ডিঙিৰ ভিতৰত হোৱা ৰোগ্গবোৰৰ ভিতৰত অন্যতম হ’ল টনছিলাইটিছ। যিকোনো বয়সৰ লোকৰ, বছৰৰ যিকোনো সময়তে এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। তথাপি তুলনামূলকভাৱে শীতকালত সৰু সৰু ল’ৰা-ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায়।
টনছিল কি?
টনছিল এক বিশেষ ধৰণৰ গ্ৰন্থি। চিকিৎসা-বিজ্ঞানত ইয়াক লিম্ফোগ্লেণ্ড বুলিও কোৱা হয়। আমাৰ মুখগহ্বৰৰ জিভাৰ পিছফালে, ডিঙিৰ ভিতৰত দুয়োকাষে ই অৱস্থিত। সাধাৰণতে পেলেটাইন টনছিলকে ‘টনছিল’ বুলি কোৱা হয়। মানৱ শৰীৰত ইয়াৰ বিশেষ অৰিহণা নাই যদিও শিশুকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ইয়াৰ সামান্য অৰিহণা থাকে। তদুপৰি ডিঙিৰ ভিতৰলৈ বীজাণু সোমোৱাত ই অলপ বাধা প্ৰদান কৰে।
টনছিলাইটিছ কি?
টনছিলৰ স্ংক্ৰমণ আৰু প্ৰদাহক টনছিলাইটিছ বুলি কোৱা হয়। বিভিন্ন ধৰণৰ বীজাণুৰ (বেক্টেৰিয়া, ভাইৰাছ, ফাংগাছ আদি) দ্বাৰা টনছিলৰ স্ংক্ৰমণ হ’ব পাৰে। বেক্টেৰিয়াৰ ভিতৰত ষ্টেফাইলোকক্কাছ, ষ্ট্ৰেপ্টোকক্কাছ, নিউমোকক্কাছ আৰু হিমোফিলাছ ইনফ্লুৱেঞ্জা প্ৰধান। তদুপৰি ভাইৰাছৰ ভিতৰত ৰাইন’ভাইৰাছ আৰু এডিন’ভাইৰাছ প্ৰধান। সাধাৰণতে শীতকালত শৰীৰৰ উত্তাপ আৰু বহি:উত্তাপৰ মাজত পাৰ্থক্য হ’লেই ভাইৰাছ, বেক্টেৰিয়া বা ফাংগাছে গা কৰি উঠিব পাৰে। টনছিলাইটিছ, একিউট টনছিলাইটিছ অথবা ক্ৰ’নিক টনছিলাইটিছ দুই ধৰণৰ হ’ব পাৰে।
(ক) একিউট টনছিলাইটিছ
হঠাৎ হোৱা টনছিলাইটিছক একিউট টনছিলাইটিছ বুলি কোৱা হয়। ই হোৱাৰ কাৰণবোৰ হ’ল-
(১) মুখৰ ভিতৰত যদি বেক্টেৰিয়া, ভাইৰাছ বা ফাংগাছ আদি থাকে। দাঁতৰ আলুৰ ৰোগ ফেৰেঞ্জাইটিছ, হাওঁফাওঁৰ ৰোগ আদি থাকিলে ই বেছিকৈ হয়।
(২) ই এক স্ংক্ৰামক ৰোগ। টনছিলাইটিছ হোৱা ৰোগীৰ সৈতে সুস্থ ব্যক্তিয়ে একেলগে শোৱা, একেটা পত্ৰতে খোৱা-বোৱা কৰিলে, ৰোওগীয়ে সুস্থ ব্যক্তিৰ মুখৰ আগত কথা কোৱা, হাঁচি, কাহ আদি মাৰিলে সুস্থ মানুহৰ দেহলৈ টনছিলাইটিছ বিয়পিব পাৰে।
(৩)অপৰিস্কাৰ মুখগহ্বৰ।
(৪)পুষ্টিহীনতা।
(৫)শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা।
(৬) অপৰিস্কাৰ পৰিৱেশত বসবাস কৰা।
(৭) ঠাণ্ডা আৰু বাহ্যিক প্ৰদূষণৰ বাবে।
(ক) একিউট টনছিলাইটিছৰ লক্ষণ
(১) ডিঙিৰ ভিতৰভাগ ফুলি উঠা।
(২) মূৰৰ বিষ, কঁপনি উঠা, জ্বৰ উঠা ইত্যাদি।
(৩)মুখৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱা।
(৪)ডিঙিৰ বিষ আৰু খাদ্যবস্তু গিলিব নোৱাৰা অৱস্থা।
(৫)শ্বাস-প্ৰশ্বাসত অসুবিধা।
(৬) এলেহুৱা আৰু দুৰ্বলতাৰ ভাৱ।
(৭) ডিঙিৰ ভিতৰভাগ ফুলি উঠা।
(খ) ক্ৰ’নিক টনছিলাইটিছ
সঘনাই হোৱা একিউট টনছিলাইটিছৰ চূড়ান্ত পৰিণতি হ’ল ক্ৰ’নিক টনছিলাইটিছ। ক্ৰ’নিক টনছিলাইটিছৰ লক্ষণবোৰ হ’ল-
(১) ডিঙিৰ বিষ।
(২) খাদ্য বস্তু গিলি খোৱাত কষ্ট অনুভৱ।
(৩) কাহ হ’ব পাৰে।
(৪) ডিঙিত কিবা লাগি ধৰাৰ অনুভৱ।
(৫) ডিঙি শুকাই যোৱা সমস্যা।
(৬) শ্বাস-নিশ্বাসত দুৰ্গন্ধ নিৰ্গত হোৱা।
(৭) ভোক কমি অহা।
টনছিলাইটিছৰ পৰা হ’ব পৰা জটিলতা
টনছিলাইটিছৰ পৰা হ’ব পৰা জটিলতাৰ ভিতৰত অন্যতম হ’ল ৰিউমেটিক জ্বৰ। কম বয়সিয়াল ল’ৰা-ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায়। গাঁঠি ফুলি উঠা, বিষ, জ্বৰ, হাত-ভৰিৰ কঁপনি, হৃদযন্ত্ৰৰ সমস্যা ইয়াৰ প্ৰধান লক্ষণ। একিউট টনছিলাইটিছৰ বাবে টনছিলৰ আশে-পাশে এক বিশেষ ধৰণৰ ফোঁহা হোৱা দেখা যায়। উপযুক্ত চিকিৎসা নকৰিলে পিছলৈ মুৰৰ বিষ, ভাগৰ অনুভৱ, হৃদযন্ত্ৰ আৰু কিডনীৰ সমস্যাই দেখা দিব পাৰে। সঘনাই টনছিলাইটিছত আক্ৰান্ত শিশু তুলনামূলকভাৱে কম স্মাৰ্ট হয়। শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত কামত মন্থৰ হয়। শৰীৰ সুস্থ নহয় বাবে শৰীৰৰ বৃদ্ধিত বাধাগ্ৰস্ত আৰু জীৱন ধ্বংসমুখী হ’ব পাৰে।
টনছিলাইটিছৰ চিকিৎসা
(১) চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এণ্টিবায়’টিক আৰু এণ্টিইনফ্লেমেটৰী ঔষধ খাব।
(২) কুহুমীয়া নিমখ-পানী বা মাউথ ৱাশ্বেৰে কুলকুলি কৰিব।
(৩) বছৰত অতিকমেও তিনিবাৰ এনে সমস্যাত আক্ৰান্ত হ’লে টনছিল অস্ত্ৰোপ্ৰচাৰ কৰি উলিয়াই দিব লাগে। অস্ত্ৰোপচাৰৰ ফলত শিশুৰ শৰীৰৰ বিকাশত কোনো বাধাৰ সৃষ্টি নহয়।
টনছিলাইটিছ হ’লে কি কৰিব
(১) চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
(২) আক্ৰান্ত ব্যক্তিয়ে পৰিয়ালৰ আন সুস্থ ব্যক্তিবোৰৰ পৰা নিলগত থাকিব লাগে।
(৩) পৰ্যাপ্ত জিৰণি ল’ব লাগে।
(৪) প্ৰচুৰ পৰিমাণে কুহুমীয়া পানী খাব লাগে।
(৫) পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে।
(৬) যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাময়িকভাৱে হ্ৰাস পায়, গতিকে খোৱা-বোৱাত সতৰ্ক হ’ব লাগে।
(৭) খোৱা-বোৱাৰ আগতে হাত ধুই ল’ব লাগে।
(৮) গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে।
(৯) মুকলি ঠাইত ব্যায়াম, খেল-ধেমালি আদি কৰিব লাগে।
(১০) বিছনা-পত্ৰ ৰ’দত শুকাই ল’ব লাগে।
টনছিলাইটিছ হ’লে কি নকৰিব
(১) পৰিয়ালৰ অইন সুস্থ ব্যক্তিৰ সৈতে মিলামিচা নকৰিব। একেলগে থকা-মেলা, একেটা পাত্ৰতে খোৱা-বোৱা নকৰিব।
(২) আক্ৰান্ত শিশুক স্কুললৈ পঠাব নালাগে।
(৩) ঠাণ্ডা পানী আৰু ফ্ৰীজত ৰখা বস্তু নাখাব।
(৪) শীত-তাপ নিয়ন্ত্ৰিত আৰু বন্ধ কোঠাত সোমাই থাকিব নালাগে।
(৫) এলাৰ্জী হোৱা খাদ্য খাব নালাগে।
(৬) একেডাল টুথব্ৰাছকে ব্যৱহাৰ কৰিব্ নালাগে। এনে কৰিলে পুনৰায় আক্ৰান্ত হোৱাৰ আশ্ংকা থাকে।
ডা: ধৰ্মকান্ত কুম্ভকাৰ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 6/11/2020