ভৰিৰ গেৰুৱা ফটাতো এটা সৌন্দৰ্য্য সংক্ৰান্তিয় সাধাৰণ সমস্যা৷ ই বিৰক্তিকৰ অৱস্থাত পেলাব পাৰে৷ পিছে ইয়াৰপৰা কেতিয়াবা ডাঙৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ সাধাৰণতে গেৰুৱাৰ বাহিৰফালৰ ছাল টান, ডাঠ আৰু শুকাই গৈ এৰাই যায়৷ ইয়াকেই গেৰুৱা ফটা বোলা হয়৷ কেতিয়াবা কম বেছি পৰিমাণে বিষ হোৱাৰ লগতে তেজো ওলাব পাৰে৷
এইটো এটা সাধাৰণ সমস্যা৷ ছাল শুকাই গ’লেই (জেৰ’ছিছ) এনে হয়৷ গেৰুৱাৰ বাহিৰৰ অংশটোৰ ছাল বেছি ডাঠ হৈ গ’লে এই সমস্যাটো বেছিকৈ হয়৷
কাৰণ
যিকোনো লোকৰেই গেৰুৱা ফাটিব পাৰে, কিন্তু সম্ভাৱনা বেছি থকা কাৰণবোৰ:
ভৰিৰ আন আন সমস্যাৰ দৰে ভৰি ফটাৰ চিকিত্সা নকৰাকৈ থাকিলে ই দ’ আৰু সংক্ৰমিত হব পাৰে। যিসকল লোকৰ ডায়েবেটিছ বা ৰোগ প্ৰতিৰোধ সংক্ৰান্তিয় কিবা সমস্যা আছে, তেনে লোকৰ বাবে ই ভয়াবহ হৈ উঠিব পাৰে৷
চিকিত্সা আৰু প্ৰতিৰোধ
নিয়মীয়াকৈ মইছাৰাইজাৰ লগাই থাকিলে গেৰুৱা ফটা ৰোধ কৰিব পৰা যায়৷ প্ৰথম দেখা দিয়াৰ লগে লগে পিউমিছ শিলেৰে ডাঠ ছাল আৰু ফটা অংশ সদাই লাহে লাহে ঘঁহি নোহোৱা কৰিব পৰা যায়৷ খালি ভৰি, গেৰুৱা ওলাই থকা, পাতল শ্বুল থকা চেণ্ডেল বা জোতা পিন্ধি খোজ কাঢ়িব নালাগে৷ কোমল শ্বুলৰ জোতা পিন্ধিলে গেৰুৱা ফটা নিয়ন্ত্ৰণলৈ আহে৷
সদাই দুবাৰ মইছাৰাইজাৰ ঘঁহিব লাগে৷ নিশা শোৱাৰ সময়ত মইছাৰাইজাৰ কৰি মোজা পিন্ধিব লাগে৷
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/23/2020
অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা
গৰু আৰু জলবায়ু পৰিৱৰ্তন
জলবায়ু পৰিৱৰ্তন আৰু আমাৰ সংকট
আখৰোট