সৌন্দৰ্য এক কলা, এক সাধনা। সৌন্দৰ্য সাধনাই মানুহৰ কলাসুলভ মনৰ পৰিচয় দিয়ে। জীৱন আৰু সৌন্দৰ্য্যৰ মূল হৈছে চকুযুৰি। চকুযুৰিয়ে জীৱন, পোহৰ, প্ৰেমভাৱ আৰু মনৰ পৰিচয় দিয়ে। সৌন্দৰ্য্যৰ আধাৰো জীৱন্ত চকুযুৰি। দৃষ্টিৰ বাবে আমি সৌন্দৰ্য কি বস্তু তাক জানিবলৈ বা আনক জনাবলৈ সক্ষম হৈছো। গতিকে এই চকুযুৰি আমি বৰ যত্নৰে ৰাখিব লাগে।
মানুহৰ চকুহালেই হ’ল- মানুহগৰাকীৰ ব্যক্তিত্ব প্ৰতিফলিত কৰা দাপোণ। ৰূপ লাৱণ্যকে ধৰি দেহৰ প্ৰতিটো অংগৰ সুস্থ-অসুস্থতাকো চকুহালেই পৰিস্ফুট কৰি দাঙি ধৰে সকলোৰে আগত। মনৰ ভাৱ অনুভূতি মুখেৰে প্ৰকাশ নকৰিলেও এই চকুহালতে সেইবোৰৰ প্ৰকাশ ঘটে। অতিকৈ ব্যস্ত চকুহালৰ পতাকেইটা স্বাভাৱিক অৱস্থাত সংকুচিত আৰু প্ৰসাৰিত হোৱাৰ উপৰি হঁহা, কন্দা আৰু চিন্তিত অৱস্থাতো তাৰ দুয়োটা কাম চলি থাকে। এদিনত প্ৰায় ১০,০০০ বাৰ চকুহাল পচৰা হয়। ভাবি চাওকচোন চকুহালৰ বাবেই পতাখনে কিমান কাম কৰে।
দেহৰ আন অংগৰ ছালতকৈ চকুৰ চাৰিওফালে আৱৰি থকা ছালখন নিচেই পাতল আৰু ঠুনুকা, কেৱল ০.৫ মি:মি: হে। দেহটো অসুখত আক্ৰান্ত হ’লে, চিন্তা-ভাবনা উত্তেজনাত জৰ্জৰিত হ’লে নাইবা বয়স বাঢ়িলেও চকুহালৰ গুৰিয়েই এইবোৰৰ প্ৰথম চিনাকি দিয়ে। ছালত থকা তেল ৰসৰ গ্ৰন্থিবোৰ এই ডোখৰ ঠাইত আন ঠাইতকৈ কম পৰিমাণত থাকে, যিবোৰ ছালখন কোমল আৰু সেমেকা কৰি ৰখাত সহায় কৰে। সেইকাৰণে চকুৰ গুৰিত আঁচপৰা, টোপোলা বন্ধা, ওফন্দি পৰা চকুৰ গুৰি ক’লা পৰা আদি সমস্যাই সোনকালে দেখা দিয়ে।
কিছুমান শুদ্ধ পদ্ধতিৰে যদি চকুযুৰিৰ যত্ন লোৱা হয়, তেন্তে উল্লেখিত আসোঁৱাহসমূহে সোনকালে আমনি কৰিবলৈ সুবিধা নাপায়। চকুযুৰিৰ যত্নৰ ক্ষেত্ৰত পোনপ্ৰথমেই মনযোগ দি চকুযুৰি পৰিষ্কাৰ কৈ ৰাখিলে দেখাত উজ্জ্বল লাগে।
চকুৰ চেলাউৰি, চকুৰ পতা, চকুৰ পতাৰ নোম আৰু চকুৰ পানী ইত্যাদি চকুৰ বিশেষ অংগবোৰে স্বাভাৱিকভাৱে চকুযুৰিক ৰক্ষা কৰি থাকে। চকুৰ চেলাউৰিয়ে কপালৰ ঘাম বা বাহিৰৰ পানী চকুত পৰাত বাধা দিয়ে। চকুৰ পতাই চকুৰ মণিত যাতে পোণেই একো বস্তু সোমাব নোৱাৰে, তাত বাধা জন্মায় আৰু জিৰণি কোৱাৰ সময়ত চকুত আৰাম দিয়ে। চকু বন্ধ কৰিলেও চকুৰ পতাৰ সামান্য ফাঁক থাকে, চকুত নোম থকাৰ বাবেই সেই ফাঁকেৰে ধুলি-মাকতি বা আন বস্তু সোমাব নোৱাৰে। চকুৰ ভিতৰলৈ তদুপৰি চকুৰ একেবাৰে কোণত থকা, অৰ্থাৎ চকুৰ পতাৰ পাছত থকা ক্ষুদ্ৰ ফুটাবোৰেদি চকুৰ পানী ওলাই চকুযুৰিক সকলো সময়তে আৰ্দ্ৰ কৰি ৰখাৰ লগতে ধোৱা কামো কৰি থাকে। সেইকাৰণে চকুৰ প্ৰসাধন চকুৰ ভিতৰফালে নলগাইল বাহিৰৰ ফালে লগোৱা ভাল আৰু তেতিয়া চকুৰ পানী ওলোৱাতো বাধা নজন্মে।
চকুৰ গুৰিৰ ছাল আৰু চকুহাল সুস্থকৈ ৰাখিবলৈ হ’লে পুষ্টিসাধক আহাৰ খোৱাৰ লগতে যথেষ্ট পৰিমাণত জিৰণি লোৱাটো দৰকাৰ। ভিটামিন এ আৰু ভিটামিন বি-২ ৱে চকুৰ সুস্থতা ৰক্ষাত যথেষ্ট সহায় কৰে। এই দুয়োবিধ ভিটামিন গাজৰ, বিলাহী, সেউজীয়া শাক-পাচলি পোৱা যায়। তাৰোপৰি চকুৰ বাবে টোপনিৰ প্ৰয়োজন। নিতৌ কমেও আঠঘন্টা শুব লাগে।
মুঠতে, চকুৰ যত্নৰ ক্ষেত্ৰত বিশেষকৈ তিনিটা কথা মনত ৰখা ভাল। প্ৰথমটো হ’ল চকুৰ গুৰিৰ ছালত তেজ চলাচল কাৰ্য ঠিকমতে চলি থাকিলে আৰু তেজৰ কণিকাবোৰ চঞ্চল আৰু সজীৱ হৈ থাকিলে চকুৰ গুৰিত ক’লাপৰা সমস্যাটো পৰা ৰক্ষা পাব পাৰি। দ্বিতীয়টো হ’ল চকু আৰু চকুৰ গুৰিৰ লগত সংযোজিত ক্ষুদ্ৰ কণিকাবোৰক শক্তিশালী আৰু মজবুত কৰি ৰখা। এনে কৰিলে চকুৰ গুৰিৰ পানী জমা হ’বলৈ সুবিধা নিদিব। তৃতীয়টো হ’ল, সুস্থ মজবুত ছালৰ গ্ৰন্থিবোৰে বয়সৰ চাপ পৰাত বাধা জন্মায়।
চকুযুৰি বৰ মূল্যৱান সম্পত্তি। গতিকে চকুযুৰিক আদৰ-সাদৰ কৰি ৰাখিলে চকুযুৰিয়ে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব।
ইন্দ্ৰাণী চৌধুৰী।
শেহতীয়া উন্নীতকৰণ: : 4/23/2020
চকুৰ প্ৰতিসৰণ দোষ
চকুৰ গুৰিৰ ক’লা দাগ নিৰ্মূল কৰাৰ উপায়
আমি অতিৰিক্ত ভিটামিন খাব লাগেনে?
চকুৰ বাবে নিয়মীত ব্যায়াম