কাৰণ
নাকত আঘাট পোৱা।
অতি শুকান পৰিৱেশত নাকৰ ভিতৰখন শুকাই ফাটি যোৱা।
অতিপাত শ্ৰম কৰা।
উচ্চ ৰক্তচাপ।
বেছি ওখ ঠাইলৈ গ’লে।
খুব জোৰেৰে নাক চাফা কৰিলে৷
নাকেৰে তেজ ওলালে কি কৰিব লাগে?
লগে লগে বহি দিব লাগে।
তেজ যাতে ডিঙিলৈ নাযায় তাৰ বাবে আগৰফালে অকনমান হাউলি দিব লাগে৷
ঠাণ্ডা, ভিজা কাপোৰ নাকৰ ওপৰত দিব লাগে৷ ইয়াৰ ফলত তেজ গোট মাৰি তেজ ওলোৱা বন্ধ হয়৷
যদি এটা ফুটাৰে তেজ ওলায়, তেন্তে সেইটো ফুটা হেঁচি বন্ধ কৰি থব লাগে৷
যদি দুটা ফুটাৰেই তেজ ওলায়, তেন্তে দুয়োটা ফুটা ১০ মিনিট মান সময়ৰ বাবে চেপি ধৰি থাকিব লাগে৷
যদি তেজ ওলায়েই থাকে তেন্তে ১০ মিনিটৰ বাবে হেঁচা মাৰি ধৰি থাকিব লাগে৷
যদি নাকত আঘাট লগাৰ বাবে তেজ ওলায়, তেন্তে লাহেকৈ হেঁচা দি ধৰিব লাগে৷
যদি তেজ বৰ বেছিকৈ ওলায় আৰু প্ৰায়েই এনে হৈ থাকে তেন্তে চিকিত্সকক দেখুৱাব লাগে৷
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/21/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.