ভাৰতীয়সকলৰ মাজত ডায়েবেটিছ প্ৰৱণতা ক্ৰমে বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত প্ৰায় চাৰে তিনি কোটি মানুহ এই ৰোগত আক্ৰান্ত হৈছে। সমগ্ৰ বিশ্বৰ সৰ্বমুঠ ডায়েবেটিছ ৰোগীৰ ২০ শতাংশই ভাৰতীয়। এই সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱাটোহে অতি উদ্বেগৰ বিষয়। সমীক্ষাৰ পৰা দেখা গৈছে যে গ্ৰামাঞ্চল আৰু সৰু চহৰাঞ্চলতকৈ বৃহৎ নগৰ বা মহানগৰবাসীৰ মাজত এই ৰোগৰ প্ৰাৰ্দুৰ্ভাৱ বেছি। উল্লেখ্যযোগ্য যে, চহৰাঞ্চলত যিসকল লোকে ডায়েবেটিছত ভুগিছে তেওঁলোকৰ বয়স ৪০ বছৰৰো কম।
চহৰাঞ্চলৰ প্ৰতি এশজন লোকৰ ভিতৰত ১৪ জনেই আছে প্ৰি-ডায়েবেটিক ষ্টেজত। এওঁলোক সময়মতে সতৰ্ক নহ’লে যিকোনো সময়তে এই ৰোগৰ চিকাৰ হ’ব পাৰে।
ডায়েবেটিছ ৰোগৰ লক্ষণ: থ্ৰি পি
তেজত চেনিৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰিলে কেইটামান লক্ষণে দেখা দিয়ে। এইবিলাকৰ ভিতৰত থ্ৰি পি হ’ল অন্যতম। এই থ্ৰি-পি হ’ল-
তেজত গ্লুকজৰ পৰিমাণ বাঢ়ি গ’লে ভোক আৰু পিয়াহৰ প্ৰৱণতা বৃদ্ধি পায়, ফলত সঘনাই বাথৰুমলৈ যাবলগীয়া হয়। সেই কাৰণেই এই ৰোগৰ নাম বহুমূত্ৰ।
এই বিলাকৰ বাহিৰেও আৰু ভালেমান শাৰিৰীক সমস্যাই দেখা দিব পাৰে। যেনে-
অৱশ্যে এইবিলাকেই ডায়েবেটিছৰ একমাত্ৰ লক্ষণ নহয়। এইবিলাকৰ উপৰিও অন্যান্য ভালেমান আনুষংগিক উপসৰ্গই দেখা দিয়ে। যেনে-সঘনাই চছমাৰ পাৱাৰ সলনি হয়, কোনো কোনো লোকৰ গাত হোৱা সাধাৰণ ফোঁহা বা ঘা আদি সোনকালে নুশুকায়। হাত বা ভৰিৰ আঙুলিৰ ফাঁকত পানীয়ে খোৱা ঘা কোনো কালে শুকাব নোখোজে বা নতুন জোতাই কটা ভৰিৰ ঘা নুশুকায়। কোনো কোনো ৰোগীৰ মূৰ ঘূৰায়। বহুতৰে আকৌ সহবাসৰ প্ৰতি অনীহা হয় বা উত্তেজনা থাকিলেও লিংগ স্ফীতি নঘটে ইত্যাদি।
পেংক্ৰিয়াচ বা অগ্ন্যাশয়ৰ পৰা ইনচুলিন নি:সৰণ আংশিক অথবা সম্পূৰ্ণকৈ বন্ধ হৈ গ’লে শৰীৰৰ অভ্যন্তৰত বিভিন্ন ধৰণৰ ৰাসায়নিক হীন ডেঢ়ি ঘটে ফলত তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়।
দুবিধ ডায়েবেটিছ
পেংক্ৰিয়াচৰ পৰা ইনচুলিন নি:সৰণ সম্পূৰ্ণৰূপে বন্ধ হৈ গ’লে ইনচুলিন ডিপেনডেন্ট ডায়েবেটিছ মেলিটাছ বা টাইপ-১ ডায়েবেটিছ হয়। সৰ্বমুঠ ডায়েবেটিছ ৰোগীৰ ৫ শতাংশ এই শ্ৰেণীৰ ৰোগী।
শৰীৰৰ প্ৰয়োজনতকৈ কম পৰিমাণৰ ইনচুলিন নি:সৰণ হ’লে যি ডায়েবেটিছ হয় তাক কোৱা হয় ‘ইনচুলিন ডিপেনডেন্ট ডায়েবেটিছ মেলিটাছ’ বা টাইপ-২ ডায়েবেটিছ। সৰ্বমুঠ ডায়েবেটিছ ৰোগীৰ ৯০-৯৫ শতাংশই এই শ্ৰেণীৰ ৰোগী।
এইবিলাক কাৰণৰ উপৰিও কিছুমান হৰমোনৰ তাৰতম্যৰ কাৰণেও পেংক্ৰিয়াচৰ প্ৰদাহ বা আন কোনো সমস্যা হ’লে, ইনচুলিন ৰিচেপ্টৰৰ কৰ্মক্ষমতা হ্ৰাস পায় আৰু সেই কাৰণেও চেকেণ্ডাৰি ডায়েবেটিছ দেখা দিব পাৰে। অন্য কোনো ৰোগৰ বাবে সেৱন কৰা ঔষধ বা ৰাসায়নিক প্ৰভাৱ বা কুছিং ছিনদ্ৰোম জাতীয় অসুখৰ কাৰণেও চেকেণ্ডাৰি ডায়েবেটিছ হ’ব পাৰে। টাপ ওৱান ডায়েবেটিছ ৰোগত ৰোগীয়ে ইনচুলিন লোৱাৰ প্ৰয়োজন নেথাকে। কোনো কোনো টাইপ টু ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ইনচুলিন উৎপাদনকাৰী বিটা কোষ অতিৰিক্তভাৱে পৰিশ্ৰান্ত হৈ সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰিব পাৰে। তেনে অৱস্থা হ’লে টাইপ টু ডায়েবেটিছ ৰোগীয়েও ইনচুলিন লব লগা হব পাৰে।
ডায়েবেটিছৰ কোনো ধৰণৰ উপসৰ্গ থাকক বা নেথাকক, যিকোনো অপাৰেচন কৰিব লগা হ’লে বা অন্য কোনো ৰোগ নিৰ্ণয় কৰিব লগা হ’লে ব্লাড চুগাৰ জোখাটো আজিকালি ৰুটিন পৰীক্ষাৰ অন্তৰ্গত হৈছে। বহুতো ৰোগীয়ে ব্লাড চুগাৰ পৰীক্ষা কৰিব লগা হ’লে মনে মনে ক্ষুন্ন হয়। কিন্তু অৱশেষত তেওঁৰ বেছি লাভ হয়। কাৰণ এনে ধৰণৰ পৰীক্ষাত ডায়েবেটিছ ধৰা পৰিলে আৰম্ভণিতে নিয়ন্ত্ৰণত কৰিবলৈ সহজ হয়।
ফাষ্টিং প্লাজমা গ্লুকোজৰ পৰিমাণ ১১০-১২৬ মিলিগ্ৰাম প্ৰতি ১০০ মিলিলিটাৰত। ৭৫ গ্ৰাম গ্লুকোজ খুউৱাৰ ২ ঘন্টাৰ পিছত প্লাজমা গ্লুকোজৰ মাত্ৰা হব লাগে ১৪০-২০০ মিলিগ্ৰাম প্ৰতি ১০০ মিলিলিটাৰত।
এই পৰিমাণ ডাক্তৰী পৰিভাষাত ইম্পেয়াৰ্ড গ্লুকোজ টলাৰেন্স আই জি টি থাকিলে প্ৰতি ১০০ জন লোকৰ ভিতৰত এক তৃতীয়াংশই স্বাভাৱিক অৱস্থাত থাকে। বাকী এক তৃতীয়াংশ লোকে ডায়েবেটিছত ভোগে আৰু বাকী এক তৃতীয়াংশ একে অৱস্থাত থাকি যায়।
খালী পেটত তেজ পৰীক্ষা কৰি যদি তেজত গ্লুকোজৰ পৰিমাণ ১৪০ মিলিগ্ৰাম প্ৰতি ডেচিলিটাৰত থাকে আৰু আহাৰ খোৱাৰ ২ ঘন্টাৰ পিছত সেই পৰিমাণ ২০০ মিলিগ্ৰাম প্ৰতি ডেচিলিটাৰত হয়, তেনেহ’লে সেইজন লোক ডায়েবেটিছত ভোগা বুলি ক’ব লাগিব।
অহা বিছ বছৰৰ ভিতৰত ভাৰতকে ধৰি বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ সৰ্বমুঠ ডায়েবেটিছ ৰোগীৰ সংখ্যা হবগৈ প্ৰায় ২২.৩ কোটি। এই অভাৱনীয় বৃদ্ধিৰ অন্যতম কাৰণ হ’ল শৰীৰৰ বৰ্ধিত ওজন। খাদ্যাভাসৰ দ্ৰুত পৰিৱৰ্তন আৰু ফাষ্ট ফুডৰ প্ৰতি বৰ্ধিত আসক্তি, দৈহিক পৰিশ্ৰম বিমুখিতা আদিৰ ফলত উন্নত আৰু উন্নয়নশীল দেশবিলাকৰ মানুহৰ শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বাঢ়িবলৈ লৈছে। আজিৰ চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে শৰীৰৰ ওজন হ্ৰাস কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো একেবাৰে টান কথা নহয়। অৱশ্যে নন ইনচুলিন ডিপেনডেন্ট ডায়েবেটিছ ৰোগীসকলৰ ৫০ শতাংশৰ পৰিয়ালত পূৰ্বজসকলৰ ডায়েবেটিছ থকাৰ প্ৰমাণ পোৱা যায়, অৰ্থাৎ টাইপ টু শ্ৰেণীৰ ডায়েবেটিছ ৰোগীৰ আধা অংশই এই ৰোগ বংশগতভাৱে বহন কৰে।
আজিৰ অত্যাধুনিক জীৱনযাত্ৰাত নাৰ্ছাৰী স্কুলৰ শিশুৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈকে সকলো বয়সৰ লোকেই প্ৰতিদিনে অনবৰত সীমাহীন উদ্বেগ আৰু দুশ্চিন্তা, হতাশা আদি বিভিন্ন ধৰণৰ মানসিক হেঁচাৰ সন্মুখীন হব লগা হয়। এনে ধৰণৰ মানসিক উদ্বিগ্নতাই অৱশেষত মাতি আনি ডায়েবেটিছ। গৱেষকসকলে প্ৰমাণ কৰিছে যে ডায়েবেটিছৰ এটা প্ৰধান ৰিস্কফেক্টৰ হৈছে ষ্ট্ৰেছ বা উদ্বিগ্নতাই অৱশেষত মাতি আনে ডায়েবেটিছ। ষ্ট্ৰেছৰ আনুষংগিক অন্যান্য ভালেমান কাৰণতো ডায়েবেটিছ হব পাৰে। বহুলোকে এই মানসিক চাপ বা ষ্ট্ৰেছৰ পৰা মুক্তি পাবলৈ ধূমপান কৰে। নিকোটিনৰ পৰা হব পৰা অন্যান্য ভালেমান অপকাৰৰ ভিতৰত এটা হ’ল নিকোটিনে শৰীৰৰ ইনচুলিন ৰেজিষ্টেন্স বৃদ্ধি কৰে, ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। বহুতে আকৌ মানসিক চাপ বা উদ্বিগ্নতাৰ পৰা মুক্তি পাবলৈ অতিমাত্ৰাত মদ্যপান কৰে। তাৰ ফলতো পেংক্ৰিয়াচ ক্ষতিগ্ৰস্ত হয় আৰু তাৰ নিশ্চিত পৰিমাণ স্বৰূপে ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পায়। সেয়ে ষ্ট্ৰেছ বা উদ্বিগ্নতা কমাই ৰাখিবৰ বাবে গান শুনক, আড্ডা দিয়ক বা ফুৰিবলৈ যাওক। ধূমপান বা মদ্যপান নকৰিব।
মিঠাই আৰু আলু খালে ডায়েবেটিছ হয় বুলি থকা ধাৰণাটোৱেই সম্পূৰ্ণ ভুল। শৰীৰত ইনচুলিনৰ অভাৱ হ’লেহে ডায়েবেটিছ হয়। ইনচুলিনৰ নি:সৰণ কম হ’লে শৰীৰে খাদ্যৰ পৰা আহৰণ কৰা শৰ্কৰা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব নোৱাৰে। সেয়ে খাদ্যত যাতে অতিৰিক্ত পৰিমাণে শৰ্কৰা থাকিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ডায়েবেটিছ ৰোগীয়ে খোৱা বোৱাৰ ক্ষেত্ৰ্ত কিছু পৰিমাণে বিধি নিষেধ মানি চলিব লাগে। তাৰ লগে লগে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাটোও অতি দৰকাৰ। আমেৰিকান ডায়েবেটিছ এছোচিয়েচনৰ নিৰ্দেশনা মতে সামগ্ৰিক কেলৰি গ্ৰহণ সঠিক মাত্ৰাত ৰাখিব পাৰিলে কেতিয়াবা মাজে সময়ে এটা বা এডোখৰ মিঠাই খালেও মহাভাৰত অশুদ্ধ নহয়। কিন্তু এইক্ষেত্ৰত দিনটোত গ্ৰহণ কৰা মুঠ কেলৰিৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব লাগিব। বহুতো ডায়েবেটিছ ৰোগীয়ে ভাতৰ সলনি আটাৰ ৰুটি খায়। এই আটাত প্ৰতি এশ গ্ৰামত ৩৫০ কেলৰি থাকে কিন্তু তাৰ বিপৰীতে এশ গ্ৰাম আলুত থাকে ১০০ কেলৰি। সেয়ে দুই এডোখৰ আলু খালেও বিশেষ ক্ষতি নহয়। কিন্তু আলু খালেও খাব লাগে বাকলিসহ।
ডায়েবেটিছ ৰোগীৰ বাবে আহাৰৰ পৰামৰ্শ দিওঁতে প্ৰধানকৈ দুটা কথাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হয়। যদি ৰোগীজন মেদবহুল চেহেৰাৰ হয়, তেনেহ’লে তেওঁৰ শৰীৰৰ মেদ কমাব লাগে। দ্বিতীয়তে খাদ্যৰ যোগেদি ৰোগীৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখিব লাগে। ফাষ্টিঙত ১১০ ৰ কম আৰু পি পি ১৪০ ৰ কম)। তাৰোপৰি ৰোগীৰ বয়স, কাম-কাজৰ ধৰণ আৰু অন্যান্য অসুখ যেনে ব্লাডচুগাৰ, হাৰ্ট বা কিডনিৰ সমস্যা আছে নেকি, তাৰ ওপৰত নিৰ্ভৰ কৰিও আহাৰ তালিকা ঠিক কৰি দিয়া হয়। যদি কোনো ডায়েবেটিছ ৰোগীৰ কিডনিৰ সমস্যা আছে তেনেহ’লে তেওঁক কম প্ৰোটিনযুক্ত খাদ্যৰ দিহা দিয়া হয়। বয়:সন্ধিকালৰ ৰোগী বা কম বয়সীয়া ৰোগীৰ বাবে বেছি প্ৰোটিনযুক্ত খাদ্যৰ দৰকাৰ হয়। অৱশ্যে কাৰ বাবে কিমান কেলৰিৰ দৰকাৰ, সেয়া ৰোগীভেদে সুকীয়া হব। সকলো ডায়েবেটিছ ৰোগীৰ বাবে কেলৰি গ্ৰহণৰ পৰিমাণ একে হব নোৱাৰে। তাৰোপৰি প্ৰত্যেকজন ৰোগীয়েই শাৰিৰীক পৰিশ্ৰম অথবা ব্যায়াম কৰাৰ লগতে দিনে অন্তত: আধাঘন্টা সময় খৰকৈ খোজকাঢ়িব লাগে। ডায়েবেটিছ থাকিলে আলু, মিঠাই, আইচক্ৰীম, ভাত বিষতুল্য আৰু পৰিত্যাগ কৰিব লাগে বুলি কোনো কথা নাই।
কিন্তু সেইবুলি পাৰ্টিত গৈ চেনি দিয়া কবি, দুবাটিকৈ আইচক্ৰীম আৰু চাৰিটা ৰসগোল্লা খাই দিব পাৰিব সেইটোও নহয়। দৈনিক চেনি দিয়া খাদ্য খাই থকাটোও ভুল। আনকি আহাৰো দিনটোৰ ভিতৰত এবাৰতে মাছে মঙহে পেট ভৰাই একাহী ভাত খাই দিব সেইটোও ঠিক নহয়। ডায়েবেটিছ ৰোগীয়ে দিনটোৰ আহাৰ দিনটোৰ ভিতৰত তিনি চাৰে তিনি ঘন্টাৰ অন্তৰে অন্তৰে অলপ অলপকৈ খোৱাহে ভাল। এই ক্ষেত্ৰত ফুড পিৰামিড সূত্ৰটো মানি চলা দৰকাৰ। যথেষ্ট পৰিমাণে শাক-পাচলি আৰু ফল খাব পাৰে। মাছ, মুৰ্গীৰ মাংস আৰু কণীও খাব পাৰে। ঘিউ, মাখন, তেল, মিঠাই আটাইতকৈ কম পৰিমাণে খাব। ৰুটিত আঁহ বেছি থাকে বাবে ৰুটি খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু ৰুটি সদায় খাবলৈ বেয়া পালে ১ ৰ পৰা ডেৰ কাপ ভাতো খাব পাৰে। লগতে এবাতি দাইল,দুটুকুৰা মাছ, এবাটি মুৰ্গীৰ মাংস, পাচলিৰ আঞ্জা খাব পাৰে। তেল, ঘিউ আৰু মাখন খা ১:১:১ অনুপাতত। ডায়েবেটিছ ৰোগীয়ে কেতিয়াও খালী পেটে নেথাকিব। তিঁয়হ, মুড়ি, ঘৰতে তৈয়াৰ কৰা দৈ আদি কম কেলৰিযুক্ত আহাৰ নিয়মীয়াকৈ খাব পাৰে বিনাদ্বিধাই। পাৰ্টিৰ নিমন্ত্ৰণ থাকিলে এচামুচ ফ্ৰাইড ৰাইচ, এখন লুচি, এটা মিঠাই বা সৰু এবাতি আইচক্ৰীমো খাব পাৰে। কিন্তু পিছত ১৫ মিনিট খোজকাঢ়িব আৰু পিছদিনা পাতল সিদ্ধ আহাৰ খাব।
আজিকালি নগৰে-চহৰে অসংখ্য পেট ওলোৱা লোক দেখিবলৈ পোৱা যায়। দৃষ্টিকটু হ’লেও বৰ্ধিত পেটটোৰ বাবে গৰ্বিত হোৱা লোকৰ সংখ্যাও বৰ কম নহয়। পেট কমোৱাৰ বিষয়টো তেওঁলোকে হাঁহিমুখে অৱহেলা কৰে বৰং বৃহদাকাৰ ঢোল যেন পেটটোৰ কোনোমতে যেন হানি-বিঘিনি নঘটে অৰ্থাৎ তাৰ আকাৰ যেন তিলমানো নকমে তাৰ প্ৰতি বিশেষ যত্ন কৰা লোকো যথেষ্ট আছে। কিন্তু এই দামোদৰ বপুৰাই গমেই নেপায় যে এই গংগাটোপ যেন পেটটোৱেই টাইপ টু ডায়েবেটিছৰ অন্যতম কাৰণ হবগৈ পাৰে। এনে বৃহৎ পেটৰ ফলত ক্ৰমে বৃদ্ধি পোৱা হাইপাৰটেনচন আৰু তাত জমা হোৱা কলেষ্টৰলৰ স্তৰৰ মাজত আৱদ্ধ হোৱা ধমনী আদিৰ বাবেই ডায়েবেটিছ বৃদ্ধিৰ প্ৰৱণতা বাঢ়িছে। তাৰ লগে লগে সমানে আগবাঢ়িছে বংশগত কাৰণত বৃদ্ধি পোৱা ডায়েবেটিছ ৰোগীৰ সংখ্যা। ইউৰোপীয় দেশৰ তুলনাত আমাৰ দেশত এই ৰোগ বৃদ্ধিৰ প্ৰৱণতা প্ৰায় দুগুণৰো বেছি। এনে হোৱাৰ কেবাটাও কাৰণ আছে। যেনে-
ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত ব্যায়ামৰ এক উল্লেখযোগ্য ভূমিকা আছে। নিয়মীয়া ব্যায়ামে ডায়েবেটিছ কেনেকৈ নিয়ন্ত্ৰণ কৰে সেইবিলাক তলত দিয়া হ’ল-
আপোনাৰ চিকিৎসকৰ লগত পৰামৰ্শ কৰি ব্যায়ামৰ এখন আঁচনি কৰক আৰু তাক আখৰে আখৰে মানি চলিবলৈ চেষ্টা কৰক।
ডায়েবেটিছ ৰোগীৰ বাবে ব্যায়ামৰ কোনো ধৰা বন্ধা সময়সূচী নাই। অৱশ্যে বেছিভাগ চিকিৎসকে ৰোগীক প্ৰতিদিনে ২০-৩০ মিনিট সময় মধ্যমীয়া ধৰণৰ ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে। সপ্তাহত অতি কমেও ৩-৫ বাৰ খৰকৈ খোজকঢ়াৰ পৰামৰ্শ দিয়া হয়।
এৰোবিক যেনে- খোজকঢ়া, দৌৰা, চাইকেল চলোৱা, সাঁতোৰা ইত্যাদি ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী ব্যায়াম বুলি অনুমোদন কৰা হৈছে। অৱশ্যে সকলো ৰোগীকে এইবিলাক ব্যায়াম কৰিবলৈ অনুমতি চিকিৎসকে দিয়েনে নিদিয়ে, সেই কথা চিকিৎসকজনৰ ওপৰত নিৰ্ভৰ কৰিব। সেয়ে ব্যায়ামবিলাক আপুনি নিজে নিৰ্বাচন নকৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰি লওক। আপোনাৰ চিকিৎসকেহে পৰিস্থিতি চাই আপোনাৰ বাবে ব্যায়াম নিৰ্ধাৰণ কৰি দিব।
খৰকৈ খোজকঢ়া অধিকাংশ ৰোগীৰ বাবে অনুমোদিত উৎকৃষ্ট ব্যায়াম।
ব্যায়াম কৰি থকাৰ মাজতো পানী অথবা ফলমূলৰ ৰস, চূপ, ডাবৰ পানী অথবা অন্য শক্তিদায়ক পানীয় খাব পাৰে। ব্যায়াম কৰাৰ আগত আৰু পিছত যথেষ্ট পৰিমাণে পানী অথবা অন্য পানীয় খাব। পানী খালে ব্যায়ামৰ যোগেদি ক্ষতি হোৱা পানীৰ ঘাটি পূৰণ হয় আৰু নিৰ্জলা হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি।
ব্যায়াম কৰোঁতে সাৱধান হব লগা বিষয়
ব্যায়াম কৰোঁতে সন্মুখীন হোৱা বিপদজনক লক্ষণসমূহ
স্বাস্থ্যবান এজন মানুহে কৰা ব্যায়ামৰ লগত ডায়েবেটিছ ৰোগীয়ে কৰা ব্যায়ামৰ কোনো প্ৰভেদ নাই। ভাগৰি নপৰালৈকে ডায়েবেটিছ ৰোগীয়েও অন্য সুস্থ লোকৰ সমানে ব্যায়াম কৰিব পাৰে।
লিখক: ডা: জয়জিৎ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 5/3/2020
ডায়েবেটিছ
জীয়াই থকাৰ উপসৰ্গসমূহ
ডায়েবেটিছ প্ৰতিৰোধ
ডায়েবেটিছ আৰু কালেনৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণত কাঁচকল