বৰ্তমান কোষ্ঠকাঠিন্য ৰোগত ভোগা লোকৰ স্ংখ্যা বৃদ্ধি পাইছে। আমাৰ দেশত ৯০ শতাংশ লোকে এই ৰোগত ভোগে। আমি খোৱা খাদ্য পাচনতন্ত্ৰত পৰিপাক হোৱাৰ লগে লগে শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি লাভ কৰে। খাদ্যবস্তু হজম হোৱাৰ পিছত যিখিনি অপাচ্য দ্ৰব্য ক্ষুদ্ৰান্তত অলাগতিয়াল হিচাপে থাকি যায় তাকে মল বুলি কোৱা হয়। স্বাভাৱিকভাৱে যদি দেহৰ পৰা এই মল ওলাই যায় তেন্তে দেহাটো সুস্থ হৈ থাকে। কিন্তু এই মল যেতিয়া পেটৰ ভিতৰত ৰৈ যায় বা সম্পূৰ্ণৰুপে ওলাই যাব নোৱাৰে তেতিয়াই এই কষ্টকৰ অৱস্থাৰ সৃষ্টি হয় আৰু এই অৱস্থাকে ‘মল অৱৰোধ’ বুলি কোৱা হয়। সহজভাৱে ক’বলৈ গলে কোষ্ঠ পৰিষ্কাৰ নোহোৱা অৱস্থাকে কোষ্ঠকাঠিন্য বুলি কোৱা হয়।
কিছুমান নিৰ্দিষ্ট বেমাৰ, যেনে-ষ্ট্ৰোক আদিত সহজে এই লক্ষণ প্ৰকাশ পায়। কোষ্ঠকাঠিন্য বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিয়ে। এই উপসৰ্গসমূহ হ’ল-
পুৱা খালী পেটত অধিক পৰিমাণে পানী খালে কোষ্ঠকাঠিন্য দূৰ হয়। এই ৰোগত ভোগা লোকে পুৱা খোজকাঢ়িব লাগে আৰু পেটৰ পেশীত চাপ পৰা ব্যায়াম কৰিলে শৌচ খোলোচা হয়। অধিক পৰিমাণে সেউজীয়া শাক পাচলি আৰু ফলমূল খাব লাগে। প্ৰতিদিনে নিৰ্দিষ্ট সময়ত্ পায়খানাৰ অভ্যাস কৰিব লাগে। এই ৰোগত ভোগা ৰোগীৰ লক্ষণ অনুসাৰে যদি হোমিঅ’ চিকিৎসা কৰা হয় অতি সোনকালে আৰোগ্য হ’ব।
Nux Vomica-এই ৰোগত ভোগা ৰোগীৰ বাৰে বাৰে মলত্যাগৰ ইচ্ছা হয়। পায়খানাৰ পিছত এনেকুৱা ভাৱ হয় যেন আধা অংশ মল থাকি গ’ল। এনেধৰণৰ লক্ষণত Nux Vomicaই সুফল দিয়ে।
Sulphur-গুহ্যদ্বাৰত খজুৱতি, জ্বলা-পোৰা ভাৱ, অৰ্শৰোগ, পুনঃ পুনঃ নিষ্ফল মল বেগ, মল গুটিগুটি আৰু কম পৰিমাণৰ। শিশুৱে বেদনাৰ ভয়ত পায়খানা কৰিব নিবিচাৰে। গুহ্যদ্বাৰৰ চাৰিওকাষে ৰঙা পৰে আৰু তেজ ওলায়।
Hydrastis Can-এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ গুহ্যদ্বাৰ ফটা ফটা, প্ৰচণ্ড কোষ্ঠকাঠিন্য আৰু মূৰৰ সামান্য যন্ত্ৰনাবোধ হয়। পায়খানাৰ পাছতো বহু দেৰিলৈকে বেদনা থাকিলে এই ঔষধ ব্যৱহাৰ হয়। এই ঔষধৰ উপৰি কোষ্ঠকাঠিন্যত ব্যৱহাৰ হোৱা আন কিছুমান ঔষধ লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিলে অতি সোনকালে আৰোগ্য হয়।
সাধাৰণ কোষ্ঠকাঠিন্যত-Bryonia, Merc Sol, Nux Vomica.
পুৰণি কোষ্ঠকাঠিন্যত-Calcarea Carb, Nux Vomica, Sulphur.
শিশুৰ কোষ্ঠকাঠিন্যত- Bryonia, Nux Vomica, Opium আদি।
গৰ্ভকালীন অৱস্থাত- Bryonia, Nux Vomica
দাঁত উঠাৰ সময়ত-Sepia Bryonia, Nux, Vomica আদি।
কোষ্ঠকাঠিন্যত আকুপাংচাৰ চিকিৎসাৰদ্বাৰাও সুফল লাভ কৰিব পাৰি। ইয়াৰ বিন্দুবোৰ হ’ল-
St25, S.J 6, U.B.25, St 36। এই বিন্দুসমূহত প্ৰতিদিন ১৫-২০ মিনিট সময় তীব্ৰ উত্তেজনা দিয়া হয়। ইয়াৰ লগতে মক্সিবাশ্চনো ব্যৱহাৰ কৰা হয়।
উৎসঃ ডা০ ডুলুমণি দাস
শেহতীয়া উন্নীতকৰণ: : 3/6/2020
কোষ্ঠকাঠিন্য
ডায়েবেটিছৰ হোমিঅ’ চিকিৎসা
ব্ৰংকাইটিছৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা
উন্মাদ ৰোগৰ হোমিঅ’ চিকিৎসা