অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাৱধান হোৱা উচিত পানীৰ বটল

সাৱধান হোৱা উচিত পানীৰ বটল

সাধাৰণতে যিবোৰ উৎপাদিত সামগ্ৰী পচন ঘটা বা তাৰ গুনাগুন দীৰ্ঘ সময়ৰ অন্তত নষ্ট হোৱাৰ সম্ভৱানা থাকে,সেইবোৰ সামগ্ৰীৰ পেকেটত ম্যাদ উকলাৰ তাৰিখ বা কোনো নিদিষ্ট দিনৰ ভিতৰত ব্যৱহাৰ কৰা উত্তম-সেই কথা লিখা থাকে। কিন্ত পানী ইয়াৰ বিপৰীত।পানী এনে এক বস্ত তাৰ পচন নঘটে বা নষ্টো নহয়।এতিয়া আপোনাৰ মনত প্ৰশ্ন জাগিব পাৰে-তেনেহলে পানীৰ বটলত কিয় লিখা থাকে এনে সৰ্তকবানী? হয় আমি বজাৰত ক্ৰয় কৰা মিনাৰেল ৱাটাৰ বা পেকেজ ড্ৰিংকিং ৱাটাৰৰ বটল পেকেজিঙনৰ পৰা ছমাহৰ ভিতৰত ব্যৱহাৰ কৰা উত্তম।ইয়াৰ কাৰন কি? আচলতে ইয়াৰ কাৰন আমি খোৱা পানী নহয়। যি প্লাষ্টিকৰ পৰাই এক নিদিষ্ট সময়ৰ মূৰকত পানীত নানা ধৰনৰ প্ৰ্তিক্ৰিয়া হব পাৰে। যি আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। বটলত থকা পানীত একেৰাহে সুৰ্যৰ ৰশ্মি পৰিলে প্লাষ্টিকৰপৰা ৰাসায়নিক উপাদান পানীত মিহলি হোৱাৰ সম্ভৱনা থাকে। বিছফেনল-এ (Bisphenol –A) বা বি পি এৰঅ দৰে এই ৰাসায়নিক উপাদানসমূহ আমাৰ শৰীৰৰ ভিতৰলৈ গলে স্তন কেন্সাৰ,পুৰুষৰ প্ৰজনন ক্ষমতা কমি যোৱা, হৃদৰোগৰ আশ্ংকা বৃদ্ধি পোৱাৰ লগতে মস্তিকৰো ক্ষতি হব পাৰে বুলি চিকিৎসা বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।অকল সেয়ে নহয় প্লাষ্টিকৰপৰা পানীত গন্ধ বেক্টেৰীয়া মিহলি হোৱাৰ সম্ভৱনা থাকে।সেয়ে লগত পানীৰ বটল থাকিলে সেইবোৰ ৰদ বতাহৰ পৰা আতঁৰাই ঠাণ্ডা ঠাইত ৰখাৰ ব্যৱস্থা কৰা উচিত। তদুপৰি এনে বটলসমূহত পৰৱৰ্তী সময়ত পানীৰ বটল হিচাপে ব্যৱহাৰ কৰা ক্ষেত্ৰতো সাৱধনতা অৱলম্বন কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে বিশেষজ্ঞসকলে। তেওঁলোকে এনে বটলসমূহ ১৫-২০ দিনৰ বেছি ব্যৱহাৰ নকৰিবলৈ উপদেশ দিছে। কিয়নো এনে বটলৰ পৰাও বি পি এৰ দৰে ৰাসায়নিক উপাদানসমূহ আমাৰ শৰীৰলৈ আহিব পাৰে। সেয়ে বজাৰত পানীৰ বটল ক্ৰয় কৰা আৰু ইয়াৰ ব্যৱহাৰৰ সময়ত আমি সাৱধান হোৱা উচিত। সেয়ে পানীৰ পচন নঘটিলেও বা ইয়াৰ গুনাগুন নষ্ট নহলেও প্লাষ্টিকৰপৰা হ'ব পৰা বিক্ৰিয়াৰ পৰা আমাৰ ৰক্ষা কৰাৰ বাবেই বজাৰত পোৱা ইয়াৰ বটলসমূহত ম্যাদ সম্পৰ্কীয় সতৰ্কবানী উল্লেখ থাকে। সেয়ে আমিও এই সম্পৰ্কে সাৱধান হোৱা উচিত।

লিখক: আব্দুৰ ৰছিদ চৌধৰী।

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate