অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতত ল’ব লগা যতন

শীতত ল’ব লগা যতন

সম্প্ৰতি শীতৰ সময়। বতৰৰ সালসলনিয়ে বাহ্যিক তথা আমাৰ আভ্যন্তৰীণভাৱে সম্পূৰ্ণ কৰিব লাগে। স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে খাদ্যসম্ভাৰ আদিকে ধৰি আমাৰ ছালৰ তথা চুলি আদিৰ সকলোৰে যতন সুকীয়াভাৱে তথা অলপ বেছিকৈ ল’ব লগা হয়। জহকালিৰ দৰে বতাহত সেমেকা ভাৱ নোহোৱা হোৱাৰ লগে লগে প্ৰথমে ছাল আৰু চুলি প্ৰভাৱিত হয়। অৰ্থাৎ শুকান ভাৱ পৰিলক্ষিত হয়। সুকীয়া যতন বুলিলে আমি প্ৰথমেই এই সময়ত-

  • পানী গ্ৰহণৰ পৰিমাণ বঢ়াই আনিব লাগিব। যাতে ছালত আৰু চুলিলৈ শুকান ভাৱ নাহে।
  • শাক-পাচলি, ফলমূল গ্ৰহণ অতি প্রয়োজনীয় হৈ পৰে।
  • ছাল অধিক শুকান হৈ পৰিলে বাদাম তেলেৰে নিয়মিত পোন্ধৰ মিনিটমান সময় মালিচ কৰিব লাগে।
  • এই সময়ছোৱাৰ বাবে এটা উত্তম মাস্ক হ’ল অ’টমিল অলপ বাটিত লৈ গাখীৰত তিয়াই থ’ব। পোন্ধৰ মিনিটমান সময়ৰ পিছত মুখ-ডিঙি তথা হাত আদিত লগাই পোন্ধৰ মিনিটমান সময়ৰ  পিছত ধুই পেলাব পাৰে। ছালখনে পোষকতা লাভ কৰে।
  • তেলেতীয়া ছালৰ অধিকাৰীসকলে শীতৰ সময়ছোৱাত ছাল অধিক পৰিষ্কাৰ কৰি ৰাখিব লাগে। ক্লিনজিং-টোনিং প্রয়োজনীয়।
  • প্ৰকৃতিগতভাৱে কেঁচা গাখীৰেৰে পৰিষ্কাৰ কৰি গোলাপজলেৰে টোনিং কৰিব পাৰে।
  • ওঁঠখনৰ বাবে লিপবাম ব্যৱহাৰ কৰিব পাৰে বা গাখীৰৰ সৰ ব্যৱহাৰ কৰিব পাৰে।
  • শীতত শৰীৰটো আভ্যন্তৰীণভাৱে ঠিকে ৰাখিবলৈ সঠিক সময়ত খাদ্যগ্ৰহণ কৰাটো আৱশ্যকীয়। আনহাতে যিকোনো উপায়েৰে ঠাণ্ডা লগাৰ পৰা সুৰক্ষা প্ৰদান কৰা আৱশ্যকীয়।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate