মধুমেহ বা বহুমূত্ৰ ৰোগ অতীজৰে পৰা মানৱ সমাজৰ জ্ঞাত। সভ্যতা খ্যাত দেশ-গ্ৰীচ, ইজিপ্ট, ভাৰত আৰু চীন দেশৰ চিকিৎসকসকলে এই ৰোগ বৰ্ণনা কৰিছিল। প্ৰায় ১৫০০ খৃষ্টপূৰ্বৰ আগতেই ইজিপ্টৰ ঔষধ বাৰ্তা যোগোৱা এখন তালিকাত প্ৰস্ৰাৱৰ লগত বাহিৰ হোৱা শৰ্কৰা সৃষ্টি কৰা বেমাৰৰ বিষয়ে উল্লেখ কৰিছিল। গ্ৰীক সকলো এই ৰোগৰ বিষয়ে জ্ঞাত আছিল আৰু ইয়াক ‘ডায়েবেটিছ’ নামকৰণ কৰিছিল। ভাৰতৰ প্ৰাচীন চিকিৎসা পদ্ধতি আয়ুৰ্বেদত প্ৰচুৰ প্ৰস্ৰাৱ নিৰ্গত হোৱা অসুখক ‘প্ৰমেহ’ বোলা হৈছিল। অতীজৰ হিন্দু চিকিৎসকসকলে জানিছিল যে বহুমূত্ৰ ৰোগীৰ প্ৰস্ৰাৱৰ স্বাদ মিঠা আৰু তেওঁলোকে নিৰীক্ষণ কৰিছিল যে কোনো ৰোগগ্ৰস্ত লোকৰ প্ৰস্ৰাৱ কৰা ঠাইত পৰুৱা গোট খায়। পুৰণা সকলোবোৰ চিকিৎসা সম্পৰ্কীয় কিতাপত লিপিবদ্ধ কৰা হৈছিল যে যিকোনো প্ৰকাৰৰ প্ৰমেহৰ পৰা শেষ ফলস্বৰূপে মধুমেহ ৰোগ সৃষ্টি হয় আৰু ইয়াক ভাল কৰিব নোৱাৰি। প্ৰস্ৰাৱত চেনিৰ পৰিমাণ বৃদ্ধি হ’লে ৰোগীজন বিভিন্ন বেমাৰত ভোগাৰ কথা উল্লেখ আছিল। সুশ্ৰুতে মধুমেহক দুটা ভাগত বিভক্ত কৰিছিল এবিধ বংশগত অৰ্থাৎ মাক-বাপেকৰ পৰা সন্তি-সন্তিলৈ বিয়পে আৰু আনবিধ খোৱা লোৱাত বাচ বিচাৰ নকৰা আৰু ঊশৃংখল জীৱন পদ্ধতিৰ পৰা উৎপন্ন হয়। প্ৰথমবিধত আক্ৰান্ত হোৱা লোক খীনাই যায়, ভোক নাইকিয়া হয়, পিয়াহ বেছিকৈ লাগে, দ্বিতীয়বিধত আক্ৰান্ত হোৱা লোকৰ খোৱাৰ প্ৰতি আগ্ৰহ বেছি হয়, দেহৰ গঢ় মজবুত থাকে আৰু সকলো সময়তে টোপনিৰ ভাব থাকে। মানৱ সভ্যতা আগবাঢ়ি অহাৰ পৰা এই ৰোগৰ বিষয়ে বিস্তৃতভাৱে জানিব পৰা গ’ল। ১৮ শতিকাৰ মাজভাগত ইউৰোপত এই বেমাৰৰ উৎস ধৰা পৰিল। দুজন বিজ্ঞানীয়ে কুকুৰ অগ্ন্যাশয় আঁতৰাই লক্ষ্য কৰিছিল যে জন্তুবোৰ ডায়েবেটিছ ৰোগগ্ৰস্ত হৈছিল। তেওঁলোক এই সিদ্ধান্তত উপনীত হৈছিল যে ডায়েবেটিছৰ উৎস অগ্ন্যাশয়। ১৯২১ চনত অন্য দুজন বিজ্ঞানীয়ে অগ্ন্যাশয়ৰ এক পদাৰ্থ বাহিৰ কৰিছিল, যি জন্তুৰ তেজত থকা শৰ্কৰা কমাব পাৰে। এই পদাৰ্থ এবিধ হ’ৰমন-ইয়াৰ নাম ৰখা হয় ইনচুলিন। ই শৰীৰত শ্বেতসাৰৰ পাচন ক্ৰিয়া নিয়ন্ত্ৰণ কৰে আৰু উৎপন্ন হোৱা শৰ্কৰাক শক্তিলৈ ৰূপান্তৰ কৰে। এই ক্ৰিয়াত বাধাগ্ৰস্ত হ’লেই মধুমেহ ৰোগ সৃষ্টি হয়। বৰ্তমান এই মধুমেহ বা ডায়েবেটিছ ৰোগ গোটেই পৃথিৱীত বিয়পিছে। ভাৰতৰ ২৫ নিযুত বা ততোধিক ব্যক্তি ডায়েবেটিক। এই অসুখৰ প্ৰতি মানুহৰ সজাগতা কম হোৱাৰ বাবে ৰোগটোৰ পৰা জটিলতা সৃষ্টি হ’লেহে ৰোগী চিকিৎসকৰ ওচৰ চাপে। এই ৰোগত অগ্ন্যাশয়ৰ পৰা বাহিৰ হোৱা ইনচুলিন হৰম’ন কমে নতুবা একেবাৰে বন্ধ হয়। ফলস্বৰূপে শ্বেতসাৰৰ পৰা উৎপন্ন হোৱা শৰ্কৰা শক্তিলৈ ৰূপান্তৰ নহয়। তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায় আৰু শৰীৰৰ বিভিন্ন কোষবোৰ নিজ কাৰ্য সম্পাদানত বাধাগ্ৰস্ত হয়। ডায়েবেটিছ ৰোগৰ ভাগ দুটা। এবিধ সাধাৰণতে ৪০ বছৰৰ আগেয়ে হয়। স্বয়ংক্ৰিয় ৰোগ প্ৰতিষেধক কোষৰ বিকাৰ নাইবা ভাইৰাচৰ পৰা উৎপন্ন হোৱা ৰোগৰ পৰা ই সৃষ্টি হ’ব পাৰে। বেছি চৰ্বিযুক্ত খাদ্যৰ পৰা মেদবহুল শৰীৰ হ’লে ইয়ো এক কাৰণ হ’ব পাৰে। উত্তৰাধিকাৰী সূত্ৰেও এনেবিধ ৰোগ হয় অৰ্থাৎ পিতৃ-মাতৃৰ এনে ৰোগ থাকিলে সন্তানো আক্ৰান্ত হ’ব পাৰে। অলস জীৱন যাত্ৰায়ো ইয়াত ইন্ধন যোগায় অগ্ন্যাশয়ৰ আৰু যকৃতৰ বিকাৰ থাকিলে নাইবা ইনচুলিন বিৰোধক হৰম’ন সৰহ পৰিমাণে সৃষ্টি হ’লে ইনচুলিন উৎপন্ন হোৱাত বাধাগ্ৰস্ত হয় আৰু ই দ্বিতীয়বিধ ৰোগ সৃষ্টি কৰে। এইবিধ সাধাৰণতে ৪৫ বছৰৰ উৰ্দ্ধত হয়। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভুগিলে শৰীৰৰ বিভিন্ন অংশ বিকাৰগ্ৰস্ত হয়। চকুত থকা কোষৰ কাৰ্যক্ষমতা কমিলে চকুত চামনি পৰে আৰু দৃষ্টিশক্তি কমি মানুহ অন্ধ হ’ব পাৰে। স্নায়ুৰ বিকাৰ হ’লে ভৰিৰ তলুৱাত পোৰণি অনুভৱ হয়, ভৰি চেঁচা পৰে আৰু অনুভূতি কমি যায়। ওপৰলৈ যোৱা চিৰি বগাওতে বা বহাৰ পৰা থিয় হোৱাত কষ্ট হয়। অতিসাৰ আৰু কোষ্ঠবদ্ধতা এটাৰ পিছত এটাকৈ হয়। যকৃৎ আক্ৰান্ত হ’লে ই নিজৰ কাৰ্যক্ষমতা হেৰুৱায়। ভৰিৰ অনুভূতি কমাৰ বাবে আঘাতপ্ৰাপ্ত হ’লেও গম পোৱা নাযায় আৰু ক্ষত অংশ নুশুকায়। শেষত ভৰি কাটি পেলাব লগা হয়। আৰম্ভণিতে এই ৰোগ ধৰা পৰিলে ইয়াক সহজে চম্ভালিব পৰা যায়। স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ দ্বাৰা জটিলতাৰ পৰা আঁতৰি থাকিব পাৰি। আহাৰ কম পৰিমাণে আৰু সঘনে খোৱা ভাল। আহাৰত শ্বেতসাৰ, প্ৰটিনৰ পৰিমাণ তেজত থকা শৰ্কৰা, বয়স, লিংগ অনুসৰি চিকিৎসকৰ পৰামৰ্শমতে নিৰ্ধাৰণ কৰিব লাগে। চৰ্বি জাতীয় পদাৰ্থৰ পৰা আঁতৰি থকা ভাল। পাচলি ভজাতকৈ সিজাই খোৱা উত্তম। মদ্যপানৰ পৰা আঁতৰি থাকিলে ই ব্যৱহৃত ঔষধৰ লগত ক্ৰিয়া কৰিব নোৱাৰে। লৱণযুক্ত বিস্কুট ব্যৱহাৰ নকৰাই ভাল। চিকিৎসকৰ পৰামৰ্শমতে ঔষধ বা ইনচুলিনৰ বেজী লোৱা ভাল। তেজত থকা শৰ্কৰাৰ পৰিমাণ নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে। চকুৰ দৃষ্টিশক্তিও পৰীক্ষা কৰি চাব লাগে। খালী ভৰিৰে খোজ নাকাঢ়ি জোতা পিন্ধা উচিত। ভৰিৰ নখ কাটোতে সাৱধান হ’ব লাগে যাতে আঙুলি কটা নাযায়।
লিখক: অমিতাভ হাজৰিকা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
ডায়েবেটিছ ৰোগৰ বিষয়ে বিতংভাৱে ইয়াত আলোচনা কৰা হৈছে...
ইয়াত প্ৰাক মধুমেহ ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
আঁহযুক্ত খাদ্যই মধুমেহ আৰু মেদবহুলতা প্ৰতিৰোধ কৰে
ব্লাড ছুগাৰ আৰু মধুমেহ নিয়ন্ত্ৰণ কৰিব পৰা খাদ্যৰ ব...