আজিকালি প্ৰায়ভাগ মানুহৰ মানুহৰ মুখতে থাইৰয়ডৰ সমস্যাৰ কথা শুনা যায়।লাহে লাহে থাইৰয়ডৰ সমস্যাৰ বিষয়ে মানুহ সমাগ হ’বলৈ আৰম্ভ কৰিছে।আমাৰ অজ্ঞাতে বহু ল’ৰা-ছোৱালীয়ে এই সমস্যাত ভুগি থাকে।ফলত সিহঁতবোৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত বাধাগ্ৰস্ত হয়।মহিলাসকলৰ মাজত থাইৰয়ডৰ সমস্যা অধিক হোৱা দেখা যায়।সমাজৰ প্ৰায় ৫-৬ শতাংশ ব্যক্তি থাইৰয়ডৰ সমস্যাত ভোগে।সঠিক সময়ত চিকিৎসা নকৰিলে, এই সমস্যাই মানুহক বিপদত পেলাব পাৰে।অভিজ্ঞ চিকিৎসকৰ দ্বাৰা নিয়মিত চিকিৎসা গ্ৰহণ কৰি, এনে সমস্যাত ভোগা ব্যক্তিয়ে এক সুস্ত আৰু সুন্দাৰ জীৱন-যাপন কৰিব পাৰে।
থাইৰয়ড এক বিশেষ ধৰণৰ গ্ৰন্থি।প্ৰ্ত্যেক মনুহৰে ডিঙিৰ আগফালে, তল অংশত, দুয়োকাষে ই অৱস্থিত।সাধাৰণ অৱস্থাত বাহিৰৰপৰা ইয়াৰ অৱিস্থিতি অনুমান কৰিব নোৱাৰি।কিবা সমস্যাৰ বাবে এই গ্ৰন্থিটোৱে ডাঙৰ আকৃতি গ্ৰহণ কৰিলে ইয়াৰ অৱস্থিতি দেখা যায়।এই গ্ৰন্থিটোঅৱে থাইৰোক্সিন নামৰ এবিধ বিশেষ হৰমন নিৰ্গত কৰে।এই হৰমনবিধে শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগ আক্ৰান্ত হয়।
থাইৰোক্সিন হ’ল থাইৰয়ড হৰম’ন।আমাৰ মগজুত থকা হাইপোথেলামাছে ‘থাইৰোট্ৰফিন ৰিলিজিং হৰম’ন (TRH-Thyrotroplin Releasing Hormone)নিৰ্গত কৰে।ই পিটুইটাৰী গ্ৰন্থিক থাইৰয়ড ষ্টিমুলেটিং হৰম’ন (THS) নিৰ্গত কৰায়।TSH এ মানুহৰ থাইৰয়ড গ্ৰন্থিত থকা থাইৰোগ্লোবুলিন (Thyroglobulin) আৰু আয়োডিনৰ ৰাসায়নিক বিক্ৰিয়া ঘটায়।কেবাখলপীয়া এই প্ৰক্ৰিয়াৰে ট্ৰাই আয়োডো থাইৰোনিন (T3) আৰু থাইৰোক্সিন (T4)তৈয়াৰ হয়।এই হৰম’ন তেজত থকা “থাইৰোক্সিন বাইণ্ডিং গ্লোবুলিন’ৰ লগত সংলগ্ন হৈ শৰীৰত ঘূৰি ফুৰে।মুক্ত হৰম’নখিনিয়ে শৰীৰৰ কোষবোৰৰ ভিতৰত সোমায়।ৰাসায়নিক বিক্ৰিয়া ঘটাই প্ৰত্যেক অংগ-প্ৰ্ত্যংগতে বিশেষ ধৰণৰ কাৰ্য সম্পাদন কৰে।সামগ্ৰিকভাৱে ই এক জটিল পন্থা আৰু প্ৰক্ৰিয়া।এই পন্থাৰ কিবা বিজুতি ঘটিলেই থাইৰয়ডৰ সমস্যাই দেখা দিয়ে।
থাইৰয়ড গ্ৰন্থিৰ কেবা প্ৰকাৰৰ সমস্যা হ’ব পাৰে।গ্ৰন্থিটোৰ আকাৰ প্ৰৰিৱৰ্তন, গ্ৰন্থিৰপৰা নিৰ্গত হোৱা হৰম’নৰ পৰিমাণৰ প্ৰৰিৱৰ্তন আৰু কৰ্কট ৰোগ আদি।যৌৱনপ্ৰাপ্তিৰ সময়ত এই গ্ৰন্থিটো ল’ৰা-ছোৱালীৰ ডিঙিত ডাঙৰ হোৱা দেখা যায়।আকাৰৰ প্ৰৰিৱৰ্তনৰ বাদে অন্য কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰা, এই অৱস্থাটোক পিউবাৰ্টী গয়টাৰ বুলি কোৱা হয়।নানা কাৰণত কেতিয়াবা এই গ্ৰন্থিটো ডাঙৰ আকাৰ লৈ টেমুনা যেন হয়।ইংৰাজীত ইয়াক গয়টাৰ আৰু অসমীয়াত গৰল বুলি কোৱা হয়।এই গ্ৰন্থিটোৰ টিউমাৰ, কৰ্কট ৰোগ আৰু কিছুমান অটোইমুন ৰোগ হৈয়ো সমস্যাৰ সৃষ্টি কৰে।কাৰণ যিয়েই নহওক কিয়, থাইৰয়ডৰ সমস্যাৰ বাবে মূলত হাইপাৰথাৰ্যড অথবা হাইপোথাইৰয়ড এই দুই অৱস্থাৰ যিকোনো এটা অৱস্থাৰ সৃষ্টি হ’ব পাৰে।
হাইপাৰথাইৰয়ড অৱস্থাত এই গ্ৰন্থিটোৱে বেছিকৈ কাম কৰিব আৰম্ভ কৰে।ফলত তাৰ পৰা নিৰ্গত হোৱা হ’ৰমনৰ পৰিমাণ শৰীৰত বাঢ়ে।গ্ৰন্থিটোৰ আকাৰ বঢ়া, মাল্টিনডুলাৰ গয়টাৰ, টিউমাৰ, গ্ৰেভচ ৰোগ, থাইৰোডাইটিছ, ঔষধৰ পাৰ্শ্বক্ৰিয়া আদি এই অৱস্থা হোৱাৰ মুখ্য কাৰণ।
শৰীৰৰ ওজন কমি অহা, ভোক বাঢ়ি অহা, গৰম সহ্য কৰিব নোৱাৰা অৱস্থা হোৱা, অত্যধিক ভাগৰ লগা, বুকুৰ ধপধপনি বাঢ়ি অহা, শৰীৰৰ কঁপনি উঠা, আঙুলিৰ কঁপনি, সঘনাই বেছি পৰিমাণৰ পায়খানা হোৱা, মাংসপেশীৰ দুৰ্বলতা, চুলি সৰা, ছালৰ খজুৱতি, মাহেকিয়া বন্ধ হোৱা, ঋতুস্ৰাৱ কমি অহা, সন্তানহীন, পুৰুষৰ ক্লীৱতা, ঘামি অহা, মূৰৰ বিষ, চকু ৰঙাপৰা, চকুকেইটা প্ৰকট হৈ বাহিৰলৈ হৈ বাহিৰলৈ ওলাই অহাৰ লেখিয়া হোৱা আদি এই অৱস্থাৰ লক্ষণ।এই অৱস্থাৰ বাবে গৰ্ভৱতী মাতৃৰ গৰ্ভপাত পৰ্যন্ত হ’ব পাৰে।কেতিয়াবা এই অৱস্থাত উপসৰ্গবোৰ ইঠাৎ বাঢ়ি আহে।ভয়ানকভাৱে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰা এই পৰিস্থিতিক থাইৰোটোক্সিক ক্ৰাইছিছ বা থাইৰয়ড ষ্টৰ্ম বুলি কোৱা হয়।এই অৱস্থাত হাৰ্টফেইলৰ পৰ্যন্ত হ’ব পাৰে।এই অৱস্থাত জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়।
:হাইপোথাইৰয়ড অৱস্থাত গ্ৰন্থিটোৱে কমকৈ কাম কৰিব আৰম্ভ কৰে।গ্ৰন্থিটো সৰু হোৱা, কিছু পৰিমাণে নষ্ট হোৱা, টিউমাৰ, আয়োডিনৰ অভাৱ, হাচিমটো থাইৰোডাইটিছ, ঔষধৰ পাৰ্শ্বক্ৰিয়া, গ্ৰ্ন্থিৰ অস্ত্ৰোপচাৰ, তেজপিয়া আয়োডিনৰ ব্যৱহাৰ আদি এই অৱস্থাৰ প্ৰ্ধান কাৰণ।
সহজতে ভাগৰু হোৱা, হাত দুখনৰ জিন জিনজি, চিৰিং কৈ হোৱা হাতৰ বিষ, মাত গাঢ় হোৱা, পায়খানা টান হোৱা, হতাশাত ভোগা, কাণেৰে কম শুনা হোৱা, শুকান আৰু ৰুঢ় ছাল আৰু চুলি, চুলি সৰা, অত্যধিক ঋতুস্ৰাৱ হোৱা, মানসিক ৰোগ হোৱা, সন্তানহীনতা, পুৰুষৰ ক্লীৱতা, চকুৰ চাৰিওফালে উখহি উঠা, ভৰি ফুলা, তেজ বমি হোৱা আদি এই অৱস্থাৰ লক্ষণ।এই অৱস্থাত ৰোগী কেতিয়াবা অজ্ঞান পৰ্যন্ত হ’ব পাৰে।এই অৱস্থাটোক মিক্সোডিমা কমা বুলি কোৱা হয়।
ৰোগীৰ তেজত থাইৰয়ড হৰমনৰ মাত্ৰা পৰীক্ষা কৰি থাইৰয়ডৰ সমস্যা চিনাক্ত কৰিব পাৰি।TSH, মুঠ T3 আৰু T4 ফ্ৰি T3 আৰু T4ৰ পৰিমাণ পৰীক্ষা কৰা হয়।থাইৰয়ডৰ সাধাৰণ অৱস্থাক ইউথাইৰয়ড বুলি কোৱা হয়।ইউথাইৰয়ড অৱস্থাত তেজত TSHৰ পৰিমাণ ০.৪-৪.০ মিলি IU প্ৰতি মি. মি.লি.; ফ্ৰি T3ৰ পৰিমাণ ১.৫-৪.১ পিকোগ্ৰাম প্ৰতি মি. লি. আৰু ফ্ৰি T3ৰ পৰিমাণ ০.৮-১.৯ নেমোগ্ৰাম প্ৰতি মি. লি. থাকে।সাধাৰণতে হাইপাৰ থাইৰয়ড অৱস্থাত TSH পৰিমাণ কমি আহি T3 আৰু T4 বাঢ়ি যায়।অন্যহাতে হাকপোথাইৰয়ড অৱস্থাত TSHৰ পৰিমাণ বাঢ়ি গৈ T3 T4ৰ কমি আহে।ইয়াৰ উপৰি আন কিছুমান বিশেষ পৰীক্ষা কৰি থাইৰয়ডৰ সমস্যা সৃষ্টি কৰা মুল কাৰণবোৰ চিনাক্ত কৰিব পাৰি।
লেখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ
শেহতীয়া উন্নীতকৰণ: : 5/16/2020
গৰ্ভাৱস্থাত থাইৰয়ড গ্ৰন্থিৰ ৰোগৰ বিষয়ে ইয়াত আলোচনা...
থাইৰয়ড হৰম’নজনিত সমস্যাৰ চিকিৎসা
থাইৰয়ড গ্ৰন্থিৰ হোমিঅ চিকিৎসা