আমাৰ দেশ কৃষিপ্ৰধান দেশ। গতিকে খেতি আৰু পানী একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বাবেই বৰষুণ ন’হলেই নচলে। খেতিয়কৰ লগতে দেশৰ সকলো মানুহেই বৰষুণৰ মূল সাগৰীয় মৌচুমী বায়ুলৈ অপেক্ষা কৰি থাকে। মৌচুমী বায়ু ভাৰতবৰ্ষত প্ৰৱেশ কৰিলে তিনি মাহৰপৰা ছয় মাহ পৰ্য্যন্ত স্থায়ী হৈ ঠায়ে ঠায়ে বৰষুণ হ’বলৈ আৰম্ভ কৰে। প্ৰবল বৰষুণৰ ফলত বানপানীও হয়। এই বৰষুণ প্ৰকৃতিৰ অৱদান জলবায়ু পৰিৱৰ্তন কৰা বৰষুণ। অসমেও ইয়াৰপৰা ৰেহাই নাপায়।অসম হৈছে নদ-নদী, পাহাৰ-পৰ্বতৰ ঠাই। গতিকে বৰষুণ হ’লে সহজেই বানপানী হ’ব পাৰে। বৰষুণ হ’লে একেৰাহে এসপ্তাহৰ পৰা এপষেকলৈ বৰষুণ দি থাকিব পাৰে। এনে স্থলত নদীৰ পানী বাঢ়ি গৈ মথাউৰি ছিঙি নগৰ বা গাঁৱৰ বসতি অঞ্চলত পানী সোমাই গোটেইখন জলমগ্ন হয়। ফলত জলবায়ুৰ আৰ্দ্ৰতা বাঢ়ি মানুহৰ শৰীৰত বীজাণুৱে আক্ৰমণ কৰে। মহৰ আক্ৰমণ বেছি হয়। বেমাৰ-আজাৰৰ পয়োভৰ আহি পৰে। এইবোৰ বৰ্ষাকালীন ৰোগ। আৰু বাৰিষা যোৱাৰ লগে লগে ৰোগৰ কাৰকসমূহ অন্তৰ্ধান হয়। পুন: বাৰিষা অহাৰ লগে লগে সুপ্ত অৱস্থাৰ পৰা জাগ্ৰত অৱস্থাপ্ৰাপ্ত হয় এই ৰোগৰ।অসমৰ নগৰসমূহত পানী নিষ্কাসনৰ ব্যৱস্থা ভাল নোহোৱা বাবে প্ৰদূষিত পানীবোৰ ৰাস্তাই-ঘাটে, ঘৰে-পদূলিৰ পানীৰে একাকাৰ হৈ থাকে। এইবোৰৰ সংস্পৰ্শলৈ আহোঁতে আহোঁতে অনেকে ৰোগ দেখা দিয়ে। প্ৰায় অৰ্ধ শতাংশ লোক ইয়াৰ চিকাৰ হ’বলগীয়া হয়। এইবোৰৰ ভিতৰত শ্বাস ৰোগ, ছাল ৰোগ, চৰ্দি, নাকৰ যিকোনো অশান্তি, আচিনাই, মানসিক ৰোগ, শাক-পাচলি অসহনীয় হোৱা,বিভিন্ন জ্বৰ ইত্যাদি অনেকবোৰ আছে। অৱশ্যে বাৰিষাকাল পাৰ হোৱাৰ লগে লগে এইবোৰো নিজে নিজে নাইকিয়া হৈ যায়। সেয়েহে বাৰিষা যিকোনো ডাক্তৰৰ ওচৰত ভিৰ পৰিলক্ষিত হয়। নিজে নিজে নাইকিয়া হ’লেও যিকেইদিন থাকে অসহনীয় অৱস্থাত থাকে। কেতিয়াবা পুষ্টিহীনতাৰ বাবেও হ’ব পাৰে। ৰুগীয়া শৰীৰ চিকিৎসা কৰিবলৈ যাওঁতে এণ্টিবায়’টিক ঔষধে প্ৰধান ঠাই লয় প্ৰেছক্ৰিপচনত। অতিমাত্ৰা এণ্টিবায়’টিক ঔষধে কিছুমান বিশেষ অংগত বিকৃত প্ৰভাৱ পেলোৱা দেখা যায়, যাৰ বাবে অন্য নতুন ৰোগ আৰম্ভ হ’বলৈ ধৰে। যেনে কনষ্টিপেচন, মূৰৰ ঘূৰণি, এলাৰ্জি, ভৰি ফুলা, পেচাৱ জ্বলা-পোৰা কৰা, গেছ বা ডায়েৰীয়া ইত্যাদি। এনে ধৰণৰ অৱস্থা পোৱাৰ পাছত শৰীৰ দুৰ্বল হৈ কাম কৰিবলৈ মন নোযোৱা হয়। সেয়েহে বৰ্ষাকালীন ৰোগ নহ’বৰ বাবে কিছুমান সতৰ্কতাৰ প্ৰয়োজন। যদিসতৰ্কতাৰ উপায় হিচাপে কোনো সমল নাথাকে তেতিয়া হোমিওপেথিক ঔষধ ব্যৱহাৰ কৰিব পাৰে। ক্ৰনিক হিচাবে থকা যিকোনো ৰোগ ভাল কৰিবলৈও হোমিওপেথিকৰ দীঘলীয়া চিকিৎসা বিধেয়। তাৰ বাবে নিজৰ নিজৰ আগ্ৰহে প্ৰধান ঠাই পাব লাগিব। হোমিওপেথি ঔষধত আজিকালি অনেক প্ৰকাৰৰ মলম আছে। এইবোৰে একজিমা, ছাল ক’লা পৰা,খজুৱতিকে আদি কৰি সৰু-ডাঙৰ অনেক ফোঁহা, কাৰ্বাংকল আদিৰ বাবে খোৱা ঔষধ আৰু বাহ্যিক প্ৰয়োগ দুয়ো প্ৰকাৰৰ ঔষধ পোৱা যায়, যিয়ে ৰোগৰ সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। চকুৰ ৰোগৰ ভিতৰত আজিকালি ছানি পৰা(কেটেৰেক্ট) বেছিকৈ হয়। ছানি পৰিলে চকুৰে ধোঁৱা ধোঁৱা দেখে, চকুৰ মণি বগা পৰে। লাহে লাহে বস্তুবোৰ এটাৰ ঠাইত দুই-তিনিটা দেখে।ডায়েবেটিছ ৰোগীয়েও চকুৰ অসুখত ভোগে। ছানি পৰিলে যদিহে চকুৰ অপাৰেচন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত হোমিওপেথি আই ড্ৰপ পোৱা যায়। ইয়াৰ উপৰি কেটেৰেক্ট নপৰিবলৈও কিছুমান চকুৰ ড্ৰপ পোৱা যায়। অভিজ্ঞ চিকিত্সকৰ সহায় লোৱা দৰকাৰ। বাৰিষাকালত পানীত হোৱা পাচলি খালে কিছুমান ৰোগ বাঢ়ি যায়। পানী বেছি থকা পাচলি খালেও হ’ব পাৰে। হাঁপানী বা এলাৰ্জি, গা চকলা-চকল বন্ধা আদি এইবোৰ ৰোগত হোমিওপেথি ঔষধৰ সহায় ল’ব পাৰে। বৰষুণত তিতিলেও জ্বৰ,গাৰ বিষ কিছুমান হয়। তেনে লোক লগতে হাঁচি, চৰ্দি আদিৰো চিকাৰ হয়। ইয়াতো হোমিওপেথি ঔষধ ব্যৱহাৰ কৰি নিৰাময় হ’ব পাৰি। মহিলাসকলৰ বাবে ই অতি উত্তম পদ্ধতি। কম খৰচত লাহে লাহে এইবিধ পদ্ধতিক আঁকোৱালি ল’লে দুৰাৰোগ্য ৰোগৰ পৰা আঁতৰি থাকিব পাৰি। অৱশ্যে নিজে নিজে কোনো দৰব কিনি আনি সেৱন কৰাৰ পৰা বিৰত থাকিলেহে উত্তম চিকিৎসা পাব পাৰিব। ধূমপান কৰা লোকসকলৰ বাবে হোমিওপেথি ঔষধৰ ওচৰ চাপিলে ডাক্তৰক সঁচা কথা ক’ব লাগে। নেট্ৰাম ছালফিউৰিকাম, ৰাছটক্সি কোডেন্দ্ৰন, এণ্টিমনিয়াম চাৰ্টাৰিয়াম আদি ঔষধ বাৰিষাকলত বেছিকৈ ব্যৱহাৰ কৰা হয়।
লেখিকা: ডা° মিনু দেৱী, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...