সুন্দৰ নিমজ ছাল এখনে আপোনাৰ সুকীয়া পৰিচয় গঢ়ি তুলিব পাৰে। ছাল সদায় যাতে স্বাস্থ্যৱান আৰু সুন্দৰ হৈ থাকে তাৰ বাবে সঠিক পৰিচৰ্য্যাৰ প্ৰয়োজন।স্কিন কেয়াৰ ৰুটিনত ক্লিনজিং, টনিং আৰু মইশ্বাৰাইজিঙৰ উপৰিও অন্য কি অন্তৰ্ভুক্ত কৰিব বাৰু ?ইয়াৰ বাবে তলত দিয়া হৈছে A টু Z স্কিন কেয়াৰ গাইড—
A- এণ্টি অক্সিডেণ্ট : ই ছালৰ কোষবোৰক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। লগতে সূৰ্য্যৰ অনিষ্টকাৰক আল্ট্ৰাভায়লেট ৰশ্মিৰ পৰা ছালক সুৰক্ষা দিয়ে। এণ্টি অক্সিডেণ্টৰ পৰা ছালত চমকনি আহে। এণ্টি অক্সিডেণ্ট ফল তথা সেউজীয়া শাক-পাচলিত পৰ্য্যাপ্ত মাত্ৰাত পোৱা যায়।
B- বিটা কেৰ’টিন : পৰীক্ষাৰ দ্বাৰা জনা গৈছে যে বিটা কেৰ’টিন ছালৰ বাবে আশীৰ্বাদ স্বৰূপ। ই ছালক সূৰ্য্যৰ ৰশ্মিৰপৰা হোৱা ক্ষতিৰপৰা সুৰক্ষা দিয়ে। বিটা কেৰ’টিনে সোনকালে হোৱা বয়সৰ চাপৰ পৰা ছালক মুক্ত কৰে। গাজৰত ইয়াক পোৱা যায় আৰু ইয়াত থকা ভিটামিন এ-ই ছালক কোমল আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।
C- ক’লাজেন : ইয়াৰ দ্বাৰা ছাল আটিল হয়। ৮০শতাংশ ছাল ক’লাজনেৰে তৈয়াৰ হয়। ই ছালক কমনীয় আৰু আটিল কৰি তোলে। সময়ৰ লগত ক’ল’জেন ভাঙি পৰে; কিন্তু কিছুমান দ্ৰব্যই ৰেটিনেল আৰু পেষ্টাইডছৰ ৰূপত নতুন ক’ল’জেন সৃষ্টি কৰে। শৰীৰত ক’লাজেনৰ মাত্ৰা বঢ়াবৰ বাবে সেউজীয়া শাক-পাচলি যথেষ্ট পৰিমাণে খোৱা উচিত।
D- ড্ৰাইনেছ : ছালৰ শুষ্কতা দূৰ কৰিবলৈ শৰীৰত পানীৰ পৰিমাণ কমিবলৈ দিব নালাগে। দিনত ৮-১০ গিলাচ পানী আৰু আন তৰল পদাৰ্থ সেৱন কৰিব লাগে। দিনত দুবাৰ বডিলোচন বা ক্ৰিমেৰে মইশ্বাৰাইজ কৰা উচিত। ইয়াৰ ফলত ছাললৈ কোমল আৰু উজ্জ্বল ভাৱ আহিব। ইয়াৰ উপৰিও ছাল পৰিষ্কাৰ কৰাৰ পিছত ১/২ চাহ চামুচ গ্লিচাৰিণত ২-৩ টোপাল গোলাপজল মিহলাই ছালত লগোৱা উচিত। ৰাতি শোৱাৰ সময়ত এনে কৰিব।
E- এছেঞ্চিয়েল অইল : ই ছাল সম্বন্ধীয় বহু সমস্যা দূৰ কৰাত সহায় কৰে; যেনে একজিমা,খজুৱতি, পোৰণি আৰু ৰঙা পৰা আদি। এছেঞ্চিয়েল অইলে ছাল ঠাণ্ডা কৰে, সতেজ কৰে আৰু উজ্জ্বল কৰে। ছালৰ প্ৰকাৰ আৰু প্ৰয়োজন অনুসৰি কোনোৱে এছেঞ্চিয়েল অইল ব্যৱহাৰ কৰি আচৰিত ধৰণৰ সৌন্দৰ্য্য পাব পাৰে। যেনে – শুকান ছালৰ বাবে চন্দন, জেছমিন আৰু লেভেণ্ডাৰ, তেলেতীয়া আৰু সংবেদনশীল ছালৰ বাবে টি ট্ৰি, লেভেণ্ডাৰ আৰু ৰ’জমেৰী।
F- ফেচিয়েল : ধূলি,প্ৰদূষন আৰু তাপৰ প্ৰভাৱত ছালৰ সজীৱতা নোহোৱা হৈ পৰে। সেয়ে প্ৰয়োজনীয় আৰাম দিবৰ বাবে নিয়মিত ৰূপত ফেচিয়েল কৰা উচিত। ফেচিয়েলৰ অৰ্থ কেৱল মালিচেই নহয়। ইয়াত ত্বকৰ ডিপ ক্লিনজিং কৰা হয়, যাতে বন্ধ হৈ পৰা ছিদ্ৰ খোল খাই ছালে মুক্তভাৱে উশাহ ল’ব পাৰে। ইয়াৰ পৰা ছালে পুষ্টি পায় আৰু ই উজ্জ্বল হৈ পৰে।
G- গ্লিচাৰিণ : ছালৰ প্ৰাকৃতিক সজীৱতাক বজাই ৰাখিবলৈ গ্লিচাৰিণ ব্যৱহাৰ কৰা হয়। বিশেষকৈ শুকান ছালৰ বাবে ই আশীৰ্বাদ স্বৰূপ। ফেচপেকত ইয়াক ব্যৱহাৰ কৰিলে যথেষ্ট উপকাৰ পোৱা যায়। ছালৰ স্ক্ৰাবিঙৰ কাৰণে গ্লিচাৰিণত চেনি মিহলাই ল’ব। ই সংবেদনশীল ছালৰ বাবে যথেষ্ট উপকাৰী। ই ছালৰ পৰা মৃতকোষ আঁতৰায় আৰু ছালখন ক্লান্তিময় কৰি তোলে।
H- হনি : মৌ এটা উপকাৰী এণ্টি এজিং দ্ৰব্য। সুন্দৰৰ প্ৰতিমূৰ্তি ক্লিঅ’পেট্ৰায়ো নিজৰ ছালৰ সুৰক্ষাৰ বাবে মৌ ব্যৱহাৰ কৰিছিল। মৌত এক প্ৰাকৃতিক এনজাইম থাকে। যাক গ্লুক’জ অক্সাইড বুলি কোৱা হয়, যাক পানীৰ লগত মিহলাই হাইড্ৰ’জেন পেৰক্সাইড বনোৱা হয়। অৰ্থাত্ ই মাইলড এণ্টিচেপ্টিক। ইয়াত এণ্টি অক্সিডেণ্টো থাকে। শুকান ছালৰ বাবে মৌ এক উত্তম প্ৰাকৃতিক মইশ্বাৰাইজাৰ। মৌ ক্লিনজাৰ বনাবৰ বাবে ১/৪ কাপ মৌ, এক টেবুল চামুচ লিকুইড চাবোন আৰু ১/২ কাপ গ্লিচাৰিণ একেলগে মিহলাওক। এতিয়া কোমল স্পঞ্জেৰে ছালত লগাওক। কুহুমীয়া পানীৰে ধোৱক আৰু শুকান কাপোৰেৰে মচি পেলাওক।
I- আয়’ডিন : নখ শক্তিশালী কৰিবৰ বাবে ই যথেষ্ট উপকাৰী। অলিভ অইলত আয়’ডিন মিহলাই নখত ভালদৰে মালিচ কৰি ১৫ মিনিট পিছত ধুই পেলাওক।
J- জ’জ’বা অইল : ই এক এণ্টি বেক্টেৰিয়েল দ্ৰব্য, যি শালমনৰ পৰা মুক্তি দিয়ে। ই উফিৰ সমস্যাও দূৰ কৰে। তদুপৰি ই শুকান ছালক কান্তিময় কৰি তোলে। বয়সৰ আঁচোৰ আৰু দাগৰ পৰিমাণ কমি যোৱাত ই সহায় কৰে।
K- কিৱি ফেচ পেক : ই ছালখন ওলমি পৰা আৰু ক’লা পৰাৰ পৰা উদ্ধাৰ কৰে। ইয়াক বনোৱাৰ বাবে ৪-৫ টা তিয়াই লোৱা বাদামৰ পেষ্ট, আধাকাপ বেচন, ২-৩ টেবুল চামুচ গাখীৰ আৰু ২-৩ টুকুৰা কিৱি ফ্ৰুট একেলগে পিহি ছালত লগাব লাগে। ১৫ মিনিট পিছত ঠাণ্ডা পানীৰে চাফা কৰিব লাগে।
L- লেমন : নেমু এক প্ৰাকৃতিক এষ্ট্ৰিনজেণ্ট। নেমুৰ ৰসত ভিটামিন চি আৰু চাইট্ৰিক এচিড থাকে। ইয়াক ফেচিয়েল ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত থকা ভিটামিন চি-এ বয়সৰ আঁচোৰ দূৰ কৰে আৰু চাইট্ৰিক এচিডে দাগ দূৰ কৰাত সহায় কৰে।
M- মিল্ক : গাখীৰে ছালখন কোমল, সতেজ আৰু উজ্জ্বল কৰে। ইয়াক মৌৰ লগত মিহলাই ছালত লগাওক। ইয়াত থকা লেক্টিক এচিডে ছালৰ ৰঙৰ পৰিবৰ্তন কৰে।
N- নাট্ছ : ইয়াত প্ৰয়োজনীয় ফেটি এচিড থাকে। যি ছাললৈ প্ৰাকৃতিক উজ্জ্বলতা আনে আৰু মিহি বলিৰেখা আৰু বয়সৰ চাপ কম কৰাত সহায় কৰে।
O- ওমেগা অ’ ফেটি এচিড : ই হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ সেৱনে ছালক প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তোলে। ওমেগা অ’ ফেটি এচিড হুইট অইল, আখৰোট, ফ্লেকছ, কঁঠালৰ গুটিত ইয়াক পৰ্য্যাপ্ত মাত্ৰাত পোৱা যায়।
P- পটেট’ : চকুৰ তলৰ ক’লা দাগ দূৰ কৰিবলৈ আলুৰ টুকুৰা চাৰিওফালে ঘঁহক। ই ছালৰ ক্লান্তি দূৰ কৰে।
Q- কুইক ফিক্স : নিজৰ বেগত কিছুমান এনে প্ৰসাধন সামগ্ৰী ৰাখক যি আপোনাৰ ছালখন কোমল আৰু উজ্জ্বল কৰি তোলে। যেনে- ৱেট টিছু, ছানস্ক্ৰিন ক্ৰিম, মইশ্বৰাইজাৰ, লিপ বাম, প্ৰেছ পাউডাৰ, ফণি আদি।
R- ৰ’জ ৱাটাৰ : গোলাপজলত এটি ইনফ্লেমেটৰি দ্ৰব্য থাকে, যি ছালৰ জ্বলা-পোৰা দূৰ কৰি শীতলতা প্ৰদান কৰে।ই এক উত্তম ক্লিনজাৰ। ই ছালৰ নোম-ছিদ্ৰ খুলি দিয়ে তথা শালমন আদি সমস্যাতো ফলদায়ক। ফেচপেকত ইয়াক যথেষ্ট ব্যৱহাৰ কৰা হয়। ই ছালক কোমল কৰে আৰু বয়সৰ চাপ কমাই ৰাখে।
S- ছান প্ৰটেকচন : ছানস্ক্ৰিন সকলোতকৈ বেছি লাভদায়ক এণ্টি এজিং সামগ্ৰী। ৯০ শতাংশ ছালৰ সমস্যা ইউভিএ অথবা ইউভিবি কিৰণৰ ফলত হয়। সেয়ে যিকোনো বতৰতে ছানস্ক্ৰিণ লগোৱা প্ৰয়োজনীয়।
T- টি ট্ৰি অইল : ই ছালৰ জ্বলা-পোৰা, খজুৱতি আৰু ৰঙা পৰাক বাধা দিয়ে আৰু ছালখন সতেজ আৰু শীতল কৰে। ইয়াত থকা এণ্টি ভাইৰেল আৰু এণ্টি ফাংগাল দ্ৰব্যই শালমনৰ পৰা ৰক্ষা কৰে। তদুপৰি ইয়াৰ ব্যৱহাৰ উফিৰ ওপৰতো কৰিব পাৰি। ই এক স্কিন টনিকৰ দৰে কাম কৰে।
U- আণ্ডাৰ আই চাৰ্কল : চেহেৰাৰ বাকী অংশৰ তুলনাত চকুৰ মাংসপেশী সোনকালে দুৰ্বল হৈ পৰে। ফলত সোনকালে ক’লা দাগ পৰিবলৈ ধৰে। সেয়ে আৰম্ভণিতে আই ক্ৰিমৰ জৰিয়তে এই সমস্যা সমাধান কৰাৰ চেষ্টা কৰা উচিত।
V- ভিটামিন : উজ্জ্বল ছালৰ বাবে ই অত্যন্ত জৰুৰী। ই বয়স ৰেখা দূৰ কৰি ছাললৈ কমনীয়তা আনে। ইয়াক পেকৰ দৰেও ব্যৱহাৰ কৰিব পৰা যায়। এটা এভ’কাডো বা নাচপতি বাকলি গুচাই কাটি লওক, এক চাহ চামুচ ভিটামিন ই তেল অথবা এটা ভিটামিন ই জেল কেপচুল, ১/২ চাহ চামুচ গ্লিচাৰিণ একেলগে মিহলাই পেষ্ট বনাই মুখত লগাওক। ১৫ মিনিট ৰাখি কুহুমীয়া পানীৰে ধুই পেলাওক।
W-ৱাটাৰ : ছালক সতেজ, উজ্জ্বল আৰু কোমল কৰি ৰাখিবলৈ পানী যথেষ্ট প্ৰয়োজনীয়। পানী কমি গ’লে ছাল শুকান হৈ পৰে।
X- এক্সফলিয়েট : সুন্দৰ ছালৰ বাবে এক্সফলিয়েশ্বনৰ জৰিয়তে মৃত ছাল আঁতৰাই পেলাওক। এই প্ৰক্ৰিয়া সপ্তাহত এদিন কৰক। ইয়াৰদ্বাৰা ছাল স্বাভাবিকভাৱে উজ্জ্বল হৈ পৰিব।
Y- ইউথফুল স্কিন : কম বয়সতে ছালত যাতে বয়সৰ চাপ নপৰে, তাৰ বাবে নিয়মিত ৰূপত ক্লিনজিং, ট’নিং আৰু মইশ্বাৰাইজিঙৰ ৰুটিন কৰিব। ইয়াৰ উপৰি সূৰ্য্যৰ তাপৰ পৰা বাচিবলৈ ছানস্ক্ৰিন ব্যৱহাৰ কৰিব।
Z- জিল: নিজকে সুন্দৰ কৰি ৰাখিবৰ বাবে এটা সুন্দৰ মন আৰু আগ্ৰহ থকা খুবেই প্ৰয়োজনীয়। বিশ্বাস কৰক, আপোনাৰ সৌন্দৰ্য্যৰ প্ৰতি থকা উত্সাহ তথা আগ্ৰহে আপোনাৰ ছালখনক কেতিয়াও বিপদত পৰিব নিদিয়ে।
লেখিকা: মন্মী বৰঠাকুৰ, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 5/13/2020
গ্ৰীষ্মকালত ছালৰ যত্ন কেনেকৈ ল’ব?
আমি অতিৰিক্ত ভিটামিন খাব লাগেনে?
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
গ্ৰীষ্মত ছাল সতেজ কৰি ৰখাৰ উপায়- ফলাহাৰ