থাইৰয়ড গ্ৰন্থিৰ আমাৰ ডিঙিত অৱস্থিত। এই গ্ৰন্থিটো ডিঙিৰ ঘটিকাৰ তলত দুটা ভাগত ডিঙিৰ মাজত লাগি থাকে। সাধাৰণ অৱস্থাত থাইৰয়ড গ্ৰন্থিটো বাহিৰৰ পৰা দেখা পোৱা নাযায়। কিন্তু কেতিয়াবা ইয়াৰ আকাৰ ডাঙৰ হৈ পৰে আৰু ডিঙিৰ ঘটিকাৰ তলফালে স্পষ্টভাৱে ফুলি উঠে। ইয়াকে গয়টাৰ বা গলগণ্ড বুলি কোৱা হয়। এই গ্ৰন্থিটোৰ আকৃতি দুখন পাখিৰে এটা পখিলাৰ নিচিনা হয়। ইয়াৰ পাছৰ অংশত চাৰিটা সৰু আৰু পাতল ৰঙৰ উখহা টেমুনা থাকে। সেইবোৰক পেৰাথাইৰয়ড গ্ৰন্থি বোলে।
মানৱ শৰীৰত এই হৰমনে অতি গুৰুত্বপূৰ্ণ বিপাক ক্ৰিয়াত অংশগ্ৰহণ কৰে। মানৱ দেহ কোষৰ ৰাসায়নিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ই শৰীৰৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন-ডাই-অক্সাইড ত্যাগ কৰাৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ইয়াৰ কাৰ্য্যত ব্যাঘাত জন্মিলে পুৰুষৰ নপুংসকতা, মহিলাৰ বন্ধ্যাত্ব, ঋতুস্ৰাৱত খেলি-মেলি আদিৰ সৃষ্টি হয়। গৰ্ভাৱস্থাত শিশুৰ মস্তিস্কৰ বিকাশ, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ, শিশুৰ শ্ৰীবৃদ্ধি শিশুৰ প্ৰজনন তন্ত্ৰৰ বিকাশ, মস্তিস্কৰ কাৰ্য্যকাৰিতা আদি শৰীৰৰ গুৰুত্বপূৰ্ণ কাৰ্য্যত এই হৰমনে সহায় কৰে।
থাইৰয়ড হৰম’ন কেইপ্ৰকাৰৰ
থাইৰয়ড হৰম’ন তিনি প্ৰকাৰৰ।
T3-Tri-iodothyronine
T4-Thyroxine
TSH হৰম’ন।
এইবিধ হৰম’ন পিটুইটেৰী গ্ৰন্থিৰ পৰা নি:সৰিত হয়, যিটোৱে আন দুটা হৰম’নক নিয়ন্ত্ৰণ কৰে। T4 টো এটা গুৰুত্বপূৰ্ণ হৰম’ন, যিটো থাইৰয়ড গ্ৰন্থিয়ে নি:সৰণ কৰে। এই হৰম’নটোৱে শৰীৰৰ ৰাসায়নিক প্ৰক্ৰিয়াটো দ্ৰুতগামী কৰে। যেতিয়া T4 টো T3 লৈ সলনি হয়, তেতিয়া শৰীৰৰ ৰাসায়নিক প্ৰক্ৰিয়াটো আৰু বেছি সক্ৰিয় হৰম’ন। T4 হৰম’নবিধ T3 লৈ সলনি হোৱা প্ৰক্ৰিয়াটো যকৃত আৰু অন্যান্য সিৰবোৰত সম্পাদিত হয়। থাইৰয়ড গ্ৰন্থিৰ অনিয়মীয়া কাৰ্য্যৰ পৰা হোৱা বেমাৰবোৰ হ’ল-
হাইপ’থাইৰয়ডিজম
হাইপাৰথাইৰয়ডিজম
গলগণ্ড বা গয়টাৰ আৰু
থাইৰয়ডৰ কেঞ্চাৰ।
থাইৰয়ড গ্ৰন্থিয়ে তেনেই কম পৰিমাণৰ হৰম’ন নি:সৰণ কৰাটো থাইৰয়ড গ্ৰন্থিৰ এক ৰোগৰ লক্ষণ। শিশুৰ জন্মতে এই হৰমনৰ অভাৱ হ’লে শাৰিৰীক আৰু মানসিক শ্ৰীবৃদ্ধি বাধাগ্ৰস্ত হয়। বয়সস্থ লোকৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ কম হ’লে দৈহিক ক্ৰিয়াৰ মাত্ৰা হ্ৰাস হয়। ফলত ওজন বৃদ্ধি, অংগ সঞ্চালনত অসুবিধা, মনৰ স্পৃহা নোহোৱা, ছাল ডাঠ আৰু শুকান হোৱা, চুলি সৰা, তেজত শ্বেত কনিকাৰ পৰিমাণ কমা আদি লক্ষণে দেখা দিয়ে।
কেতিয়াবা থাইৰয়ড গ্ৰন্থি কোনো কাৰণত ৰোগগ্ৰস্ত হৈ অতিমাত্ৰাত থাইৰয়ড হৰম’ন নি:সৰণ কৰে। মাত্ৰাধিক হৰম’ন নি:সৰণৰ ফলতো শৰীৰত বিভিন্ন বিসংগতিতে দেখা দিয়ে। ইয়াৰ ফলত দৈহিক ক্ৰিয়াৰ মাত্ৰা বৃদ্ধি পায়। প্ৰাৰম্ভিক লক্ষণ হিচাপে শৰীৰৰ উত্তাপ স্বাভাৱিক মাত্ৰাতকৈ বৃদ্ধি পায়। শৰীৰৰ ক্ষীণাই যোৱা, স্নায়ৱিক দুৰ্বলতা, হৃদস্পন্দনৰ গতি বৃদ্ধিৰ ফলত নাড়ীৰ স্পন্দন বৃদ্ধি, ছাল মিহি আৰু সেমেকা হোৱা, চকুৰ মণি ডাঙৰ হৈ বাহিৰলৈ ওলাই অহা, শৰীৰত কেলচিয়াম কমি অহাৰ ফলত মাংসপেশীৰ সংকোচন হোৱা হাড় ক্ষয় হোৱা, প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি হোৱা, ভোক বৃদ্ধি হোৱা, দেহৰ চৰ্বি কমা, শৰীৰৰ কলেষ্ট’ৰেল কমা আৰু আয়’ডিন বৃদ্ধি হোৱা আদি লক্ষণে দেখা দিয়ে। এনে ৰোগীৰ হৃদযন্ত্ৰৰ স্পন্দন হঠাৎ বন্ধ হৈ মৃত্যুও হ’ব পাৰে।
আয়’ডিনৰ অভাৱত গয়টাৰ হয়। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’লেও গয়টাৰ হ’ব পাৰে। বিভিন্ন ৰাসায়নিক ঔষধ সেৱন আৰু বহুধৰণৰ খাদ্য-বস্তুৱেও আমাৰ গয়টাৰ হোৱাত অৰিহণা যোগায়। থাইৰয়ড গ্ৰন্থিটো অস্বাভাৱিক আৰু দ্ৰুতভাৱে বৃদ্ধি হৈ থাইৰয়ড কেঞ্চাৰ সৃষ্টি কৰে।
থাইৰয়ড গ্ৰন্থিৰ ৰোগৰ লক্ষণ মতে হোমিঅ’পেথিক চিকিৎসা কৰিব পাৰি।
Iodum: যদি অত্যন্ত গৰম ভাৱ, ঘাম ওলায় আৰু বেছিকৈ ভোক লাগে। খোৱাৰ কিছু সময়ৰ পিছত আকৌ ভোক লাগে, খাবলৈ বিচাৰে। ৰোগীয়ে অনবৰতে দুৰ্বল অনুভৱ কৰি থাকে।
Thyroidinum: যদি তেজ কমে বা ৰক্তহীনতাত ভোগে, যাৰ মাংসপেশী দুৰ্বল, বেছিকৈ ঘাম ওলায়, হাত-ভৰি কঁপে। শিশুৰ ক্ষেত্ৰত স্মৃতিশক্তি দুৰ্বল হয়, জাৰ জাৰ ভাব বেছি হয়। মহিলা এই ৰোগত শকত হৈ পৰে। ঋতু সম্বন্ধীয় বিসংগতি থাকে, শীত ভাব থাকে।
Medorrhinum: এই ঔষধৰ ৰোগীয়ে শুবৰ সময়ত মূৰৰ তলত হাত দি শুৱে, ৰাতি পানী খোৱাৰ সপোন দেখে, ওপৰ মুখ কৰি বুকুত হাত দি শুবলৈ ভাল পায়। মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ ঋতু হোৱাৰ দুই-এদিনৰ পূৰ্বে পেটত বিষ হয়।
Calcarea Carb: যিসকল মহিলা শকত-আৱত, অথচ অলপ পৰিশ্ৰম কৰিলেই অৱশ হয়, ক্লান্ত হয়, চিৰি বগাই ওপৰলৈ গ’লে বুকু ধপধপায়, উশাহ-নিশাহ লোৱাত কষ্ট পায়, মূৰত ঘাম ওলায়, অলস জীৱন-যাপন কৰে, কণী খাই বৰ ভাল পায়, সদায় ভয় ভাব থাকে, ভয়ত চ’ক খাই উঠে। তেনে ৰোগীৰ ক্ষেত্ৰত এই ঔষধ ব্যৱহাৰ হয়। উক্ত ঔষধৰ উপৰি লক্ষণ অনুযায়ী লাইকোপডিয়াম, ব্ৰোমিয়াম, ফাইটোলেক্কা, কেলকেৰিয়া ফ্লোৰ, চেৰিনাম, চেফিলিনাম আদি ঔষধবোৰ ব্যৱহাৰ কৰিলে অতি সোনকালে আৰোগ্য হ’ব পাৰিব।
থাইৰয়ডৰ সমস্যাত কি কি খাব পাৰি
পদিনা, পালেং শাক, মগু দাইল, নৰসিংহ, পটল, মিথি শাক, চজিনা, মানিমুনি, কণী, আয়’ডিনযুক্ত নিমখ, কলডিল, পচলা ৰঙা, আটা আদি।
কি খাব নোৱাৰি
বন্ধাকবি, ফুলকবি, দৈ, মচুৰ দাইল, কেঁচা বাদাম, তেঁতেলী, মূলা।
লেখিকা: ডা: ডুলুমণি দাস, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
আঁঠুৰ বিষৰ হোমিও আৰু আকুপাংচাৰ চিকিৎসা