জাপানী এনকেফেলাইটিছ ৰোগটো বিস্তাৰ হোৱাত গাহৰিয়ে যথেষ্ট আগ-ভাগ লয়। কিছু ক্ষেত্ৰত অঞ্চলটোৰ ১০০ শতাংশ গাহৰিয়ে জে ই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। ৰোগাক্ৰান্ত গাহৰিয়ে এই বেমাৰৰ বিশেষ কোনো লক্ষণ নেদেখুৱায়। অথচ এই ৰোগৰ বীজাণু বহু পৰিমাণে বৃদ্ধি কৰি গোটেই শৰীৰটোত থকা তেজলৈ বীজাণু বিস্তাৰ কৰি দিয়ে। এই ধৰণৰ গাহৰিৰ পৰা কিউলেক্স নামৰ মহবিধে তেজ শোষণ কৰাৰ সময়ত ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হয় আৰু ইয়াৰ ৯-১২ দিন পিছত বেলেগ ভাল গাহৰিলৈ বা মানুহ, গৰু, ম’হ, ছাগলী ইত্যাদিলৈ বীজাণু বিয়পাই দিয়ে। কোৱা হৈছে এই মহবিধে খেতিপথাৰত থকা পানীত কণী এৰি দিয়ে আৰু বংশ বৃদ্ধি কৰে।
জে ই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত মহে কামোৰৰ ৫-১৫ দিনৰ ভিতৰত এই ৰোগৰ লক্ষণ মানুহৰ গাত দেখা দিয়ে। অৱশ্যে যিমানখিনি মানুহক কামোৰে, সেই আটাইবোৰ মানুহ জে ই বেমাৰৰ দ্বাৰা আক্ৰান্ত নহয়। ১:৩০০ ৰ পৰা ১:১০০০ অনুপাতত বেমাৰত আক্ৰান্ত হ’ব পাৰে বুলি কোৱা হৈছে। মানুহৰ ক্ষেত্ৰত জে ই বেমাৰৰ তিনিটা পৰ্যায় আছে।
(১) প্ৰোড্ৰ’মেল পৰ্যায়
ৰোগীয়ে অতি সোনকালে দুৰ্বল হৈ জ্বৰ, মূৰৰ বিষৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ পৰে। এই পৰ্যায়টো ১-৬ দিন পৰ্যন্ত হ’ব পাৰে।
(২) এনকেফেলাইটিক পৰ্যায়
জ্বৰৰ পৰিমাণটো বৃদ্ধি হয়(৩৮-৪০.৭)ডিগ্ৰীৰ চেলচিয়াছ পৰ্যন্ত, স্নায়ুতন্ত্ৰ দুৰ্বল, ৰোগীয়ে ভয়ংকৰভাৱে কঁপিবলৈ ধৰে আৰু দীঘলীয়া সংজ্ঞাহীন অৱস্থালৈ গুচি যায়।
(৩) শেষৰ পৰ্যায়
গাৰ উত্তাপ আৰু ই এছ আৰ অস্বাভাৱিক হয়। স্নায়ুতন্ত্ৰৰ লক্ষণবোৰ প্ৰকট হ’বলৈ ধৰে, কঁপনি আৰম্ভ হয় আৰু এই পৰ্যায়টো দীঘলীয়া হয়। ২০-৪০ শতাংশ ৰোগী বেয়া অৱস্থালৈ গতি কৰি ৯ দিনৰ ভিতৰত মৃত্যু হয়।
লিখক: ডা° সুভাষ শৰ্মা, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 1/6/2019
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা