থাইৰয়ড গ্ৰন্থিৰ ৰোগ বুলিলেই ইয়াৰ আকাৰ পৰিৱৰ্তন, ক্ৰিয়া-কাণ্ড আৰু হৰম’ন ক্ষৰণৰ মাত্ৰা (হৰম’ন লেভেল)বঢ়া বা কমা ইত্যাদি ধৰণৰ।বেমেজালিৰ সৃষ্টি হোৱা অৱস্থাটোৰ কথাকেই বুজোৱা হয়। থাইৰয়ড গ্ৰন্থিৰ হৰম’ন ক্ষৰণৰ মাত্ৰা বা হৰম’ন লেভেল বৃদ্ধি হোৱা মানে হাইপাৰথাইৰয়েডিজম হোৱা আৰু হৰম’ন ক্ষৰণ কমি যোৱা মানে তাক হাইপ’থাইৰয়েডিজম বুলি কোৱা হয়। গৰ্ভাৱস্থাত সামান্যভাৱে হ’লেও শৰীৰত হাইপাৰ বা হাইপ’থাইৰয়েডিজম থকাটো নিতান্তই সাধাৰণ ঘটনা। বহুক্ষেত্ৰত গৰ্ভাৱস্থাৰ আগৰেপৰাই এনে ৰোগ থাকে নতুবা গৰ্ভাৱস্থাৰ লগে লগেও এনে অৱস্থা এটাৰ সৃষ্টি হ’ব পাৰে। হাইপ’থাইৰয়েডিজম হ’লে T3 আৰু T4 হৰম’ন উভয়ৰে মাত্ৰা বৃদ্ধি হয়; অৱশ্যে T4 ৰ মাত্ৰা তুলনামূলকভাৱে T3 তকৈ বেছি হয় আৰু TSH হৰম’ন আৰু ফ্ৰী T4 লেভেল সচৰাচৰ স্বাভাৱিক থকা দেখা যায়। গৰ্ভাৱস্থাত হাইপাৰথাইৰয়েডৰ চিকিত্সা ‘প্ৰপাইল থায়’ইউৰেচিল’ নামৰ দৰববিধ খুব কম মাত্ৰাত ব্যৱহাৰ কৰি ৰোগীক কৰা হয়; কিয়নো মাত্ৰাধিক হ’লে ই গৈ ভ্ৰূণৰ হাইপ’থাইৰয়েড কৰিব পাৰে।
গৰ্ভাৱস্থাত থাইৰয়ড গ্ৰন্থিৰ যিকোনো ৰোগ ধৰা পৰিলেই তাৰ চিকিত্সা অভিজ্ঞ চিকিত্সা বিশেষজ্ঞ বা এণ্ডক্ৰাইন’লজিষ্টৰ দ্বাৰাহে কৰাটো যুক্তিসন্মত কথা। মন কৰিবলগীয়া যে গৰ্ভাৱস্থাত তেজত থাইৰয়ড হৰম’ন TSH, T3,T4 পৰীক্ষা নকৰালৈকে কেৱল লক্ষণসমূহৰপৰা সাউতকৈ ৰোগ নিৰ্ণয় কৰা টান।
উল্লেখযোগ্য কথা এয়ে যে গৰ্ভাৱস্থাত অতিক্ৰিয়াশীল থাইৰয়ড বা হাইপাৰথাইৰয়েডিজম হোৱা ঘটনা বিৰল। কিয়নো উতকট বা তীব্ৰ ক্ৰিয়াশীল থাইৰয়ড থকা মহিলাৰ সাধাৰণতে ঋতু গোলমলীয়া বিধৰ হয় বা নহয়েই আৰু ডিম্বস্খলন নহয়। বেছিভাগ ক্ষেত্ৰতেই তেনে মহিলাই গৰ্ভধাৰণ কৰিব নোৱাৰে; বৰঞ্চ বন্ধ্যাত্বহে লাভ কৰে। এই সংখ্যা ০.২ শতাংশ। ক’ৰবাত কাচিত গৰ্ভধাৰণ কৰিলেও তেনে গৰ্ভাৱস্থা গৰ্ভপাততে সমাপ্ত হয় নতুবা ৰক্ত দূষিত গৰ্ভাৱস্থালৈ ৰূপান্তৰিত হৈ অৱশেষত অকাল আৰু অপৰিপক্ক সন্তান জন্ম হোৱা দেখা যায়। হাইপাৰথাইৰয়েডিজমত ভুগিলে গৰ্ভাৱস্থাৰ শেষ পৰিণতি এনে দুৰ্বহ হয় বুলি জনাৰ পৰিপ্ৰেক্ষিতত ততাতৈয়াকৈ চিকিত্সা কৰাবৰ বাবে ৰোগী অত্যুতসাহী হৈ পৰে, ফলত হিতলৈ আশা কৰোতে দৰবৰ প্ৰকোপত গৈ গৰ্ভৱতী মানুহগৰাকীৰ হাইপাৰৰপৰা নিষ্ক্ৰিয় থাইৰয়ড বা হাইপ’থাইৰয়েডিজমৰ অৱস্থা এটা হয়। পেটৰ সন্তানো হৈ পৰে হাইপ’থাইৰয়েডিজমৰ বলি আৰু লগতে সন্তান মানসিক বিকলাঙ্গ হোৱাৰ পূৰা মাত্ৰাই আশংকা ৰৈ যায়।সেয়েহে বেছিভাগতে যি দেখা যায় মৃদুভাৱে হাইপ’থাইৰয়েডিজমত ভুগিলেও এই বিষয়ত অভিজ্ঞ চিকিত্সকৰ দ্বাৰা যদি চিকিত্সা কৰোৱা হয়, তেনেহ’লে গৰ্ভাৱস্থাৰ কালছোৱা নিৰাপদেই পাৰ হৈ যায় বৰঞ্চ বহু চিকিত্সকে মন্তব্য কৰে যে গৰ্ভাৱস্থাই বহু সময়তে হাইপ’থাইৰয়েডিজম নামৰ ৰোগটিক সোনকালে আৰোগ্য হোৱাত সমলহে যোগাব পাৰে।
প্ৰতি ১০০০ গৰাকী গৰ্ভৱতী মাতৃৰ ভিতৰত ২ শতাংশ মহিলাই এই ৰোগত ভোগে। থাইৰয়ড ষ্টিমুলেটিং নামৰ হৰম’ন বিধৰ নিঃসৰণ বা ক্ষৰণ সামান্যভাৱে বাঢ়িলেও সেই অৱস্থাটোক ক্লিনিকেল হাইপ’থাইৰয়েডিজম বুলি কোৱা হয়। এই অৱস্থাটোত অৱশ্যে ফ্ৰী T4 হৰম’ন অস্বাভাৱিকভাৱে কমা দেখা যায়। কিন্তু জানি থোৱাটো উচিত যে গৰ্ভাৱস্থা আৰম্ভ হোৱাৰ লগে লগেই থাইৰয়ড হৰম’নৰ চাহিদা বাঢ়ে ভ্ৰূণটিক সক্ৰিয় কৰি জীয়াই ৰাখিবলৈ গৰ্ভাৱস্থাৰ আদি অৱস্থাত কিছু পৰিমাণে হ’লেও হৰম’নৰ প্ৰয়োজন হয়। সেয়েহে হয়তো TSH নামৰ হৰম’নবিধৰ মাত্ৰা তেজত অলপ হ’লেও বঢ়া দেখা যায়।
সেইবাবেই হয়তো যিসকল মহিলা আগৰেপৰাই অলপ অলপ হাইপ’থাইৰয়েডিজম ৰোগত ভুগি থাকে, তেওলোকৰ ঋতুস্ৰাৱ নিয়মীয়া হয় আৰু গৰ্ভ সঞ্চাৰন হোৱাত কোনো ধৰণৰ অসুবিধা ভোগ কৰিবলগীয়া নহয়। অথচ, তীব্ৰতৰ হাইপ’থাইৰয়েডিজম হ’লে কিন্তু মাহেকীয়া গোলমাল হয় বা অত্যাধিক মাত্ৰাৰ ঋতুস্ৰাৱৰ উপসৰ্গই দেখা দি গৰ্ভ সঞ্চাৰকত ক্ষতি কৰে বা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। সি যি কি নহওক গৰ্ভ সঞ্চাৰনৰ পূৰ্বেই যদিহে হাইপ’থাইৰয়েডিজম হোৱা বুলি ধৰা পৰে, তেনেহ’লে ELTROXIN নামৰ দৰব উপযুক্ত মাত্ৰাৰে ৰোগীক চিকিত্সা কৰিব লাগে।গৰ্ভাৱস্থাৰ অগ্ৰগতিৰ লগে লগে মাজে মাজে TSH হৰম’নৰ মাত্ৰা পৰীক্ষা কৰাই ELTROXIN বা থাইৰক্সিন দৰবৰ মাত্ৰা প্ৰয়োজন অনুসৰি অলপ অলপ মাত্ৰাত বহুৱা বা কমোৱা কৰিব লাগিব আৰু যদি গৰ্ভাৱস্থা হোৱাৰ পিছতহে হাইপ’থাইৰয়েড হোৱা বুলি ধৰা পৰে, তেনেহ’লে প্ৰথমৰ পৰাই ELTROXIN জাতীয় দৰব দৈনিক ৫০ মাইক্ৰ’গ্ৰামৰ (অৰ্থাত .০৫ মিলিগ্ৰাম)বড়ি সেৱন কৰাই ৰোগীৰ চিকিত্সা আৰম্ভ কৰিব লাগে। অৱশ্যে এমাহৰ অন্তৰে অন্তৰে পুনৰ TSH, T3 আৰু T4 হৰম’নৰ লেভেল পৰীক্ষা কৰা উচিত। সেইমতে দৰবৰ মাত্ৰা সঠিকভাৱে নিৰ্ধাৰণ কৰি এটা MAITENANCE DOSE, অৰ্থাত গৰ্ভৰক্ষক মাত্ৰা ঠাৱৰ কৰি চিকিত্সা চলাই যোৱাৰ প্ৰয়োজন হ’ব।
উল্লেখযোগ্য যে গৰ্ভাৱস্থাত বহু সময়তে আকস্মিকভাৱে থাইৰয়ড গ্ৰন্থি ফুলি খুব স্পৰ্শকাতৰ (Tender) আৰু বেদনাযুক্ত (Painful) হোৱা দেখা যায়, ইয়াক “একিউট বা ছাব একিউট থাইৰ’ডাইটিছ” বুলি নামকৰণ কৰা হৈছে। এই অৱস্থা হ’লে T3 আৰু T4 নামৰ হৰম’ন দুবিধৰ মাত্ৰা বাঢ়ি ঠিক হাইপ’থাইৰয়েডিজম বা ‘গ্ৰেভছ ডিজিজ’ ৰ লেখীয়া হৈ চিকিত্সা বিভ্ৰাট ঘটাব পাৰে। থাইৰয়ড গ্ৰন্থিৰ এই সাময়িক ইনফেকচন বা প্ৰদাহৰ বাবে কোনো চিকিত্সাৰেই প্ৰয়োজন নহয়। নিজে নিজে কেইদিনমানৰ ভিতৰত বিষ-বেদনা প্ৰশমিত হৈ ৰোগীয়ে আৰোগ্য লাভ কৰে।
লেখকৰ পৰিচয়: ডাঃ দীনেশ শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 3/8/2020