সৌন্দৰ্য্য সচেতন মানুহে সাধাৰণতে নিজৰ নিজৰ সৰু সৰু দোষ (বিশেষকৈ মুখ্মণ্ডলৰ)আদিক লৈ সততে প্ৰতিকাৰৰ উপায় বিচাৰে। মুখমণ্ডলৰ নাক,কাণ,কপাল,গাল,থুঁতৰিৰ উপৰিও চকুৰ পতাতো বিভিন্ন বিসংগতি হ’ব পাৰে। কিছু বিসংগতি অকল বেয়া দেখাৰ বাবে বা কছমেটিক কাৰণত দূৰ কৰিবলৈ চেষ্টা কৰা হয়; যদিও কিছু দোষে আমাৰ চকুৰ দৃষ্টিৰো অনিষ্ট কৰিব পাৰে। সাধাৰণতে তলত দিয়া কাৰণসমূহৰ বাবে ব্লেফেৰ’প্লাষ্টি অস্ত্ৰোপচাৰ কৰা হয়।
চকুৰ পতাৰ কছমেটিক ছাৰ্জাৰী সাধাৰণতে ৩৫ বছৰৰ ওপৰত কৰা হয় আৰু ৰোগীজনৰ প্ৰকৃতাৰ্থত এনে অস্ত্ৰোপচাৰৰ দ্বাৰা কিমান লাভৱান হ’ব এই বিষয়ে সম্যক জ্ঞান থাকিব লাগিব। চকুৰ পতাৰ কছমেটিক ছাৰ্জাৰীৰ প্ৰভাৱ সাধাৰণতে ৫-৭ বছৰলৈ থাকে যদিও বয়সৰ লগে লগে হোৱা ছালৰ সংকোচন অথবা চৰ্বিৰ তাৰতম্যৰ বাবে এনে দোষে আকৌ দেখা দিব পাৰে। কেতিয়াবা ব্লেফেৰ’প্লাষ্টি ছাৰ্জাৰীৰ লগতে ব্ৰ’লিফ্ট (Brow-lift)ৰো প্ৰয়োজন অনুসাৰে প্লাষ্টিক ছাৰ্জনজনে বিবেচনা কৰিব পাৰে। সৌন্দৰ্য্যবোধক (কছমেটিক) আইলিড্ ছাৰ্জাৰীৰ বাবে অহাজনে জানিব লাগিব যে আমাৰ চকুৰ পতাৰ ছালসমূহ শৰীৰৰ আন অংশৰ ছালতকৈ যথেষ্ট কোমল আৰু মিহি, সেয়ে অস্ত্ৰোপচাৰৰ পিছত ছালখন ৰঙা বা ক’লা পৰি কিছুদিনলৈ ফুলি থাকিব পাৰে(১-২ সপ্তাহলৈ)। সেয়ে অস্ত্ৰোপচাৰৰ পিছত ঠাণ্ডা পানী বা বৰফৰ লেপ, আইড্ৰপ, ক’লা চছমা আদি কিছুদিনলৈ ব্যৱহাৰ কৰিবলগা হ’ব পাৰে। এনে ধৰণৰ কছমেটিক আইলিড ছাৰ্জাৰী সাধাৰণতে ‘Day care procedure’ হিচাবে লোকেল এনাছস্থেছিয়া দি কৰা হয় আৰু অস্ত্ৰোপচাৰৰ অলপ পিছতে ঘৰলৈ যাবলৈ দিয়া হয়। চকুৰ পতাৰ আন আন বিসংগতি যেনে বয়সৰ কাউৰিঠেঙীয়া আঁচোৰবোৰ (crow’s feet)আৰু আন কিছু সৰু দোষ অস্ত্ৰোপচাৰৰ দ্বাৰা গুচাব নোৱাৰি। ইয়াৰ বাবে বটক্স বা ফিলাৰ্ছৰ ব্যৱহাৰ কৰিব পাৰি। চকুৰ পতাৰ সৌন্দৰ্য্যবোধক ছাৰ্জাৰীয়ে (Cosmetic blepheroplasty) মানুহগৰাকীৰ বয়স কম যেন লগাই ছালখন মিহি আৰু নিমজ হোৱাত সহায় কৰাৰ লগতে হীনমন্যতাৰ ভাব আঁতৰাই সময়ৰ লগত খোজ মিলাই জীৱনত দৃঢ়তাৰে আগবাঢ়ি যোৱাত তেওঁক সহায় কৰে।
লেখিকা: ডা° সীমাৰেখা দেৱী, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
কল
চকুৰ প্ৰতিসৰণ দোষ
চকুৰ গুৰিৰ ক’লা দাগ নিৰ্মূল কৰাৰ উপায়
চকুৰ বাবে নিয়মীত ব্যায়াম