আমাৰ বুকুৰ ভিতৰত দুয়োকাষে থকা হাওঁফাওঁ দুটাৰ মাজত হৃৎপিণ্ডটো অৱস্থিত। এই হৃৎপিণ্ডটো হ’ল শৰীৰৰ ৰক্ত সঞ্চালনৰ মূল যন্ত্ৰ। হৃৎপিণ্ডৰ বাওঁ নিলয়ৰ পৰা অক্সিজেনযুক্ত তেজ মহাধমনীলৈ যায়।, পিছত ধমনী, উপ-ধমনী আৰু কোশিকাৰ মাজেৰে শৰীৰৰ কোষলৈ এই ৰক্ত প্ৰবাহিত হয়। আনহাতে কোষৰপৰা কাৰ্বন-ডাই-অক্সাইডযুক্ত অশুদ্ধ তেজ কোশিকা, সিৰা-উপসিৰাৰ মাজেৰে মহাসিৰালৈ আহে। এইদৰে হৃৎপিণ্ডত ৰক্ত সঞ্চালনৰ কাম স্বাভাৱিকভাৱে চলি থাকে। কেতিয়াবা নানা কাৰণবশত: হৃদপিণ্ডৰ সোঁ আৰু বাওঁফালৰ ধমনী দুডালৰ মাজেৰে ৰক্ত সঞ্চালন সঠিকভাৱে নহ’লে বুকুত অস্বাভাৱিক ধপ্ধপনিৰ সৃষ্টি হয়। হৃৎপিণ্ডত ৰক্ত সঞ্চালনৰ কাম স্বাভাৱিকভাৱে চলি থাকিলে হৃদস্পন্দনৰ ফলত যি ধপ্ধপ্ শব্দ হৈ থাকে সেই শব্দ গম পোৱা নাযায়। বাওঁস্তনৰ এক ইঞ্চিমান তলত এই শব্দটো পোৱা যায়। যেতিয়া ৰক্ত সঞ্চালনত ব্যাঘাত জন্মে, তেতিয়াহে হৃদপিণ্ডৰ শব্দ নিজে নিজে অনুভৱ কৰিব পাৰি। হৃৎপিণ্ডত অতিৰিক্ত ধপ্ধপনি হোৱাৰ বাবে বাওঁফালে কাটি হৈ শুব নোৱাৰি। উঠা-বহা কৰিলে, পালপিটিচন বা মাত্ৰাধিক হৃদস্পন্দন হয়।
হৃদপিণ্ডত কোনো ৰোগ উৎপত্তি হ’লে তাৰ উপসৰ্গ হিচাপে বুকু ধৰফৰ কৰে। দুৰ্বল লোকৰ হৃদপিণ্ডৰ ধপ্ধপনি বাঢ়ে। অতিৰিক্ত শাৰীৰিক বা মানসিক শ্ৰম কৰিলে, নিয়মিতভাৱে টোপনি নাহিলে, স্নায়ু দুৰ্বল হ’লে, অধিক হস্তমৈথুন বা অজ্ঞাতসাৰে শুক্ৰ ক্ষয় কৰিলে আৰু অজীৰ্ণ ৰোগৰ কাৰণেও বুকু ধপ্ধপায়। স্ত্ৰীসকলৰ এনিমিয়া, হিষ্টিৰিয়া, ঋতুৰ অনিয়মিতা, অতিৰিক্ত ৰক্তস্ৰাৱ, সন্তানক অধিক দিন গাখীৰ খুওৱা আৰু ঋতুবন্ধৰ সময়তো বুকুৰ ধপ্ধপনি বাঢ়ে। উচ্চ ৰক্তচাপ থকা ৰোগী, অতিৰিক্ত ধূমপান, মদ্যপান কৰিলেও হৃৎপিণ্ডৰ ধপ্ধপনি বাঢ়ে। কিছুমান লোকৰ মনৰ উদ্বেগ, ভয়, শোক-দুখৰ সংবাদ পালেও বুকুৰ ধপ্ধপনি বাঢ়ে। অৱশ্যে এনে কাৰণত হোৱা ধপ্ধপনি ক্ষন্তেক সময়ৰ কাৰণেহে স্থায়ী হয়।
বিভিন্ন কাৰণত হোৱা বুকুৰ ধপ্ধপনি ৰোগত সচৰাচৰ ব্যৱহৃত ঔষধকেইটা তলত উল্লেখ কৰা হ’ল। হৃৎপিণ্ডৰ ৰোগত অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শক্ৰমে ঔষধ সেৱন কৰিব লাগে।
এই ঔষধত ৰোগীৰ নাড়ীৰ গতি ধীৰ হয়। লৰচৰ কৰিলে নাড়ীৰ গতি দ্ৰুত হয়। হঠাৎ আনন্দ, ভয় বা দুখৰ সংবাদ পাই ৰোগ উৎপত্তি হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে। স্নায়ু দুৰ্বল হৈ হাত-ভৰি জিন্জিনালে, মূৰ ঘূৰণি আৰু বুকু ধপ্ধপালে এই ঔষধে উত্তম ক্ৰিয়া কৰে।
স্বপ্নদোষ, হস্তমৈথুন ইত্যাদি কাৰণত ৰোগী দুৰ্বল হৈ কথা ক’বলৈও শক্তি নাথাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে। বুকুত দুৰ্বল অনুভৱ, হৃৎপিণ্ডত ধপ্ধপনিসহ ৰোগীৰ মূৰ ঘূৰণি, হাত-ভৰি জিন্জিন কৰা আৰু ভয় ভাৱ থাকিলে এই ঔষধ ব্যৱহাৰ কৰা হয়।
স্ত্ৰীসকলৰ জৰায়ুত হুলে বিন্ধাৰ দৰে বিষ হ’লে, একেস্থানত বিষ আৰম্ভ হৈ অন্যস্থানলৈ পৰিচালিত হোৱাৰ লক্ষণ থাকি ৰোগীৰ বুকুত ধপ্ধপনি হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয়। হাত-ভৰি জিন্জিনোৱা আৰু মূৰ ঘূৰোৱা আদিও এই ঔষধৰ লক্ষণ। বাওঁ বাহুৰ অসাৰবোধ আৰু বাওঁ স্তনৰ তলত বিষায়। হৃৎপিণ্ডৰ ক্ৰিয়া চলি থাকোতেই হঠাৎ ক্ৰিয়া বন্ধ হৈ শ্বাস-প্ৰশ্বাসত কষ্ট হয়। নাড়ীৰ গতি বা হৃদস্পন্দন কম-বেছি হয়।
অতিৰিক্ত ধূমপান কৰি বুকু ধপ্ধপালে ব্যৱহাৰ হয়। বাওঁফালে কাতি হৈ শুলে হৃদকম্পন হয়। নাড়ীৰ গতি মাজে মাজে ৰৈ যায়। হৃদস্পন্দন ক্ষীণ হয়, নাড়ীৰ গতিৰ অস্তিত্ব ধৰিব নোৱাৰা হয়। হৃৎপিণ্ডৰ বিষ, হৃৎপিণ্ড সংকোচন হোৱাৰ দৰে বিষ, বুকুৰ মাজৰ হাড়ৰ বিষ বাওঁ বাহুলৈ পৰিচালিত হয়। নাড়ীৰ গতি অস্বাভাৱিক মৃদু হয়। হৃৎপিণ্ডৰ অস্বাভাৱিক দ্ৰুত ক্ৰিয়া।
হৃৎপিণ্ডৰ ৰোগৰ পুৰণি বা আৰম্ভণি অৱস্থাত এই ঔষধ উপকাৰী। ৰোগীৰ হৃদস্পন্দন অতি জোৰে জোৰে হয়। ষ্টেথিচকোপৰ সহায় নোলোৱাকৈ বুকুৰ ওচৰত কাণ থ’লেও ইয়াৰ শব্দ শুনা যায়। বাওঁ কাতি হৈ শুলে বুকুৰ ধৰফৰণি অতি বৃদ্ধি পায়।
হিষ্টিৰিয়া ৰোগৰ লক্ষণসহ স্ত্ৰীৰ বুকু ধপ্ধপালে ব্যৱহাৰ কৰিব পাৰি। পৰিৱৰ্তনশীল মনোভাৱ। কোনো এটা বিষয় চিন্তা কৰি উদ্বিগ্ন হৈ পৰে। নতুন ৰোগত ইগ্নাচিয়া আমাৰা ব্যৱহাৰ কৰি পুৰণি হ’লে নাট্ৰাম মাৰ ব্যৱহাৰ কৰিব লাগে।
এই ঔষধত ভৰি দুখন অনবৰত জোকাৰি থাকে। স্থিৰ কৰি ৰাখিব নোৱাৰে। কোনো হিষ্টিৰিয়া ৰোগীৰ যদি এই লক্ষণ পোৱা যায় আৰু হৃৎপিণ্ডৰ বিষ বা ধপ্ধপনি থাকে তেন্তে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।
শৰীৰৰ ৰসৰক্ত ক্ষয় নতুবা জীৱনী শক্তি কমি ৰক্তহীনতা হৈ বুকু ধৰফৰ কৰিলে ব্যৱহাৰ কৰিব লাগে। শীত পৰাৰ লগে লগে আৰম্ভ হোৱা যিকোনো হৃদৰোগত এই ঔষধ ব্যৱহাৰ হয়।
পেটত বায়ু জমা হোৱাৰ বাবে বুকু ধপ্ধপায়। অজীৰ্ণ ৰোগ হৈ পেটত বায়ু জমি বুকু ধপ্ধপালে আৰু শ্বাস-প্ৰশ্বাসত কষ্ট হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।
পাহাৰ বা ওখ ঠাইলৈ উঠি যোৱাৰ সময়ত বুকু ধপ্ধপ্ কৰি হাইফাই কৰিলে এই ঔষধ খালে শাৰীৰিক কষ্ট নহয়। হৃৎপিণ্ডৰ দুৰ্বলতা, ধৰফৰণি আৰু শ্বাস-প্ৰশ্বাসত কষ্ট হোৱা ৰোগীক ইয়াৰ শক্তিকৃত ঔষধ ব্যৱহাৰ কৰিলে উত্তম ক্ৰিয়া কৰে।
কোনো ৰোগীৰ অৰ্শ ৰোগ থাকি হৃদপিণ্ডৰ ৰোগ হৈ বুকু ধপ্ধপালে এই ঔষধ এক বা দুইপালি ব্যৱহাৰ কৰিব পাৰি। এই ঔষধত হৃদপিণ্ডত চাপবোধ আৰু শ্বাসৰোধৰ লক্ষণ থাকে। হৃদপিণ্ডৰ বিষ বাওঁ বাহু পৰ্যন্ত পৰিচালিত হয়।
যিকোনো কাৰণত ৰোগীৰ ৰক্তহীনতা হ’লে দুৰ্বল আৰু হৃদপিণ্ডৰ ধপ্ধপনি হ’লে আৰু মাজে-সময়ে হৃদপিণ্ড জোকাৰি দিয়াৰ দৰে অনুভৱ কৰিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।
হৃৎযন্ত্ৰৰ ক্ৰিয়া স্বাভাৱিকভাৱে চলি থাকিবলৈ বা দীৰ্ঘদিন ধৰি হৃৎযন্ত্ৰক সুস্থ ৰাখিবলৈ হ’লে খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব। কেঁচা নিমখ বা নিমখীয়া খাদ্যদ্ৰব্য এনে ৰোগীয়ে ত্যাগ কৰা উচিত, কিয়নো শৰীৰত অতিৰিক্ত পৰিমাণৰ নিমখে ৰক্তচাপ বৃদ্ধি কৰি হৃদযন্ত্ৰ আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ ব্যাপক ক্ষতি কৰে। অতিৰিক্ত নিমখ গ্ৰহণ কৰা লোকৰ হাৰ্ট এটেক, অতিৰিক্ত ৰক্তচাপ, চেৰিব্ৰেল ষ্ট্ৰোক, ৰক্তবাহী নলীৰ বিভিন্ন ৰোগ আৰু কিড্নীৰ বিভিন্ন জটিলতা আহিব পাৰে। ধূমপান, মদ্যপানৰ অভ্যাস ত্যাগ কৰিব লাগে। শাৰীৰিক পৰিশ্ৰম বা যোগাসন কৰি শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিলে শৰীৰটো সুস্থ হ’ব আৰু হৃৎপিণ্ডৰ ৰক্ত চলাচল প্ৰক্ৰিয়া সুন্দৰ হ’ব।
লেখিকা: দীপিকা নাথ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 5/25/2020
স্ত্ৰীৰোগ আৰোগ্যত হোমিও চিকিৎসা
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
আঁঠুৰ বিষৰ হোমিও আৰু আকুপাংচাৰ চিকিৎসা