আমাৰ শৰীৰত থকা পেনক্ৰিয়াচ্ বা অগ্নাশয় নামৰ গ্ৰন্হিটোৰ পৰা ইনচুলিন নামৰ এবিধ হৰমন নি:সৰিত হয়৷
এই ইনচুলিনে আমাৰ খাদ্যৰ পৰা সৃষ্টি হোৱা চেনিক শক্তিলৈ ৰূপান্তৰিত কৰে ৷
এই শক্তিয়ে আমাক দৈনন্দিন কাম কৰাত সহায় কৰে ৷
আমাৰ দৈনিক কাম-কাজ সুকলমে সমাপন কৰোঁ
শৰীৰত যেতিয়া ইনচুলিনৰ আপেক্ষিক বা সম্পূৰ্ণৰূপে অভাৱ হয়, তেতিয়াই বহুমূত্ৰৰোগে দেখা দিয়ে ৷
ডায়েবেটিচ নিয়ন্ত্ৰণৰ চাৰিটা খোজ:
১ম খোজ: ডায়েবেটিচৰ বিষয়ে জানক
২য় খোজ: ডায়েবেটিচৰ ABC ৰ বিষয়ে জানক
৩য় খোজ: ডায়েবেটিচ নিয়ন্ত্ৰণ কৰক
৪ৰ্থ খোজ: নিয়মিত পৰামৰ্শ লওক
প্ৰথম খোজ: ডায়েবেটিচৰ বিষয়ে জানক:
তেজত চেনিৰ পৰিমান বঢ়া মানেই হ’ল ডায়েবেটিচ ৷ ই সাধাৰণতে দুই প্ৰকাৰৰ:
Type 1 ডায়েবেটিচ: এই বিধ ৰোগত দেহত ইনচুলিন একেবাৰে উৎপন্ন নহয় ৷ ইনচুলিনে আমি খাদ্যৰ পৰা চেনিক শক্তিলৈ ৰূপান্তৰিত কৰে ৷ Type 1 ডায়েবেটিচ ৰোগীয়ে সদায়ে ইনচুলিন লব লগা হয় ৷
Type 2ডায়েবেটিচ : এই বিধ ৰোগত দেহে পৰ্য্যাপ্ত পৰিমানৰ ইনচুলিন প্ৰস্তুত নকৰে বা ব্যৱহাৰ কৰিব নোৱাৰে ৷ Type 2 ডায়েবেটিচ ৰোগীয়ে টেবলেট অথবা ইনচুলিন ব্যৱহাৰ কৰিব লাগে ৷ Type 2 ডায়েবেটিচ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা পৃথিবীত বেছি ৷
প্ৰসৱকালীন বহুমূত্ৰ বা ডায়েবেটিচ: গৰ্ভাৱস্হাত হোৱা ডায়েবেটিচ ৷ প্ৰসবৰ পিচত সাধাৰণতে স্বাভাৱিক অৱস্হালৈ আহে কিন্তু ভৱিষ্যতলৈ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা বঢ়াই তোলে ৷ ই কেচুৱাৰ ওজন অস্বাভাবিক ভাবে বঢ়াব পাৰে অথবা শিশুক ভৱিষ্যতে বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বঢ়াই তোলে ৷
কোনোবাই যদি কয় যে তেওঁৰ ‘অলপমান ডায়েবেটিচ আছে’ অথবা ‘চুগাৰ অলপমান বেছি আছে’, তেনেহলে ভাব হয় যে ডায়েবেটিচ যেন এটা ডাঙৰ অসুখ নহয় ৷ কিন্তু কথাটো সঁচা নহয় ৷ ডায়েবেটিচ এটা ভয়ানক সমস্যা আৰু তাক সমাধান কৰিবলৈ শিকাটো আপোনাৰ কাম্য ৷
কথাটো সহজ নহয়, কিন্তু মূল্যবান ৷
সকলো বহুমূত্ৰৰোগীয়েই উচিত খাদ্য, ওজনৰ সন্তোলন ৰক্ষা কৰা আৰু সদায় খোজ কৰাত গুৰূত্ব দিব লাগে ৷
নিজৰ আৰু বহুমূত্ৰৰোগৰ প্ৰতি লোৱা সাৱধানতাই আপোনাক সুস্হ কৰি ৰখা আৰু সুস্হ অনুভৱ কৰাত সহায় কৰাৰ উপৰিও তলত উল্লেখ কৰা জটিলতাসমুহ দূৰ কৰাত সহায় কৰে : হৃদৰোগ আৰু পক্ষাঘাত
চকু আৰু দৃষ্টিশক্তি—বহুমূত্ৰৰোগ দৃষ্টিহীনতাৰ অন্য এক প্ৰধান কাৰণ ৷
স্নায়ু ৰোগ; হাত-ভৰি জিনজিনোৱা বা বিষোৱা ৷ বহু সমায়ত বহুতে ভৰি বা আঙুলি হেৰুৱাব লগীয়া হয় ৷
বৃক্ক বা কিডনি বিকলতা ৷
দাঁতৰ আলুৰ অসুখ বা অকালতে দাঁত সৰা ৷
হৃদৰোগ আৰু পক্ষাঘাত
চকু আৰু দৃষ্টিশক্তি—বহুমূত্ৰৰোগ দৃষ্টিহীনতাৰ অন্য এক প্ৰধান কাৰণ ৷
স্নায়ু ৰোগ; হাত-ভৰি জিনজিনোৱা বা বিষোৱা ৷ বহু সময়ত বহুতে ভৰি বা আঙুলি হেৰুৱাব লগীয়া হয় ৷
বৃক্ক বা কিডনি বিকলতা ৷
দাঁতৰ আলুৰ অসুখ বা অকালতে দাঁত সৰা ৷
তেজৰ চেনিৰ পৰিমান সঠিক থাকিলে আপুনি:
২য় খোজ : ডায়েবেটিচৰ ABC ৰ বিষয়ে জানক:
আপোনাৰ চিকিৎসকৰ সৈতে এই বিষয়সমুহৰ বিষয়ে কথা পাতক কেনেকৈ আপোনাৰ A1c, Blood pressure আৰু Cholesterol নিয়ন্ত্ৰন কৰিব পাৰি ৷ইয়াৰ দ্বাৰা আপুনি হৃদৰোগ, পক্ষাঘাত (ষ্ট্ৰোক, বা ডায়েবেটিচৰ অন্যান্য জটিলতাসমুহৰ পৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমাব পাৰিব ৷
বহুমূত্ৰৰোগৰ ABC হ’ল:
A মানে হ’ল A1c Test:
এই পৰীক্ষাই বিগত তিনি মাহৰ আপোনাৰ তেজৰ চেনিৰ পৰিমানৰ বিষয়ে আভাস দিয়ে ৷ ইয়াক আমি ৭% ৰ তলত ৰাখিবলৈ যত্ন কৰা উচিত ৷ তেজৰ অত্যাধিক চেনিৰ পৰিমানে আপোনাৰ হৃৎপিণ্ড আৰু ৰক্তসঞ্চালন প্ৰণালী, বৃক্ক, ভৰি আৰু চকুৰ ক্ষতিসাধন কৰিব পাৰে ৷
B মানে হ’ল Blood Pressure:
ব্লাড প্ৰেচাৰৰ লক্ষ্য সীমা ১৩০/৮০ হব লাগে ৷
উচ্চ ৰক্ত চাপ বা ব্লাড প্ৰেচাৰে আমাৰ হৃদপিণ্ডক কষ্টেৰে কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰে ৷ ইয়াৰ ফলত হৃদৰোগ (Heart attack), পক্ষাঘাত (Stroke) আৰু বৃক্কৰোগ (Kidney disease)হব পাৰে ৷
C মানে হ’ল cholesterol :
বহুমুত্ৰ ৰোগীৰ LDL ৰ লক্ষ্য ১০০ মি.গ্ৰা/ডে.লি তকৈ কম
পুৰুষ বহুমুত্ৰ ৰোগীৰ HDL ৰ লক্ষ্য ৪০ মি.গ্ৰা/ডে.লি তকৈ বেছি
মহিলা বহুমুত্ৰ ৰোগীৰ HDL ৰ লক্ষ্য ৫০মি.গ্ৰা/ডে.লি তকৈ বেছি
LDL বা ‘বেয়া কলেষ্টৰলে’ আপোনাৰ ৰক্তবাহী নলীবোৰ চামনিৰে বন্ধ কৰি দিব পাৰে ৷ইয়াৰ ফলত আপোনাৰ হৃদৰোগ বা ষ্ট্ৰোক কব পাৰে ৷HDL বা ‘ভাল কলেষ্টৰলে’ আপোনাৰ ৰক্তবাহী নলীৰ কলেষ্টৰলৰ চামনিবোৰ আঁতৰাই নিয়ে ৷
আপোনাৰ চিকিৎসকক সোধক:
আপোনাৰ A1C, ব্লাড প্ৰেচাৰ আৰু কলেষ্টৰলৰ পৰিমান কিমান ? আপোনাৰ A1C ব্লাড প্ৰেচাৰ আৰু কলেষ্টৰলৰ পৰিমান কিমান হোৱা উচিত ? লক্ষ্যত উপনীত হবলৈ আপুনি কি কৰিব লাগিব ?
এই সংখ্যাসমুহ আপোনাৰ বহীত লিপিবদ্ধ কৰি ৰাখক ৷
যদিও বহুমূত্ৰৰোগীৰ Hb A1c লক্ষ্য ৭% তকৈ কম, সকলোৰে ক্ষেত্ৰত ই প্ৰযোজ্য নহবও পাৰে ৷ আপোনাৰ চিকিৎসকৰ সৈতে এই বিষয়ে আলোচনা কৰক ৷
৩য় খোজ: ডায়েবেটিচ নিয়ন্ত্ৰণ কৰক:
বহুতো ডায়েবেটিচ ৰোগীয়ে স্বযত্নেৰে বহুমূত্ৰৰোগ প্ৰসুত দীৰ্ঘকালীন সমস্যাসমুহ প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় ৷চিকিৎসক আৰু চিকিৎসা-কৰ্মীৰ সহযোগত আপুনি ডায়েবেটিচ নিয়ন্ত্ৰণৰ ABC লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰক ৷ এই স্বযত্ন-পৰিকল্পনা ব্যৱহাৰ কৰক ৷
আপোনাৰ ডায়েবেটিচ খাদ্য তালিকা অনুসৰণ কৰক ৷
আপোনাৰ হাতত যদি তেনে তালিকা নাই তেন্তে চিকিৎসক-স্বাস্হ্য কৰ্মীক তিনি তালিকা প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰক
আপোনাৰ ব্লাড চুগাৰ কিমানত ৰখা উচিত চিকিৎসকৰ সৈতে আলোচনা কৰক ৷ ব্লাড চুগাৰ কেনেকৈ আৰু কেতিয়া জোখা হয় আৰু ইয়াক ডায়েবেটিচ নিয়ন্ত্ৰনত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানি লওক ৷
এই নিৰ্দেশাৱলী আপোনাৰ দিক্ নিৰ্দেশক হিচাবে ব্যৱহাৰ কৰক ৷
স্ব-যত্ন পৰিকল্পনাই আপোনাক কেনে ধৰণে সহায় কৰিছে সেই বিষয়ে যেতিয়াই আপুনি চিকিৎসকৰ ওচৰলৈ যায় আলোচনা কৰক৷
৪ৰ্থ খোজ: নিয়মীয়া পৰীক্ষা কৰাওক ৷
আপোনাৰ চিকিৎসক মণ্ডলীক বছৰত কমেও দুবাৰ লগ কৰক আৰু কিবা সমস্যা উদ্ভৱ হৈছে নেকি বুজ লওক ৷
চিকিৎসকৰ ওচৰত প্ৰতিবাৰেই তলৰ পৰীক্ষা কেইটা সুনিশ্চিত কৰক:
ৰক্তচাপ পৰীক্ষা
ভৰি পৰীক্ষা
ওজন পৰীক্ষা
স্ব-যত্ন পৰিকল্পনাৰ পৰ্য্যালোচনা
প্ৰতি বছৰেই দুবাৰকৈ
বছৰত এবাৰকৈ তলত দিয়া পৰীক্ষাসমুহ নিশ্চিত কৰক:
এই পৰীক্ষাসমুহ আৰু তাৰ ফলাফলৰ বিষয়ে চিকিৎসক মণ্ডলীক সোধক ৷এই পৰীক্ষাৰ ফলাফলৰ অৰ্থ চিকিৎসকৰ পৰা বুজি লওক ৷
আকৌ কেতিয়া চিকিৎসকৰ ওচৰলৈ আহিব লাগিব ( তাৰিখ আৰু সময় ) টোকা লৈ থওক ৷
যদিহে আপুনি স্বাস্হ্য বীমা কৰিছে তেনেহলে তলত দিয়া সুবিধাসমুহ উপলব্ধ হয়নে নহয় জানি লওক:
স্ব-যত্ন পৰিকল্পনা
প্ৰয়োজন সাপেক্ষে বিশেষ জো্তা
যন্ত্ৰ-পাতি যোগান
ডায়েবেটিচৰ ঔষধ
ডায়েবেটিচ নিয়ন্ত্ৰণত ৰোগীৰ নিজৰ ভূমিকা অপৰিসীম ৷
ডায়েবেটিচৰ বিষয়ে জানক আৰু এই ৰোগ নিয়ন্ত্ৰনত চিকিৎসকক সহযোগ কৰক৷ আজিৰ অলপ সাৱধানতা আৰু ত্যাগে আপোনাৰ আয়ুস বৃদ্ধিত সহায় কৰিব
ডা. হেমন্ত কুমাৰ গগৈ MD, Dip. Diab (UK), FD(Chennai)
বহুমূত্ৰ ৰোগ বিশেষজ্ঞ, শিমলুগুৰি
শেহতীয়া উন্নীতকৰণ: : 3/25/2020
গৰ্ভৱতী মহিলাৰ খাদ্য নিয়ন্ত্ৰণ আৰু শিশুৰ হৃদৰোগ
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়
জাপানী এনকেফেলাইটিছ ৰোগৰ কাৰণ আৰু ইয়াৰ নিয়ন্ত্ৰণ