অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ শিশুটিৰ কেৰিয়াৰ

আপোনাৰ শিশুটিৰ কেৰিয়াৰ

শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে তাৰ কেৰিয়াৰৰ কথা চিন্তা কৰাটো দৰকাৰী হৈ পৰে। আজিকালি প্ৰতিযোগিতাৰ যুগ। নিজৰ সন্তানটিৰ সৰ্বাংগীন উন্নতিৰ কথা সকলো অভিভাৱকেই চিন্তা কৰে। কিন্তু সেই বুলি বয়সতকৈ আগতে শিশুটিৰ মগজুৱে ঢুকি নোপোৱা কাম এটা কৰোৱাটো উচিত নহয়। যুগ পৰিৱৰ্তনৰ লগত খোজ মিলাবলৈ গৈ শিশুটিৰ মনোজগতৰ খবৰ নৰখাটো উচিত কথা হ’ব নোৱাৰে। নিজৰ আপুৰুগীয়া বিষয়বোৰ সন্তানৰ জৰিয়তে পূৰণ কৰিবলৈ বিচৰাটো অনুচিত। কাৰণ শিশুৰো নিজা এখন জগত থাকে। সিহঁতে পঢ়া-শুনা, নাচ, গান, খেল, ছবি অঁকা এই সকলো বিষয়ে সমানে ভাল নাপাবও পাৰে। গতিকে সিহঁতৰ লগত জোৰ কৰা উচিত নহয়। শিশুটিয়ে যিটো বিষয়ত অধিক আগ্ৰহ দেখুৱায় সেই বিষয়টো চালি-জাৰি চাই, বিশেষকৈ মাক গৰাকীয়ে শিশুটিক উৎসাহিত কৰিব লাগে। কিছুমান ক্ষেত্ৰত নিজৰ সন্তানক স্বাধীনতা প্ৰদান কৰা উচিত। অন্যথাই মাক-দেউতাকে জোৰ জবৰদস্তি কৰিলে সন্তানটি অসন্তুষ্ট হৈ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে। সি পঢ়াই হওঁক বা আন বিষয়তেই হওঁক, মনৰ বিপৰীতে গৈ বেয়া ফলহে দাঙি ধৰিব পাৰে।

শিশুটি ডাঙৰ হৈ ডাক্তৰ বা ইঞ্জিনীয়াৰ হোৱাটোৱেই যদি পিতৃ-মাতৃৰ ইচ্ছা, তেন্তে তাক সৰুৰে পৰাই সেই দিশটিৰ প্ৰতি উৎসাহিত কৰক। যদি তাৰ সেই দিশত আকৰ্ষণ নাই, তেন্তে তাৰ ভাল লগা বিষয়টো জানি লোৱা উচিত। সেই বিষয়টো তাৰ ভৱিষ্যতৰ কেৰিয়াৰ হিচাপে ল’ব পৰা হ’বনে নহয় তাৰ প্ৰতি লক্ষ্য কৰা প্ৰয়োজন। যদি সন্তানটোৱে পিতৃ-মাতৃৰ পৰা মৰম চেনেহ মাজৰে এটা সুস্থ পৰিৱেশ পায় তেন্তে ভৱিষ্যতে নিজৰ মতে নিজাকৈ ভাল কেৰিয়াৰ এটা গঢ়ি তুলিব পাৰিব।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate