ডায়েবেটিছ ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ থকা ব্যক্তিৰ শৰীৰত সমান্তৰালকৈ আন কিছুমান সমস্যাই দেখা দিব পাৰে। সময় বঢ়াৰ লগে লগে ৰক্তকোষ, বৃক্ক, হৃদযন্ত্ৰ, চকু, ছাল আৰু স্নায়ুতন্ত্ৰৰ জটিল অৱস্থাৰ সৃষ্টি কৰাৰ লগতে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ কিছুমান স্থায়ী ক্ষতি সাধন কৰে। এই সমস্যাবোৰৰ পৰা ৰক্ষা পাবলৈ ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ চিকিৎসা গ্ৰহণ কৰি তেজত গ্লু’কজৰ পৰিমাণ সঠিককৈ ৰখাৰ উপৰি দেহত চৰ্বিৰ পৰিমাণ ইউৰিক এচিডৰ পৰিমাণ সঠিককৈ ৰখা আৰু ৰক্তচাপ লৈ নিয়মিত দৰৱ গ্ৰহণৰ লগতে খাদ্য আৰু জীৱন শৈলীৰ পৰিৱৰ্তন, ব্যক্তিগতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা, নিয়মীয়াকৈ খোজকঢ়া, শ্ৰম আৰু ব্যায়াম আদি কৰিলে এনেবোৰ সমস্যাই গা কৰি উঠিব নোৱাৰে।
দীৰ্ঘদিন ধৰি (প্ৰায় দহ বছৰ) ডায়েবেটিছ ৰোগত আক্ৰান্ত প্ৰায় ত্ৰিশৰ পৰা চল্লিশ শতাংশ ব্যক্তিৰে বৃক্কৰ সমস্যাই দেখা দিয়ে। ডায়েবেটিছ ৰোগে ‘ডায়েবেটিক নেফ্ৰোপেথী’ সৃষ্টি কৰে। সাধাৰণতে আমাৰ দেহত থকা বৃক্ক দুটাই শৰীৰৰ অলাগতিয়াল পদাৰ্থসমূহ আৰু অতিৰিক্ত পানীভাগ প্ৰস্ৰাৱ হিচাপে উলিয়াই দিয়ে। বৃক্ক দুটাই মানৱ দেহত এটা ৰাসায়নিক কাৰখানাৰ দৰে কাম কৰি শৰীৰৰ অলাগতিয়াল ৰাসায়নিক পদাৰ্থসমূহ শৰীৰৰ পৰা বাহিৰ কৰা, সেৱন কৰা পদাৰ্থ আৰু ঔষধৰ অলাগতিয়াল ভাগ উলিয়াই দিয়া, শৰীৰত থকা বিভিন্ন জুলীয়া পদাৰ্থৰ সমতা ৰক্ষা কৰা, কিছুমান লাগতিয়াল হৰ’মন তৈয়াৰ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ভিটামিন ‘ডি’ আৰু লোহিত ৰক্তকণিকাৰ উৎপত্তিত অৱদান আগবঢ়ায়। কিন্তু দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ থাকিলে, এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। যদিও বৃক্কৰ অধিকাংশ ক্ষতিগ্ৰস্ত নোহোৱালৈকে কোনো ডাঙৰ উপসৰ্গ দেখা নিদিয়ে, তথাপি প্ৰাৰম্ভিক অৱস্থাত প্ৰস্ৰাৱত এলবুমিন নিৰ্গত হোৱা, সহজতে ভাগৰ লগা, শৰীৰৰ শক্তি হ্ৰাস পোৱা, ভোক কমি অহা, টোপনিত ব্যাঘাত জন্মা, মাংসপেশীৰ খামোচ মৰা, বমি ভাব, ৰক্তহীনতা আদিয়ে দেখা দিব পাৰে। লাহে লাহে ভৰি, চকুৰ পতা আৰু মুখ আদি উখহা, ৰক্তচাপ বাঢ়ি অহা, দৃষ্টিশক্তি কমি অহা, খজুৱতি আৰু ছাল শুকান হোৱা, সৰ্ব শৰীৰত পোৰণি হোৱা আদি আৰম্ভ হয়। প্ৰাৰম্ভিক অৱস্থাত বৃক্কৰ সমস্যা চাবলৈ ডায়েবেটিছ ৰোগীৰ প্ৰস্ৰাৱত এলবুমিন চাব লাগে। যদি প্ৰতি লিটাৰ প্ৰস্ৰাৱত ২০ মিলিগ্ৰামতকৈ অধিক এলবুমিন নিৰ্গত হয়, জানিব লাগিব যে ৰোগীজনৰ বৃক্কৰ ক্ষতি হৈছে। সেয়েহে ডায়েবেটিছ ৰোগীয়ে বছৰত অন্তত: দুবাৰ প্ৰস্ৰাৱৰ ‘মাইক্ৰ’ এলবুমিন’ পৰীক্ষা কৰা দৰকাৰ। লাহে লাহে তেজত ক্ৰিয়েটিনিন আৰু ইউৰিয়াৰ পৰিমাণ বাঢ়ি যায়। এনে অৱস্থাত সঘনাই মূত্ৰতন্ত্ৰৰ সংক্ৰমণ হয়। বৃক্কৰ প্ৰায় ষাঠিক শতাংশ হ’লে তেজত ক্ৰিয়েটিনিন আৰু ইউৰিয়াৰ পৰিমাণ দ্ৰুতিগতিত বাঢ়িবলৈ আৰম্ভ কৰে।
চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ডায়েবেটিছ ৰোগৰ দৰব গ্ৰহণ কৰাৰ লগতে খাদ্য তালিকা আৰু জীৱন শৈলীৰ পৰিৱৰ্তন কৰিলে বৃক্কৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰি। ৰক্তচাপ সঠিককৈ ৰাখি তেজত গ্লু’কজৰ পৰিমাণ সঠিককৈ ৰাখিলে বৃক্ক ক্ষতি কৰিব পৰা দৰব (এন্টিবায়’টিক, বিষ উপশম কৰা দৰব), পদাৰ্থ আৰু খাদ্য পৰিত্যাগ কৰিলে এনে সমস্যাই গা কৰি উঠিব নোৱাৰে। যদিহে তেজত ক্ৰিয়েটিনিৰ পৰিমাণ সামান্য পৰিমাণে বৃদ্ধি হয়, তেন্তে দৰৱৰ ব্যৱহাৰ, খাদ্য তালিকা আৰু জীৱন শৈলীৰ পৰিৱৰ্তন কৰি ইয়াক কমাই ৰাখিব পাৰি। বৃক্কৰ কাৰ্যদক্ষতা কমি অচলাবস্থাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিলে নিয়ন্ত্ৰিত পানী সেৱন, কম প্ৰটিনযুক্ত খাদ্য গ্ৰহণ, অতিৰিক্ত নিমখ খোৱা বন্ধ কৰা, কম ফছফৰাছযুক্ত খাদ্য খোৱা আৰু মাদক দ্ৰব্য সেৱন বন্ধ কৰিব লাগে। যদি জীৱনশৈলীৰ পৰিৱৰ্তন আৰু বিভিন্ন দৰবৰ প্ৰয়োগৰ পিছতো বৃক্কৰ কাৰ্যদক্ষতা কমি গৈ থাকে, দেহত পানী জমা হয়, উশাহ নিশাহত কষ্ট পাব ধৰে আৰু তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ সাত বা ততোধিক হয়, তেন্তে ডায়েলাইছিছ কৰিব লগা হ’ব পাৰে। পেৰিটনিয়েল ডায়েলাইছিচ বা বিশেষ যন্ত্ৰেৰে হিমোডায়েলাইছিছ কৰিব পাৰি। আনকি কেতিয়াবা বৃক্কৰ সংৰোপণ কৰিব লগাও হ’ব পাৰে।
ডায়েবেটিছ আক্ৰান্ত প্ৰায়ভাগ ব্যক্তিৰে চৰ্মৰোগ হোৱা দেখা যায়। ছালত গ্লাইকোজেনৰ পৰিমাণ কমি গ্লুক’জৰ পৰিমাণ অধিক হয়। অধিক গ্লু’কজ থকাৰ বাবে ছালখন বহুবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে উপযুক্ত প্ৰজনন ক্ষেত্ৰ হৈ পৰে আৰু এইবোৰে ছালখন সংক্ৰমিত কৰি ছালৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। ৰক্ত সঞ্চালন দুৰ্বল হোৱাৰ বাবে শৰীৰে এনে ক্ষতিকাৰক বেক্টেৰিয়াবোৰক ধ্বংস কৰিবলৈ সক্ষম নহয়। ছালৰ খজুৱতি, একজিমা, শুকান আৰু খহতা ছাল, ছাল সৰা আদি মুখ্য সমস্যা। উচ্চ পৰিমাণৰ গ্লুক’জে শৰীৰত ডিহাইড্ৰেছনৰ সৃষ্টি কৰে, ফলত ছাল শুকান আৰু খহতা হৈ পৰে। মহিলাসকলৰ জননাংগৰ চাৰিওফালে খজুৱতি হোৱাৰ লগতে গুটি গুটি ওলায়। পুৰুষৰ যৌনাংগৰ আগডোখৰত খজুৱতি হয়। নিয়মীয়াকৈ ছাল পৰ্য্যৱেক্ষণ কৰি-ছালৰ ৰং, আকৃতি, ছাল ডাঠ বা পাতল হ’লে কোনো ঘাঁ বা ফোড়া হ’লে, বেক্টেৰিয়া সংক্ৰমণৰ প্ৰাথমিক স্তৰ যেনে-ৰঙা পৰা, উখহি উঠা, টেমুনা আৰু ছালৰ অংশবিশেষে চুলে গৰম অনুভৱ কৰা, কৰঙন চুক, যৌনাংগ আৰু মলদ্বাৰৰ অঞ্চল, কাষলতি স্তন আৰু ভৰিৰ আঙুলিৰ ফাঁকত খজুৱালে আৰু কোনো ঘাঁ বহুদিনলৈ ভাল নহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
ডায়েবেটিছ থকা ৰোগীয়ে ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। সদাই মৃদু চাবোন বা কুহুমীয়া পানীৰে গা ধুব লাগে, বেছি গৰম পানীৰে গা ধুব নালাগে, গা ধুৱাৰ পিছত ভালদৰে শুকানকৈ গা মুছিব লাগে। বিশেষকৈ ভৰিৰ আঙুলিৰ ফাঁক, কৰঙন চুকত যাতে পানী লাগি নাথাকে, তালৈ চকু ৰাখিব লাগে। এনে অঞ্চল সেমেকি থাকিলে ভেঁকুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ছাল শুকাই যাবলৈ দিব নালাগে। ছাল শুকালে খজুৱতি হয় আৰু খজুৱালে ছাল ফাটি যোৱাৰ ফলত বেক্টেৰিয়া সংক্ৰমণ হ’বলৈ সুবিধা হয়। ছাল শুকাই নাযাবলৈ যথেষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ পান কৰিব লাগে। ওমেগা-৩ যুক্ত ফেটি এচিদ খাব লাগে। এয়া সাগৰীয় মাছ, মাছৰ তেল, চয়াবিন, চীনা বাদাম আদিত পোৱা যায়।
ডায়েবেটিছ ৰোগীয়ে অতি ক্ষুদ্ৰ কঁটা ছিঙাতো যাতে সংক্ৰমণ হ’বলৈ নোৱাৰে তাৰ বাবে যত্ন লোৱা দৰকাৰ। সৰু সুৰা ঘাঁ বা কঁটা-ছিঙাও সঠিকভাৱে চিকিৎসা কৰিব লাগে। কঁটাৰ লগে লগে চাবোন আৰু কুহুমীয়া পানীৰে ধুই পেলাব লাগে। এলক’হল বা আয়ডিন থকা এন্টিচেপটিক লগাব নালাগে। এইবোৰ ছালে সহ্য কৰিব নোৱাৰে। কেৱল চিকিৎসকৰ পৰামৰ্শমতেহে এন্টিবায়’টিক মলম ব্যৱহাৰ কৰিব লাগে। বীজাণুনাশক বেণ্ডেজ কাপোৰ, বেণ্ডএইড আদিৰে ঘাঁ ডোখৰ ঢাকি দিব লাগে। যদিহে অতি সাংঘাটিকভাৱে কাটে বা পোঁৰে; ৰঙা পৰা, উখহি উঠা, পুঁজ জমা হোৱা, বিষোৱা আদি বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ যদি শৰীৰৰ যিকোনো ঠাইত দেখা দিয়ে, অতি শীঘ্ৰে চিকিৎসকক দেখুৱাব লাগে।
ডায়েবেটিছ ৰোগীৰ অন্য এক সমস্যা হ’ল মুখ আৰু দাঁতৰ সংক্ৰমণ আৰু বিষ আদি অধিক হোৱা দেখা যায়। দীৰ্ঘদিনৰ বাবে দাঁত সুস্থ সবল কৰি ৰাখিবলৈ ঘৰতে নিতৌ যত্ন ল’ব লাগে। টুথব্ৰাছডাল টান আৰু কঠিন হ’ব নালাগে। এনে ব্ৰাছে দাঁতৰ আলু ছিঙি দিব পাৰে বা ক্ষতি কৰিব পাৰে। কোমল ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। দিনত কমেও দুবাৰ ব্ৰাছ কৰিব লাগে। ব্ৰাছৰ শুংবোৰ দাঁত আৰু আলুৰ মাজত লৈ অলপ কঁপাই কঁপাই ব্ৰাছ কৰিব লাগে। এনে কৰাৰ ফলত আলু আৰু দাঁতৰ ফাঁকত সোমাই থকা বেক্টেৰিয়াৰবোৰ ওলাই আহে। গাল, জিভা আৰু তালুত লাহে লাহে ব্ৰাছডাল চোঁচৰাই আনিব লাগে। দাঁতৰ ওপৰভাগ আৰু ভিতৰভাগত ব্ৰাছ ঘঁহিব লাগে। জোৰত ঘঁহিলে আলু, টিছু আৰু দাঁতৰ ক্ষতি হয়। ব্ৰাছৰ শুংবোৰত বেক্টেৰিয়া উৎপন্ন হ’ব পাৰে, সেয়েহে প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে টুথব্ৰাছ সলনি কৰিব লাগে। প্ৰতিবাৰ খাদ্য খোৱাৰ পিছত কুলি কুলি কৰিলে দাঁত চাফা হৈ থাকে। যদি ব্ৰাছ কৰোতে বা খাদ্য খাওঁতে তেজ ওলাই, আলু ৰঙা পৰিলে, উখহিলে, দাঁতৰ পৰা আলু আঁতৰি আহিলে, আলু স্পৰ্শ কৰিলে দাঁতৰ মাজৰ পৰা বা আলুৰ পৰা পুঁজ ওলালে, ডেন্টাৰ লগাওঁতে অসুবিধা হ’লে, খাদ্য কামোৰোতে দাঁতৰ পাৰিৰ স্থান সলনি হ’লে আৰু মুখৰ পৰা দুৰ্গন্ধ ওলালে চিকিৎসকক দেখুৱাব লাগে।
ডায়েবেটিছ ৰোগত বহুদিন আক্ৰান্ত হৈ গ্লক’জৰ পৰিমাণ অনিয়ন্ত্ৰিত হৈ থাকিলে হৃদৰোগো গা কৰি উঠিব পাৰে। উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগ আৰু হৃদৰোগ প্ৰায় একেলগে হোৱা দেখা যায়। ডায়েবেটিছ ৰোগত মৃত্যু ঘটা প্ৰায় সত্তৰ শতাংশ ব্যক্তিৰে হৃদৰোগত মৃত্যু ঘটে। ৰোগী উচ্চ চৰ্বিযুক্ত হ’লে হৃদৰোগ বেছিকৈ হোৱা দেখা যায়। শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বেছি থাকিলে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। তেজত অধিক পৰিমাণৰ কলেষ্টেৰল থাকিলে ই ৰক্তবাহী ধমনীৰ ভিতৰৰ বেৰত জমা হৈ ‘এথেৰোস্কেৰোছিছ’ ৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ ডাঠ, টান হয় আৰু স্থিতিস্থাপকতা কমি আহে। ‘এথেৰোস্কেৰোছিছ’ ৰ বাবে ৰক্তবাহী নলীবোৰৰ তেজ চলাচল কৰা পথটো সৰু হৈ যায়। ফলত হাৰ্টলৈ তেজৰ প্ৰবাহ লাহে লাহে কমি আহে আৰু কেতিয়াবা একেৰাহে বন্ধ হৈ যায়। এনে হ’লে এনজিনা বা বুকুৰ বিষ অনুভূত হয়। অতি কম তেজ প্ৰৱাহিত হোৱা বা একেবাৰেই বন্ধ হৈ গ’লে হাৰ্ট এটেক হয়। যদিহে ৰোগীজনৰ ডায়েবেটিক নিউৰোপেথীও থাকে, তেন্তে বুকুৰ বিষ অনুভৱ নকৰাকৈয়ে হাৰ্ট এটেক হ’ব পাৰে। ডায়েবেটিছ থকা ৰোগীৰ উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰল থাকিলে ষ্ট্ৰোক আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা প্ৰায় ষোল্লগুণ বাঢ়ি যায়। ষ্ট্ৰোক হোৱাৰ ফলত ৰোগীৰ মৃত্যু ঘটিব পাৰে অথবা পক্ষাঘাত ৰোগত পংগু হৈ জীৱন কটাবলগীয়া হ’ব পাৰে।
সেয়েহে এনেবোৰ সমস্যা আঁতৰাই ৰাখিবৰ বাবে ডায়েবেটিছ ৰোগীয়ে কম চৰ্বিযুক্ত আহাৰ খাব লাগে আৰু হৃদযন্ত্ৰ সঠিক হৈ আছেনে চাবলৈ মাজে মাজে ই চি জি কৰি থকাৰ উপৰি তেজত লিপিড প্ৰফাইল নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। কলেষ্টেৰল এল ডি এ ৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১০০ মিলিগ্ৰামতকৈ কম, এইচ ডি এল ৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ৪০ মিলিগ্ৰামতকৈ অধিক আৰু ট্ৰাইগ্লিচাৰিডৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১৮০ মিলিগ্ৰামতকৈ কম থকা জৰুৰী। সাধাৰণতে এইচ ডি এল ক হৃদযন্ত্ৰ প্ৰতিৰোধক কলেষ্টেৰল বুলি কোৱা হয়। সেয়েহে ই অধিক থকা ভাল। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাটো অত্যন্ত জৰুৰী। ৰক্তচাপ ১৩০/৮০ মিলিমিটাৰ পাৰাস্তম্ভৰ ভিতৰত থকা ভাল। দেহৰ ওজন কমাব লাগে। সাধাৰণতে দেহৰ ওজন প্ৰতি বৰ্গমিটাৰ দেহ আয়তন হিচাপত ১৯ ৰ পৰা ২৩ কিলোগ্ৰামৰ ভিতৰত হ’ব লাগে। কঁকালৰ ঘেৰ পুৰুষৰ ৯০ ছেন্টিমিটাৰতকৈ কম আৰু মহিলাৰ ৮০ ছেন্টিমিটাৰতকৈ কম হ’ব লাগে। এনে ধৰণে থাকিলে হৃদযন্ত্ৰৰ ৰোগ কমকৈ হয়।
ডায়েবেটিছ ৰোগত সততে হোৱা এক সমস্যা হ’ল চকুৰ সমস্যা। আন ব্যক্তিতকৈ ডায়েবেটিছ থকা লোকৰ চকুত ছানি পৰা বা গ্লুক’মা হোৱাৰ সম্ভাৱনা অধিক হয়। তেজত গ্লু’কজৰ পৰিমাণ বেছি সময়ৰ বাবে থাকিলে চকুৰ ক্ষুদ্ৰ ৰক্তবাহী নলীবোৰ ক্ষতিগ্ৰস্ত হয়। ইয়াৰ ফলত ‘ডায়েবেটিক ৰেটিন’পেথী’ অৱস্থাৰ সৃষ্টি হয়। ডায়েবেটিছ ৰোগীৰ মাজত হোৱা অন্ধত্বৰ কাৰণ এই ‘ডায়েবেটিক ৰেটিন’পেথী’। এনে হ’লে চকুৰ দৃষ্টি শক্তি হ্ৰাস পোৱাৰ উপৰি চকুৰ শিৰা-উপশিৰা ফাটি যোৱা অৱস্থা হ’ব পাৰে। চকুত ৰক্তক্ষৰণ হৈ চকুৰ ভিতৰত তেজ জমা হ’ব পাৰে। ডায়েবেটিছ হোৱা নিশ্চিত হোৱাৰ পিছত প্ৰতি বছৰে সম্পূৰ্ণভাৱে চকুৰ পৰীক্ষা কৰোৱাব লাগে। যদি বৰ্ণনা কৰিব নোৱাৰা দৃষ্টিৰ সমস্যা (যেনে-দৃষ্টি দিওঁতে চকুৰ আগত থকা দাগ, কিবা বস্তু ওপঙি থকা যেন লগা, দৃষ্টি কপি থকা, ধোঁৱা-ধোঁৱা দেখা, বিশৃংখল দৃষ্টি হোৱা, কলা দাগ দেখা), চকু ৰঙা পৰা, চকুৰ বিষ হোৱা, পঢ়োতে অসুবিধা হোৱা, ট্ৰেফিক ছিগনেল বুজি নোপোৱা, একে ধৰণৰ বস্তুৰ পাৰ্থক্য ধৰিব নোৱাৰা আদি হ’লে চকু চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰি পৰামৰ্শ ল’ব লাগে।
ডায়েবেটিছ ৰোগীৰ তেজত একেৰাহে গ্লু’কজৰ পৰিমাণ বেছি হৈ থাকিলে স্নায়ুবোৰৰ এক্সন আৰু মায়েলিন নামৰ উপাদান দুবিধৰ ক্ষতি হৈ নানা স্নায়ুৰোগে দেখা দিব পাৰে। ইয়াক ‘ডায়েবেটিক নিউৰোপেথী’ বুলি কোৱা হয়। প্ৰায় সত্তৰ শতাংশ ডায়েবেটিছ ৰোগীৰে নিউৰোপেথী হোৱা দেখা যায়। ক্ষতিগ্ৰস্ত স্নায়ুৱে কেতিয়াও মগজুৰ সৈতে সঠিকভাৱে বাৰ্তা সৰবৰাহ কৰিব নোৱাৰে। ফলত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ স্পৰ্শকাতৰতা কম হোৱা, আনকি নোহোৱা হৈ যোৱাও দেখা যায়। ‘পেৰিফিৰেল নিউৰোপেথী’ হৈ ভৰিৰ তলুৱাৰ সংবেদনশীলতা আৰু অনুভৱ কমি যাব পাৰে বা নোহোৱা হৈ অকামিলা হ’ব পাৰে। এনে অৱস্থাত ভৰিৰ তলুৱা জুইত সেকিব নালাগে। তেনে কৰিলে সংবেদনহীনতাৰ বাবে ভৰিৰ তলুৱা জ্বলিব পাৰে। ভৰিৰ তলুৱাৰ সংবেদনশীলতা কমি আহে বাবে সঘনাই কটা-ছিঙা হ’ব পাৰে। কটা-ছিঙা হ’লে ঘা শুকুৱাত দিগদাৰি হয়। সেয়েহে ডায়েবেটিছ ৰোগীয়ে ভৰিৰ পতাৰ সুৰক্ষাৰ বাবে সদায় ঘৰৰ বাহিৰে-ভিতৰে উপযুক্ত জোতা বা চেণ্ডেল পিন্ধি থাকিব লাগে। নিয়মীয়াকৈ যথেষ্ট পোহৰ থকা ঠাইত ওচৰৰ পৰা ভৰিৰ তলুৱা ভালদৰে পৰীক্ষা কৰিব লাগে। কঁটা, আচোঁৰ খোৱা, ছাল ফটা, পানীজোলা, ৰঙচুৱা দাগ, উখহি উঠা আদি আছে নেকি ভালদৰে চাব লাগে। আঙুলিৰ ফাঁকবোৰো ভালদৰে পৰীক্ষা কৰিব লাগে। মৃদু চাবোন আৰু কুহুমীয়া পানীৰে সদায় ভৰিৰ পতা ধুব লাগে। ভৰিৰ আঙুলিৰ নখ নিয়মীয়াকৈ কাটিব লাগে। অটোনোমিক স্নায়ুতন্ত্ৰ আক্ৰান্ত হৈ ক্ষতিগ্ৰস্ত হোৱা স্নায়ুৱে কেতিয়াও মগজুৰ সৈতে সঠিকভাৱে বাৰ্তা সৰবৰাহ কৰিব নোৱাৰে। স্নায়ুৰ সংকেত সংবহন ক্ষমতা নষ্ট হোৱাৰ বাবে প্ৰস্ৰাৱথলীৰ নিয়ন্ত্ৰণ হ্ৰাস হৈ প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰা অৱস্থা হোৱা, সঘনে প্ৰস্ৰাৱ কৰিব লগা হোৱা, আনকি স্বয়ংক্ৰিয়ভাৱে প্ৰস্ৰাৱ নিৰ্গত হোৱা অৱস্থা হোৱা; পায়খানাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱা; অস্বাভাৱিকভাৱে ঘাম ওলোৱা, পাকস্থলী আৰু খাদ্যতন্ত্ৰৰ ৰোগ হৈ দেহৰ বিপাকীয় কাৰ্য্যৰ পৰিৱৰ্তন হোৱা আদি হ’ব পাৰে। আনকি পুৰুষৰ যৌন ক্ষমতাতো ব্যঘাত জন্মাব পাৰে।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 7/7/2020
ডায়েবেটিছ লৈ কেনেকৈ জীয়াই থাকিব
ডায়েবেটিছ প্ৰতিৰোধ
ডায়েবেটিছ
ডায়েবেটিছ নহ’বলৈ কি কৰিব?