কনজাংটিভাইটিছ (চকু ৰঙা পৰা ৰোগ)
কনজাংটিভাইটিছ হ’লে চকুৰ বগা অংশটো ৰঙা পৰি যায়৷ এই অংশটো জ্বলা-পোৰা কৰে আৰু খচখচাই থাকে৷
লক্ষণ
- চকুৰ বগা অংশ ৰঙা হৈ যায়।
- চকু জ্বলা-পোৰা কৰে আৰু খচখচাই থাকে৷
- চকুৰ পৰা পানী ওলাই থাকে৷
কাৰণ
কিছুমান ভাইৰাছ, বেক্টেৰিয়া, এলাৰ্জি আৰু চকু শুকাই গৈ চকুৰ বগা অংশটোক সংক্ৰমণ কৰে৷ ইয়াৰ ফলতে চকু খজুৱায় আৰু কনজাংটিভাইটিছ হ’ব পাৰে৷
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 7/6/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.