লিউকেমিয়া হ’ল তেজ আৰু হাড়ৰ মজ্জাত হোৱা কেন্সাৰ। এই কেন্সাৰৰ ফলত শ্বেত ৰক্তকনিকাৰ অস্বাভাৱিক ভাৱে বৃদ্ধি আৰু বিভাজন ঘটে। এইটো হেমাট’লজিকেল নিউ’প্লাজমা গোটৰ তেজৰ ৰোগৰ অন্তৰ্গত।
সাধাৰণ সুস্থ মজ্জাৰ কোষবোৰ ধ্বংস কৰি পেলায়। ইয়াৰ ঠাইত অপৈনত শ্বেত ৰক্তকনিকাৰ সৃষ্টি হয়। ইয়াৰ ফলত প্লেটলেটৰ পৰিমাণ কমি যায়। ইয়াৰ ফলত তেজ সহজে গোট মাৰিব নোৱাৰে। সেইবাবে লিউকেমিয়া হ’লে সৰু সুৰা কঁটা ছিঙা বা ঘাঁৰপৰা তেজ ওলালে বন্ধ নহয় আৰু অধিক ৰক্তপাত হয়।
শ্বেত ৰক্তকনিকাই পেথ’জেন প্ৰতিৰোধৰ কাম কৰে। লিউকেমিয়াই শ্বেতৰক্ত কনিকাৰ এই কাৰ্য্যকাৰীতা ধ্বংস কৰে। ফলত ৰোগীৰ ৰোগ প্ৰতিষেধৰ ক্ষমতা কমি যোৱাৰ উপৰিও এই শ্বেতৰক্ত কনিকাবোৰে আন সুস্থ কোষবোৰো নষ্ট কৰিব পাৰে। লোহিত ৰক্তকনিকাৰ পৰিমাণ কমি যোৱাৰ ফলত ৰক্তহীনতা হব পাৰে। ইয়াৰ ফলত ডিম্বনীয়া হোৱাৰ সম্ভাৱনা থাকে। সঠিকভাৱে ৰোগ নিৰ্ণয় কৰিবলৈ তেজ আৰু মজ্জাৰ পৰীক্ষা কৰিব লাগে।
লিউকেমিয়া শব্দটোৰ অৰ্থ হ’ল বগা তেজ। এই ৰোগত তেজৰ শ্বেতৰক্ত কনিকাৰ পৰিমাণ বাঢ়ি যোৱাৰ বাবেই এনে নামাকৰণ কৰা হৈছে। অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে এই শ্বেতৰক্ত কনিকাবোৰ দেখা যায়। এই শ্বেতৰক্ত কনিকাবোৰ অপৈনত আৰু ইহঁতৰ কাৰ্য্যকাৰীতা শূণ্য। বৰ্দ্ধিত এই শ্বেতৰক্ত কনিকাবোৰে আন সুস্থ কোষবোৰৰ কাম-কাজত ব্যাঘাত জন্মাব পাৰে।
কিছুমান ৰোগীৰ ক্ষেত্ৰত এই অতিৰিক্ত শ্বেতৰক্ত কনিকাবোৰ তেজত দেখা পোৱা নাযায়। এনে বিশেষ অৱস্থাক এলিউকেমিয়া বোলা হয়। মজ্জাত কিন্তু কেন্সাৰ কৰা শ্বেতৰক্ত কনিকা থাকে আৰু তেজ উপাদান কৰা কাৰ্য্যত হস্তক্ষেপ কৰে। এইবোৰে প্ৰবাহিত তেজলৈ ওলাই নাহে। মজ্জাৰ পৰীক্ষা কৰিলেহে এইবোৰ কোষৰ উপস্থিতি গম পোৱা যায়। এলিউকেমিয়া ৰোগীৰ সঞ্চালিত তেজ পৰীক্ষা কৰিলে শ্বেতৰক্ত কনিকাৰ পৰিমাণ স্বাভাৱিক বা কম পোৱা যায়। এলিউকেমিয়া সাধাৰণতে লিউকেমিয়াৰ মূল চাৰিটা ধৰণৰ কোনোবা এটাত পোৱা যায়। সাধাৰণতে হেয়াৰী চেল লিউকেমিয়াত এলিউকেমিয়া হোৱা দেখা যায়।
বহুবোৰ ৰোগ লিউকেমিয়াৰ অন্তৰ্গত
লিউকেমিয়াক দুটা ধৰণে ভাগ কৰিব পাৰি- তীব্ৰ আৰু দীৰ্ঘম্যাদী
তীব্ৰ লিউকেমিয়াৰ বৈশিষ্ট্য হ’ল দ্ৰুতভাৱে শ্বেতৰক্ত কনিকাৰ বৃদ্ধি আৰু বিভাজন কৰা। ইয়াৰ ফলত মজ্জাৰ সুস্থ ৰক্তকনিকা গঠনৰ ক্ষমতা কমি যায়। এনে ৰোগ সাধাৰণতে শিশু আৰু কম বয়সীয়া লোকৰ হোৱা দেখা যায়। এনে লিউকেমিয়াত দ্ৰুত গতিত কেন্সাৰ কোষ বৃদ্ধি আৰু বিভাজনৰ ফলত অতি সোনকালে এই কোষবোৰ দেহৰ বিভিন্ন ঠাইলৈ বিয়পি পৰি কেন্সাৰৰ সৃষ্টি কৰিব পাৰে, সেয়ে অতি শীঘ্ৰে চিকিত্সাৰ প্ৰয়োজন হয়। সাধাৰণতে ই কেন্দ্ৰীয় স্নায়ুত প্ৰভাৱ নেপেলায় যদিও কেতিয়াবা ক্ৰেনিয়েল নাৰ্ভ পালচি হব পাৰে। দীৰ্ঘম্যাদী লিউকেমিয়াৰ ক্ষেত্ৰত অস্বাভাৱিক ৰক্তকনিকাৰ সৃষ্টি হয়। অৱশ্যে তুলনামূলকভাৱে কিছুমান পৈনত হয়। এইবোৰৰ তৈয়াৰৰ হাৰ অতি বেছি আৰু ইয়াতো শ্বেতৰক্ত কনিকাৰ পৰিমাণ বৃদ্ধি পায়। যি কোনো লোকৰ এই ৰোগ হব পাৰে যদিও বয়স্ক লোকৰ এই ৰোগ বেছিকৈ হোৱা দেখা যায়। তীব্ৰ লিউকেমিয়াৰ চিকিত্সা শীঘ্ৰে কৰিব লাগে যদিও দীৰ্ঘম্যাদী লিউকেমিয়াত কিছুদিন ভালদৰে পৰ্য্যবেক্ষণ কৰা প্ৰয়োজন যাতে সঠিক থেৰাপী কৰিব পৰা যায়।
কোনো ধৰণৰ লিউকেমিয়া হোৱাৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ লিউকেমিয়া হব পাৰে। ইয়াৰ কাৰণবোৰ আজিও জানিবপৰা হোৱা নাই। গবেষকসকলে তলত উল্লেখ কৰা কাৰণ চাৰিটাৰ বাবে লিউকেমিয়া হব পাৰে বুলি ধাৰণা কৰিছে।
আন কেন্সাৰবোৰৰ দৰেই লিউকেমিয়াতো কোষৰ ডি এন এৰ মিউটেচন ঘটাৰ ফলত হয়। ইয়াৰ ফলত অক্সিজেন সক্ৰিয় হৈ পৰে আৰু টিউমাৰক বাধা দিব পৰা জিন বোৰ নিস্ক্ৰিয় হৈ পৰে। কোষৰ মৃত্যু হোৱা প্ৰক্ৰিয়াটোত বাধা জন্মায়। এনে মিউটেচন এনেইয়ো হব পাৰে বা কেন্সাৰৰ সম্ভাৱনা বঢ়াই তোলা কিছুমান পদাৰ্থৰ বাবেও হব পাৰে। কিছুমান পেট্ৰকেমিকেলৰ সংস্পৰ্শলৈ আহিলে যেনে, বেনজিন, চুলিত লগোৱা কলপ আদিৰ পৰাও কিবা প্ৰকাৰৰ লিউকেমিয়া হব পাৰে।
কিছুমান ধৰণৰ লিউকেমিয়া কিছুমান ভাইৰাছৰ পৰা হয়। এইছ আই ভি বা হিউমেন টি লিম্ফট্ৰফিক এনিমিয়াৰ ফলতো তীব্ৰ মাইল’জেনাছ লিউকেমিয়া হোৱাৰ শংকা থাকে। যেতিয়ালৈকে লিউকেমিয়াৰ প্ৰকৃত কাৰণ বিচাৰি পোৱা নাযায়- এই ৰোগৰ চিকিত্সা কৰা সম্ভৱ নহয়। কেতিয়াবা কাৰণ জনাৰ পাছতো নিয়ন্ত্ৰণ বা চিকিত্সা অসম্ভৱ হৈ পৰে। যেনে, প্ৰাকৃতিক ভাৱে বিকিৰণ আদিত কোনো সহায় বা প্ৰতিৰোধ কৰিব পৰা নাযায়।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/14/2020
হঠাৎ কাটিলে বা ঘঁহনি খালে কেনেধৰণৰ প্ৰাথমিক চিকিৎস...
চৰ্দি, জ্বৰৰ বাবে বিশেষ আহাৰ
ডেংগু জ্বৰ
ঋতুৰ পৰিৱৰ্তনত হোৱা ৰোগ বসন্তৰ কিছু কথাৰ বিষয়ে আলো...