ডিঙিৰ ভিতৰত হোৱা ৰোগবোৰৰ ভিতৰত অন্যতম হ’ল টনছিলাইটিছ। যিকোনো বয়সৰ লোকৰ, বছৰৰ যিকোনো সময়তে এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। তথাপি তুলনামূলক ভাৱে শীতকালত সৰু ল’ৰা ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায়।
টনছিল এক বিশেষ ধৰণৰ গ্ৰন্থি। চিকিৎসা বিজ্ঞানত ইয়াক লিম্ফগ্লেণ্ড বুলিও কোৱা হয়। আমাৰ মুখ গহ্বৰৰ জিভাৰ পাছফালে ডিঙিৰ ভিতৰত দুয়োফালে ই অৱস্থিত। সাধাৰণতে পেলেটাইন টনছিলকে ‘টনছিল’ বুলি কোৱা হয়। মানৱ শৰীৰত ইয়াৰ বিশেষ অৰিহণা নাই যদিও শিশুকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ইয়াৰ সামান্য অৰিহণা থাকে। তদুপৰি ডিঙিৰ ভিতৰলৈ বীজাণু সোমোৱাত ই অলপ বাধা প্ৰদান কৰে।
টনছিলৰ সংক্ৰমণ আৰু প্ৰদাহক টনছিলাইটিছ বুলি কোৱা হয়। বিভিন্ন ধৰণৰ বীজানুৰ (বেক্টেৰিয়া,ভাইৰাছ আদি) দ্বাৰা টনছিলৰ স্ংক্ৰমণ হ’ব পাৰে। বেক্টেৰিয়াৰ ভিতৰত ষ্ট্ৰেফাইল’ককাছ, নিউৰ্মকোকাছ আৰু হিম’ফিলাছ ইনফ্লুয়েঞ্জা প্ৰধান। তদুপৰি ভাইৰাছৰ ভিতৰত ৰাইন’ভাইৰাইছ আৰু এডিন’ভাইৰাছ প্ৰবেক্টেৰিয়াই ধান। সাধাৰণতে, শীতকালত শৰীৰৰ উত্তাপ আৰু বহিঃউত্তাপৰ মাজত পাৰ্থক্য হ’লেই ভাইৰাছ বা গা কৰি উঠিব পাৰে। টনছিলাইটিছ একিউট অথবা ক্ৰনিক দুই ধৰণৰ হ’ব পাৰে।
হঠাৎ হোৱা টনছিলাইটিছক একিউট টঞ্ছিলাইটিছ বুল কোৱা হয়। ই হোৱাৰ কাৰণবোৰ হ’ল-
১) মুখৰ ভিতৰত যদি বেক্টেৰিয়া বা ভাইৰাছ থাকে। দাঁতৰ আলুৰ ৰোগ ফেৰেণজাইটিছ, হাঁওফাঁওৰ ৰোগ আদি থাকিলে ই বেছিকৈ হয়।
২) ই এক সংক্ৰামক ৰোগ। ৰোগীৰ সৈতে একেলগে শোৱা, একেটা পাত্ৰতে খোৱা-বোৱা কৰিলে, ৰোগীয়ে সুস্থ মানুহৰ মুখৰ আগত কথা কোৱা, হাঁচি, কাঁহ আদি মাৰিলে, সুস্থ মানুহৰ দেহলৈ টনছিলাইটিছ বিয়পিব পাৰে।
৩) অপৰিষ্কাৰ মুখ গহ্বৰ।
৪) পুষ্টিহীনতা।
৫) শৰীৰৰ ৰোগ প্ৰতিৰোগ ক্ষমতা হ্ৰাস পোৱা।
৬) অপৰিষ্কাৰ পৰিবেশত বসবাস কৰা।
৭) ঠাণ্ডা আৰু বাহ্যিক প্ৰদূষণৰ বাবে।
একিউট টনছিলইটিছৰ লক্ষণ-
১) ডিঙিৰ ভিতৰ ভাগ ফুলি উঠা।
২) মূৰৰ বিষ, কঁপনি উঠা, জ্বৰ উঠা ইত্যাদি।
৩) মুখৰপৰা দুৰ্গন্ধ নিৰ্গত হোৱা।
৪) ডিঙিৰ বিষ আৰু খাদ্য-বস্তু গিলিব নোৱাৰা অৱস্থা।
৫) শ্বাস-প্ৰ্শ্বাসত অসুবিধা।
৬) এলেহুৱা আৰু দুৰ্বলতা ভাৱ।
৭) ডিঙিৰ গ্ৰন্থি ফুলি উঠা।
সঘনাই হোৱা একিউট টনছিলাইটিছৰ চূড়ান্ত পৰিণতি হ’ল ক্ৰণিক টনছিলাইটিছ। ক্ৰণিক টনছিলাইটিছৰ লক্ষণবোৰ হ’ল-
১) ডিঙিৰ বিষ।
২) খাদ্য বস্তু গিলি থোৱাত কষ্ট অনুভৱ।
৩) কাহ হ’ব পাৰে।
৪) ডিঙিত কিবা লাগি ধৰাৰ অনুভৱ।
৫) ডিঙি শুকাই যোৱা সমস্যা।
৬) শ্বাস-নিশ্বাসত দুৰ্গন্ধ নিৰ্গত হোৱা।
৭) ভোক কমি অহা।
টনছিলাইটিছৰ পৰা হ’ব পৰা জটিলতাৰ ভিতৰত অন্যতম হ’ল ৰিউমেটিক জ্বৰ। কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত ই অধিক। গাঁঠি ফুলি উঠা, বিষ, জ্বৰ, হাত-ভৰিৰ কঁপনি, হৃদযন্ত্ৰৰ সমস্যা ইয়াৰ প্ৰধান লক্ষণ। একিউড টনছিলাইটিছৰ বাবে টনছিলৰ আশে-পাশে এক বিশেষ ধৰণৰ ফোঁহা হোৱা দেখা যায়। উপযুক্ত চিকিৎসা নকৰিলে পিছলৈ মূৰৰ বিষ, ভাগৰ অনুভৱ, হৃদযন্ত্ৰ আৰু কিডনীৰ সমস্যাই দেখা দিব দিব পাৰে। সঘনাই টনছিলাইটিছত আক্ৰান্ত শিশু তুলনামূলকভাৱে ক স্মাৰ্ট হয়। শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত কামত মন্থৰ হয়। শৰীৰ সুস্থ নহয় বাবে শৰীৰৰ বৃদ্ধিত বাধাগ্ৰস্থ হয়। আৰু জীৱন ধ্বংসমূখী হ’ব পাৰে।
১) চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এণ্টিবায়টিক আৰু এণ্টি ইনফ্লেমেটৰী ঔষধ খাব।
২) কুহুমীয়া নিমখ পানী বা মাউথ ৱাশ্বেৰে কুল-কুলি কৰিব।
৩) বছৰত অতি কমেও তিনিবাৰ এনে সমস্যাত আক্ৰান্ত হ’লে, টনছিল অস্ত্ৰোপ্ৰচাৰ কৰি উলিয়াই দিব লাগে। ইয়াৰ দ্বাৰা শিশুৰ শৰীৰৰ বিকাশত কোনো বাধাৰ সৃষ্টি নহয়।
টনছিলাইটিছ হ’লে কি কি কৰিব-
১) চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
২) আক্ৰান্ত ব্যক্তি পৰিয়ালৰ আন সুস্থ ব্যক্তিবোৰৰ পৰা নিলগত থাকিব লাগে।
৩) পৰ্যাপ্ত জিৰণি ল’ব লাগে।
৪) প্ৰচুৰ পৰিমাণে কুহুমীয়া পানী খাব লাগে।
৫) পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে।
৬) যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাময়িকভাৱে হ্ৰাস পায়, গতিকে খোৱা বোৱাত সতৰ্ক হ’ব লাগে।
৭) খোৱা-বোৱাৰ আগতে হাত ধুই ল’ব লাগে।
৮) গৰম কাপোৰ ব্যৱহাৰ ব্যৱহাৰ কৰিব লাগে।
৯) মুকলি ঠাইত ব্যায়াম, খেল-ধেমালি আদি কৰিব লাগে।
১০) বিছনা-পত্ৰ ৰ’দত শুকুৱাই ল’ব লাগে।
টনছিলাইটিছ হ’লে কি কি নকৰিব-
১) পৰিয়ালৰ অন্য ব্যক্তিৰ স’তে মিলামিচা নকৰিব। একেলগে থকা মেলা, একেটা পাত্ৰতে খোৱা-বোৱা নকৰিব।
২) আক্ৰান্ত শিশু স্কুললৈ পঠাব নালাগে।
৩) ঠাণ্ডা পানী আৰু ফ্ৰীজৰ বস্তু নাখাব।
৪) শীত-তাপ নিয়ন্ত্ৰিত আৰু বন্ধ কোঠাত সোমাই থাকিব নালগে।
৫) এলাৰ্জী হোৱা খাদ্যবস্তু খাব নালাগে।
৬) একেডাল টুথব্ৰাছকে ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে পুনৰায় আক্ৰান্ত হোৱাৰ আশ্ংকা থাকে।
লেখকৰ নাম-ডা০ ধৰ্মকান্ত কুম্ভকাৰ
উৎসঃ দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
মহিলাসকলে শপত গ্ৰহণ কৰক যে তেওঁলোকে যেতিয়া ঘৰত বো...
টনছিলাইটিছ
পুষ্টিহীনতা নিৰাময়ত বনদৰবৰ গুণ
টনছিলাইটিছ