বিষ। বিষ নিৰাময় কৰাজনক সেই মুহূৰ্তত ভূক্তভোগীয়ে ত্ৰাণকৰ্তা ভগৱান যেন ভাবে। চিকিৎসা বিজ্ঞানৰ ইতিহাসত এই বিষয়ক উপেক্ষা কৰাৰ উল্লেখ আছে। উপেক্ষা কৰা হৈছিল, কিয়নো প্ৰকৃত প্ৰতিৰোধ কৰিব পৰা ঔষধৰ অভাৱ। বিখ্যাত শল্য চিকিৎসক হিপোক্রেট্ছে (Hippocrates 460-377 BC), উপদেশ দিছিল- 'To accommodate the operator, and maintain the figure and position of the part... operated on... and avoid sinking down, and shrinking from or turning away...) ক’বলৈ গ’লে ইয়াৰ অৰ্থ এনুকুৱাই হ’ব যে তুমি কৰি যোৱা, তুমি হৃদস্পন্দনৰ প্ৰতি লক্ষ্য ৰখা কিন্তু তুমি নিষ্ঠুৰ হৈ (with brutality) অপাৰেচন সম্পন্ন কৰা।
চিকিৎসা বিজ্ঞানৰ এনাস্থেচিয়াৰ কিতাপত দেখিবলৈ পোৱা সেই চিত্ৰসমূহে এই কথাকেই সোঁৱৰায়। বেয়া ধৰণে আঘাতপ্রাপ্ত ভৰিখন যদি দেহৰ পৰা বিচ্ছিন্ন কৰিব লাগে আৰু সেইখন ভৰি দেহত থকাৰ বাবে যদি মানুহজনৰ মৃত্যু হয়, তেনেকুৱা ক্ষেত্ৰত মানুহজনক কৰতেৰে অস্ত্ৰোপচাৰ কৰি ভৰিখন দেহৰ পৰা আঁতৰাই (amputation) দিয়া হয়। এই ক্ষেত্ৰত বেমাৰীৰ বিষৰ বাবে যি আৰ্তনাদ, সেয়া বৰ্ণনাতীত। এনেকুৱা ধৰণৰ আৰু উদাহৰণ আছে যে বিষ নিৰাময় কৰিবলৈ মূৰত আঘাতপ্রাপ্ত কৰি সেই অজ্ঞানতাৰ সুযোগত অস্ত্রোপচাৰ সম্পন্ন কৰা হয়।
চিকিৎসা বিজ্ঞানৰ ইতিহাসত অস্ত্ৰোপচাৰৰ বিষ উপশম সন্দৰ্ভত বিভিন্ন উপায় বৰ্ণনা কৰা আছে। বিষনাশক উপাদান মেনড্রেক (Mandrake) গছৰ পাত আৰু বাকলি সুৰাৰ সৈতে উতলাই মেনড্রোগোৰ (Mandragora) নামৰ এবিধ বিষনাশক ঔষধ তৈয়াৰ কৰিছিল। সোতৰ শতিকাৰ শেষাৰ্ধলৈ এইবিধ দৰব বিষনাশকৰূপে ব্যৱহৃত হৈছিল। মধ্য শতিকাত স্পৰোফিক স্পঞ্জ (sporofic sponge) নামেৰে বিষনাশক উপায়ৰ উদ্ভৱ হয়। ইয়াত বৰ্ণনা কৰা অনুসাৰে মেনড্রেক গছৰ পাত পপি (morphine) আৰু বিভিন্ন বিষনাশক গোন্ধ থকা পাত স্পঞ্জ টুকুৰাৰ সৈতে উতলোৱা হয় আৰু শুকাই থোৱা হয়। এই স্পঞ্জ টুকুৰাত মৰফিন আৰু স্কোপোলেমাইন (scopOlamine) নামৰ ঔষধ দুবিধ মিহলি হৈ থাকে, যি দুবিধ ঔষধ এতিয়াও অজ্ঞান কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়। এই শ্লিপিং স্পঞ্জ ব্যৱহাৰ কৰিবৰ সময়ত গৰম পানীত ডুবাই বেমাৰীৰ নাকৰ ওচৰত ৰখা হয় আৰু উশাহৰ সৈতে মিহলি হৈ টোপনি অহাত সহায় কৰে। এই স্পঞ্জত হেমলক (hemlock) নামৰ উপাদান এবিধ ব্যৱহাৰ হৈছিল, যিবিধৰ ব্যৱহাৰ অত্যধিক কৰি দাৰ্শনিক ছক্ৰেটিছক মৃত্যুদণ্ড বিহা হৈছিল।
ইতিহাসৰ পাতত সেইদৰে ঠাণ্ডা পানী, বৰফ আদি ব্যৱহাৰ কৰিও বিষ উপশম কৰাৰ কথা পোৱা যায়।
বিভিন্ন ধৰণৰ উপাদানেৰে যদিও বিষ উপশমৰ চেষ্টা চলাইছিল, প্ৰকৃত অৰ্থত এয়া কৃতকাৰ্য হোৱা নাছিল। ষোল্ল শতিকাত ভেলেৰিয়াছ কৰদাছে (Valerius Cordus) ছালফিউৰিক এচিডৰ পৰা ইথাৰ প্ৰস্তুত কৰি ইয়াৰ বিষনাশক গুণ আৱিষ্কাৰ কৰিছিল।
ওঠৰশ শতিকাত উইলিয়াম থমাছ মৰ্টনে (William Thomas Green Morton, 1819-1868) ইথাৰৰ উপযুক্ত ব্যৱহাৰ প্ৰদৰ্শন কৰে।
মর্টনে দন্ত চিকিৎসা কৰিছিল যদিও তেওঁৰ এনাস্থেচিয়াৰ প্ৰতি বিশেষ আগ্রহ আছিল আৰু এই বিষয়ে জানিবলৈ ইংলেণ্ডৰ পৰা বষ্টনলৈ আহে। তেওঁ মন কৰিছিল যে ইথাৰ ছালত পৰিলে বিষনাশক হয় আৰু সেইবাবে ইথাৰৰ বিষয়ে তেওঁ গৱেষণা আৰম্ভ কৰে। ইথাৰ ভলেটাইল, অর্থ ই এটা বিশেষ তাপত ভাপ হয় আৰু সেই ভাপ যেতিয়া উশাহ-নিশাহত যায়, বেমাৰী অজ্ঞান হয়। ইথাৰৰ গুণাগুণৰ ওপৰত মর্টনে গৱেষণা কৰিলে যদিও ইয়াৰ প্ৰকৃত ব্যৱহাৰ কৰিবলৈ ৰাইজৰ সঁহাৰি পাবলৈ তেওঁ চিন্তা কৰিবলৈ ধৰিলে। মর্টনে তেওঁৰ পোহনীয়া কুকুৰৰ ওপৰত ইথাৰৰ প্ৰভাৱ দেখি ইয়াৰ দ্বাৰা যে ভৱিষ্যৎ মানৱ জাতি উপকৃত হ’ব, সেয়া অনুমান কৰিছিল আৰু সেইবাবেই ইথাৰৰ ব্যৱহাৰ সমজুৱাকৈ দেখুৱাবলৈ যো-জা কৰে। সেই উদ্দেশ্যে তেওঁ ১৮৪৬ চনৰ ১৬ অক্টোবৰ শুকুৰবাৰে সমজুৱাকৈ প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। বষ্টনৰ Massachusetts Hospital Edward Gilbert Abbott নামৰ বেমাৰীজনৰ ডিঙিত টেমুনা এটা John Collins Warner নামৰ এজন শল্য চিকিৎসকে অস্ত্ৰোপচাৰ কৰে আৰু মৰ্টনে বিষ নাপাবলৈ ইথাৰ ব্যৱহাৰ কৰি অজ্ঞান কৰে। বেমাৰীজনে বিষ অনুভৱ নকৰে আৰু এয়াই আছিল মৰ্টনৰ কৃতকার্যতা
উইলিয়াম থমাছ গ্রীন মৰ্টনৰ কৃতকার্যতাৰ এই বিশেষ দিনটো বিশ্ব এনাস্থেচিয়া দিন হিচাপে পালন কৰা হয়। ইথাৰৰ আৱিষ্কাৰৰ বাবে এটা বহুদিনীয়া অভাৱ পুৰণ হয় আৰু মানৱ জাতিয়ে বিষৰ সৈতে যুঁজিবলৈ অস্ত্ৰ বিচাৰি পায়।
Henry Jacob Bigelow-এ বষ্টন মেডিকেল এণ্ড ছাৰ্জিকেল জাৰ্নেলত এই বিষয়ে লিখিছিল-It has long been an important problem in medical science to device some method of migrating the pain of surgical operation. An efficient agent for this purpose has at length been discovered. A patient has been rendered completly insensible during the amputation of the thign, regaining consciousness after a short interval. Other severe operations has been performed without the knowledge of the patient..."
এইজন মনীষী থমাছ উইলিয়াম গ্রীন মর্টনৰ কৃতকাৰ্যতাত বিখ্যাত এনাস্থেচিয়েলজিষ্ট Dr. oliver Wendall Holmes-এ কৈছিল- The priceless gift to humanity one-forth from the operating theatre of the Massachusetts General Hospital and this man to whom the world owes its W.T.G Morton.
জীৱনজোৰা সাধনাৰে মানৱ জাতিৰ বিষ নিৰাময় কৰিবলৈ সমৰ্থ হোৱা মর্টনে জীৱিতকালত তেওঁ পাবলগীয়া ধৰণৰ সন্মান নাপালে। মর্টনে তেওঁৰ আৱিষ্কাৰ পেটেণ্ট কৰিবলৈ সমৰ্থ নহ’ল আৰু ইউ এছ গৱৰ্নমেণ্টৰ পৰা কোনো আর্থিক সাহায্যও নাপালে। ইথাৰ-আৱিষ্কাৰৰ সময়ত নিজৰ দেহত প্ৰয়োগ কৰি চোৱা আৰু অতিৰিক্ত পৰিশ্ৰমৰ বাবে ভগ্ন স্বাস্থ্যৰ হেতু মাত্র ৪৯ বছৰ বয়সতে মৃত্যুবৰণ কৰে।
তেওঁৰ ইথাৰ সমজুৱাকৈ প্ৰদৰ্শন কৰা Bulfinch Building in Massachusetts General Hospital ৰ ঠাইটুকুৰাত এটি স্মৃতিস্তম্ভ সজায় আৰু ইয়াক ইথাৰ ডোম নামেৰে জনা যায়।
মৰ্টনৰ শেষ শয়নৰ ঠাইটুকুৰাত বষ্টন নগৰবাসীয়ে এটি স্তম্ভ সজায়, যিখনত Dr. Henry J Bigelow-এ এইদৰে লিখি থৈ গ’ল—
"Willam Thomas Green Morton Inventor and revaler of Anaesthetic inhalation. Before whom, in All time, surgery was Agony By whom pain in surgery was everted and Annulled.
Since whom science has control of pain."
মৰ্টনৰ মৃত্যুত পত্নী মিছেছ এলিজাবেথ মর্টনে দুখ কৰি কৈছিল- My husband great gift which he devoted to the service of mankind proved a curse to himself and his family.
ইথাৰ প্ৰদৰ্শনৰ পাঁচমাহ পিছত ২২ মার্চ, ১৮৪৭, ভাৰতৰ কলিকতাত প্ৰথমে ইথাৰ ব্যৱহাৰ হৈছিল। নিঃসন্দেহে মৰ্টনৰ ইথাৰ আৱিষ্কাৰে মানৱ জাতিক এটা নতুন গতিপথৰ সন্ধান দিয়ে।
বিশ্ব এনাস্থেচিয়া দিৱসত এই মহান ব্যক্তিগৰাকীক স্মৰণ কৰাৰ লগতে এনাস্থেচিয়াৰ আন বিভিন্ন দিশৰ প্রতিও সজাগ হ'ব লাগিব। ছেফ এনাস্থেচিয়াৰ প্ৰতি সজাগ হোৱাও ইয়াৰ অন্যতম দিশ। ক’বলৈ গ’লে safe anaesthesia is not luxury but it is human right.
বিশ্ব এনাস্থেচিয়া দিৱসত এই বৰেণ্য ব্যক্তিজনক স্মৰণ কৰোতে এনাস্থেচিয়াৰ উন্নতিৰ বাবে যিসকলে নিজৰ জীৱন বিপদগ্রস্ত হোৱাতো গুৰুত্ব নিদি তেওঁলোকৰ জীৱনজোৰা সাধনা আৰু আত্মত্যাগেৰে এনাস্থেচিয়াক চহকী কৰি থৈ গৈছে, সেইসকলকো শ্ৰদ্ধাৰে স্মৰণ কৰাটো আমাৰ কর্তব্য।
লেখিকা: ডা: দীপিকা চৌধুৰী।
শেহতীয়া উন্নীতকৰণ: : 2/29/2024
ঔষধ সেৱন আৰু ক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হওক
ঔটেঙাৰ ঔষধি গুণাগুণৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে
গৰ্ভাৱস্থাত পেৰাচিটামল জাতীয় ঔষধ নাখাব
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে