অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাত তেজৰ ভূমিকা

স্বাস্থ্য ৰক্ষাত তেজৰ ভূমিকা

প্ৰাণী বা মানুহৰ শৰীৰত শৰীৰ কাৰ্য চলি থকা হেতুকে প্ৰাণী বা মানুহ জীয়াই থকাটো সম্ভৱ হৈ উঠে।যি মুহুৰ্তত শৰীৰ কাৰ্য বন্ধ হৈ যায় সেই মূহুৰ্ততে প্ৰাণী বা মানুহৰ জীৱনো স্তব্ধ হৈ পৰে। পোনপটীয়া ভাৱে ক’বলৈ হ’লে,শৰীৰ কাৰ্যইহে প্ৰাণী বা মানুহক জীৱিত অৱস্থাত ৰাখে।অৰ্থাৎ প্ৰাণী বা মানুহৰ জীৱিত অৱস্থাৰ ৰহস্যই হৈছে ---শৰীৰ কাৰ্য।শৰীৰ কাৰ্য সমূহ সঠিক ভাৱে চলিলেহে আমাৰ সু-স্বাস্থ্য ৰক্ষা হোৱাৰ বিপৰীতে,অৰ্থাৎ শৰীৰ কাৰ্যৰ বিসংগতিয়ে নানা ৰোগ ব্যাধিৰ সৃষ্টি কৰে। আনহাতে,শৰীৰ কাৰ্য সঠিক ভাৱে চলিবলৈ হ’লে, আমাৰ শৰীৰটো যিবোৰ উপাদানেৰে গঠিত, সেই উপাদানবোৰ আমি গ্ৰহণ কৰা খাদ্যত সঠিক মাত্ৰাত থকাটো দৰকাৰ।আমাৰ শৰীৰ কাৰ্যত মুখ্য ভুমিকা পালন কৰা অংশটোৱেই হ’ল তেজ বা ৰক্ত। আমি শ্বসন প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰা অক্সিজেন ৰক্ত প্ৰৱাহৰ জৰিয়তে শৰীৰৰ সকলো কলা-কোষলৈ যায় আৰু কলা-কোষত চলা শৰীৰ কাৰ্যসমূহ সঠিকভাৱে চলে।আমি গ্ৰহণ কৰা খাদ্যৰ পুষ্টি দ্ৰব্য ভাগ প্ৰথমে তেজৰ লগত মিহলি হৈ পৰে আৰু বিপাকীয় কাৰ্যৰ দ্বাৰা শৰীৰে গ্ৰহণ কৰি লয়। বিভিন্ন হ’ৰম’ন গ্ৰন্থিয়ে নি:সৰণ কৰা হ’ৰম’ন তেজৰ লগত মিহলি হোৱাৰ ফলতে শৰীৰৰ বিভিন্ন অংগত ক্ৰিয়া কৰে।শৰীৰৰ বিভিন্ন বিপাকীয় কাৰ্যৰ ফলত উৎপন্ন হোৱা বৰ্জনীয় দ্ৰব্যসমূহ ৰেচন কাৰ্যৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়া কাৰ্যত তেজৰ ভূমিকা অপৰিসীম।মন কৰিবলগা কথা যে, তেজৰ গঠন স্বাভাৱিক অৱস্থাত থাকিলেহে ই শৰীৰ কাৰ্যত সঠিক ভূমিকা আগবঢ়াব পাৰে। তেজ হ’ল এবিধ জুলীয়া কলা। তেজ গঠিত হয় ৰক্তৰস আৰু ৰক্ত কণিকাৰে।ৰক্তৰসৰ পৰিমাণ ৫৫ শতাংশ হোৱাৰ বিপৰীতে ৰক্ত কণিকাৰ পৰিমাণ হ’ল ৪৫ শতাংশ।ৰক্ত কণিকা তিনি প্ৰকাৰৰ।লোহিত ৰক্ত কণিকা(Red Blood corpuxles), শ্বেত ৰক্ত কণিকা(White Blood corpuxles)আৰু অনুচক্ৰিকা(Platelates)। স্বাভাৱিক গঠনৰ তেজত প্ৰতি ঘন মিলিমিটাৰ তেজত লোহিত ৰক্ত কণিকা ৪৮ লাখৰ পৰা ৫৪ লাখ থাকে, শ্বেত ৰক্ত কণিকাৰ পৰিমাণ হ’ল চাৰিৰ পৰা এঘাৰ হাজাৰ আৰু অনুচক্ৰিকা থাকে—দুই লাখৰ পৰা পাঁচ লাখ।ইয়াৰে শ্বেত ৰক্ত কণিকা আকৌ পাঁচ প্ৰকাৰৰ, যেনে---নিউট্ৰোফিল, লিস্কোছাইট, ইয়োচিনোফিল, মনোছাইট আৰু বেছোফিল।এই পাঁচ প্ৰকাৰৰ শ্বেত ৰক্ত কণিকাৰ স্বাভাবিক পৰিমাণ হ’ল—নিউট্ৰোফিলৰ ৫০-৭০ শতাংশ,লিস্কোছাইটৰ ৩৫-৪০ শতাংশ,ইয়োছিনোফিলৰ ১-৪ শতাংশ,মনোছাইটৰ ২-৮ শতাংশ আৰু বেছোফিলৰ পৰিমাণ হ’ল ০.৪ শতাংশ। চিকিৎসা বিজ্ঞানীসকলৰ মতে, তেজত থকা কণিকাসমূহৰ পৰিমাণ উল্লেখিত ধৰণৰ হ’লেহে তেনে তেজক স্বাভাৱিক গঠনৰ তেজ বুলি কোৱা হয় আৰু স্বাভাৱিক গঠনৰ তেজেহে শৰীৰ কাৰ্য স্বাভাৱিক ভাৱে সম্পন্ন কৰিব পাৰে। উদাহৰণস্বৰূপে, তেজৰ লোহিত ৰক্ত কণিকাৰ দ্বাৰা শ্বসন প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা অক্সিজেন ভাগ শৰীৰ বিভিন্ন কলা-কোষলৈ সৰবৰাহ হয়। কিন্তু যদিহে তেজত লোহিত ৰক্ত কণিকাৰ পৰিমাণ কমি যায়, তেতিয়া এই অক্সিজেন সৰবৰাহ প্ৰক্ৰিয়া ব্যাহত হৈ পৰে আৰু শৰীৰত অক্সিজেনৰ অভাৱ ঘটি শৰীৰ ভাগৰুৱা বা দুৰ্বল হৈ পৰে।শৰীৰত পুষ্টি দ্ৰব্য আয়ৰণৰ অভাৱ হ’লে লোহিত ৰক্ত কণিকাৰ পৰিমাণ কমি যায়। সেয়ে তেজত লোহিত ৰক্ত কণিকাৰ পৰিমাণ সঠিক অৱস্থাত ৰাখিবলৈ হ’লে,সঠিক মাত্ৰাত আয়ৰণ সমৃদ্ধ খাদ্য, যেনে---কচু,কল আদি খাব লাগে।আনহাতে শ্বেত ৰক্ত কণিকাৰ কাম হৈছে---শৰীৰত ৰোগ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা।বাহিৰা অণুজীৱৰ দ্বাৰা বা যিকোনো অপদ্ৰব্যৰ দ্বাৰা আমাৰ শৰীৰত আক্ৰমণ(সংক্ৰমণ) চলিলে শ্বেত ৰক্ত কণিকাই সেই আক্ৰমণক প্ৰতিহত কৰাৰ চেষ্টা কৰে।আকৌ, তেজত থকা অনুচক্ৰিকাই তেজ গোট মৰা কাৰ্যত সহায় কৰে।তেজৰ গোট মৰা গুণ নথকা হেঁতেন, সাধাৰণভাৱে কটা-চিঙা হ’লেই শৰীৰৰ সমস্ত তেজ ওলাই গৈ মানুহ মৃত্যু মুখত পৰিলেহেঁতেন। দেখা গৈছে বিভিন্ন কাৰকৰ প্ৰভাৱত, যেনে—পৰিৱেশৰ প্ৰভাৱ, বংশগতিৰ প্ৰভাৱ, পুষ্টিদ্ৰব্যৰ অভাৱ, অণুজীৱৰ সংক্ৰমণ আদিৰ বাবে তেজৰ স্বাভাৱিক গঠন বিঘ্নিত হ’লে শৰীৰ কাৰ্যসমূহো বিসংগতি পূৰ্ণহৈ পৰে। শৰীৰ কাৰ্যৰ বিসংগতি মানেই হৈছে বিভিন্ন ৰোগৰ উৎপত্তি। যিহেতু তেজৰ গঠন প্ৰক্ৰিয়াত পুষ্টিদ্ৰব্যৰ প্ৰভাৱ আছে, সেয়ে আমি বিভিন্ন পুষ্টিদ্ৰব্য সমৃদ্ধ খাদ্য বা সমতুল আহাৰ গ্ৰহনত গুৰুত্ব দিয়া উচিত।

লেখক: গোপেশ মজুমদাৰ, আৰোহণ জ্যোতি

শেহতীয়া উন্নীতকৰণ: : 6/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate