শেহতীয়াভাৱে অসমত আতংকৰ সৃষ্টি কৰিছে ডেংগু ৰোগে। ৰাজধানী গুৱাহাটীতে ইতিমধ্যে কেইবাজনো লোকৰ এই ৰোগত মৃত্যু হোৱাৰ উপৰি আন বহু ৰোগী চিকিৎসাধীন হৈ আছে। ডেংগু জ্বৰক ব্ৰেকব’ন জ্বৰ বুলিও কোৱা হয় আৰু ডেংগু ভাইৰাছৰ দ্বাৰা এই ৰোগবিধ হয়। এই ভাইৰাছবিধ এডিছ ইজিপ্ট নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই ভাইৰাছ এডিছ ইজিপ্ট নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই ভাইৰাছ চাৰিধৰণৰ হয়। সাধাৰণতে ইয়াৰে এবিধৰ দ্বাৰা এবাৰ আক্ৰান্ত হ’লে সেইবিধৰ ক্ষেত্ৰত আক্ৰান্তজনে গোটেই জীৱনৰ বাবে প্ৰতিৰোধ ক্ষমতা আহৰণ কৰে। কিন্তু বাকী কেইবিধৰ ক্ষেত্ৰত প্ৰতিৰোধ ক্ষমতা হ্ৰস্বকালৰ বাবেহে হয়। ডেংগুত আক্ৰান্ত হোৱাৰ লক্ষণবোৰ হৈছে জ্বৰ, মূৰৰ বিষ, মাংসপেশী আৰু গাঁঠিৰ বিষ আৰু শৰীৰত ঘামচিৰ দৰে দেখা যায়। কম সংখ্যকৰ ক্ষেত্ৰত এই ৰোগবিধ ‘ডেংগু হেম’ৰেজিক ফেভৰ’ত পৰিণত হয়, য’ত ই জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। এনে আক্ৰান্তজনৰ ৰক্তক্ষৰণ হয় তেজৰ প্লেটলেটৰ মাত্ৰা কমে আৰু তেজৰ প্লাজমা নিৰ্গত হয়। এনে ক্ষেত্ৰত বিপদজনক ৰক্তচাপ কমি যায়।
ডেংগু ৰোগৰ ক্ষেত্ৰত বাণিজ্যিকভাৱে কোনো ভেকচিন উপলব্ধ নহয়, সেইবাবে মহৰ আৱাস আৰু সংখ্যা নিয়ন্ত্ৰণ কৰি মহৰ কামোৰৰ পৰা ৰক্ষা পৰাৰ বাদে বিশেষ বিকল্প নাই। ১৯৬০ ৰ দশকৰ ডেংগুৰ প্ৰভাৱ নাটকীয়ভাৱে বৃদ্ধি পাইছে আৰু প্ৰতি বছৰে ৫০ ৰ পৰা ১০০ নিযুত লোক এই ৰোগত আক্ৰান্ত হয়। দ্বিতীয় মহাসমৰৰ পিছৰ পৰা ই গোলকীয় সমস্যাত পৰিণত হৈছে আৰু ১১০ খনৰো অধিক দেশত ই মহামাৰী স্বৰূপ হৈ পৰিছে।
সাধাৰণতে ডেংগু ভাইৰাছত আক্ৰান্ত হোৱাসকলৰ শৰীৰত বিশেষ লক্ষণ ফুটি নুঠে আৰু উঠিলেও সাধাৰণ জ্বৰৰ লক্ষণহে দেখা যায়। পাঁচ শতাংশৰ ক্ষেত্ৰতহে গুৰুতৰ লক্ষণ স্পষ্ট হয় আৰু অতি কম অংশৰ ক্ষেত্ৰত জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ লক্ষণ দেখা যায়। শৰীৰত ডেংগুৰ ভাইৰাছ প্ৰৱেশ কৰাৰ পৰা ইয়াৰ লক্ষণ স্পষ্ট হোৱালৈ ৩ ৰ পৰা ১৪ দিন সময় লাগে যদিও বেছিভাগ ক্ষেত্ৰতে ৪ ৰ পৰা ৭ দিনতে লক্ষণ স্পষ্ট হয়। শিশুৰ ক্ষেত্ৰত ইয়াৰ লক্ষণ পানীলগা জ্বৰ আৰু গেষ্ট্ৰ’এন্টাৰাইটিছৰ (বমি আৰু ডায়েৰিয়া) দৰে একে আৰু গুৰুতৰ জটিলতাৰ সৃষ্টি হোৱাৰ আংশকা থাকে।
ডেংগুক চিনাক্ত কৰিব পৰা লক্ষণ হ’ল-হঠাতে জ্বৰ, মূৰৰ বিষ (সাধাৰণতে চকুৰ পাছফালে মাংসপেশী অৰু গাঁঠিৰ বিষ আৰু শৰীৰত ঘামচি ওলোৱাৰ দৰে হোৱা। জ্বৰ ১০৪ ডিগ্ৰী ফাৰেনহাইট আশে পাশে হ’ব পাৰে।
ডেংগু বিয়পোৱা মহ এডিচ ইজিপ্টিয়ে সাধাৰণতে পুৱা আৰু সন্ধিয়াৰ ভাগত কামোৰে। কিন্তু গোটেই বছৰজুৰি দিনটোৰ যিকোনো সময়তে কামুৰি ই ৰোগবিধ বিয়পাব পাৰে। মানুহেই হৈছে ডেংগু ভাইৰাছৰ বাহক। মহৰ এটা এটা কামোৰতে শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰিব পাৰে। ডেংগু জ্বৰত আক্ৰান্ত ব্যক্তি এজনৰ তেজ মাইকী এডিচ ইজিপ্টি মহে শোষণ কৰাৰ পিছৰ ২ ৰ পৰা ১০ দিনৰ ভিতৰত মহটো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। ৫ ৰ পৰা ১০ দিনৰ ভিতৰত মহটোৰ অন্যান্য কলাৰ লগতে লালটি গ্ৰন্থিলৈকে এই ভাইৰাছবিধ বিয়পি পৰে আৰু লালটিৰ সৈতে বাহিৰ ওলাই আহে। মহৰ ওপৰত এই ভাইৰাছৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া নহয়। যেতিয়া ই বেলেগ এজন ব্যক্তিক কামোৰে তেতিয়া তেওঁৰ শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰে। এই মহে পানী ৰখা পাত্ৰ আদিত কণী পাৰিবলৈ পছন্দ কৰে। ই মানুহৰ আশে পাশে বাস কৰিব বিচাৰে আৰু অন্যান্য মেৰুদণ্ডী প্ৰাণীৰ তুলনাত মানুহৰ তেজ পছন্দ কৰে।
ডেংগু ভাইৰাছ কঢ়িওৱা মহে মানুহক কামুৰিলে তাৰ লালটিৰ সৈতে ভাইৰাছো শৰীৰত প্ৰৱেশ কৰে। শৰীৰত প্ৰৱেশ কৰি ই শ্বেত ৰক্ত কণিকাৰ ভিতৰত প্ৰৱেশ কৰে আৰু বংশ বৃদ্ধি ঘটায়। শ্বেতৰক্ত কণিকাই কেতবোৰ প্ৰ’টিন উৎপন্ন কৰে যাৰ বাবেই কেতবোৰ লক্ষণ ফুটি উঠে।
ডেংগুৰ বাবে কোনো সুনিৰ্দিষ্ট ঔষধ নাই। কিন্তু শৰীৰত পানীৰ পৰিমাণ সঠিক ৰখাটো জৰুৰী। ৰক্তক্ষৰণৰ আংশকা থকা চিকিৎসা ব্যৱস্থা পৰিহাৰ কৰা হয়। তেনেদৰে জ্বৰৰ বাবে প্ৰয়োগ কৰা ঔষধৰ সৈতে বিষনাশক দৰব থাকিব নালাগে। কিয়নো এছপিৰিণ আৰু ইব্ৰপ্ৰুফেন জাতীয় বিষনাশকে ৰক্তক্ষৰণৰ আংশকা বৃদ্ধি কৰে। উল্লেখ্য যে, ১৯০৬ চনত এডিচ মহৰ দ্বাৰা ডেংগু বিয়পাটো নিশ্চিত হয়।
উৎস: দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/21/2020
যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে
ডেংগু
অসমত ৰাসায়নিক সাৰ, কীটনাশকৰ ব্যৱহাৰ মাৰাত্মক
ডেংগু জ্বৰ