হোমিও ঔষধৰ লগত আমাৰ বহুতৰে চিনাকি নাই । হোমিও চিকিৎসক এজনে ৰোগীৰ লক্ষণ বিলাক সোধা-পোছা কৰাৰ পিছত কিছুমান বড়িৰ ওপৰত স্বচ্ছ পানীৰ দৰে ঔষধ কেই টোপাল দি ঔষধ দিনে তিনি বাৰ-চাৰি বাৰকৈ খাবলৈ দিয়ে। কি ঔষধ দিছে জনাৰ উপায় নাই। জানিলেও ঔষধৰ লগত চিনাকি নাই। মানুহৰো জনাৰ ইচ্ছাৰ শেষ নাই। সেয়ে ঔষধ এটাৰ লগত চিনাকি কৰাৰ ইচ্ছা।
ঔষধটোৰ নাম হ’ল ক্ৰিয়োজট। আন নাম বিচউদ ক্ৰিয়োজট বা আলকাতৰা ইত্যাদি। শুকান সাৰ থকা ডাঙৰ ডাঙৰ কাঠ টুকুৰা-টুকুৰ কৰি যন্ত্ৰৰ ভিতৰত ভৰাই অগ্নিৰ উত্তাপত ড্ৰাই ডিষ্টিলেচন প্ৰথাৰে আলকাতৰাৰ দৰে পদাৰ্থ উলিয়ায়। এই খিনিয়েই উৎকৃষ্ট ক্ৰিয়োজট। পিছে কি গছৰ কাঠ নেজানো। বিশুদ্ধ ক্ৰিয়োজট দেখাত বৰ্ণহীন বা ঈষৎ হালধীয়া। এভাগ ক্ৰিয়োজটৰ লগত ৯৯ ভাগ এলকোহল মিহলাই মাদাৰ টিংচাৰ প্ৰস্তুত কৰে।
গোটেই দেহত স্পন্দন অনুভূতি থাকিলে সাধাৰণ ক্ষতৰ পৰা প্ৰচুৰ তেজ নিৰ্গত হয়। অতি তীব্ৰ পুৰণি স্নায়ুজ ৰোগ, বিশ্ৰাম ল’লে বাঢ়ি যোৱা বিষ আদিত উপকাৰী। কেন্সাৰৰ ক্ষতৰ পৰা দুৰ্গন্ধ যুক্ত স্ৰাৱ হ’লে এই ঔষধ উপকাৰত আহে। সাংঘাতিক জ্বলা-পোৰা থকা ঘা, ল’ৰা-ছোৱালী, যিবিলাকে সোনকালে ওখ হয় কিন্ত গা নধৰে, মহিলাৰ ঋতু বন্ধ হোৱাৰ পিছৰ ৰোগ, টিউমাৰৰ দৰে ফুলি উঠা অৰ্বুদ, শৰীৰ ফুলা, গেলা-পঁচা ক্ষত, দাঁত গজাৰ সময়ত শিশুৰ অসুখ-বিসুখৰ ক্ষেত্ৰত এই ঔষধ ভাল।
কি কি ৰোগত ব্যৱহাৰ হয় আৰু লক্ষণ বিলাক কেনেকুৱা
(১) সামান্য ক্ষত হ’লে যথেষ্ট পৰিমাণে ৰক্তক্ষয় হয়।
(২) গেংগ্ৰীণ কেন্সাৰ আৰু যক্ষ্মা ৰোগত পঁচা দুৰ্গন্ধ যুক্ত স্ৰাৱ, জীৱনী শক্তিৰ হ্ৰাস,
(৩) মাহেকীয়া ঋতু স্ৰাৱৰ আগতে আৰু হৈ থাকোতে কাণত ভোঁ ভোঁ শব্দ,
(৪) শিশুৰ অতি কষ্টত দাঁত গজে কিন্ত দাঁতৰ ক্ষয়ো লগে লগে আৰম্ভ হয়। দাঁতৰ গুৰি বা আলুবোৰ নীলাভ ৰঙৰ হোৱা, কোমল ঘা লগা, দাঁতৰ আলুৰ প্ৰদাহ আৰু অকণমান আঘাততে তেজ পৰা,
(৫) গৰ্ভাৱস্থাত বমিৰ লগতে মুখতে মিঠা পানী সঞ্চয়, পঁচা বেয়া গোন্ধ থকা শৌচ,
(৬) ঋতুৰ আগতে আৰু হৈ থাকোতে যন্ত্ৰণা দায়ক মূৰৰ বিষ,
(৭) সহবাসৰ পিছত যোনিৰে তেজপৰা, বহিলে থিয় দিলে বন্ধ হোৱা, ঋতুস্ৰাৱো তেনেকৈ কেতিয়াবা একেবাৰে বন্ধ বা আকৌ আৰম্ভ।
(৮) পেচাবৰ বেগ ধাৰণত অক্ষম, বেগ ইমানেই বেছি হয়, বিছনাৰ পৰা নামি যোৱালৈকে ৰখাব নোৱাৰা,
(৯) আঙুলিৰ পিছফালে আৰু হাতত একজিমা (বেচু),
(১০) পেচাবৰ সময়ত আৰু পেচাবৰ পিছতো জ্বলা-পোৰা কৰা,
(১১) হালধীয়া ৰঙৰ, দুৰ্গন্ধযুক্ত প্ৰদৰ স্ৰাৱ, (লিউকেৰিয়া ৰোগ) য’তে লাগে, ত’তে ঘাৰ দৰে হয়, খজুৱায়।
(১২) দুৰ্গন্ধ যুক্ত লোচিয়া (সন্তান প্ৰসৱৰ পিছত হোৱা স্ৰাৱ) এবাৰ বন্ধ হয় আকৌ আৰম্ভ হয়,
(১৩) যোনি অঞ্চলত খজুৱতি হৈ ঘা হয়, কাণৰ চাৰিওকাষে ৰসপূৰ্ণ উদ্ভেদ।
ক’লা বৰণৰ চেহেৰা, জীৰ্ণ-শীৰ্ণ অসম দেহ, অতি বৰ্ধনশীল, যিসকল মহিলা বয়সতকৈ অধিক দীৰ্ঘাংগী আৰু কোচ খোৱা ছাল, গ্ৰন্থিস্ফীতিপ্ৰৱণ, খৰ, খগজুৱতি প্ৰভৃতি ৰোগৰ প্ৰৱণতা, দ্ৰুত শীৰ্ণতা প্ৰাপ্তি, সকলো সময়ত অস্থিৰ, শৰীৰত জুইৰ দৰে উত্তাপ অনুভৱ, ঋতু বন্ধৰ বয়সত কিবা নহয় কিবা এটা আমনি থকা ৰোগীৰ বাবে উৎকৃষ্ট ঔষধ।
ঋতু স্ৰাৱৰ ৰোগ
ঋতু স্ৰাৱ বা মাহেকীয়া ৰৈ ৰৈ হয়, অৰ্থাৎ একোবাৰ হয়, আকৌ বন্ধ হয়, আকৌ হঠাতে আৰম্ভ হয়। শুলে স্ৰাৱ বৃদ্ধি হয় কিন্ত উঠি বহিলে বা ঘুৰা-ফুৰা কৰিলে কমকৈ হয়। সহবাস কৰাৰ সময়ত বিষ হয়। ক্ৰিয়োজটৰ লক্ষণৰ ৰোগীৰ ঋতুস্ৰাৱৰ পৰিমাণ বেছি আৰু ঋতুস্ৰাৱ সোনকালে দেখা দিয়ে। মাহেকীয়াৰ সময়ত কঁকালৰ বিষ হয়। কাণত অনবৰত ভোঁ ভোঁ শব্দ-এটা থাকে। আনহাতে মাহেকীয়া বন্ধ হোৱাৰ লগে লগে শ্বেতপদৰ ৰোগে দেখা দিয়ে। ডাঃ ফেৰিংটনৰ মতে- জৰায়ু সংক্ৰান্ত যাৱতীয় উপসৰ্গ ঋতুস্ৰাৱৰ পিছত বৃদ্ধি হয়।
লিউকোৰিয়া বা শ্বেতপদৰ
প্ৰদৰ স্ৰাৱৰ ৰং হালধীয়া বৰণৰ হয়। কাপোৰত দাগ লাগে, অত্যন্ত পঁচা গোন্ধ, স্ৰাৱ গাত লাগিলে খজুৱায় আৰু জ্বলা-পোৰা কৰে। আনহাতে খজুৱালে উপশম নহয়, বেছিকৈ বাঢ়ে। বহুদিন লেথাৰিকৈ থকা ৰক্তস্ৰাৱত এই ঔষধে সহায় কৰে। প্ৰদৰ স্ৰাৱ হওঁক বা ঋতু স্ৰাৱেই হওঁক, যদি ই এবাৰ বন্ধ হৈ আকৌ দেখা দিয়ে তেন্তে ক্ৰিয়োজাটেই উৎকৃষ্ট ঔষধ। বিশেষকৈ স্ৰাৱ (যিকোনো) যদি দুৰ্গন্ধ যুক্ত, খাৰুৱা, জ্বলা-পোৰা কৰা ধৰণৰ হয়। তেন্তে কথাই নাই।
প্ৰসৱৰ পিছৰ স্ৰাৱ বা লচিয়া
প্ৰসৱৰ পিছত প্ৰসূতিৰ পুঁজৰ দৰে এক প্ৰকাৰৰ দুৰ্গন্ধ যুক্ত স্ৰাৱ পুনঃ পুনঃ দেখা দিয়ে আৰু বন্ধ হয়, তেন্তে ক্ৰিয়োজটে আৰোগ্য প্ৰদান কৰিব। দুৰ্গন্ধ থকা লচিয়া স্ৰাৱত ক্ৰিয়োজট কেতিয়াও বিফল নহয়।
জৰায়ুত ক্ষত বা কেন্সাৰ ৰোগ
জৰায়ুৰ এটা-দুটা ৰোগত জৰায়ু পথ কঠিন আৰু ফুলা ধৰণৰ হয়। অঞ্চলটোত সাংঘাটিক বিষ থাকে। ইমানেই বিষ থাকে যে হাত দিলে বা সহবাস কৰিলে ৰোগী শিঁয়ৰি উঠে। যোনি অঞ্চলত ভয়ানক জ্বলা-পোৰা থাকে। মাজে মাজে সৰু সৰু ক’লা ধৰণৰ টুকুৰা-টুকুৰ ডাঠ দুৰ্গন্ধযুক্ত স্ৰাৱ নিৰ্গত হয়। স্ৰাৱ ৰৈ ৰৈ হয়। জৰায়ু গ্ৰীবাৰ ক্ষত, জৰায়ুত ফুলকবিৰ দৰে এক প্ৰকাৰ পদাৰ্থ উৎপন্ন হয়, তাতো ভয়ানক জ্বলা-পোৰা থাকে, তাৰ পৰা দুৰ্গন্ধ যুক্ত স্ৰাৱো ওলায়। অন্য যিকোনো ক্ষত গেংগ্ৰিণলৈ পৰিণত হোৱাৰ সম্ভাৱনা থাকিলে ক্ৰিয়োজটে উপকাৰ কৰে।
ডায়েবেটিচ বা বহুমূত্ৰ ৰোগ
ৰাতি ঘনকৈ পেচাব আৰু প্ৰতিবাৰেই যথেষ্ট প্ৰস্ৰাৱ হয়। খুব ঘন ঘনকৈ পেচাবৰ ভাব আহে। হঠাতে ইমান জোৰকৈ লাগে যে খৰখেদা কৰিও বেগ ধৰি ৰাখিব নোৱাৰে। সৰু ল’ৰা-ছোৱালীয়ে বিছনাত পেচাব কৰে। এই ক্ষেত্ৰত ক্ৰিয়োজট উপকাৰী।
শিশুৰ পেট চলা বা কলেৰা
কষ্টকৰ দাঁত গজা, দাঁত গজিলেই দাঁতত ক্ষয় ৰোগে ধৰে। লগতে অনবৰতে শৌচ-বমি কৰে। শৌচৰ সাংঘাতিক দুৰ্গন্ধ। ক্ৰিয়োজটেই শৌচ, শৌচত তেজৰ কণিকা থাকিলে ক্ৰিয়োজটে ভাল কাম কৰে।
বমি
ৰোগীৰ খাদ্য দ্ৰব্য হজম নহয়। পেটটো হজম নোহোৱা খাদ্য থাকিব নোখোজে। অজীৰ্ণ খাদ্য বমি কৰে, আহাৰৰ পিছতো বমি হয়। এনে অৱস্থাত ক্ৰিয়োজট উপকাৰী। গৰ্ভাৱস্থাৰ বমিতো ই উপকাৰী।
যক্ষ্মা ৰোগত
ক্ৰিয়োজতৰ ব্যৱহাৰত ক’ফৰ পৰিমাণ কমি আহে। খেকাৰ-কফ ওলোৱা হ্ৰাস পায়। ঘাম ওলোৱা মকি আহে। শৰীৰত লাহে লাহে বল সঞ্চয় হয়। হাওঁফাওঁৰ পচনত মহা উপকাৰী ঔষধ। শদি প্ৰতিবাৰ কাঁহ মাৰোতে প্ৰচুৰ পুজ থকা কফ ওলায়, কাহৰ লগতে তেজ ওলায়। কিছু দিনৰ মূৰে মূৰে এইদৰে তেজ ওলালে ক্ৰিয়োজট উপকাৰী।
মোৰ লিখাৰ উদ্দেশ্য হ’ল একে বিধ ঔষধেই বিভিন্ন ৰোগত লক্ষণ মিলিলে ব্যৱহাৰ হয়। সি যি ৰোগেই নহওক কিয়? এক কথাত ক’বলৈ গ’লে একেবিধ হোমিও ঔষধেই ৰোগীৰ ৰোগ লক্ষণ অনুসৰি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। অৱশ্যে ঔষধৰ অনুপাত, শক্তি ৰোগীৰ বয়স, শাৰীৰিক শক্তি, শাৰীৰিক আকাৰ, উচ্চতা আদি বিভিন্ন অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে নিৰ্ধাৰণ কৰে। এই ক্ষেত্ৰত চিকিৎসকৰ অভিজ্ঞতা অতি প্ৰয়োজনীয়।
লেখক: ডাঃ মহম্মদ ইউছুফ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
ঔটেঙাৰ ঔষধি গুণাগুণৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে
এনাস্থেচিয়া আৰু উইলিয়াম থমাছ মৰ্টন
অনিদ্ৰা দূৰ কৰো আহক
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে