প্ৰতিজন মানুহেই জীৱনৰ কোনোবা এটা সময়ত যিকোনো এটা অংগৰ বিষত ভোগে। অৱশ্যে কিছুমান অংগৰ বিষ সহনীয় অৱস্থাত থাকে আৰু তেনে বিষ সহ্য কৰি মানুহে দৈনন্দিন কাম-কাজ নিয়াৰিকৈ কৰি থাকিব পাৰে। কিন্ত কিছুমান অংগত হোৱা বিষে মানুহক জঠৰ কৰি পেলাব পাৰে আৰু তেনে ধৰণৰ বিষত মানুহ কেতিয়াবা শয্যাশায়ী হ’বলগীয়া হয়।
এনেধৰণৰ অংগৰ বিষবোৰৰ ভিতৰত অন্যতম হ’ল-আঁঠুৰ বিষ। আঁঠুটোৱে আমাৰ দেহৰ সমস্ত ভৰ বহন কৰিবলগা হয়। সেই কাৰণে আন গাঁঠিবোৰতকৈ আঁঠুৰ বিষ মানুহৰ বেছিকৈ দেখা যায়। আঁঠুৰ বিষ যিকোনো বয়সৰ লোকৰে হ’ব পাৰে। বয়স বাঢ়ি যোৱাৰ লগে লগে এই বিষ ক্ৰণিক হিচাপে দেখা দিয়ে। কেতিয়াবা অধিক সময় ধৰি ব্যায়াম কৰা, আঘাত পোৱা, বেছিকৈ আঁঠুৰ ওপৰত চাপ পৰি থাকিলেও আঁঠুৰ বিষ হয়।
আঁঠুৰ বিষৰ কাৰণবোৰ হ’ল
এই ৰোগ সাধাৰণতে বয়সস্থ লোকৰ মাজত হোৱা বেছিকৈ দেখা যায়। সাধাৰণতে বয়সৰ লগে লগে গাঁঠিৰ ওপৰত হোৱা নানা ধৰণৰ চাপৰ ফলত হাড়ৰ মূৰৰ ফালে থকা কাৰ্টিলেজবোৰ লাহে লাহে ক্ষয় যায়। গাঁঠিৰ ভিতৰত থকা তৰল পদাৰ্থখিনি লাহে লাহে শুকাই নোহোৱা হৈ যায়। ইয়াৰ ফলত হাড়ৰ মূৰকেইটা ওচৰ চাপি আহে আৰু খোজকাঢ়িলে হাড়ৰ মূৰকেইটা কট্ কট্কৈ ঘঁহনি খোৱাৰ শব্দ শুনা যায়। ফলত আঁঠুৰ বিষ বেছি হ’বলৈ ধৰে। বেছিদিন এনেকৈ বিষ হৈ থাকিলে আঁঠুৰ হাড়বোৰে বিকৃত ৰুপ ধাৰণ কৰে। এই সময়ত আঁঠুটো দেখিবলৈ বহল আৰু বেঁকা হোৱা দেখা যায়।
প্ৰায়েই আঘাতপ্ৰাপ্ত হোৱা আঁঠুত অষ্টিঅ’আৰ্থ্ৰাইটিছ ৰোগ বেছিকৈ হোৱা দেখা যায়। সেয়েহে ফুটবল খেলুৱৈসকল কম বয়সতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।
এই ৰোগত সমগ্ৰ শৰীৰৰ গাঁঠিৰ বিষ হ’ব পাৰে। দেহৰ অন্যান্য অংগৰ গাঁঠিৰ লগতে আঁঠু দুটাও এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ৰোগাক্ৰান্ত আঁঠু দুটা ফুলি উঠে আৰু ৰঙা পৰি উঠে। প্ৰচণ্ড বিষ হয় আৰু লৰচৰ কৰিব নোৱাৰা হয়। প্ৰায়ে এখন ভৰিত বিষ হোৱা দেখা যায় যদিও কেতিয়াবা দুয়োটা আঁঠু একেলগে আক্ৰান্ত হয়। এই ৰোগ হ’লে ছায়নোভিয়েল আৱৰণখন ফুলি উঠে আৰু সন্ধিস্থলত অপ্ৰয়োজনীয় Sinovial Fluid নামৰ তৰল পদাৰ্থ বেছি পৰিমাণে জমা হৈ আঁঠুকেইটা ফুলি উঠে।
আঁঠুৰ বিষৰ আন এটা কাৰণ হৈছে- গাউট। এইধৰণৰ আঁঠুৰ বিষত গাঁঠিত ইউৰিক এচিড জমা হৈ দানা বান্ধে। ফলত আঁঠুত জঠৰতাই দেখা দিয়ে। চলা-ফুৰাত কষ্ট পায় আৰু ক্ৰমে বিষ বেছি হৈ ৰোগী শয্যাশাৰী হ’ব লগা হয়।
কেতিয়াবা বীজাণুৰে সংক্ৰ্মিত হৈ আঁঠু ফুলি উঠে, ৰঙা পৰে আৰু প্ৰচণ্ড বিষ হয়। ৰোগাক্ৰান্ত আঁঠুৰ মাংসপেশী শুকাই যায় আৰু লগতে আঁঠুৰ তলৰ অংশৰ মাংসপেশীও ক্ৰমে শুকাই গৈ ভৰি চিঁয়া হৈ পৰে। আঁঠুৰ বিষৰ লগতে জ্বৰ হয়, খাবলৈ মন নোহোৱা হয় আৰু ৰোগী ক্ষীণাই যায়। বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা আঁঠুৰ আৰ্টিকুলাৰ কাৰ্টিলেজ ক্ষয়াপ্ৰাপ্ত হয়।
আঁঠুৰ বিষৰ আন কাৰণবোৰ
আঁঠুৰ বিষত হোমিও চিকিৎসাত উন্নতমানৰ চিকিৎসআছে। এই ঔষধবোৰেৰে লক্ষণ অনুসাৰে যদি চিকিৎসা কৰা হয়, অতি সোনকালে আৰোগ্য হ’ব পাৰে। এই ঔষধবোৰ হ’ল- Bryonia alba, Rhus tox, Ammon phos, Urtica urens, Kali Iod, Ledum আদি।
তদুপৰি আকুপাংচাৰ চিকিৎসাতো আঁঠুৰ বিষৰ উন্নতমানৰ চিকিৎসা আছে। ইয়াৰ বিন্দুবোৰ হ’ল-St.34, Sp.10, St.35, G.B. 33, G.B. 34, St. 36, U.B. 40 আৰু Sp.6 আদি।
এই বিন্দুবোৰত প্ৰতিদিন বা এদিন এৰি এদিন তীব্ৰ উত্তেজনা দি চিকিৎসা কৰা হয়। ইয়াৰ লগতে হাম্মাৰিং আৰু মক্সিবাশ্বনো কৰা হয়।
দেহৰ যদি অতিৰিক্ত ওজন থাকে, তেতিয়াহ’লে ওজন কমাবলৈ চেষ্টা কৰিব। আঁঠুত চাপ পৰা কাম নকৰিব। বহু সময় ধৰি থিয় হৈ নাথাকিব। পৰাপক্ষত বেছি সময় থিয় হৈ কাম নকৰি, পাৰিলে বহি লৈ আঁঠুত চাপ নপৰাকৈ কৰিব। বেছি বিষ হৈ থাকিলে বৰফ লগাব। জোতা বা চেণ্ডেলযোৰ কোমল-আৰামদয়ক পিন্ধিব। এইখিনি নিয়ম মানি চলিলে আঁঠুৰ বিষৰপৰা হাত সাৰি থাকিব পাৰিব।
লিখক: ডাঃ ডুলুমণি দাস।
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
বুকুৰ ধপ্ধপনি নিৰাময়ত হোমিও চিকিৎসা
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
স্ত্ৰীৰোগ আৰোগ্যত হোমিও চিকিৎসা
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা