অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শক্তি আৰু দূৰ্বলতাৰ আলেখলেখ

বহুতেই হয়তো জ্ঞাত নহয় যে ৪০ ৰ দশকতে জিকা ভাইৰাছ আৱিস্কাৰ হৈছিল। কিন্তু ইয়াৰ প্ৰভাৱ বা ক্ষতি বেছি নোহোৱা বাবে ই হৈ পৰিছিল অপৰিচিত। ২০১৫ চনত ব্ৰাজিলৰ প্ৰায় ১০ লাখ লোকক ই আক্ৰান্ত কৰাৰ পিছত মহৰ দ্বাৰা বিয়পা এই ভাইৰাছ সন্দৰ্ভত আমাৰ দৃষ্টিভ্ংগী সলনি হয়। বিজ্ঞানীসকলৰ মতে, জিকা ভবাতকৈ বহু বেছি ভয়ংকৰ হ’ব পাৰে। এনে আশংকাৰ বাবেই ১ ফেব্ৰুৱাৰীত বিশ্ব স্বাস্থ্য স্ংস্থাই ৰাজহুৱা স্বাস্থ্যকালীন জৰুৰী অৱস্থা ঘোষণা কৰিছিল। ইয়াৰ সমান্তৰাল ভাৱে জিকাই সমগ্ৰ পশ্চিম গোলাৰ্দ্ধত ইয়াৰ আক্ৰমণ অব্যাহত ৰাখে। মানুহৰ সৈতে বাস কৰা এবিধ মহে ইয়াক পৰিবহন কৰে আৰু সম্প্ৰতি ২০ খনতকৈও অধিক দেশে ইয়াৰ প্ৰকোপৰ সন্মুখীন হৈছে। এই বছৰতে এই ভাইৰাছে দুই আমেৰিকা মহাদেশৰ প্ৰতি চুকে কোণে আক্ৰমণ কৰাৰ সম্ভাৱনা আছে(উক্তমহ নথকা কানাডা আৰু চিলিক বাদ দি)। এতিয়া এই জিকাক লৈ সচৰাচৰ উত্থাপিত কেতবোৰ প্ৰশ্নৰ উত্তৰ দিব খোজা হৈছে।

জিকা নতুন ভাইৰাছ নেকি?

নহয়। ১৯৪৭ চনত ইউগাণ্ডাৰ জিকা অৰণ্যত বান্দৰৰ দেহত ই আৱিস্কৃত হৈছিল। ইয়াৰ পিছৰ কেইবা দশক ধৰি মানুহক আক্ৰান্ত কৰা নাছিল। ২০০৭ চনৰ পূৰ্বে মাত্ৰ ১৪ টা জিকা আক্ৰান্তৰ ঘটনা লিপিবদ্ধ হৈছিল। কিন্তু মাইক্ৰ’নেছিয়াৰ য়াপ দ্বীপত ৪৯ টা নিশ্চিত আক্ৰান্তৰ ঘটনাই জিকাৰ মানৱ বিধ্বংসী চৰিত্ৰ প্ৰকট কৰি তোলে। ইয়াৰ পিছত ২০১৩-১৪ চনত ফ্ৰান্স পলিনেছিয়া দ্বীপত ৩৮৮ জন লোক এই ৰোগত আক্ৰান্ত হয়। ২০১৫ চনৰ মে’ত ব্ৰাজিলত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে। সম্ভৱত: ২০১৪ চনৰ বিশ্বকাপ ফুটবলৰ সময়ত কোনো পৰ্যটকে এই ভাইৰাছ কঢ়িয়াই আনিছিল। এবছৰৰ ভিতৰত ১০ লাখ লোক এই ৰোগত আক্ৰান্ত্ৰ হয়।

জিকাত আক্ৰান্ত হ’লে কি কি লক্ষণে দেখা দিয়ে?

জিকাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হ’ল ই বেছি ভাগ ক্ষেত্ৰতে ইয়াৰ কোনো লক্ষণ দেখা নাযায়। বেছি ভাগেই গম নাপায়। ফলত চিকিৎসকৰ ওচৰলৈ নাযায়। তেওঁলোকক যদি মহে কামোৰে আৰু সেই মহে আনক কামোৰে তেন্তে এই ৰোগ বিয়পি যায়। অৱশ্যে ২০ শতাংশ ৰোগীৰ ক্ষেত্ৰত কিছু লক্ষণ দেখা যায়। যেনে: সামান্য জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, চকু ৰঙা পৰা, ছালৰ ৰোগ আদি হয়। একেবাৰে কম স্ংখ্যকৰ পেটৰ বিষ, বমি আৰু ডায়েৰিয়া হয়। এবাৰ মহে কমোৰাৰ দুইৰ পৰা বাৰ দিনৰ ভিতৰত এই লক্ষণসমূহে দেখা দিয়ে আৰু এসপ্তাহৰ ভিতৰতে গুচি যায়। চিকিৎসালয়ত ভৰ্তীৰ প্ৰয়োজন নহয়। কিন্তু এয়াই শেষ নহয়। কিছু ক্ষেত্ৰত জিকাৰ দ্বাৰা ভয়ানক ক্ষতি হ’ব পাৰে। ব্ৰাজিলত জিকাত আক্ৰান্ত একাংশ লোকৰ ‘গুইলান বেয়াৰ’ নামৰ এটা অতি দুৰ্লভ আৰু ভয়ানক স্নায়ুজনিত সমস্যা হৈছিল। মানুহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাই স্নায়ু কোষৰ ক্ষতি কৰি মাংসপেশী দুৰ্বল কৰাৰ লগতে পক্ষাঘাতত আক্ৰান্ত কৰিব পাৰে-এই সমস্যাৰ দ্বাৰা। লগতে জিকাৰ দ্বাৰা মাইক্ৰ’চেফালী নামৰ এবিধ ভয়ংকৰ জন্মগত বিজুতি ঘটিব পৰে। জন্ম লভা শিশুৰ বিকৃত মূৰ আৰু অৰ্দ্ধ বিকশিত মস্তিস্ক এই বিজুতিৰ উদাহৰণ। ব্ৰাজিলত জিকাৰ আগ্ৰাসনৰ পৰা এই পৰ্যন্ত ৪০০০তকৈ অধিক মাইক্ৰ’চেফালীৰ ঘটনা পোহৰলৈ আহিছে। জিকা ভইৰাছ গৰ্ভৱতী মহিলাৰ এন্মনিঅ’টিক ফ্লুইডত পোৱা গৈছে। আনকী জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত মৃত্যু হোৱা শিশুৰ মগজুতো এই ভাইৰাছ পোৱা গৈছে। অৱশ্যে এই আটাইবোৰ ঘটনাই জিকাৰ বাবে হোৱা যে নাই সেয়াও নিশ্চিত। ৪১৮০ টা পোহৰলৈ অহা ঘটনাৰ ২৭০ টাহে নিশ্চিত বিজুতি বুলি প্ৰমাণ হৈছে। ইয়াৰে ছটাহে জিকাৰ দ্বাৰা হোৱা বুলি দাবী কৰা হৈছে।

গৰ্ভৱতী মহিলাই জিকা প্ৰতিৰোধৰ বাবে কি কৰিব পাৰে?

দক্ষিণ আমেৰিকাত সম্প্ৰতী মহিলাসকলৰ গৰ্ভধাৰণ নকৰিবলৈ সকীয়াই দিয়া হৈছে। কিন্তু জন্ম নিয়ন্ত্ৰণ বা পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থা নথকা অনগ্ৰসৰ দেশসমূহত এয়া সম্ভৱ নহয়। জিকাত আক্ৰান্ত দেশৰ পৰা আঁতৰি থাকিবলৈও মহিলাসকলক কোৱা হৈছে। ভ্ৰমণৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু ভ্ৰমণত মহৰ কামোৰৰ পৰা ৰক্ষাৰ ব্যৱস্থা কৰাৰ দিহা দিয়া হৈছে। অৱশ্যে ভৱিষ্যতেও গৰ্ভধাৰণ কৰিব খোজা সকলৰ বাবে বিশেষ সমস্য নাই। কিয়নো জিকাই ভৱিষ্যতৰ গৰ্ভধাৰণত প্ৰভাৱ পেলাব নোৱাৰে। জিকা ভাইৰাছ মানুহৰ দেহত স্ংক্ৰমণৰ প্ৰায় এসপ্তাহলৈহে থাকে।

জিকা কিদৰে বিয়পে

জিকা এডিছ প্ৰজাতিৰ মহে কঢ়িয়ায়। অৱশ্যে এছিয়ান টাইগাৰ নামৰ মহবিধেও এই ভাইৰাছ কঢ়িয়াব পাৰে বুলি কিছু প্ৰমাণ আছে। এডিছ মহবোৰে মানুহৰ ঘৰৰ ওচৰৰ পানীডোঙা আৰু চেঁচুকীয়া অঞ্চলত সহজে বংশবৃদ্ধি কৰে। অৱশ্যে কেৱল মহেই নহয়, জিকা যৌন সম্পৰ্কৰেও বিয়পিব পাৰে।

ইয়াৰ প্ৰতিষেধক আছে নেকি?

এতিয়ালৈ নাই। জিকাই এই পৰ্যন্ত মানুহক বিশেষ ক্ষতি কৰিব পৰা নাছিল যদিও এতিয়া ইয়াৰ ভয়ংকৰ ৰুপ দেখাৰ পিছত জিকাক লৈ গৱেষণা বৃদ্ধি পাইছে।

ইয়াক কিদৰে ৰোধ কৰিব পাৰি?

যিহেতু জিকা মহে কঢ়িয়ায় আৰু ইয়াৰ কোনো প্ৰতিষেধক নাই, ইয়াক প্ৰতিৰোধৰ শ্ৰেষ্ঠ উপায় হৈছে ইয়াক বহন কৰা মহ নিৰ্মূল কৰা। ইয়াৰ বাবে বিভিন্ন মহৰোধী গেছ বা দৰৱ প্ৰয়োগৰ লগতে ঘৰ আৰু সমীপৰ অঞ্চলসমূহ পৰিস্কাৰ কৰি ৰখা, পানী জমা হৈ থাকিবলৈ নিদিয়া আদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

দক্ষিণ আমেৰিকাত ইমান দ্ৰুত গতিত জিকা বিয়পিল কিয়?

জিকা মানুহৰ প্ৰতি এই পৰ্যন্ত ভাবুকি নাছিল বাবে দেশসমূহ প্ৰস্তুত নাছিল। ২০১৪ চনত চিলিৰ ওচৰৰ ইষ্টাৰ দ্বীপত প্ৰথমবাৰৰ বাবে জিকা ধৰা পৰে আৰু ই পশ্চিম গোলাৰ্দ্ধত প্ৰথম স্ংক্ৰমণৰ ঘটনা আছিল। এডিছ মহ সমগ্ৰ লেটিন আমেৰিকাত থাকে। কিন্তু ইয়াক প্ৰতিৰোধৰ বাবে দৰিদ্ৰ দেশসমূহত পৰ্যাপ্ত ব্যৱস্থা নাই।

দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 7/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate