অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালীন স্বাস্থ্য কিটিপ

শীতকালীন স্বাস্থ্য কিটিপ

এই শীতকালত খাদ্য, পৰিশ্ৰম, ইনফ্লুয়েঞ্জা, চৰ্দি আৰু হতাশাবোধ আদিবোৰ মনত ৰাখিব।

শীতকালীন ঠাণ্ডা দিন কেইটাত ঋতুগত প্ৰভাৱিত বিসংগতিবোৰ যেনে, চৰ্দি, পানীলগা আদিবোৰৰ পৰা নিজকে ৰক্ষা কৰি কেনেকৈ স্বাস্থ্যৱান হৈ থাকিব পাৰি আৰু আহাৰৰ লগত স্বাস্থ্যকৰ কেঁচা পাঁচলিৰ আৰু খাদ্যপ্ৰান আৰু খনিজ সমৃদ্ধ চালাড আদি গ্ৰহণ কৰি কেনেদৰে সমগ্ৰ শীতকালটো স্বাস্থ্যৱান হৈ থাকিব পাৰি তাৰে কেইটামান কিটিপ তলত উল্লেখ কৰা হ’ল-

  • যথেষ্ট পৰিমাণৰ সঁতেজ ফল-মূল আৰু পাছলি সন্নিৱিষ্ট স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক। ঠাণ্ডা দিনৰ বাবে ঘৰতে প্ৰস্তুত কৰা পাছলিৰ চুৰুহা অতি ভাল। ই কেৱল ৰোগ প্ৰতিৰোধ বৃদ্ধি কৰা খাদ্যপ্ৰান যোগানেই যে দিয়ে তেনে নহয়-এনে খাদ্যত যথেষ্ট পৰিমাণৰ প্ৰতিজাৰক আৰু কিছুমান কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা উপাদানৰ যোগান ধৰে। দৈনিক খাদ্যপ্ৰান আৰু খনিজ পদাৰ্থৰ পৰিপূৰকো গ্ৰহণ কৰিব পাৰি কিন্তু এইবোৰ সঁতেজ খাদ্যৰ পৰিপূৰক কেতিয়াও হব নোৱাৰে।
  • সদাই মনত ৰাখিব যে ভুল খাদ্য গ্ৰহণ কৰি আপোনাৰ ওজন যাতে বৃদ্ধি নহয়। মধ্যমীয়া জোখৰ সুষম আহাৰ গ্ৰহণেই অতি উত্তম- কিন্তু শীতকালী বেছিকৈ খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।
  • দৈনিক কচৰৎ কৰিব লাগে। উষ্ণতা কেই ডিগ্ৰীমান কমিলে বুলিয়েই বাহিৰত কচৰৎ কৰাটো বন্ধ নকৰিব। গৰম কাপোৰ পিন্ধি হ’লেও নিয়মীয়া কচৰৎ কৰিব লাগে। বা ঘৰৰ ভিতৰত নাছ, বিভিন্ন খেল আদি কৰিব পাৰে। যদি আপুনি সঁচাকৈয়ে বাহিৰলৈ ওলাব নোৱাৰে তেন্তে সঁতেজ বতাহ পাবলৈ ঘৰৰ দুৱাৰ-খিৰিকীসমূহ খুলি দিয়ক।
  • পৰ্য্যাপ্ত সময় বিশ্ৰাম কৰক। অত্যাধিক শ্ৰমে আপোনাৰ প্ৰতিৰোধ ক্ষমতা দূৰ্বল কৰি সংক্ৰমণৰ প্ৰৱনতা বৃদ্ধি কৰিব পাৰে।
  • চিকিৎসাতকৈ প্ৰতিৰোধ উত্তম। গতিকে ফ্লুৰ প্ৰতিৰোধকৰ বাবে আপোনাৰ চিকিৎসকক সোধক। ইনফ্লুয়েঞ্জা এটা ভাইৰাছে কৰা স্বাস্থ্যৰ ক্ষতিকাৰক ৰোগ। এই ৰোগৰ বাবে প্ৰতিবছৰে হাজাৰ হাজাৰ কৰ্ম ঘন্টা নষ্ট হয়। প্ৰতিৰোধক লবলৈ এনেৰোগ হোৱাৰ সময়লৈ অপেক্ষা কৰিব নালাগে। শীতকাল আৰম্ভ হোৱাৰ আগতেই প্ৰতিষেধক বেজী লওঁক। ফ্লুৰ প্ৰতিষেধকে পানীলগা প্ৰতিৰোধ নকৰে। কাৰণ পানীলগা আন ভাইৰাছৰ দ্বাৰা হয়।
  • যদি আপোনাৰ পানীলগা ৰোগ হয় তেন্তে উপসৰ্গৰ সময়কাল হ্ৰাস কৰিবলৈ ঔষধ গ্ৰহণ কৰিব পাৰে। পানীলগা আৰু ফ্লুৰ বাবে হোৱা মূৰৰ বিষ আৰু নাকৰ ওলোৱা পানী কমাবলৈ বহুধৰণৰ ঔষধ দোকানত পোৱা যায়। এনে সময়ত ঘৰৰ আন সকলৰো যাতে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণ নহয় তাৰ বাবে ৰুমাল বা টিছু কাগজৰ সলনি প্ৰত্যক্ষভাৱে থুঁ দানী বা বেচিন ব্যৱহাৰ কৰিব লাগে।
  • পানী লগা আৰু ফ্লুৰ বাবে কোনো ধৰণৰ বিজাণুনাশক বা এন্টিবায়টিক ঔষধ গ্ৰহণ কৰিব নালাগে। এই ৰোগবোৰ ভাইৰাছৰ পৰা হয় আৰু ইয়াক বিজানুনাশকেৰে আৰোগ্য কৰিব নোৱাৰি। বেক্তেৰীয়াৰ দ্বাৰা সংক্ৰমিত ৰোগ চিকিৎসা কৰাৰ বাবেহে বিজাণুনাশক ব্যৱহাৰ কৰা হয়। অপ্ৰয়োজনত এনে বিজাণুনাশক ব্যৱহাৰ কৰিলে বিজাণুবিধে এই ঔষধৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব পাৰে।
  • ঘৰতে বহি থাকিব নালাগে কাৰণ আপুনি কৰ্মক্ষেত্ৰলৈ নগ’লে সামাজিকভাৱে মিলামিছা বজাই ৰাখিব নোৱাৰিব। প্ৰথম কথা হ’ল এইটো কোনো ডাঙৰ ৰোগ নহয় আৰু ঘৰতে সোমাই থাকিলে মানসিকভাৱে হতাশ হৈ পৰাটোহে স্বাভাৱিক।
  • ৰাষ্ট্ৰীয় ঋতুগত ৰোগ সংস্থাৰ মতে এই সময়ৰ ৰোগসমূহে প্ৰতিবছৰে শীতকালত বহুলোকক ৰুগীয়া কৰি তোলে। যদি আপুনি ভাৱে যে আপুনি এনে ৰোগত ভুগিব পাৰে তেন্তে প্ৰতিদিনে কিছুসময়ৰ বাবে দিনৰ পোহৰত বাহিৰলৈ ওলাব লাগে। যদি সম্ভৱ হয় প্ৰতিদিনে কিছুসময়ৰ বাবে শীতকালীন ৰ’দত গাঁ তপতাব লাগে।

টোকা: যিকোনো পৰিপূৰক বা ঔষধ গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই লওঁক যে আপুনি গৰ্ভৱতী অৱস্থাত বা গৰ্ভধাৰণৰ ফালে আগবাঢ়িছে নেকি বা কিবা আন ঔষধ গ্ৰহণ কৰি আছে নেকি। কিয়নো এনে কিছুমান অৱস্থাত এই ঔষধবোৰে দেহৰ ক্ষতিও কৰিব পাৰে।

উৎস: generalmedcine

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate