সকলো মানুহে জীৱনত এবাৰ নহয় এবাৰ কোষ্ঠকাঠিন্যৰ কৱলত পৰে যদিও সাধাৰণতে বেছিভাগ লোক এই বিষয়ে মুকলিকৈ আলোচনা কৰাৰ পৰা বিৰত থাকে। তেওঁলোকে নিজাববীয়াকৈ ঘৰুৱা অৱলম্বন কৰি এনে সমস্যা গুচাব খোজে। আধুনিক মানুহৰ খাদ্য গ্ৰহণ তথা শোৱাৰ অভ্যাসৰ পৰিৱৰ্তন ঘটিছে,যিটো ঘাইকৈ কোষ্ঠকাঠিন্যৰ মূল বুলি জনা গৈছে। ভজা-পোৰা খাদ্য গ্ৰহণ, আৱশ্যকতকৈ কম পৰিমাণে পানী খোৱা, অধিক মদ্যপান, অলস জীৱনশৈলী আদি বহুদিনীয়া কোষ্ঠকাঠিন্যৰ কেতবোৰ আগতীয়া প্ৰভাৱৰ কাৰক। আমাৰ দেশত সামগ্ৰিকভাৱে ১৪ শতাংশ লোক বহুদিনীয়া কোষ্ঠকাঠিন্যৰ বলি বুলি জনা গৈছে। অনবৰতে যন্ত্ৰণা দিয়া এই বিকাৰৰপৰা সকাহ পোৱাটো মুঠেই কঠিন নহয়। কোষ্ঠকাঠিন্যত ভোগা লোকসকলে সাধাৰণতে কেতবোৰ কৌশল অৱলম্বন কৰি ইয়াৰপৰা নিবৃত্তি পাবলৈ প্ৰয়াস কৰে; কিন্তু এই বিকাৰ বহুদিনীয়া হ’লেহে শৰণাপন্ন হয়। তেনে অৱস্থাত পৰামৰ্শ অনুসৰি উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে জটিলতাৰ সৃষ্টি হয়।
শিশুসকল কোষ্ঠকাঠিন্যত ভুগিলে অধিক জটিলতাৰ সন্মুখীন হয়। আজিকালি প্ৰশাসনে বিদ্যালয় আৰম্ভ হোৱাৰ কাল আগুৱাই দিয়াত মাক-পিতাকে ল’ৰা-ছোৱালীক আগধৰি টোপনিৰ পৰা জগায়। বিদ্যালয়লৈ ৰাওনা হোৱাৰ আগেয়ে তেওঁলোকে অন্তত: এক বা ডেৰ ঘন্টাৰ বাবে মুক্ত সময় পাব লাগে। এই ক্ষেত্ৰত বালিকাসকল তুলনামূলকভাৱে অধিক বলি হয়, কিয়নো বহুদিনীয়া কোষ্ঠকাঠিন্যই তেওঁলোকৰ প্ৰস্ৰাৱতন্ত্ৰত সংক্ৰমণ ঘটায়। কোষ্ঠকাঠিন্যৰ কেইবাটাও কাৰণ আছে। খোৱা খাদ্যত কম পৰিমাণে আঁহ থাকিলে, আমিষ আহাৰ গ্ৰহণ কৰিলে, পানী খোৱাত কম হ’লে কোষ্ঠকাঠিন্যই গা-কৰি উঠিব পাৰে। সাধাৰণতে প্ৰাপ্তবয়স্ক মানুহ এজনে দিনে আঠ গিলাচ পানী খালে স্বাস্থ্যৰক্ষাত সহায়ক হয়, ইয়াৰ অন্যথাই বিকাৰে লগ দিব পাৰে। ভজা-পোৰা তেল মছলাযুক্ত খাদ্য খালে,সুৰাপান কৰিলে,চাহ তথা কফি অধিক পৰিমাণে সেৱন কৰিলে কোষ্ঠকাঠিন্যৰ কৱলত পৰাৰ সম্ভাৱনা প্ৰকট।
কোষ্ঠকাঠিন্য নামৰ বিকাৰ নিৰাময় সম্ভৱ, যদিহে কেতবোৰ জীৱনশৈলীজনিত অনুকূলনৰ পৰিৱৰ্তন সাধন কৰা হয়। এই বিকাৰৰ পৰা হাত সাৰি থাকিবলৈ প্ৰতিদিনে আঢ়ৈৰপৰা তিনি লিটাৰ পানী খোৱাটো অপৰিহাৰ্য। টোপনিত যাতে ব্যাঘাত নজন্মে, তাৰ প্ৰতি সদা সচেতন হৈ থকা প্ৰয়োজন। খোৱা-লোৱাত সাৱধান হৈ সুষম খাদ্য গ্ৰহণ কৰিব লাগে। খাদ্যত থকা আঁহৰ পুষ্টিমূল্য শুন্য আৰু ইয়াৰ দেহৰক্ষাত কোনো ভুমিকা নাই। আঁহবোৰ জীণ নাযায় আৰু তেজেও শোষণ নকৰে বাবে দেহে এইবোৰ বাহিৰ উলিয়াই দিবলৈ যত্নপৰ হোৱাৰ পৰিপ্ৰেক্ষিতত শৌচ খোলোচা হ’বলৈ বাধ্য। আঁহ সমৃদ্ধ খাদ্য অধিক মাত্ৰাত গ্ৰহণ কৰিলে শৰীৰে মেদ জমা কৰাৰ অৱকাশ নাপায়, যাৰ ফলত দেহৰ ওজন বৃদ্ধি নাপায়। আঁহযুক্ত খাদ্য আঁহবিহীন খাদ্যতকৈ অধিক সময়ৰ বাবে পাকস্থলীত থাকে বাবে অতিপাত ভোক নালাগে,যাৰ ফলত ভূৰিভোজনৰ মুদা মৰে। যথেষ্ট পৰিমাণে ফল-মূল শাক-পাচলি খোৱাটো অভ্যাসত পৰিণত কৰি কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰি। মানসিক চাপ তথা যন্ত্ৰণাত ভুগি থাকিলে শৌচ খোলোচা নহয় বাবে পৰাপক্ষত এইবোৰৰপৰা আঁতৰত থকাটো বুদ্ধিমানৰ কাম। নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম, ব্যায়ামৰ অনুশীলন তথা যোগাসনৰ অভ্যাস কৰি থাকিলে শৌচ খোলোচা হৈ থকাটো অৱধাৰিত।
কেতবোৰ দৰব সেৱন কৰাৰ ফলতো শৌচ খোলোচা হোৱাত বাধা পৰে। কাহ নিৰাময়ৰ বাবে ব্যৱহৃত মিঠা দৰব, কেতবোৰ বিষহাৰী ঔষধ, উচ্চ ৰক্তচাপ বিৰোধী দৰব, এলাৰ্জীৰ ঔষধ, বিমৰ্ষতা দূৰীকৰণ দৰব সেৱন কৰা লোক কোষ্ঠকাঠিন্যৰ বলি হ’ব পাৰে। কোষ্ঠকাঠিন্যত ভোগা ষাঠি শতাংশ লোকে পৰামৰ্শ গ্ৰহণ কৰাৰ পৰিৱৰ্তে নিজাববীয়াকৈ দৰব সেৱন কৰে অথচ এই ক্ষেত্ৰত হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা থাকে। কেতবোৰ লোকে বিকাৰ নিৰাময় কৰিবলৈ ৰেচক ঔষধ ব্যৱহাৰ কৰে, যিবোৰৰ পাৰ্শ্বক্ৰিয়া থাকে আৰু উপযুক্ত মাত্ৰাত সেৱন নকৰিলে অপকাৰ হোৱাৰ সম্ভাৱনা অধিক। এই দৰব সেৱনৰ অভ্যাস গঢ়ি তুলিলে মানুহ অতিসাৰ, পেটৰ বিষ, পানীৰ পিয়াহ, মাংসপেশীৰ দুৰ্বলতা আদিৰ বলি হয়। তদুপৰি জুলাপ সেৱনৰ অভ্যাসে ইয়াক পৰিত্যাগ কৰাটো অতিশয় কঠিন কৰে; কিয়নো ইয়াক সেৱন নকৰিলে পুনৰ কোষ্ঠকাঠিন্যই মূৰ দাঙি উঠে। খাদ্য তথা জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই এই বিকাৰ নিৰাময় কৰাটো সম্ভৱপৰ। দৰব সেৱনৰ ফলত শৌচ কচা হ’লে ততাতৈয়াকৈ পৰামৰ্শ গ্ৰহণ কৰা উচিত। খাদ্য গ্ৰহণ তথা মল ত্যাগৰ ক্ষেত্ৰত কেতবোৰ বিধি মানি চলিলে কোষ্ঠকাঠিন্য গুচে। প্ৰতিদিনে কমপক্ষেও ১৮-৩০ গ্ৰাম আঁহ ভক্ষণ কৰিলে শৌচ খোলোচা হয়। খাদ্যৰ আয়তন বঢ়াব পৰা কাৰক কেতবোৰ, যেনে- গমৰ ভূচি খাদ্যত থাকিব লাগে, যিবোৰে মল কোমল কৰি ওলাই আহিবলৈ সুবিধা দিয়ে। প্ৰচুৰ পৰিমাণে পানী খাব লাগে, যাতে শৰীৰ নিৰ্জল নহয়। খোজকঢ়া অথবা দৌৰাৰ দৰে কেতবোৰ ব্যায়ামৰ অনুশীলন নিতৌ কৰা ভাল।
লেখক: আনন্দদেৱ গোস্বামী, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 5/25/2020
এই শিতানত কোষ্ঠকাঠিন্যৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎ...
কোষ্ঠকাঠিন্য হোৱা ৬ বিধ খাদ্য
কোষ্ঠকাঠিন্য
কোষ্ঠকাঠিন্য