বৰ্তমান যুগটো হ’ল বিজ্ঞাপনৰ যুগ। আপোনৰ নাক বন্ধ, সেই কোম্পানীৰ নাকৰ ড্ৰপ বা স্প্ৰেটো লৈ আহক, ব্যৱহাৰ কৰক, ৩০ ছেকেণ্ডত আপোনাৰ নাক খোল খাব। তদুপৰি বহুতে ফাৰ্মাচীলৈ গৈ বন্ধ নাক খোলাৰ বাবে যধে-মধে নাকৰ ড্ৰপ ব্যৱহাৰ কৰা দেখা যায়। আজিকালি মানুহৰ সামান্য চৰ্দি হ’লেই লগে লগে ঔষধ, ড্ৰ্প ব্যৱহাৰ কৰে। এইবোৰ যে নিজে নিজে ছয়-সাত দিনত ভাল হৈ যাব পাৰে বা নিজে ঘৰত ল’ব লগা সাৱধানতাখিনি ল’বলৈ কাৰো ধৈৰ্য নাই। অৱশ্যে বেছিদিনলৈ ভাল নহ’লে বা নাক বন্ধ হৈ থাকিলে ই এন ট বিশ্বষজ্ঞৰ সহায় লৈ ঔষধ আৰু নাকৰ ড্ৰপ ব্যৱহাৰ্ কৰিব লাগে।
বজাৰত উভৈনদি বেছিভাগ নাকৰ ড্ৰপ তৈয়াৰ হয়-জাইল’ মেটাজ জ’লিন নাইবা অস্কিমেটাজ’লিনৰ দ্বাৰা। এই নাকৰ ড্ৰপ ব্যৱহাৰ কৰাৰ লগে লগে বন্ধ নাক খোল্ খাই যদিও ইয়াক ছয়-সাত দিনৰ ওপৰত চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰা উচিত নহয়। কাৰণ এনে জাতীয় নাকৰ ড্ৰপে লগে লগে বন্ধ নাক খোলে যদিও পিছত খোলা নাক আকৌ বন্ধ কৰে। আচলতে এই জাতীয় নাকৰ ড্ৰপৰ স্বীকৃতিপ্ৰাপ্ত পাৰ্বক্ৰিয়া- যাৰ নাম ৰিবাউড কন্জেশ্বন। কিছুমান আকৌ মেনিয়া হয় যে তেওঁৰ নাক সম্পূৰ্ণ বন্ধ, গতিকে তেওঁ নাকৰ ড্ৰপ ব্যৱহাৰ কৰাৰ লগে লগে সকাহ পোৱাৰ বাবে ড্ৰপ ব্যৱহাৰ কৰা এটা অভ্যাসত পৰিণত হয়।
নাক বহু কাৰণত বন্ধ হ’ব পাৰে, যেনে—এলাৰ্জী, নাকৰ ভিতৰত হাড়ৰ গঠনমূলক ভ্ৰান্তি বা বেঁকা হাড় আদি। গতিকে যিসকলে প্ৰায়ে নাক বন্ধৰ সমস্যাত ভোগে, তেওঁলোকে প্ৰথমে ই এন টি বিশেষজ্ঞক দেখুৱাই প্ৰকৃত কাৰণ নিৰ্ণয় কৰিহে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
তদুপৰি নাকৰ অপাৰেশ্বনৰ পিছত চিকিতসকে বহুদিনলৈ প্ৰয়োজনীয় নাকৰ ড্ৰপ ব্যৱহাৰ কৰিব দিয়ে। যিটো নাকৰ ড্ৰপে বন্ধ নাক খোলে, সেই নাকৰ ড্ৰপটো যদি জাইল;মেটাজ’লিন বা অক্সিমেটাজ’লিন জাতীয় হয়-তেনেহ’লে দীৰ্ঘদীন ব্যৱহাৰ কৰিলে(৭দিনৰ পৰা ১০দিনৰ পিছত) অলপ সময়ৰ বাবে বন্ধ নাক খোল খাই যদিও নাক বন্ধৰ দুয়োকাষে থকা ঝিলিৰ আৱৰণযুক্ত মাংসপেশী ফুলি উঠে, ফলত নাক পুনৰ বন্ধ হয়।
তদুপৰি সকলো নাকৰ ড্ৰপ একে জাতীয় নহয়। কোনো পৰিস্থিতিত কোন জাতীয় নাকৰ ড্ৰপ ব্যৱহাৰ কৰিব লাগে তাক চিকিৎসকেহে নিৰ্ণয় কৰিব।
ইয়াৰ উপৰি কিছুমান মানুহৰ উৰাজাহাজত ভ্ৰমণ কৰি নমাৰ পিছত নাক-কাণ বন্ধ যেন লগা আৰু অলপ পিছত বিষ অনুভৱ কৰে। তেনে লোকে ভ্ৰমণৰ আগমূহুৰ্ত্তত এটা এণ্টি এলাৰ্জী টেবলেট আৰু নাকৰ ড্ৰপ লৈ উৰাজাহাজত উঠিব লাগে। নমাৰ লগে লগে আকৌ ড্ৰপ এবাৰ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা কিছু সকাহ পাব।
যদি নাক-কাণ খোলাৰ পিছতে বিষ নকমে, মাইল্ড বিষ নিবাৰক টেবলেট খাব পাৰে। উৰাজাহাজৰ ভিতৰত থকা সময়ত কাণত তুলাৰ লগতে টফী-লজেন চোবাই থাকিলেও নাক-কাণ বন্ধ থকা সমস্যাৰ পৰা বহু পৰিমাণে ৰেহাই পাব।
ড০ সনাতন ডেকা, আমাৰ অসম
শেহতীয়া উন্নীতকৰণ: : 6/9/2020
অধঃপাতন
নাক, মুখ, দাঁত, ডিঙি আদিৰ ৰোগৰ বিষয়ে
নাকৰ তেজ ওলালে বিতত নহ’ব
কিছুমান অতৰ্কিতে হোৱা ৰোগ