শিৰোনামটো দেখি নিশ্চয় আচৰিত হৈছে যে অতি কম দামৰ সাধাৰণতে মানুহে ব্যৱহাৰ নকৰা এই কাঁচকলৰ এনে কি গুণ আছে যে কোলেন-ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে| আমি সাধাৰণতে পৰম্পৰা হিচাপে ডায়েৰীয়া হ’লে কাঁচকল ব্যৱহাৰ কৰো| বৰ্তমান উঠি অহা ল’ৰা-ছোৱালীয়ে কাঁচকল খাবলৈ অনীহা প্ৰকাশ কৰে| অৱশ্যে আমি বিভিন্ন পকা কল কম-বেছি পৰিমাণে গ্ৰহণ কৰো|
আমি সাধাৰণতে কাঁচকল সিদ্ধ বা ভাজি বনাই খাওঁ| পুষ্টিবিদৰ মতে সিদ্ধ কাঁচকলত নানা ধৰণৰ পুষ্টিগুণ থাকে| প্ৰকৃততে কাঁচকলত ষ্টাচ যথেষ্ট পৰিমাণে থাকে আৰু বিশেষ ভাৱে ইয়াক ৰেজিষ্টেণ্ট ষ্টাচ বুলি ক’ব পৰা যায়| আন বেলেগ ধৰণৰ ষ্টাচৰ লগত ইয়াৰ পাৰ্থক্য হ’ল আন ষ্টাচৰ দৰে ই হজম নহয়| আচলতে অন্ত্ৰৰ মাজেৰে যোৱাৰ সময়তে ভাঙি টুকুৰা হোৱাৰ পৰিৱৰ্তে এই ষ্টাচ অপৰিৱৰ্তিত হৈ থাকে| অৰ্থাৎ এই ষ্টাচ দ্ৰৱীভুত নোহোৱা ষ্টাচৰ লগত মিল আছে| আমি ফাইবাৰ জাতীয় খাদ্য খালে যি সুবিধা লাভ কৰো ইয়াতো তাকেই পোৱা যায়| এক কাপ সিদ্ধ কাঁচকলত ৩.৬ গ্ৰাম ফাইবাৰ থাকে| আনহাতে ৰেজিষ্টেণ্ট ষ্টাচৰ আৰু এটা প্ৰধান বৈশিষ্ট্য হ’ল হজমৰ পথক স্বাস্থ্যকৰ কৰি ৰাখে| কাৰণ হজমৰ পক্ষে যিবোৰ বেক্টেৰিয়া সহায়ক, সেই বেক্টেৰিয়াই এই কাঁচকলৰ পৰা খাদ্য সংগ্ৰহ কৰে| এনেধৰণে বেক্টেৰিয়াবোৰ শক্তিশালী হৈ পৰে আৰু আপোনাৰ খাদ্য হজম কৰাত সহায়ক হৈ পৰে| ইয়াৰ উপৰি এনে সময়ত এনে এবিধ বস্তু উৎপন্ন হয়-যিয়ে কোলেনক স্বাস্থ্যকৰ কৰি ৰাখে আৰু কোলেন কেঞ্চাৰ হোৱাৰ পৰা আপোনাক ৰক্ষা কৰে| আকৌ যিবোৰ বেক্টেৰিয়াই হজম হোৱাত বিধি-পথালি দি থাকে তেনে বেক্টেৰিয়াক দুৰলৈ ঠেলি দিয়ে| কাৰণ এই ধৰণৰ বেক্টেৰিয়াই ডায়েৰীয়াৰ পৰা আৰম্ভ কৰি কোলেনৰ নানা ৰোগৰ সৃষ্টি কৰে| পেটৰ আন কিছুমান সমস্যাৰ লগতে ডায়েৰীয়াত কাঁচকল অব্যৰ্থ ঔষধ| কাঁচকলে কিছু পৰিমাণে এণ্টাচিডৰ দৰেও কাম কৰে|
কাঁচকলত ভিটামিন বি-৬ চিৰ উপৰিও অতি গুৰুত্বপুৰ্ণ পটাছিয়ামো আছে| এক কাপ সিদ্ধ কাঁচকলত ৫৩১ মিলিগ্ৰাম পটাছিয়াম পোৱা যায়| আমেৰিকাৰ হাৰ্ট এছ’চিয়েছনৰ ছুপাৰিছ হ’ল প্ৰত্যেকদিনে ৪,৭০০ মিলিগ্ৰাম পটাছিয়াম আমাৰ স্বাস্থ্যৰ বাবে প্ৰয়োজন| এই পটাছিয়াম ফ্লুইডৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে| তেজৰ চাপ নিয়ন্ত্ৰণ ৰাখে|
ইয়াৰ উপৰি অতি গুৰুত্বপুৰ্ণ কথা হ’ল ভিটামিন বি-৬| এক কাপ সিদ্ধ কাঁচকলত থাকে ৩৯ শতাংশ ভিটামিন বি-৬| যিসকলৰ ইতিমধ্যে ডায়েবেটিছ ৰোগত আক্ৰান্ত তেনে লোকে ছুগাৰৰ পৰিমাণ বাঢ়িব বুলি পকা কল খোৱাৰ পৰা বিৰত থাকে তেনেক্ষেত্ৰত কাঁচকল অতি উপযোগী| কাৰণ এই কাঁচকলে তেজৰ হিম’গ্লোবিন তৈয়াৰ কৰে আৰু আনফালে তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে| বৰ্তমান ভাৰতবৰ্ষত ডায়েবেটিছৰ হাব হিচাপে পৰিগণিত হ’বলৈ ধৰিছে| বৰ্তমান প্ৰজন্মৰ ফাষ্টফুড-জাংকফুড, শীতল পানীয় গ্ৰহণৰ প্ৰৱণতা দিনে দিনে বাঢ়ি গৈ আছে| সেয়েহে অকল ডায়েবেটিছ নহয় সকলোধৰণৰ ডিজেনেৰেটিভ ৰোগত ভুগিবলৈ ধৰিছে| ইয়াৰ উপৰি কাঁচকলত প্ৰ’টিন-কাৰ্ব’হাইড্ৰেট ফেটো আছে| এনেহেন মুল্যহীন বুলি ভবা কাঁচকল আমাৰ শৰীৰৰ বাবে এবিধ মুল্যবান খাদ্য|
ড° সনাতন ডেকা
শেহতীয়া উন্নীতকৰণ: : 1/14/2019
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা