মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নৱেম্বৰ নাৰ্ভডাল হ'ল ফেচিয়েল নাৰ্ভ৷ এই নাৰ্ভডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িতহৈ পৰেহি৷
জ্ঞাত হোৱা তথ্য মতে ফেচিয়েল নাৰ্ভ ৭০০০ ডাল সুক্ষ্ম সূতা বা ফাইবাৰেৰে গঠিত৷ এই স্নায়ু সূতাবিলাকে একোটা নিৰ্দিষ্ট মাংসপেশীলৈ বৈদ্যুতিক বাৰ্তা কঢ়িয়াই লৈ যায়৷ ফেচিয়েল নাৰ্ভে মুখমণ্ডলৰ ওপৰিও ডিঙি, কাণৰ বহিৰ্ভাগ আৰু চেলেইভাৰি গ্লেণ্ডৰ সৈতে জড়িত৷ আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা, চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই নাৰ্ভৰ যোগেদিহে পৰিচালিত হয়৷ গতিকে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হলে এই সকলোবিলাক ক্ৰিয়া বাধা প্ৰাপ্ত হয়৷ কিমানডাল স্নায়ুসূতা ৰোগৰ দ্বাৰা প্ৰভাবিত হৈছে-তাৰ ওপৰতে ৰোগৰ লক্ষণ সমূহৰ কম বেচি হোৱাটো নিৰ্ভৰ কৰে৷
আজিৰ পৰা প্ৰায় দুশ বছৰ আগতে স্কটলেণ্ডৰ চাৰ্লচ বেল নামৰ চিকিৎসকজনে পোন প্ৰথম বাৰৰ বাবে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ ফেচিয়েল পালচি" বুলি কোৱা হয়৷
১৮২১ চনত তেওঁ এজন ৰোগীৰ মুখমণ্ডলত এনে ৰোগ দেখা পায় ৷
মুখ মণ্ডলৰ এফাল হঠাৎতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে৷ সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱৰা হয়৷হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে৷ খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়৷ দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে৷ কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়৷ লেলাওটি বব পাৰে৷ বন্ধ নোহোৱা চকু শুষ্ক বা পানীবৈ থকা পৰিলক্ষিত হয়৷ মুখৰ ৰুচি কমি যায়৷
পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে৷ সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়৷ কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে৷ ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে৷
আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়৷ ডায়েবেটিচ, গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়৷
৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়৷ কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়৷ ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়৷ বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে৷
ৰোগৰ উৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই৷ হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলত লক্ষণসমূহ ফুটি উঠে৷ কিন্তু মনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাট বা সংক্ৰমন (ইনফেকচন)ৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে৷
১) ভাইৰাচ জনিত
১নং হাৰপিজ চিম্প্লেস্ক ভাইৰাচ (HSV-1) ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচৰ মুখ্য কাৰক বুলি ঠাৱৰ কৰা হৈছে৷ এই ভাইৰাচে মানুহৰ শৰীৰত বাল্যকালতে আত্মীয়জনৰ চুম্বন আদিৰ যোগেদি প্ৰবেশ কৰে আৰু সুপ্ত অৱস্থাত থাকি যায়৷ ভাইৰাচ বিধ সক্ৰিয় হ’লেই ৰোগৰ উৎপত্তি হয়৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যি কোনো কাৰণতে কমি গলে, অন্যান্য অসুখ হ’লে-বিশেষকৈ শ্বাস প্ৰণালীৰ ৰোগ হলে, টোপনিৰ অনিয়ম হ’লে, যি কোনো আঘাট প্ৰাপ্ত হ’লে, শাৰীৰিক বা মানসিক কষ্টৰ সন্মুখীন হলে, জলবায়ুৰ প্ৰতিকুল পৰিবেশৰ মুখামুখি হলেও ভাইৰাচ বিধ সুপ্তৰ পৰা জাগ্ৰত হৈ উঠিব পাৰে৷
ফেচিয়েল পেৰলাইচিচ কৰিব পৰা অন্য ভাইৰাচসমূহ হ'ল - হাৰপিজ জষ্টাৰ ভাইৰাচ, এবষ্টিন বাৰ ভাইৰাচ, ৰুবেলা ভাইৰাচ, মাম্পচ ভাইৰাচ, চাইটোমেগাল' ভাইৰাচ, এইচ আই ভি ভাইৰাচ আদি৷ হাৰপিজ জষ্টাৰ ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হলে ৰোগীৰ অতিমাত্ৰা বিষ অনুভৱ হয়৷ Ramsay Hunt Syndrome নামেৰে ইয়াক জনা যায়৷
২) বেক্টেৰিয়াজনিত সংক্ৰমণৰ ফলত
কাণৰ ভিতৰৰ অংশত কেবল ভাইৰাচেই নহয়, বেক্টেৰিয়াইয়ো সংক্ৰমণ কৰি ফেচিয়েল নাৰ্ভক জখম দিয়াৰ ফলত এই ৰোগৰ উৎপত্তি হ’ব পাৰে৷
৩) অন্যান্য সানমিহলি কাৰণসমূহ
কাণৰ ভিতৰৰ হোৱা যি কোনো আঘাট (অপাৰেচন, একোপাংচাৰ, দূৰ্ঘটনাজনিত)
৪) বংশানুক্ৰমিক প্ৰভাৱ
পৰিয়ালৰ কিছুমান লোকক বেলচ্ পালচিত একাধিকবাৰ ভোগা দেখা যায় - ইয়াৰ দ্বাৰা এই ৰোগত বংশানুক্ৰমিক প্ৰভাৱ থকাৰ কথা নুই কৰিব নোৱাৰি৷
ৰোগীক অসুখটোৰ বিষয়ে অৱগত কৰাই নিৰ্ভয় প্ৰদান কৰাটো চিকিৎসকৰ এক লাগতিয়াল কৰ্তব্য৷
বহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়৷
এন্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিত নহ'ল৷
ষ্টেৰইড সাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃত হোৱা দেখা যায় ৷
১৯৯৫ চনৰ পৰা ভাৰতবৰ্ষত বিভিন্ন চিকিৎসকে মিথাইলকোবালামিন ইনজেকচনৰ এই ৰোগত প্ৰয়োগ কৰি সুফল পোৱা বুলি জনাই আহিছে৷
বন্ধ নোহোৱা চকুৰ জখম নহবলৈ যতন লব লাগে৷ প্ৰয়োজন অনুসৰি চকুত দৰব প্ৰয়োগ কৰিব লাগে৷
ফিজিঅ'থিৰাপি বা মাংসপেশীৰ উপযুক্ত ব্যায়ামো লাগতিয়াল৷
কদাচিত মুখায়বৰ বিকৃতি ৰৈ গ’লে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়৷
ৰোগৰ চিনাক্তকৰণ আৰু যাৱতীয় পৰীক্ষাসমূহ
সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়৷ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমন , ষ্ট্ৰক বা মগজুৰ ৰক্তক্ষৰণ হৈ, আঘাটপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া ঠিৰাং কৰা হয়৷ কেতিয়াবা নাৰ্ভৰ পৰিবহন সমক্ষতা আদিও পৰীক্ষা কৰা হয়৷
ৰোগী আতংকিত মুঠেই হব নালাগে , কিয়নো "বেলচ্ ফেচিয়েল পালচি"ৰ নিৰাময় শতকৰা প্ৰায় এশ ভাগেই সম্ভব৷ পৃথিবীৰ সকলো দেশৰে সকলো্ শ্ৰেণীৰ মানুহ এই ৰোগত আক্ৰান্ত হৈ আহিছে৷ বিখ্যাত অভিনেতা অনুপম খেৰো বেলচ্ পালচিত ভূগিছিল৷ শতকৰা প্ৰায় দহ ভাগ ৰোগীৰ পৰবৰ্তী দহ বছৰৰ ভিতৰত পুনৰ এই ৰোগ হোৱা দেখা যায় ৷ ডায়েবেটিজ, উচ্চৰক্ত চাপ, বাৰ্দ্ধক্য আদিৰে সৈতে ৰোগাক্ৰান্ত হলে ৰোগ নিৰাময়ত সময় লাগে৷
লিখক: ডা০ ভূপেন শইকীয়া।
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
চুলিৰ ৰং কৰাৰ বাবে, মুখমণ্ডলৰ সৌন্দৰ্যৰ বাবে
এৰা গছ
আপোনাৰ মুখমণ্ডলৰ যত্ন লওঁক
খাদ্য, সোৱাদ আৰু ৰসায়ন