চকুৰ ৰোগবোৰৰ ভিতৰত কনজাংটিভাইটিছ এক অন্যতম ৰোগ। যিকোনো বয়সৰ লোকৰ বছৰৰ যিকোনো সময়তে এই ৰোগে গা কৰি উঠিব পাৰে। তথাপি তুলনামুলকভাৱে গ্ৰীষ্মকালত সৰু সৰু ল’ৰা-ছোৱালী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু সৰু ল’ৰা-ছোৱালীৰ যত্ন লোৱা ব্যক্তিসকলৰ মাজত ই অধিক হোৱা দেখা যায়। বাংলাদেশৰ পৰা বিয়পি এই ৰোগ অসম পাইছেহি বাবে আজিও অসমত এই ৰোগৰ এক জনপ্ৰিয় নাম ‘জয় বাংলা’। অন্যহাতে মাদ্ৰাজ চহৰৰ (বৰ্তমানৰ চেন্নাই) চকু চিকিৎসক ডা: ক্ৰিক পেট্ৰিকে পোন প্ৰথমবাৰৰ বাবে এবিধ এডিনো ভাইৰাছে এই ৰোগ সৃষ্টি কৰিব পাৰে বুলি আৱিষ্কাৰ কৰা বাবে এই ৰোগক ‘মাদ্ৰাছ আই’ বুলিও কোৱা হয়। বহু লোকৰ মাজত ই ‘পিংক আই’ নামেও জনাজাত।
আমাৰ চকু দুটাৰ বগা অংশ আৰু চকুৰ পতাৰ ভিতৰ ভাগ আৱৰি থকা স্বচ্ছ আৱৰণখনক কনজাংটিভা বুলি কোৱা হয়। চকু দুটাৰ বগা অংশক আৱৰি থকা অংশখিনিক বালবাৰ কনজাংটিভা আৰু চকুৰ পতাৰ ভিতৰ ভাগ আৱৰি থকা অংশক পালপেব্ৰেল কনজাংটিভা বুলি কোৱা হয়। এই দুই অংশক সংলগ্ন কৰি ৰখা অংশক ফোৰনিক্স বুলি কোৱা হয়। কনজাংটিভাত ৰক্ত যোগান প্ৰচুৰ হয়। সেয়েহে ৰক্তৰ ৰোগ ৰক্তহীনতা চাবলৈ চিকিৎসকসকলে পালপেব্ৰেল কনজাংটিভাখন পৰীক্ষা কৰি চাঁও।
কনজাংটিভাৰ সংক্ৰমণ আৰু প্ৰদাহ হৈ কনজাংটিভাখন ৰঙা হৈ চকুৰ পৰা অতিমাত্ৰা পানী বা আঠা জাতীয় পদাৰ্থ নিৰ্গত হ’লে আমি কনজাংটিভাইটিছ হোৱা বুলি কওঁ। ই একিউট আৰু ক্ৰনিক দুই ধৰণৰ হ’ব পাৰে। ইয়াৰে কিছুমান সোঁচৰা প্ৰকৃতিৰ হোৱা বাবে একোটা পৰিয়ালতে বহুতৰে হ’ব পাৰে। সোঁচৰ প্ৰকৃতিৰ কনজাংটিভাইটিছ প্ৰথমে এটা চকুত আৰম্ভ হৈ দুই-তিনি দিনমান পিছত আনটো চকুলৈ বিয়পে। সৰু সৰু ল’ৰা-ছোৱালীৰ দুয়োটা চকুতে একেলগে হোৱা দেখা যায়। কেতিয়াবা কনজাংটিভা আৰু চকুৰ পতাৰ প্ৰদাহ একেলগে হয়, তেতিয়া তাক ব্লেফেৰাইটিছ বুলি কোৱা হয়। কৰ্ণিয়া আৰু কনজাংটিভাৰ প্ৰদাহ একেলগে হ’লে কেৰাটো কনজাংটিভাইটিছ বুলি কোৱা হয়।
কনজাংটিভাইটিছ হোৱাৰ কাৰণ বহুতো। কাৰণ অনুযায়ী কনজাংটিভাইটিছক বিভিন্ন প্ৰকাৰে নামাকৰণ কৰা হয়। কাৰণবোৰৰ ভিতৰত মুখ্য কাৰণ হ’ল-সংক্ৰমণ, এলাৰ্জী, চকুত ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়া, নৱজাতকৰ জন্মগত আৰু অন্যান্য কাৰণ। সংক্ৰমণজনিত কাৰণ বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণ দুয়োবিধে হ’ব পাৰে।
বেক্টেৰিয়েল কনজাংটিভাইটিছ মুখ্যত গোনোককাছ, ককচ্-ওৱেলচি বেচিলাচ, নিউমোকোকাছ, ষ্টেফাইলোকোকাছ, ষ্ট্ৰেপ্টোকোকাছ, হিমোফিলাচ ইনফ্লুৱেঞ্জা, টি বি বেচিলাছ আৰু ক্লেমাইডিয়া বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হয়। ই প্ৰথমে এটা চকুত আৰম্ভ হৈ পিছলৈ আনটো চকুলৈ বিয়পে। কনজাংটিভাইটিছৰ সাধাৰণ লক্ষণবোৰৰ উপৰি এইবিধ কনজাংটিভাইটিছত চকু ৰঙা পৰাৰ তীব্ৰতা অধিক হয় আৰু চকুৰ পৰা বগা বা হালধীয়া পূজ জাতীয় পদাৰ্থ নিৰ্গত হয়। ই সোঁচৰা প্ৰকৃতিৰ। সাধাৰণতে গনৰীয়া ৰোগত ভোগা ব্যক্তিয়ে সোঁহাতেৰে ইউৰেথ্ৰেল ডিছজাৰ্চ লাৰি সোঁ চকুতে চোৱে বাবে, এনে বিধৰ কনজাংটিভাইটিছ সোঁ চকুত বেছিকৈ হয়।
ভাইৰাছৰ ভিতৰৰ মুখ্যত: এডিনো ভাইৰাছ দায়ী। এইবিধ কনজাংটিভাইটিছত সাধাৰণ লক্ষণবোৰৰ উপৰি জ্বৰ, মূৰৰ বিষ আদি হ’ব পাৰে। নাকেৰেও পানী ওলায়। ই সোঁচৰা প্ৰকৃতিৰ।
ৰাস্তাৰ ধূলি-বালি, কল-কাৰখানাৰ ধোঁৱা, ফল-মূল আৰু কিছুমান খাদ্যৰ বাবে শৰীৰৰ অন্যান্য অংগৰ লগতে চকুৰ কনজাংটিভাৰ প্ৰদাহ হৈ কনজাংটিভাইটিছ হ’ব পাৰে। কনজাংটিভাইটিছৰ সাধাৰণ লক্ষণবোৰৰ উপৰি এইবিধত চকুৰ খজুৱতি বেছি হয়। ই সোঁচৰা নহয়। ৰাইনাইটিছৰ স’তে একেলগে হ’লে ইয়াক ৰাইনো-কনজাংটিভাইটিছ বুলি কোৱা হয়।
ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়া জনিত কনজাংটিভাইটিছ
চকুত ক্ষাৰ বা এচিড পৰিলে কনজাংটিভাইটিছ হ’ব পাৰে। এচিডতকৈ ক্ষাৰ বেছি অপকাৰী। ই কৰ্ণিয়াৰ ঘা পৰ্য্যন্ত কৰিব পাৰে। ইয়াৰ উপৰি ছেম্পু, চাবোন, পানীৰ ক্ল’ৰিণ আদি চকুত পৰিও কনজাংটিভাইটিছ হ’ব পাৰে। ই সোঁচৰা প্ৰকৃতিৰ নহয়। এইবিধ কনজাংটিভাইটিছ সাধাৰণতে দুয়োটা চকুতে একেলগে হয়।
মাতৃৰ যদি গনৰীয়া বা আন সোঁচৰা যৌন ৰোগ থাকে, তেন্তে জন্মৰ সময়ত কেঁচুৱাৰ চকুলৈ ই বিয়পি কনজাংটিভাইটিছ কৰিব পাৰে। ইংৰাজীত ইয়াক Opthalmia Neonatorum বুলি কোৱা হয়। উপযুক্ত এন্টিবায়টিক দি নৱজাতকৰ চকুৰ চিকিৎসা নকৰিলে, কেঁচুৱাই সম্পূৰ্ণ দৃষ্টিশক্তি হেৰুৱাব পাৰে। কেতিয়াবা কেঁচুৱাৰ চকুৰ পানী নাকেৰে ওলাই যোৱা নলী বন্ধ হৈ থাকিলেও কেঁচুৱাৰ কনজাংটিভাইটিছ হ’ব পাৰে।
কিছুমান ৰোগৰ আনুষংগিক হিচাপে কনজাংটিভাইটিছ হ’ব পাৰে। ৰেইটাৰ ছীণ্ড্ৰ’মত অটোইমুন ৰোগ, গাঠিৰ বিষ আৰু কনজাংটিভাইটিছ একেলগে হয়। চকুৰ পাৱাৰৰ তাৰতম্য থাকিলেও ক্ৰনিক কনজাংটিভাইটিছ হ’ব পাৰে। একিউট কনজাংটিভাইটিছৰ সম্পূৰ্ণ চিকিৎসা নহ’লেও ক্ৰনিক কনজাংটিভাইটিছ হ’ব পাৰে। তদুপৰি বেয়া পৰিৱেশ, ধোঁৱাজনিত পৰিৱেশ দূষিত পানী আদিও ক্ৰনিক কনজাংটিভাইটিছৰ কাৰণ।
কনজাংটিভাইটিছৰ চিনাক্তকৰণ অতি সহজ। ইয়াৰ বিশিষ্ট লক্ষণেই তাৰ পৰিচয়। লিটমাছ ব্যৱহাৰ কৰি চকুত পৰা ৰাসায়নিক দ্ৰব্য এচিড নে ক্ষাৰ থিৰাং কৰিব পাৰি। চকুৰ পৰা নিৰ্গত পানী আৰু পদাৰ্থ কালচাৰ কৰি সংক্ৰমণৰ কাৰক উলিয়াব পাৰি। Patch test কৰি এলাৰ্জী নিৰূপণ কৰিব পাৰি।
কনজাংটিভাইটিছৰ জটিলতা
সাধাৰণতে কনজাংটিভাইটিছত চকুৰ দৃষ্টিশক্তিৰ ওপৰত কোনো প্ৰভাৱ নপৰে। কেৰাটো কনজাংটিভাইটিছত কেতিয়াবা কৰ্ণিয়াখন অস্বচ্ছ হ’ব পাৰে আৰু তেতিয়া দৃষ্টিশক্তি বাধাগ্ৰস্ত হয়। কেতিয়াবা এনে অৱস্থাত কৰ্ণিয়াৰ ঘা হৈ চকুৰ দৃষ্টিশক্তি হেৰাই যাব পাৰে।
সাধাৰণতে ৬৫ শতাংশ কনজাংটিভাইটিছ এনেয়ে ভাল হয়। বাকী অংশক চিকিৎসা লাগে। চিকিৎসকৰ পৰামৰ্শ মতে পানীৰে চকু সঘনাই ধুই থাকিব লাগে। কাৰণ অনুযায়ী চিকিৎসকে চকুৰ দৰব দিয়ে। বেক্টেৰিয়েল কনজাংটিভাইটিছত এন্টিবায়েটিক চকুৰ ড্ৰপ বা মলম দিয়া হয়। ভাইৰেল কনজাংটিভাইটিছত এন্টিভাইৰেল চকুৰ ড্ৰপ বা মলম দিয়া হয়। ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা হোৱাত চকু সঘনাই ধুই থাকিব লাগে আৰু কৰ্ণিয়াৰ ক্ষতি হ’লে চিকিৎসা কৰিব লাগে। এলাৰ্জিক কনজাংটিভাইটিছত কেতিয়াবা ষ্টেৰইড চকুৰ দৰব দিয়া হয়। আনহাতে নৱজাতকৰ জন্মগত কনজাংটিভাইটিছত এন্টিবায়টিক চকুৰ ড্ৰ্প দিয়া হয়।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ।
শেহতীয়া উন্নীতকৰণ: : 7/1/2020
চকুৰ লʼব লগা যত্ন, ৰোগ আদিৰ বিষয়ে ইয়াত আলোচনা কৰা ...
চকুৰ কনজাংটিভাইটিছ ৰোগৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছ...