শৰীৰ আৰু মনৰ সম্বন্ধ অতি ঘনিষ্ঠ। শৰীৰ অসুস্থ হ’লে মনো বিমৰ্ষ হৈ পৰে। যেনে-জ্বৰ মূৰত উঠিলে ৰোগীয়ে প্ৰলাপ বকে, হাঁহে, কান্দে, অচেতন হৈ পৰে। মূৰত আঘাত পালে মানসিক বুদ্ধিৰ বিকাশত বাধা জন্মে। পুত্ৰ বিয়োগত মাতৃ পাগলী হৈ পৰে, মনে বিচৰা বস্তুটো নেপালে বা প্ৰেমত নিৰাশ হৈ মানসিক আঘাত পোৱাৰ লগে লগে স্বাস্থ্যৰো অৱনতি হোৱা দেখা যায়।
হেনিমেন মেডিকেল কলেজৰ নিদান শাস্ত্ৰাধ্যাপক ডা: ৰু ৰ মতে মানসিক বৃত্তিৰ আতিশয্য বা নিস্তেজ ভাব অথবা বিকৃত বা ভ্ৰষ্ট অৱস্থাজনিত কাৰণতেই মানসিক ৰোগ হৈ থাকে।
মনৰ স্বাভাৱিক অৱস্থাৰ ব্যতিক্ৰমৰ নাম উন্মাদ ৰোগ বা পাগলামি। অনিদ্ৰা, মূৰত আঘাত পোৱা, হাত ভৰিৰ বিকৃত সঞ্চালন, অসংলগ্ন কথা কোৱা বা সম্পূৰ্ণ মৌন হৈ থকা, মুখমণ্ডল আৰু চকুৰ বিকৃত ভাৱ-ভংগী, ভুল দেখা, ভুল শুনা, প্ৰলাপ বা বিৰবিৰকৈ কথা কৈ থকা, স্মৰণ শক্তিৰ হ্ৰাস, বুদ্ধি বৃত্তিৰ উপযুক্ত বিকাশহীনতা, কোনো বিষয়ত মনোনিৱেশ কৰাত অক্ষমতা, ইচ্ছাশক্তিৰ নিয়ন্ত্ৰণৰ অভাৱ, আত্মহত্যাৰ প্ৰৱণতা, প্ৰিয়জনৰ প্ৰতি অবিশ্বাস বা আকৰ্ষণহীনতা, প্ৰভৃতি এই ৰোগৰ প্ৰধান লক্ষণ। অত্যাধিক পৰিশ্ৰম বা উদ্বেগ, অত্যাধিক যৌন ইন্দ্ৰিয়ৰ ব্যৱহাৰ, মদ, ড্ৰাগচ, ভাং প্ৰভৃতি মাদক দ্ৰব্যৰ অতিৰিক্ত সেৱন, নৈৰাশ্য, শোক, মৃগী আদি উন্মাদ ৰোগৰ মুখ্য কাৰণ। সেইদৰে পূৰ্বপুৰুষৰ মাজত কাৰোবাৰ উন্মাদ ৰোগৰ ইতিহাস থকা উপদংশ, মস্তিস্ক আৰু মেৰুদণ্ডৰ যান্ত্ৰিক ৰোগ, ঋতুবন্ধ, জৰায়ুৰ কোনো সমস্যা, শৰীৰত প্ৰৱল আঘাত, সদায় লোমহৰ্ষক উপন্যাস আদি পঢ়া ইত্যাদি এই ৰোগৰ গৌণ কাৰণ।
এই ৰোগৰ চিকিৎসা দীঘলীয়া হয়। অতি সাৱধানে ৰোগীৰ লক্ষণ অনুসন্ধানৰ জৰিয়তে হোমিঅ’ ঔষধৰ দ্বাৰা উন্মাদ ৰোগৰ অতি ফলপ্ৰসূ চিকিৎসা কৰিব পাৰি। তলত আমি কেইটামান ঔষধৰ লক্ষণ উল্লেখ কৰিলো-
১) হায়োছিয়ামাছ: যি সকল লোক কাজিয়া প্ৰিয়, হিংসুক আৰু যিসকলে সদায় সন্দেহ কৰে-কোনোবাই তেওঁক বিষ খুৱাব বুলি, এনে ৰোগীৰ উন্মাদ ৰোগত এই ঔষধৰ প্ৰয়োজন হৈ পৰে। হিংসা, খং আৰু প্ৰেম বা ভালপোৱাৰ পৰা বঞ্চিত হৈ এই ৰোগী উন্মাদ হৈ পৰে। এনে ৰোগীয়ে কেতিয়াবা বিছনাৰ পৰা জপিয়াই উঠি পলাব বিচাৰে, কেতিয়াবা অস্থিৰ হৈ পৰে, কেতিয়াবা বিছনাত খেপিয়াই কিবা বিচাৰে, বিছনাৰ চাদৰ আদি ফালে, বিৰবিৰকৈ প্ৰলাপ বকে। কোনো ৰোগীয়ে আকৌ নিজৰ গাত কাপোৰ ৰাখিব নিবিচাৰে, নগ্ন হৈ পৰি থাকে, বিশেষকৈ গুহ্যস্থানৰ কাপোৰ গুচাই পেলায়। যৌন অংগত হাত দি থাকে,যৌন অংগ টানে, অশ্লীল গান গায় বা ইঙ্গিত দিয়ে, অত্যন্ত জোৰেৰে বিকৃতভাৱে হাঁহে। যিজন ওচৰত নাই বা নাথাকে, যিজনক কেতিয়াও দেখা নাই ৰোগীয়ে তেওঁক দেখা পায়। এনে ৰোগীয়ে সদায় সন্দেহ কৰে যেন তেওঁৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ চলিছে। কিছুমান ৰোগীয়ে মুখত ঔষধ দিলে থু থু কৰি উলিয়াই দিয়ে। কিবা কথা সুধিলে উত্তৰ দি অজ্ঞান হৈ পৰে ইত্যাদি।
২) ষ্ট্ৰমোনিয়াম: এই ঔষধৰ ৰোগী ভিৰু আৰু চঞ্চল মনৰ। হঠাৎ প্ৰলাপ বকিব ধৰে, কথাৰ কোনো সংগতি নাই। স্থিৰ হৈ থাকিব নোৱাৰে। ৰোগীৰ অনিচ্ছা সত্বেও হাত, ভৰি, শৰীৰ ইত্যাদি লৰাই বিকৃত ভাৱে নৃত্য কৰি থাকে। কেতিয়াবা দুবোধ্য ভাষাত কথা কয়, কেতিয়াবা গালি গালি পাৰে, কেতিয়াবা চিঞৰে। কেতিয়াবা ভৰি দুখন কোঁচাই বা কেতিয়াবা মেলি দি চিৎ হৈ শুই ওপৰলৈ চাই থাকে। প্ৰলাপ বকা আৰম্ভ কৰিলে যেতিয়ালৈকে ৰোগীৰ অন্ধকাৰ কোঠাত বা অকলে ৰাখিলে মানসিক লক্ষণ বাঢ়ে। পানী দেখিলে ভয় খায়, মুখ শুকাই থাকিলেও পানী বা কোনো তৰল দ্ৰব্য পান কৰিব নিবিচাৰে। কেতিয়াবা ৰোগীয়ে ধৰ্ম সম্বন্ধে বক্তৃতা দিয়ে। হঠাৎ ৰোগীয়ে লুকাব বিচাৰে, পলাবলৈ চেষ্টা কৰে। কেতিয়াবা প্ৰেতাত্মাৰ সৈতে কথা পাতে, ভূত দেখে, নানা প্ৰকাৰৰ কথা শুনা পায় ইত্যাদি।
৩) ইগ্নেছিয়া: দু:খ, শোকৰ যন্ত্ৰণাৰে ভাৰাক্ৰান্ত নাৰী, ৰোগীৰ স্বভাৱ মৃদু অথচ সহজে উত্তেজনাশীল, মুহুৰ্তে মুহুৰ্তে বিপৰীত মানসিক লক্ষণ প্ৰকাশ পায়। নিৰৱে, নি:শব্দে ৰোগী বহি থাকি দীৰ্ঘশ্বাস এৰে আৰু কোনোৱে নেদেখাকৈ কান্দে। কাৰো আগত নিজৰ মনৰ কথা প্ৰকাশ নকৰে। নিজৰ বুকুতে দু:খ, শোকৰ বোজা বান্ধি ৰোগীয়ে দুৰ্ভোগ ভোগে। উদভ্ৰান্ত, উদাসীন। অকলে থাকিব বিচাৰে। পৰিৱৰ্তনশীল প্ৰকৃতি। এই হাঁহি, পিছ মুহুৰ্ততে দুখৰ সাগৰত নিমগ্ন হৈ চকুপানী টুকে। ৰাজকন্যা হ’লেও ভিক্ষাৰীৰ দৰে নিৰৱে, নি:শব্দে কান্দি দুখ ভোগ কৰে। পতিহীনা স্ত্ৰী, পুত্ৰহীনা মাতৃ, প্ৰেমত ব্যৰ্থ বা প্ৰবাঞ্চিতা নাৰীৰ উন্মাদ ৰোগত এই ঔষধৰ যথেষ্ট সাদৃশ্য পোৱা যায়।
ইয়াৰ উপৰিও ৰোগীৰ লক্ষণ অনুসৰি ব্যৱহাৰ হোৱা কেইটামান ঔষধ হ’ল-লেকেছিছ হেলেবোৰাছ, এনাকাৰ্ডিয়াম, ছিকিউতা ইত্যাদি।
অকল ঔষধেই নহয় আত্মীয়জনৰ মৰমস্নেহ, সহৃদয় আচৰণেৰে ৰোগীক উপযুক্ত যত্ন ল’লে এই ৰোগীক আৰোগ্য হোৱাটো ভালেখিনি নিৰ্ভৰ কৰে।
লেখক: ডা° এ কে শৰ্মা, মা হোমিঅ’ ক্লিনিক, পলাশবাৰী।
শেহতীয়া উন্নীতকৰণ: : 5/1/2020
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।