শতকৰা আশীভাগ মানুহেই জীৱনৰ কোনো এটা সময়ত কঁকালৰ বিষত ভোগে। কঁকালৰ বিষৰ কাৰণ অনেক। কাৰণ অনুসৰি নিৰাময়ৰ বিধিও ভিন্ন।
ৰাজহাড়ৰ দুটা খণ্ডৰ মাজৰ অৰ্ধ জুলীয়া পদাৰ্থৰ বাবে ৰাজহাড় লৰচৰ কৰিব পাৰি। সেই দুয়োটা খণ্ডৰ দূৰত্ব যদি কমি যায় বা অৰ্ধ জুলীয়া পদাৰ্থ, যাক ‘ডিস্ক’ বোলা হয়, অতিমাত্ৰা কামৰ বাবে ওলাই আহি কাষৰ স্নায়ুত হেঁচা মাৰি ধৰে, তেতিয়া কঁকালৰ বিষ হ’ব পাৰে।
চিকিৎসকক দেখুৱাই কঁকালৰ বিষৰ কাৰণ নিৰ্ণয় কৰা ভাল। পলম হ’লে নতুবা নিজে চিকিৎসা ব্যৱস্থা ল’লে বিপদ হ’ব পাৰে।
ওপৰমুৱাকৈ শুই কৰা ব্যায়াম:
প্ৰথমতে দীঘল দীঘলকৈ টনা উশাহ বুকুৰ মাজত সঞ্চিত কৰি লাহে লাহে মুখেৰে এৰি দিব। এইদৰে উশাহৰ কছৰৎ কৰিলে কঁকালৰ মাংসপেশী শিথিল হৈ ব্যায়াম উপযোগী হয়।
এতিয়া এটা ভৰি পোনাই ৰাখি আনটো গোৰোহা চোঁচৰাই আঁঠুত ভাঁজ দি সন্মুখভাগত দুই হাত জোৰা লগাই ধৰি লাহে লাহে বুকুৰ ফাললৈ চোঁচৰাই আনি দহ ছেকেণ্ড ৰাখিব।
আকৌ ভৰিটো পোনাই দিব। এনে কৰোঁতে আনটো ভৰি পোনকৈ ৰাখিব। এইদৰে ছবাৰ কৰিব।
উবুৰি হৈ খালী পেটে কৰা ব্যায়াম:
কিলাকুটি ভাঁজ নকৰাকৈ হাত দুখন পোনকৈ ৰাখিব। ভাঁজ নকৰাকৈ আঁঠু পোনকৈ ৰাখিব।
এতিয়া কিলাকুটি ভাঁজ নকৰাকৈ এখন এখনকৈ হাত পোনকৈ দহ-পোন্ধৰ চেঃমিঃমাৰ ওপৰলৈ উঠাব। দহবাৰ কৰিব।
বেৰৰ ব্যায়াম:
সাৱধানতা:
লেখিকা: মনোৰমা বৰুৱা(নিয়মীয়া বাৰ্তা)
শিশুসকলক ছমাহৰ পৰাই গোটা আহাৰ খাবলৈ দিব লাগে। খাদ্যখিনি মাকৰ গাখীৰতকৈ অকণমানহে গোটাকৈ বনাব লাগে।
৬-৭ মাহ:
গোটা আহাৰ দিনটোত দুই-তিনিবাৰকৈ দিব লাগে।
খাদ্য সামগ্ৰী:
চাউলৰ গুড়(লুথৰী) দাইল/সিজোৱা আলু সফনা/গাজৰ সিজোৱা/পকা কল/অমিতা/আম।
৭-৮ মাহ:
দিনটোত দুবাৰ বা তিনিবাৰ দিব।
সামগ্ৰী:
চাউল আৰু দাইল(১:৩), খিচিৰি, চুজি/হালোৱা/চাও/ওটছ ইত্যাদি। ইয়াত আপুনি তেল/বাটাৰ আৰু ঘিউ দিব পাৰে।
৮-৯ মাহ:
গোটা আহাৰ দিনটোত ৩-৪ বাৰ দিব পাৰিব।
সিজোৱা সামগ্ৰী:
কণীৰ হালধীয়া অংশ, ফলমূল, ফলমূলৰ ৰস, সিজোৱা শাক-পাচলি, চাউল-দাইল-শাক পাচলি সিজোৱা খাদ্যও খুওৱাব পাৰে। গোটা আহাৰ দিনটোত দুই-তিনিবাৰ।
৯-১২ মাহ:
শিশু অৱস্থাত এটি শিশুৱে-
এবছৰৰ পৰা দিনটোত কমেও পাঁচবাৰ খুৱাবলৈ যত্ন কৰিব। এবছৰীয়া শিশুক প্ৰায়ে পৰিয়ালৰ সদস্যৰ খাদ্যৰ পৰাই খুৱাই দিয়া যায়।
কিন্তু সহজতে হজম নোহোৱাৰ বাবেদু বছৰ নোহোৱালৈকে শিশুক মাংস খুওৱা উচিত নহয়।
লাগতিয়াল টিপছ:
স্তনপানৰ শুদ্ধ পদ্ধতি:
১)শিশুটোৰ মুখখন বহলকৈ মেলিব।
২)অকল ওপৰৰ অৰেলিয়া ভাগক দেখা যাব লাগে।
৩)শিশুৰ তলৰ ওঁঠটো তলপিনে বেঁকা হৈ থাকিব লাগে।
৪)নাক আৰু স্তনৰ মাজত দূৰত্ব থাকিব লাগে আৰু শিশুৰ থুঁতৰি স্তনত লাগি থাকিব লাগে।
৫)মাতৃ দুগ্ধ পান কৰাৰ সময়ত মাতৃগৰাকীয়ে দুখ নাপায়।
লেখক: ডাঃ ছেমিউল এহছান হুছেইন(নিয়মীয়া বাৰ্তা)
কিছুমানৰ আকৌ-
এনে হোৱাৰ আগতে-
এনে অৱস্থাত ৰোগী অজ্ঞান হ’লে প্ৰথমে ৰোগী শেতা পৰে। কিন্তু এনে ৰোগীৰ নাড়ী আৰু হৃদস্পন্দন পোৱা এনে ৰোগীৰ নাড়ী আৰু হৃদস্পন্দন পোৱা যায়।
ৰোগীৰ নাড়ী, হৃদস্পন্দন আৰু উশাহ চলি থাকে বাবে ইয়াক কাৰ্ডিয়েক এৰেষ্ট বুলি ভাবিব নালাগে। ইয়াৰ পৰা কোনো বিপদ নহয়।
হঠাৎ শৰীৰত ৰক্তচাপৰ সমতা ৰক্ষা কৰা ব্যৱস্থাটোৱে কাম নকৰা হোৱা বাবে ৰক্তচাপ একেবাৰে কমি যোৱাৰ কাৰণেহে এনে হয়।
এনে ৰোগীক লগে লগে মাটিত হ’লেও শুৱাই দিব লাগে। বিছনাত শুৱালে ভৰি দুয়োখন কিছু ওপৰলৈ দাঙি ধৰিব লাগে যাতে তেজ মগজুৰ ফালে বেছি চলাচল কৰে।
তেনে কৰিলে ৰোগী ক্ষন্তেক পিছতে সুস্থ হৈ পৰিব।
শীতকালৰ যতন:
এনেধৰণৰ পোছাক ছালৰ বাবে তেনেই ক্ষতিকাৰক।
তদুপৰি বীটত থকা প্ৰচুৰ আইৰণ, ভিটামিন বি১, বি২ ইত্যাদি। এইবোৰ উপাদানেও ছালখন কোমল কৰি ৰখাত বিশেষভাৱে সহায় কৰে।
বিলাহীয়ে ছালখনক মসৃণ কৰি ৰখাৰ উপৰি এফিথেলিয়াম কোষত পৰ্যাপ্ত পুষ্টি যোগায়। ৰ’দৰ বাবে ছালখন ক’লা হোৱাৰ পৰাও বিলাহীত থকা উপাদানে সহায় কৰে।
আজিৰ শিশুসকল কাইলৈৰ নাগৰিক। এই শিশুসকলক সুনাগৰিক কৰি গঢ়ি তুলিবলৈ হ’লে তেওঁলোকৰ দেহ-মন আৰু স্বাস্থ্য সুস্থ হ’বই লাগিব।
সুস্থ দেহতহে সুস্থ মনে বাহ লয়। সেই কাৰণে আমাৰ শিশুসকল যাতে শাৰীৰিক-মানসিক আৰু সুস্বাস্থ্যৱান হয় তাৰ প্ৰতি আমাৰ প্ৰতিজন পিতৃ-মাতৃয়ে যত্ন কৰিব লাগিব।
শাৰীৰিক-মানসিক সুস্থতাৰ বাবে শিশুসকলৰ ৰোগ-ব্যাধিৰ পৰা সুৰক্ষিত কৰিবই লাগিব, কাৰণ স্বাস্থ্যহে মানুহৰ পৰম ধন।
সেয়েহে কোৱা হয় এইদৰে-
স্বাস্থ্য পৰম ধন
স্বাস্থ্যহীনৰ কলুষিত মন।
সৰুৰে পৰাই শিশুৰ স্বাস্থ্যৰ প্ৰতি যতন ল’ব লাগিব। বিশেষকৈ স্বাস্থ্যসন্মত আচৰণ স্বাস্থ্যবিধিৰ অভ্যাস গঢ়ি তুলি ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিব লাগিব।
সুস্থ দেহ-মনৰ অধিকাৰী হ’লেহে পঢ়া-শুনা, খেলা-ধূলা, কাম-কাজত ভালদৰে মনোযোগ দিব পাৰিব। ইয়াৰ বাবে দেহৰ অংগ-প্ৰত্যংগসমূহ সদায় সুস্থ-সবল আৰু পৰিষ্কাৰ কৰি ৰখাৰ অভ্যাস কৰিব।
সুস্থ দেহ-মনৰ অধিকাৰী হ’লেহে শিশুসকল নিজৰ সাধনাত আগবাঢ়ি যাব পাৰে। স্বাস্থ্যহীন ৰুগীয়া দুৰ্বল শৰীৰেৰে কোনেও সফলতা লাভ কৰিব নোৱাৰে। সফলতাৰ অমৃত পান কৰিবলৈ হ’লে শিশু সুস্বাস্থ্যৰ অধিকাৰী হ’বই লাগিব।
শিশুসকলে জীৱনত আগবাঢ়িবলৈ হ’লে বিশেষকৈ পঢ়া-শুনা, খেল-ধেমালি আদিত সফলতা লাভ কৰিবলৈ সৰুৰ পৰাই শিশুসকল নিৰোগী, স্বাস্থ্যৱান হোৱা উচিত।
শিশুসকলৰ যাতে শৰীৰত ৰোগৰ বীজাণু প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কিছুমান শাৰীৰিক নিয়ম পালন কৰিব লাগিব।
শিশুসকলে সোনকালে শোৱা, সোনকালে শুই উঠা স্বাস্থ্য ৰক্ষাৰ নিয়মবোৰৰ অভ্যাস কৰিব লাগে।
কিয়নো ৰাতিপুৱাৰ মৃদু মলয়াৰ জ্বৰ লৈ নদীৰ পাৰত বা মুকলি ঠাইত খোজকাঢ়িলে মন প্ৰফুল্লিত হয়। কামৰ প্ৰতি আগ্ৰহ বাঢ়ে। পঢ়া-শুনা কৰাৰ ধাউতি বাঢ়ে।
দেহ-মনলৈ সজীৱতা আহে। সেই কাৰণে আমাৰ শিশুসকলে সোনকালে সূৰ্য উদয়ৰ আগতে শুই উঠাটো স্বাস্থ্যৰ বাবে উত্তম উপায় বুলি কোৱা হয়।
পৰিষ্কাৰ-পৰিচ্ছন্নতা সুস্বাস্থ্য গঢ়াৰ প্ৰধান উপায় হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা। সময়মতে-
বিশেষকৈ-
যাতে-
ইয়াৰ উপৰি দাঁতৰ বাবে টেঙাজাতীয় ফলমূল শিশুক চোবাই খাব দিব লাগে। টেঙাজাতীয় ফলমূলত ভিটামিন চি আৰু এচিডৰ মাত্ৰা অধিক থাকে।
সেইবাবে শিশুক-
শিশুসকলক-
শিশুসকলৰ শৰীৰ গঠন বাঢ়ন আৰু ৰোগ প্ৰতিৰোধৰ বাবে কেলচিয়ামযুক্ত আহাৰ খাবলৈ দিয়া উচিত। ই শিশুৰ হাড় মজবুত কৰে, পেশীৰ গঠন ভাল হয়।
কৈশোৰ কালত দৈনিক ০.৬ গ্ৰামৰ পৰা ১ গ্ৰাম কেলচিয়ামযুক্ত আহাৰৰ প্ৰয়োজন। ই শিশুৰ পুষ্টিসাধন কৰে।
চিকিৎসা বিজ্ঞানীৰ মতে, ১ৰ পৰা ৩ বছৰলৈ নিতৌ ৩০০ গ্ৰাম, ৪ বছৰ বয়সৰ শিশুৰ বাবে ২৫০ গ্ৰাম কেলচিয়ামৰ আৱশ্যক হয়।
ইয়াৰ উপৰি শিশুক চাউলেৰে তৈয়াৰী ভাত, জলপান, চিৰা-মুড়ি খাবলৈ দিয়া উচিত। ইয়াত প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেট পোৱা যায়।
বিশেষকৈ- মেগী, কুৰকুৰে চিপছ আদি খোৱাৰ পৰিৱৰ্তে-
পিতৃ-মাতৃসকলে শিশুৰ স্বাস্থ্য ৰক্ষাত পালন কৰা নীতিবোৰ হ’ল-
শিশুৰ সুস্থতা নিৰ্ভৰ কৰে পিতৃ-মাতৃৰ ওপৰত। স্বাস্থ্যসন্মত বিধি আৰু অভ্যাসবোৰ শিকাওক। এজন আদৰ্শ আৰু স্বাস্থ্যৱান নিৰোগী শিশু গঢ়াৰ চেষ্টা কৰক। তেতিয়াহে শিশুৰ স্বাস্থ্যৰ মৌলিক অধিকাৰ সুনিশ্চিত হ’ব।
একেবাৰতে সৰহ পৰিমাণৰ আহাৰ নাখাই কম পৰিমাণৰ আহাৰ ঘনাই খাব লাগে। একেবাৰতে সৰহকৈ আহাৰ খালে হৃৎপিণ্ড আৰু পাকস্থলীৰ ওপৰত বেছি হেঁচা পৰে।
বহুতো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ আগত বা এনেয়েও চকুৰ পৰিশ্ৰম বেছি কৰিলে চকু বা মূৰ বিষায়, চকু জ্বল-পোৰা কৰে। ইয়াৰ প্ৰধান কাৰণ হ’ল ‘আই ষ্ট্ৰেইন’।
প্ৰতিৰোধৰ প্ৰথমটো নিয়ম হ’ল জিৰণি। দ্বিতীয়তে, এক মিনিটত ১২-১৫ বাৰমান চকু মেলা-জপোৱা কৰিব লাগে।
তৃতীয়টো হ’ল উশাহ-নিশাহ। আমাৰ উশাহত শৰীৰে গ্ৰহণ কৰা অক্সিজেনৰ বাবে অন্যান্য মাংসপেশীৰ দৰে চকুৰ মাংসপেশীবিলাকেও অক্সিজেন গ্ৰহণ কৰি সতেজ হৈ থাকে।
বেছি সময় মনোযোগ দি পঢ়ি থাকিলে উশাহো ল’বলৈ পাহৰি যায়। সেয়ে চকু ভাগৰুৱা যেন লাগে। পঢ়াৰ মাজত সেয়ে দীঘলকৈ উশাহ লোৱাৰ দৰকাৰ।
পুৱা শুই উঠিয়েই চকু পৰিষ্কাৰ কৰিবলৈ প্ৰতিজন শিশুক শিকোৱা উচিত। খুব বেছি ঠাণ্ডা পানী বা বেছি গৰম পানী চকুত ব্যৱহাৰ কৰিব নালাগে।
বেছি জোৰেৰে চকুত পানীও মাৰিব নালাগে। এনে কৰিলে চকুৰ মণি বা কৰ্ণিয়াত আঘাত লাগিব পাৰে।
চকু ধুই উঠি পৰিষ্কাৰ কোমল কপাহী কাপোৰেৰে মুচিব লাগে।
ধূলি বতাহৰ দিনত শিশুৰ চকুত ধূলি বা তেনে জাতীয় দ্ৰব্য সোমাব পাৰে। এটা বহল পাত্ৰত পানী লৈ তাত চকু মেলা-জপোৱা কৰিলে ওপৰুৱা বস্তু চকুৰ পৰা ওলাই যায়।
ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা কৰা সময়ত সদায় চকুত যাতে বেছিকৈ জোৰ নপৰে বা কষ্ট নাপায়, সেয়া লক্ষ্য কৰা উচিত। পঢ়া কোঠাত উপযুক্ত পোহৰৰ ব্যৱস্থা কৰিব লাগে।
কম পোহৰত চকুৰে জুমি জুমি চাব লাগে। আনহাতে, বেছি উজ্জ্বল পোহৰেও চকুত ছাট মাৰি ধৰে।
শিশুৱে কেইবাঘন্টা ধৰি টিভি চাব নালাগে। কাৰণ চকুৰ মাংসপেশী আৰু স্নায়ুবিলাকত জোৰ পৰে। নিম্নমানৰ স্বাস্থ্য আৰু দূষিত পৰিৱেশ চকুৰ বাবে ক্ষতিকাৰক।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 3/5/2020
প্ৰাণায়াম সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লাভৰ সহজ উপায়ৰ ...
ওজন হ্ৰাসৰ সহজ পদ্ধতি আৰু ইয়াৰ পৰা হ’ব পৰা সমস্যাৰ...
শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আজি কেইটিমান ...
শীতৰ দিনত মুখখনো জিলিকাওক, সেই বিষয়ে লিখা হৈছে ।