস্থতা বছৰটোৰ মে’ মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈ হোৱাৰ আশংকা সৰ্বাধিক। এই খিনি সময়ত বালি ভাত খালে সেয়ে খাদ্য জনিত সতৰ্কতা সৰ্বাধিক হোৱা বাঞ্ছনীয়। শীতকালিৰ বনভোজৰ খাদ্য জনিত অসুস্থতা ৰোধ কৰাৰ বাবে কেইটা মান সাৱধানতা লোৱা অৱশ্যেই দৰকাৰী। প্ৰথমতে পৰিষ্কাৰ খোৱাপানী দলৰ সদস্য সংখ্যানুযায়ী উপযুক্ত পৰিমাণত লগত নিবলৈ পাহৰিব নালাগে। এটা ডাঙৰ পাত্ৰত গোটেইখিনি খোৱাপানী একেলগে নিয়াতকৈ কেইবাটাও সৰু সাৰু পাত্ৰত ভাগ ভাগকৈ নিব লাগে। বনভোজ থলীত উপস্থিত হৈ আটায়ে পোনতে লগত নিয়া পানীৰে হাত-মুখ চাবোনেৰে পৰিষ্কাৰকৈ ধুব লাগে, তাৰ পিছতহে খোৱা-বোৱা বা অন্য কামত ধৰিব লাগে। আগেয়ে অভ্যষ্ট নোহোৱা কোনো খাদ্যই বনভোজ থলীত পোন প্ৰথম বাৰৰ বাবে গ্ৰহণ কৰিব নালাগে। খাদ্য প্ৰস্ত্ততৰ দায়িত্বত থকা সকলে পৰিচ্ছন্নতাৰ দিশত অধিক মনোযোগী হ’ব লাগে। একে সময়তে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্ত্তত কৰোতে ইবিধ খাদ্যৰ পৰা সিবিধ খাদ্যলৈ যাতে বীজাণু বিয়পিব নোৱাৰে তাৰ বাবে ঘনাই হাত ধুই থাকিব লাগে, প্ৰতি বাৰতে অন্ততঃ ১৫ ছেকেণ্ড সময়ৰ বাবে। বিশেষকৈ কেঁচা মাছ বা মাংসৰ ক্ষেত্ৰত এনে সাৱধানতা গ্ৰহণ কৰিলে খাদ্য জনিত অসুস্থতাৰ আশংকাৰ বহুলাংশে কমিব। খোৱাৰ বাবে তৈয়াৰী খাদ্য কেঁচা মাছ বা মাংসৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিব দিব নালাগে। বনভোজত কেতিয়াবা নিসিজা খাদ্য গ্ৰহণ কৰিব লগা হোৱাৰ অভিজ্ঞতা আমাৰ বহুতৰে আছে। ভালদৰে নিসিজা খাদ্যই স্বাভাৱিকতে পিছলৈ অসুবিধা কৰিব, গতিকে খাদ্যবস্ত্ত যাতে ভালদৰে সিজে- সেয়া মন কৰিব লাগে। ৰন্ধা আহাৰ বা চালাদ আদিৰ প্ৰস্ত্ততৰ সৰ্বাধিক দুঘণ্টাৰ ভিতৰত পৰিবেক্ষণ কৰা সমাপন হ’ব লাগে।

বনভোজলৈ যাওঁতে লগত প্ৰাথমিক চিকিৎসাৰ কিছু দৰব আৰু সামগ্ৰী নিয়াটো নিতান্তই প্ৰয়োজনীয় কথা। চিকিৎসাৰ সামগ্ৰীৰ ভিতৰত পৰিষ্কাৰ কপাহ, বেণ্ডেজৰ কাপোৰ, আঠাযুক্ত ফিটা (Adhesive Tape) আদি আৰু ঔষধৰ ভিতৰত আয়োডিন মলম বা জুলীয়া আয়োডিনৰ বটল, এণ্টিচেপ্তিক ক্ৰীম, বিষৰ দৰৱ (আইবুপ্ৰ’ফেন, এছিক্লোফেনাক আদি), অ’ আৰ অছ পাউদাৰ বা জুলীয়া অ’ আৰ এছ, বমিৰ ঔষধ, এলাৰ্জীৰ ঔষধ আদি ল’ব লাগে। বনভোজৰ ঠাই বোৰ প্ৰায়েই চিকিৎসা সেৱাৰ ব্যৱস্থাৰ পৰা দূৰৈত অৱস্থিত। সেয়ে আকস্মিক প্ৰয়োজনৰ বাবে নিকটৱৰ্তী স্বাস্থ্য আৰু চিকিৎসা সেৱা সুবিধা সমূহৰ বিষয়ে বনভোজৰ পৰিকল্পনাৰ সময়তে আগতীয়াকৈ ভালদৰে জ্ঞাত হৈ ল’ব লাগে।

লেখক: ডাঃ ৰমেন কুমাৰ কাকতি

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate