অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলিত থকা পুষ্টিকাৰক সংৰক্ষণ কৰাৰ কিটিপ

শাক-পাচলিত থকা পুষ্টিকাৰক সংৰক্ষণ কৰাৰ কিটিপ

শাক-পাচলিত থকা পুষ্টিকাৰক সংৰক্ষণ কৰিবলৈ হ’লে– ৰন্ধাৰ আগৰে পৰা যত্ন লোৱা উচিত৷ যেনে:

  • আলু, পিয়াজ ইত্যাদি পাচলি পাচিত ভৰাই শুকান ও ঠাণ্ডা মজিয়াত থব লাগে ৷
  • অন্যান্য শাক-পাচলি পাচিত ভৰাই থোৱাৰ উপৰিও এখন সেমেকা কাপোৰেৰে ঢাকি ৰাখিলে সতেজ হৈ থাকে৷
  • পাচলি সদায় বাকলি গুচোৱাৰ আগতে ধুই ল’ব লাগে আৰু পাচলিৰ বাকলি পাতলকৈ আঁতৰাব লাগে বা বাকলিৰে সৈতে ৰন্ধাটোও ভাল ৷
  • সেউজীয়া শাক-পাত ধুই লৈহে মিহিকৈ কুটিব লাগে ৷
  • পাচলি খুব সৰু-সৰুকৈ ডোখৰ কৰিব নালাগে আৰু সদায় সমান আকাৰত, ৰন্ধাৰ ঠিক আগমুহুৰ্ত্ততহে ডোখৰ ডোখৰ কৰিব লাগে৷
  • গাজৰ মূলা ইত্যাদি পাচলিৰ পাত বিলাক খোৱা ভাল ৷
  • পাচলি যেনে: গাজৰ, মূলা, তিয়ঁহ, বিলাহী, মটৰ, বন্ধাকবি, পালেং, চালাড পাত, ধনীয়া পাত ইত্যাদি কেচাই খালে বেচি পুষ্টিগুণ পাব পাৰি ৷
  • বজাৰৰ পৰা পৰাপক্ষত অতি বেচি শাক-পাচলি কিনি আনিব নালাগে ৷
  • পৰাপক্ষত ঘৰতে এখনি সৰুকৈ হ’লেও শাক-পাচলিৰ বাৰী ল’লে সহজতে সতেজ শাক-পাচলি খাব পৰা যায় ৷
  • সৰুৰে পৰাই ল’ৰা-ছোৱালীক সেউজীয়া শাক-পাচলি খুওৱাৰ অভ্যাস কৰিব লাগে ৷

ৰান্ধোতে কেনেদৰে পুষ্টিগুণ সংৰক্ষণ কৰিব পাৰি

  • শাক-পাচলি সদায় কম পানীত, কম জুইত ঢাকন দি ৰান্ধিব লাগে৷
  • ৰান্ধোতে কম তেল-মচলা প্ৰয়োগ কৰা ভাল ৷
  • সোনকালে সিজিবৰ বাবে ‘খাৰ’ প্ৰয়োগ কৰা উচিত নহয় ৷
  • ৰান্ধোতে সঘনাই ঢাকন ডাঙি লৰাই থাকিব নালাগে, তাপত খাদ্যৰ সাৰভাগ নষ্ট হয় ৷
  • শাক-পাচলি বেচিকৈ সিজাই খাব নালাগে ৷

ৰন্ধাৰ পিচত

  • শাক-পাচলি ৰন্ধাৰ লগে লগে খাব লাগে৷
  • ৰন্ধা শেষ কৰি ঢাকন আঁতৰাই দিব নালাগে ৷
  • ঠাণ্ডা হ’লে পুনৰ তপতালে খাদ্যৰ পুষ্টিগুণ কমি যায়৷
  • বাকী থকা ৰন্ধা পাচলি (ভাজি) বা ৰন্ধা শাক পাতৰ পানী পেলাই নিদি আটা বা ময়দাৰ লগত মিহলাই ৰুটি কৰি খাব পাৰি৷
  • প্ৰত্যেক দিনা সেউজীয়া শাক-পাত খোৱা উচিত৷
  • জাৰকালি উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ শাক-পাত, জহকালিৰ বাবে সংৰক্ষণ কৰিবলৈ হ’লে শাক-পাতবোৰ ধুই ৰ’দপৰা ঠাইত (পোনপটীয়াকৈ ৰ’দ পৰিবলৈ দিব নালাগে) শুকুৱাই গুৰি কৰি বটলত ভৰাই থ’ব লাগে ৷ জহকালি চাটনিৰ দৰে এনে শাক-পাতৰ গুৰি ভাতৰ লগত পৰিবেশন কৰিব পাৰে ৷
  • আন এবিধ জাৰকালিৰ পাচলি যেনে: ফুলকবি ধুই সৰু সৰুকৈ কাটি সূতাৰে মালা গাথিঁ ৰ’দপৰা ঠাইত ওলোমাই থ’লে- জহকালি আলুৰ লগত চয়াবিনৰ দৰে ৰান্ধি খাব পাৰি ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate