আমাৰ শৰীৰটো ছালেৰে আবৃত। শৰীৰৰ মুঠ ওজনৰ ষোল্ল ভাগৰ এভাগ হ’ল ত্বক। প্ৰকৃতিৰ নানা বিৰূপ ক্ৰিয়া-প্ৰক্ৰিয়াৰ পৰা এই ছালেই আপোনাৰ শৰীৰৰ ভিতৰভাগক ৰক্ষা কৰে। প্ৰথমেই চাওক আপোনাৰ শৰীৰলৈ ৰোগ জীৱাণুৰ সংক্ৰমণ হ’বলৈ বিচৰাৰ লগে লগে এই ছালৰ ত্বকে প্ৰথমে যুদ্ধত অৱতীৰ্ণ হৈ আপোনাক ৰক্ষা কৰে। ঠিক তেনেকৈ দেহৰ তাপমাত্ৰা আৰু জলীয় অংশৰ ভাৰসাম্য ৰক্ষা কৰে এই ছালৰ ত্বকই। আৰু এটা উল্লেখযোগ্য ভূমিকা পালন কৰি এই ত্বকই আপোনাক অতি বেঙুনীয়া ৰশ্মিৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে। এনে ধৰণে বিভিন্ন কাম অতি নিয়াৰিকৈ সমাপ্ত কৰে এই দেহৰ আৱৰণ ছালখনেই।
এই ছাল ত্বকৰ মূল স্তৰ দুটা- বহিঃত্বক বা এপিডাৰমিচ আৰু অন্তঃত্বক বা ডাৰমিচ। এপিডাৰমিচৰ পাঁচটা স্তৰ- ত্বকৰ বাহিৰৰ পৰা ক্ৰমে ভিতৰলৈ কেৰাটিন স্তৰ, লুডিচাম স্তৰ, গ্ৰানুলাৰ স্তৰ, মালফিজিয়ান স্তৰ, বেচাল স্তৰ। বেচাল স্তৰ অৰ্থাত্ এপিডাৰমিচৰ শেষৰ স্তৰৰ মেলানোচাইচ আল্ট্ৰাভায়োলেট বা অতি বেগুনীয়া ৰশ্মিৰ সাহায্যত তৈয়াৰ হয়- যাৰ ৰঞ্জক পদাৰ্থ মেলানিন।
আমাৰ শৰীৰৰ ছাল ক’লা হ’ব নে বগা হ’ব- সেয়া সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে মেলানিনৰ বঢ়া আৰু কমাৰ ওপৰত। মেলানোছাইট যাৰ শৰীৰত বেছি সক্ৰিয় হয়, তেতিয়া গাৰ ছালৰ বৰণ হ’ব ক’লা আৰু মেলানোছাইট সক্ৰিয় ক’ম হ’লে গাৰ বৰণ বগা হ’ব। ইয়াত উল্লেখ কৰা প্ৰয়োজন- যাৰ গাৰ বৰণ একেবাৰে বগা হয়, তেনেলোকৰ কেণ্সাৰ হোৱাৰ প্ৰৱণতা অধিক। এওঁলোকৰ ছালৰ ত্বকত মেলানিন কম পৰিমাণে তৈয়াৰ হয়। যাৰ ফলত কেণ্সাৰ সৃষ্টিকাৰী ফ্ৰী অক্সিজেন ৰেডিকেল সহজে ধ্বংস কৰিবলৈ সক্ষম নহয়। খয়েৰি বা ক’লা ত্বকত প্ৰচুৰ পৰিমাণে মেলানিন থাকে বাবে ফ্ৰী অক্সিজেন ৰেডিকেলক সহজে ধ্বংস কৰিবলৈ সক্ষম হয়। যিবিলাক দেশৰ মানুহ একেবাৰে বগা তেওঁলোকে আমাৰ দেশলৈ আহে স্কিন্ কেণ্সাৰৰ পৰা মুক্ত হ’বলৈ। নগ্ন দেহত ছানটোন ক্ৰীম বা লোচন লগাই সমুদ্ৰৰ তীৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কটাই দিয়ে। আমাৰ দেশৰ মানুহৰ তেনে কৰাৰ প্ৰয়োজন নাই।
গৰমৰ দিনৰ দুপৰীয়া ৰ’দে ছালৰ ত্বকৰ যথেষ্ট ক্ষতি কৰে। ৰ’দত নানা ধৰণৰ আল্ট্ৰাভায়োলেট বা অতি বেগুনীয়া ৰশ্মি থাকে, যাক কোৱা হয়- এ, বি আৰু চি। এ আৰু বি ওজন স্তৰ ভেদ কৰি পৃথিৱীলৈ আহে আৰু ই-য়ে এপিডাৰমিচ স্তৰক উত্তেজিত কৰে। এই স্তৰৰ প্ৰ’টিন ওনিউক্লিক এচিড এই তেজষ্ক্ৰিয় ৰশ্মিক শোষণ কৰে। যাৰ ফলত এপিডাৰমিচৰ ডি এন এ-ৰ অস্থায়ীভাৱে গঠনগত পৰিৱৰ্তন হয়। কিন্তু যদি সদায় ৰ’দত সাৱধানতা অৱলম্বন নকৰাকৈ ঘূৰি ফুৰিবলগীয়া হয়- তেতিয়া এই অতি বেগুনীয়া ৰশ্মি ত্বকত পৰিলে এই পৰিৱৰ্তন স্থায়ী হয়। ত্বকৰ কোলেজেন তন্ত্ৰ ভাঙি পৰে, ফলত স্থিতিস্থাপকতা নষ্ট হয়, ত্বকে তাৰ উজ্জ্বলতা হেৰুৱায়। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হৈ পৰে। নানাধৰণৰ পিগমেণ্টেশ্বন দেখা দিয়ে।
ৰ’দত বেছি সময় কটালে ছালৰ ওপৰত ৰঙা ৰঙা হৈ ফুলি উঠে। লগে লগে খজুৱতী, জ্বলা-পোৰা কৰা আদি লক্ষণে দেখা দিয়ে। ঠাণ্ডাপানীৰে গা ধুই, লেক্টোকেলামাইন লোচন লগালে বহু পৰিমাণে আৰাম পোৱা যায়। বেছি হ’লে বৰফৰ টুকুৰা ব্যৱহাৰ কৰিব পৰা যায়।
ছালৰ ওপৰত পানী জ্বলাৰ দৰে গোল গোল ফুস্কাৰ আৱিৰ্ভাৱ হয়। ই অত্যন্ত খজুৱাই, জ্বলন ইত্যাদি লক্ষণে দেখা দিয়ে। এইবোৰ উপসৰ্গ ৰ’দৰ পৰা আঁতৰাই থাকিব পাৰিলে ২-৩ দিনৰ ভিতৰত নিজে নিজে আঁতৰি যায়।
যদি বহুদিন কঢ়া ৰ’দৰ সংস্পৰ্শত থাকিবলগীয়া হয়, তেনেহ’লে মুখ বা দেহত বলিৰেখা পৰিব পাৰে। পুৱা ৯ বজাৰ পৰা দিনৰ ৩ বজালৈ অতি বেগুনীয়া ৰশ্মি পৃথিৱীলৈ বেছি পৰিমাণে আহে। এই সময়ছোৱাত ৰ’দত ঘূৰিবলগীয়া হ’লে বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত।
ক’লা ছাতি ব্যৱহাৰ কৰক, উপযুক্ত ভাল কোম্পানীৰ ছানস্কিন লোচন ব্যৱহাৰ কৰক। ৰ’দৰ পৰা যাৰ এলাৰ্জী হয়, তেওঁলোকৰ বাবে এই দুয়োবিধ ব্যৱহাৰ কৰা অতি জৰুৰী। সেইবুলি ৰ’দৰ পৰা উদ্ভৱ হোৱা সকলো সমস্যা অকল ছানস্কিনে সমাধান কৰিব নোৱাৰে। সাৱধানতা অৱলম্বন কৰাৰ পিছতো যদি আন বিভিন্ন লক্ষণে দেখা দিয়ে- তেতিয়া চিকিত্সকৰ পৰামৰ্শ ল’বলগীয়া হ’ব পাৰে।
লেখকঃ ড0 সনাতন ডেকা, আমাৰ অসম।
শেহতীয়া উন্নীতকৰণ: : 7/11/2020
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...